হাঁওফাঁও

হাঁওফাঁও (ইংৰাজী: lung) হৈছে উন্নত জীৱৰ মুখ্য শ্বাস অংগ। অধিকাংশ টেট্ৰাপ'ড, কিছু মাছ আৰু কিছু শামুকৰ হাঁওফাঁও থাকে। স্তন্যপায়ী আৰু জ়টিল জীৱবোৰৰ ৰাজহাড়ৰ কাষত হৃদযন্ত্ৰৰ দুয়ো কাষে দুটা হাঁওফাঁও থাকে। ইয়াৰ প্ৰধান কাম হৈছে বায়ুমণ্ডলৰ পৰা অক্সিজেন তেজলৈ পৰিবাহিত কৰা আৰু তেজৰ পৰা কাৰ্বন ডাই-অক্সাইড বায়ুমণ্ডললৈ নিষ্কাষণ কৰা। বায়ুৰ এই বিনিময় প্ৰক্ৰিয়াৰ বাবে এক বিশাল ক্ষেত্ৰফলৰ প্ৰযোজন হয়। বিশেষভাৱে বিকশিত বায়ুকোষ আৰু বহল তথা সংকুচিত হোৱাৰ ক্ষমতাৰ দ্বাৰা উশাহ নিশাহ লোৱাটো সম্ভৱকৰ হৈ উঠে। প্লিউৰা নামৰ আৱৰণী থকাৰ বাবে ই বুকুৰ বেৰৰ সৈতে ঘহনি নাখায়।

হাঁওফাঁও
হাঁওফাঁও
হাঁওফাঁওৰ চিত্ৰ
হাঁওফাঁও
কাৰ্টিলেজৰ দ্বাৰা সৃষ্ট পথেদি বায়ু হাঁওফাঁওত ওলোৱা সোমোৱা কৰে—ব্ৰংকাই আৰু ব্ৰংকাইল। এই ছবিত, হাঁওফাঁওৰ কলা বিৱচ্ছেদিত কৰি ব্ৰংকাইলবোৰ দেখুওৱা হৈছে
সবিশেষ
তন্ত্ৰ শ্বাসতন্ত্ৰ
চিনাক্তকাৰক
লেটিন pulmo
MeSH D008168
TA98 A06.5.01.001
TA2 3265
দেহতাত্ত্বিক পৰিভাষা
হাঁওফাঁও
কাৰ্টিলেজৰ দ্বাৰা সৃষ্ট পথেদি বায়ু হাঁওফাঁওত ওলোৱা সোমোৱা কৰে—ব্ৰংকাই আৰু ব্ৰংকাইল। এই ছবিত, হাঁওফাঁওৰ কলা বিৱচ্ছেদিত কৰি ব্ৰংকাইলবোৰ দেখুওৱা হৈছে।

কাৰ্যপদ্ধতি

হাঁওফাঁওৰ কাৰ্যপদ্ধতি বুজিবৰ বাবে, নাক আৰু মুখৰ পৰা বায়ু বায়ুকোষলৈ যোৱা পথটোৰ অধ্যয়ন কৰা প্ৰয়োজন। মুখ বা নাকৰ পৰা বায়ু, ফেৰিংছৰ নেজ'ফেৰিংছ আৰু অৰ'ফেৰিছ, লেৰিংছ আৰু ট্ৰেকিয়াৰ মাজেৰে আগবাঢ়ে। ট্ৰেকিয়াৰ নিম্নাংশত ই দুডাল প্ৰধান ব্ৰংকাইলৈ বিভাজিত হয়; এই শাখাদুটাৰ পৰা ই সোঁ আৰু বাঁও হাঁওফাঁওৰ অসংখ্য ব্ৰংকাই আৰু ব্ৰংকাইলৰ শাখা-প্ৰশাখাৰ প্ৰণালীৰ মাজেৰে শেষত বায়ুকোষত প্ৰৱেশ কৰে। এই অসংখ্য বায়ুকোষবোৰতেই অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ বিনিময় প্ৰক্ৰিয়া সম্পন্ন হয়।

শ্বাস-প্ৰশ্বাস হৈছে এক পেশীয় ক্ৰিয়া; প্ৰাৰম্ভিক টেট্ৰাপ'ডৰ ক্ষেত্ৰত, বায়ু ফেৰেঞ্জিয়েল পেশীৰ দ্বাৰা বাকেল পাম্পিঙৰ মাধ্যমেদি হাঁওফাঁওত প্ৰৱেশ কৰিছিল, যিটো এতিয়াও উভচৰৰ ক্ষেত্ৰত দেখা পোৱা যায়। সৰীসৃপ, চৰাই আৰু স্তন্যপায়ীৰ শ্বাস কাৰ্যত পেশীয়কংকাল তন্ত্ৰই সহায় কৰে।

চিকিৎসা বিজ্ঞানত পৰিভাষা

চিকিৎসা বিজ্ঞানত হাঁওফাঁওৰ লগত জড়িত পৰিভাষাত শব্দবোৰ সাধাৰণতে পালম'-, (যেনে- adjectival form: পালমনেৰি, লেটিনপালমনেৰিয়াছ, অৰ্থ "হাঁওফাঁওৰ"ৰ পৰা), বা নিউম'- (গ্ৰীক πνεύμων "হাঁওফাঁও"ৰ পৰা) পদাংশৰে আৰম্ভ কৰা হয়।

শ্বাস-প্ৰশ্বাসৰ বাহিৰে আন কাৰ্য্য

শ্বাস-প্ৰশ্বাসৰ কাৰ্য্য যেনে বায়ু বিনিময় আৰু হাইড্ৰ'জেন আয়নৰ ঘনত্ব নিয়ন্ত্ৰণৰ উপৰিও হাওঁফাওঁৰ অন্যান্য কাৰ্য্যসমূহ হ'ল-

  • ধমনীয়ে তেজত ঔষধ হিচাপে ব্যৱহাৰ কৰা ‘সক্ৰিয় পদাৰ্থ’ আৰু ‘ঔষধ পদাৰ্থৰ ঘনত্ব’ত প্ৰভাৱ পেলায়।
  • শিৰাত গঠন হোৱা সৰু সৰু তেজৰ গোটবোৰ আঁতৰাই পেলায়।
  • হৃদযন্ত্ৰক কোমল, আঁহযুক্ত আৱৰণ হিচাপে সুৰক্ষা দিবলৈ ব্যৱহাৰ কৰা হয়, যিয়ে হৃদযন্ত্ৰক প্ৰায় আগুৰি থাকে।

ক্ৰমবিকাশ

বৰ্তমানৰ স্থলজ মেৰুদণ্ডী প্ৰাণীৰ হাওঁফাওঁ, পূৰ্বৰ মাছৰ অন্ত্ৰৰ ওপৰৰ সৰু ভাঁজৰ পৰা বিকশিত হৈছিল, যিয়ে প্ৰাণীটোক অক্সিজেনৰ অভাৱত থকা পৰিৱেশত বায়ু ধৰি ৰখাত সহায় কৰিছিল। সেয়েহে মেৰুদণ্ডী প্ৰাণীৰ হাওঁফাওঁ মাছৰ গেছৰ মূত্ৰাশয়ৰ সৈতে এনাল'গছ (মাছৰ ফুলৰ সৈতে নহয়) প্ৰতিফলন ঘটে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

হাঁওফাঁও কাৰ্যপদ্ধতিহাঁওফাঁও চিকিৎসা বিজ্ঞানত পৰিভাষাহাঁওফাঁও শ্বাস-প্ৰশ্বাসৰ বাহিৰে আন কাৰ্য্যহাঁওফাঁও ক্ৰমবিকাশহাঁওফাঁও তথ্য সংগ্ৰহহাঁওফাঁও বাহ্যিক সংযোগহাঁওফাঁওঅক্সিজেনইংৰাজী ভাষাকাৰ্বন ডাই-অক্সাইডজীৱতেজমাছশামুকস্তন্যপায়ীহৃদযন্ত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

জন গণ মনমহাভাৰতভাৰত ৰত্নধ্ৰুৱবাদভাৰত-চীন যুদ্ধহীৰেন ভট্টাচাৰ্যবিজ্ঞানৰাম গগৈহস্তমৈথুনভাৰতত বাল্য বিবাহচাহঅনন্ত কন্দলিসম্ৰাট অশোককাৰ্বি জনগোষ্ঠীঅসমৰ পৰম্পৰাগত খেল-ধেমালিপাণিনিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅসমৰ পুৰণি স্থাপত্যআউনীআটী সত্ৰজাতীয়তাবাদবীৰবলভঠেলিভবেন্দ্ৰ নাথ শইকীয়াসাঁচিপাতইণ্ডিয়ান অভাৰচিজ বেংকগোৱালপৰীয়া লোকগীতকমতা ৰাজ্যশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহমধুপুৰ সত্ৰশিক্ষা মনোবিজ্ঞানকামৰূপ ৰাজ্যকলাভটিমাগণতন্ত্ৰস্বাস্থ্যবিহু যোজনা আৰু বিহু নামসাঁচিপাতৰ পুথি (উপন্যাস)ধেমাজি জিলাকাৰ্বি ভাষামামণি ৰয়ছম গোস্বামীৰ উপন্যাসকছাৰী ৰাজ্যঅসমৰ কুঁহিলা শিল্পছক্ৰেটিছআজান পীৰসন্ধ্যাৰাগ (চলচ্চিত্ৰ)হীৰেন গোহাঁইমানৱ শৰীৰঢোলকৃষিদেউৰী জনগোষ্ঠীগঙ্গা নদীঅসমৰ সত্ৰসমূহৰ তালিকাপথেৰ পাঁচালীবিজ্ঞাপননীলিম কুমাৰকম্পিউটাৰপদ্মনাথ গোহাঞি বৰুৱাবাজেটএলবাৰ্ট আইনষ্টাইনঈয়াৰুইঙ্গমফলউমানন্দনৱ-বৈষ্ণৱ ধৰ্মশব্দ প্ৰদূষণসুভাষ চন্দ্ৰ বসুচৰ্যাপদজিজিয়াঁ (চন্দ্ৰবিন্দু)ইউকো বেংকঅসমৰ চাহ জনগোষ্ঠীবিৰিঞ্চি কুমাৰ বৰুৱাদেওধাই অসম বুৰঞ্জীনীলপৱন বৰুৱা🡆 More