মলুৱা বান্দৰ

মলুৱা বান্দৰ (ইংৰাজী: Rhesus Macaque) হ’ল, আটাইতকৈ বহুলভাৱে বিস্তৃত আৰু মানুহৰ সৈতে ওচৰ সম্পৰ্ক থকা এবিধ বান্দৰৰ প্ৰজাতি৷ ই যথেষ্ট বুদ্ধিমান বান্দৰ হিচাপে খ্যাত৷

মলুৱা বান্দৰ (Rhesus macaque)
মলুৱা বান্দৰ
সংৰক্ষণ স্থিতি
মলুৱা বান্দৰ
সংকটৰপৰা মুক্ত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Macaca
প্ৰজাতি: M. mulatta
বৈজ্ঞানিক নাম
Macaca mulatta
(Zimmermann, 1780)
মলুৱা বান্দৰ
মলুৱা বান্দৰৰ বিতৰণ

দৈহিক গঠন

মলুৱা বান্দৰ আকাৰত অসমীয়া বান্দৰতকৈ অলপ সৰু৷ ইয়াৰ দেহটো মূগা বা মটীয়া ৰঙৰ আৰু মুখখন গুলপীয়া৷ পেটৰ বৰণ দেহৰ অন্যান্য অংশতকৈ অলপ পাতল৷ ইয়াৰ মূৰৰ নোমবোৰ দেহৰ নোমতকৈ তুলনামূলকভাৱে চুটি৷ উৰুৰ বৰণ অলপ মামৰে ধৰা ৰঙা বৰণৰ মতাতকৈ মাইকী প্ৰাণীবোৰৰ আকাৰ কিছু সৰু৷

দেহৰ দৈৰ্ঘ্য ৪৭-৬৩ ছে: মি: আৰু ওজন প্ৰায় ৫-১১ কি: গ্ৰা:৷

বসতিস্থল তথা বিস্তৃতি

মলুৱা বান্দৰ উত্তৰ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, বাৰ্মা, থাইলেণ্ড, আফগানিস্তান, ভিয়েটনাম, দক্ষিণ চীন আদি দেশৰ নিগাজী বাসিন্দা (native)৷ এছিয়া মহাদেশৰ নানা প্ৰকাৰৰ অঞ্চল যেনে, ঘাঁহনি, শুস্ক অৰণ্য, আনকি পাহাৰীয়া অঞ্চল সমূহটো মলুৱা বান্দৰে নিজকে খাপ খুৱাই লৈ বসতি স্থাপন কৰিছে ৷ অন্যান্য প্ৰজাতি সমূহতকৈ অধিক খৰতকীয়া ভাৱে এই জন্তু বিধে মানৱ সমাজৰ নগৰীয়া সভ্যতাৰ লগত নিজকে খাপ খুৱাব পাৰিছে আৰু অধিক নিৰ্ভৰশীল হৈ পৰিছে ৷ মলুৱা বান্দৰৰ বাবে পানী অতি প্ৰয়োজনীয়, য'ত মলুৱা বান্দৰ থাকে তাত সাধাৰণতে পানীৰ উৎসৰ প্ৰাকৃতিক ভঁৰাল থাকে৷

আচৰণ

মলুৱা বান্দৰে সাধাৰণতে জাক পাতি বা দল-বান্ধি বাস কৰে৷ ইহঁতে নিজৰ দলৰ বিচৰণ ভূমি (Home range) তে ফুৰা-চকা কৰে৷ এনে বিচৰণ ভূমিৰ পৰিধি ১ হেক্টৰৰ পৰা ৪০০ হেক্টৰলৈকে হ'ব পাৰে ৷ একোটা জাকত এটা কৈ দমনকাৰী মতা (alpha male) প্ৰাণীয়ে অন্য মতা প্ৰাণীবোৰক দমন কৰি ৰাখে৷ দমনকাৰী মতা প্ৰাণীয়ে নানা ধৰণৰ ভাবুকি প্ৰদৰ্শনেৰে যেনে গছৰ ডাল জোকৰা ইত্যাদি কামেৰে দলত নিজৰ স্থান অটুট ৰাখিবলৈ চেষ্টা কৰে ৷ এই প্ৰজাতিটো সাঁতোৰাটো পাৰ্গত৷ মলুৱা বান্দৰে স্থল তথা গছতো বাস কৰে৷ ই মূলত : তৃণভোজী , ফল-মূল, গছৰ গুটী, শিপা, বাকলি আদি খাই জীয়াই থাকে৷ ই ৯২ বিধ প্ৰজাতিৰ ভিন ভিন গছৰ পাত খোৱা দেখা যায়৷ অৱশ্যে বৈজ্ঞানিক অধ্যয়নৰ পৰা পোৱা তথ্য অনুসৰি মলুৱা বান্দৰে মাজে মাজে উইহাঁফলু, ফৰিং, পৰুৱা আদিও খাদ্য হিচাপে গ্ৰহণ কৰে৷ মলুৱা বান্দৰক মানুহে কৰা খেতি আৰু বাগিচাৰ ফচল খোৱাও দেখা যায়৷ মন্দিৰ বা জনবহুল অঞ্চলত বাস কৰা কিছুমান মলুৱা বান্দৰৰ জাকে মানুহে ৰন্ধা খাদ্যও খায়৷ শকান বতৰত ই দিনে ৩-৪ বাৰকৈ পানী খায়৷

বিভিন্ন ধৰণৰ মুখ-ভংগীমা, দেহৰ ভংগীমা আৰু মাতেৰে মলুৱা বান্দৰে পৰস্পৰে পৰস্পৰৰ লগত মত-বিনিময় কৰে বুলি জনা যায়

প্ৰজনন

মাইকী মলুৱা বান্দৰে চাৰি বছৰমান বয়সৰ পৰা পোৱালী দিবলৈ আৰম্ভ কৰে আৰু ২৫ বছৰ বয়সলৈকে প্ৰজননক্ষম হৈ থাকে৷ ইয়াৰ আয়ুস সাধাৰণতে ২৯ বছৰ

সংৰক্ষণ

ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনে মলুৱা বান্দৰক দুই নং তালিকাৰ অন্তৰ্ভুক্ত কৰিছে৷ মলুৱা বান্দৰ হত্যা বা ধৰা বা কিনা-বেচা কৰা আইনমতে দণ্ডনীয়৷ বৰ্তমান মলুৱা বান্দৰ আৰু মানুহৰ মাজত ঠায়ে ঠায়ে সমস্যাৰ সৃষ্টি হৈছে৷ ফলত মলুৱা বান্দৰৰ স্থিতি সংকটাপন্ন হৈ উঠিছে৷

চিত্ৰ

তথ্যসূত্ৰ

বহিঃসংযোগ

Tags:

মলুৱা বান্দৰ দৈহিক গঠনমলুৱা বান্দৰ বসতিস্থল তথা বিস্তৃতিমলুৱা বান্দৰ আচৰণমলুৱা বান্দৰ প্ৰজননমলুৱা বান্দৰ সংৰক্ষণমলুৱা বান্দৰ চিত্ৰমলুৱা বান্দৰ তথ্যসূত্ৰমলুৱা বান্দৰ বহিঃসংযোগমলুৱা বান্দৰইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ৰাম গগৈমাহকীৰ্তন ঘোষা সংকলনআহোম ধৰ্মবাথৌ পূজাপৰিমেয় সংখ্যাঅসমীয়া সাহিত্যঅৰ্জুন ভঞ্জনভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমহাকাব্যভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাএলভিছ আলী হাজৰিকাঅসমীয়া উপন্যাসজেং বিহুএলুমিনিয়ামবিশেষ্য পদবিজ্ঞাপনশ্ৰীকৃষ্ণকীৰ্তনবন্দে মাতৰম্‌সপ্তকাণ্ড ৰামায়ণলাচিত বৰফুকনৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅন্নপ্ৰাশনমুহাম্মাদসতী সাধনীগোলকীয় উষ্ণতা বৃদ্ধিনাগৰিকত্বমাঘ বিহুৰাভা ভাষাচামগুৰি সত্ৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঈয়াৰুইঙ্গমভ্ৰাম্যমাণ থিয়েটাৰবহুভাষাবাদকাঞ্চন (উপন্যাস)অসমীয়া ভাষাবাঁহী (আলোচনী)গোৱালপৰীয়া লোকগীতবিজ্ঞানমাধৱ কন্দলিগুৰু আসনঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ- পাৰনামদাঙৰ শিলৰ সাঁকোঅখণ্ড সংখ্যাসাঁচিপাতবিয়া নাম২৫ এপ্ৰিলখিলঞ্জীয়া লোকসমাজতত্ত্বকৃষ্ণমামণি ৰয়ছম গোস্বামীৰ উপন্যাসদীপলিনা ডেকাভাৰত ত্যাগ আন্দোলনভীমৰাও ৰামজী আম্বেদকাৰবৰগীতনাৰী সবলীকৰণজ্ঞানপীঠ বঁটাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅলিম্পিকঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাঅসমীয়া ভাষাৰ শব্দসম্ভাৰপাতধনশিৰি নদীসমবাহু ত্ৰিভুজআমেৰিকা যুক্তৰাষ্ট্ৰবাৰেচহৰীয়া ভাওনা মহোৎসৱঅসমৰ জনগোষ্ঠীভবেন্দ্ৰ নাথ শইকীয়াশীতল যুদ্ধফাকুৱাসত্যাগ্ৰহ🡆 More