হৃদযন্ত্ৰ

হৃদযন্ত্ৰ (ইংৰাজী: Heart) হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে প্ৰাণীৰ জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। ই বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ। হৃদযন্ত্ৰ হৃদয়াৱৰণ () ৰ দ্বাৰা আবৃত হৈ থাকে। হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক হৃদয়াৱৰণ গহ্বৰ বোলে। ই এক প্ৰকাৰ জুলীয়া ৰসেৰে পূৰ্ণ হৈ থাকে। এই ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে। হৃদযন্ত্ৰটো ৪টা কোঠালিযুক্ত। নিম্নখাপৰ মেৰুদণ্ডী প্ৰাণীৰ পৰা ক্ৰমে উচ্চখাপৰ প্ৰাণীলৈ ইয়াৰ জটিলতা বৃদ্ধি পায়।

Real-time MRI of the human heart

বিভিন্ন মেৰুদণ্ডী প্ৰাণীৰ হৃদযন্ত্ৰ

হৃদযন্ত্ৰ 
The human heart

স্তন্যপায়ী প্ৰাণী(মানুহ)ৰ হৃদযন্ত্ৰ

  • অৱস্থান : স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰটো বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মাজত মধ্যচ্ছদাৰ ঠিক ওপৰৰ ফালে মধ্য অক্ষৰ পৰা ৯ চে.মি. বাওঁফালে অৱস্থিত। হৃদযন্ত্ৰটোৰ প্ৰশস্ত প্ৰান্ত (base) ওপৰৰ পিনে আৰু জোঙা শীৰ্ষপ্ৰান্ত (apex) তলৰ ফালে আৰু ই পঞ্চম আৰু ষষ্ঠ কামিহাড়ৰ দ্বাৰা পৰিৱেষ্টিত হৈ থাকে।
  • হৃদয়াৱৰণ : হৃদযন্ত্ৰটো এখন দ্বি-স্তৰীত আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে,ইয়াক হৃদয়াৱৰণ বোলে। হৃদয়াৱৰণৰ বাহ্যিক আৱৰণখনক অংগীয় স্তৰ (visceal layer) আৰু অন্ত: আৱৰণক গহ্বৰাৱৰণী স্তৰ (parietal layer) হৃদয়াৱৰণ বোলে। এই আৱৰণ দুখনৰ মধ্যৱৰ্তী স্থানক হৃদয়াৱৰণ গহ্বৰ (pericardial cavity) বোলে এই গহ্বৰত থকা পনীয়া ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে তথা সংকোচনৰ আৰু প্ৰসাৰণৰ সময়ত হ'ব পৰা ঘৰ্ষণৰ পৰা ৰক্ষা কৰে।
  • আকাৰ,আয়তন আৰু ওজন : হৃদপিণ্ডৰ আকাৰ ত্ৰিভুজাকৃতিৰ,আঁহত পাত এখিলাৰ দৰে। ইয়াৰ দৈঘ্য ১২-১৩ চে.মি. আৰু প্ৰস্থ ৯-১০ চে.মি.। প্ৰাপ্তবয়স্ক পুৰুষৰ হৃদপিণ্ডৰ ওজন ২৮০-৩৪০ গ্ৰাম আৰু মহিলাৰ ২৩০-২৮০ গ্ৰাম। মানুহৰ হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত।।

মৎস্য

মৎস্যবোৰৰ হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত। ইয়াৰে এটা অলিন্দ (auricle) আৰু আনটো নিলয় (ventricle)। মৎস্যৰ হৃদযন্ত্ৰই কেৱলমাত্ৰ অশুদ্ধ তেজ বহন কৰে। দেহৰ বিভিন্ন অংশৰপৰা অহা তেজ প্ৰথমতে পাতল বেৰযুক্ত ছাইনাছ ভেন'ছাছ বা শিৰাকোটৰ (sinus venosus) নামৰ কোঠালিত জমা হয় আৰু তাৰ পৰা ছাইনু অলিন্দ ৰন্ধ্ৰ (sinu auricular aperture) ৰ দ্বাৰা অলিন্দলৈ আহে। অলিন্দৰ সংকোচনৰ ফলত তেজ নিলয় লৈ আহে আৰু ইয়াৰ পৰা এই অশুদ্ধ তেজখিনি অন্তৰ্বাহী ধমনীৰ জৰিয়তে ফুল বা জলক্লোমলৈ আহে। এনে ধৰণৰ হৃদযন্ত্ৰক ব্ৰেংকিয়েল হৃদযন্ত্ৰ (branchail heart) বোলে।

উভচৰ

উভচৰৰ হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত। ইয়াৰে দুটা অলিন্দ আৰু এটা নিলয়। অলিন্দ দুটা আন্তঃঅলিন্দ পৰ্দা (inter auricular septum) ৰ দ্বাৰা এটা আনটোৰ পৰা পৃথক হৈ থাকে। সোঁ অলিন্দই ছাইনাছ ভেন'ছাছৰ যোগেদি দূষিত তেজ আৰু বাঁও অলিন্দই ক্লোম শিৰা (pulmonary vein) ৰ যোগেদি শুদ্ধ তেজ গ্ৰহণ কৰে। অলিন্দ দুটা অলিন্দ-নিলয় ৰন্ধ্ৰৰ দ্বাৰা নিলয়ৰ লগত সংযুক্ত। উভচৰৰ হৃদযন্ত্ৰত মিশ্ৰিত তেজ থাকে। নিলয়ৰ পৰা ধমনীকাণ্ড (trunchus arteriosus) ৰ জৰিয়তে তেজ ধমনীৰে শৰীৰৰ বিভিন্ন প্ৰান্তলৈকে প্ৰৱাহিত হয়।

সৰীসৃপ

সৰীসৃপৰ হৃদযন্ত্ৰ অসম্পূৰ্ণভাৱে চাৰিটা কোঠালিত বিভক্ত। ইয়াৰ দুটা অলিন্দ আৰু সম্পূৰ্ণকৈ বিভাজিত নোহোৱা এটা নিলয় থাকে (কাছ আৰু ঘঁৰিয়ালৰ ক্ষেত্ৰত হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত-দুটা অলিন্দ আৰু দুটা নিলয়)।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

হৃদযন্ত্ৰ বিভিন্ন মেৰুদণ্ডী প্ৰাণীৰ হৃদযন্ত্ৰ তথ্য সংগ্ৰহহৃদযন্ত্ৰ বাহ্যিক সংযোগহৃদযন্ত্ৰইংৰাজী ভাষাজীৱনপ্ৰাণীমেৰুদণ্ডী প্ৰাণীহাঁওফাঁও

🔥 Trending searches on Wiki অসমীয়া:

কছাৰী ৰাজ্যজৱাহৰলাল নেহৰুযোৰানামমুখমৈথুনপ্ৰাকৃতিক সম্পদবৈচাগুৰাজহুৱা ক্ষেত্ৰকৃষিপাঁচালীজ্যোতিপ্ৰসাদ আগৰৱালাপ্ৰাগজ্যোতিষপুৰতৰাগছজয়মতী (১৯৩৫ চলচ্চিত্ৰ)বাইখো পূজামল্লিকা ফুলভাষাবিজ্ঞানতথ্যৰাজিয়া চুলতানানিৰ্মলপ্ৰভা বৰদলৈগোলকীয় উষ্ণতা বৃদ্ধিজীৱনীসৰ্বানন্দ সোণোৱাললেছবিয়ানশ্ৰী সূৰ্য পাহাৰৰামধেনুগৱেষণাকৰ্ণ (অংগ)ঘৰকৰতল কমল কমল দল নয়নদৰ্শনপাঠ্যক্ৰমআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনকাতি বিহুমামণি ৰয়ছম গোস্বামীৰ উপন্যাসফুলগুৰি ধেৱামাধৱ কন্দলিউমানন্দমিচিং ভাষাসংগীতসত্যনাথ বৰাবিষ্ণুপ্ৰসাদ ৰাভাউপন্যাসবিশেষ্য পদকণী যুঁজইয়াণ্ডাবু সন্ধিঢ়বায়ু প্ৰদূষণবিৰিঞ্চি কুমাৰ বৰুৱানৰনাৰায়ণ সেতুঈয়াৰুইঙ্গমঅন্তৰীপ (উপন্যাস)জোৰোণনিমাতী কইনাজাতনামবনঘোষামানুহনেপালী জনগোষ্ঠীনাগালেণ্ডউগ্ৰতাৰা দেৱালয়ছগ্ৰা মিছাৱাবিহুগীতআহোম-মোগলৰ সংঘৰ্ষফণী শৰ্মাবুঢ়ী আইৰ সাধুলভিতাপাটবাউসী সত্ৰকীৰ্তন-ঘোষালাচিত বৰফুকনঅষ্টাংগিক আৰ্য মাৰ্গডিব্ৰুগড় (লোকসভা সমষ্টি)বড়ো জনগোষ্ঠীগাৰো জনগোষ্ঠীমামণি ৰয়ছম গোস্বামী🡆 More