কামৰূপ ৰাজ্য

কামৰূপ (ইংৰাজী: Kamarupa বা Pragjyotisha) অসমৰ প্ৰথম ঐতিহাসিক ৰাজ্য যিখন ৩৫০ চনৰ পৰা ১১৪০ চনলৈ প্ৰায় ৮০০ বছৰ বৰ্তি আছিল। ইয়াক প্ৰাগজ্যোতিষ বুলিও কোৱা হৈছিল। এই ৰাজ্য মুঠ তিনিটা ৰাজবংশই তেওঁলোকৰ ৰাজধানী বৰ্তমানৰ গুৱাহাটী আৰু তেজপুৰৰ পৰা শাসন কৰিছিল। সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী উপত্যকা, উত্তৰ বংগ আৰু বাংলাদেশৰৰ চিলেট জিলা ইয়াৰ লগত সংলগ্ন আছিল।

কামৰূপ ৰাজ্য
সাম্ৰাজ্য
৩৫০–১১৪০
ৰাজধানী প্ৰাগজ্যোতিষপুৰ (গুৱাহাটী)
হাৰুপেশ্বৰ (তেজপুৰ)
দুৰ্জয় (গুৱাহাটী)
চৰকাৰ সম্পূৰ্ণ ৰাজতন্ত্ৰ, ঐকিক ৰাজ্য
কাল ধ্ৰুপদী যুগ
 - স্থাপিত ৩৫০
 - পতন ১১৪০
বৰ্তমানৰ অৱস্থিতি কামৰূপ ৰাজ্য ভাৰত
কামৰূপ ৰাজ্য বাংলাদেশ
Warning: Value specified for "continent" does not comply

প্ৰাচীনকালত ইয়াৰ নাম আছিল প্ৰাগজ্যোতিষ। কালিকা পুৰাণ আৰু হিউয়েনচাংৰ মতে এই ৰাজ্যৰ পশ্চিম সীমান্তত কৰতোৱা নদী আৰু পূব দিশত শদিয়াৰ নিকটৱৰ্তী দিক্কাৰবাসিনী মন্দিৰ আছিল। দক্ষিণ সীমান্ত আছিল বৰ্তমান বাংলাদেশৰ ঢাকা আৰু মৈমনসিংহ জিলাৰ মধ্যবৰ্তী অঞ্চল। বৰ্মন, ম্লেছ আৰু পাল ৰাজবংশই ৰাজ্যখনত দ্বাদশ শতাব্দী পৰ্যন্ত শাসন কৰিছিল। কামৰূপ ৰাজ্যৰ অস্তিত্ব পাল ৰজাসকলৰ পতনৰ পিছত ধীৰে ধীৰে লোপ পাবলৈ ধৰে। দ্বাদশ শতাব্দীৰ পিছত ৰাজ্যখন সৰু সৰু ৰাজনৈতিক অঞ্চলত ভাগ ভাগ হৈ পৰে যদিও তাৰ পিছতো ঐতিহাসিকবিদসকলে কামৰূপ কামৰূপ নামেৰেই সমগ্ৰ ভূখণ্ডৰ উল্লেখ কৰিছিল। ১৫শ শতিকাৰ শেষৰফালে কমতা ৰাজ্য আক্ৰমণ কৰা মুছলিম শাসক আল্লাউদ্দিন হুছেইন শ্বাহৰ মুদ্ৰাত অঞ্চলটোক কামৰূ বা কামৰূদ বুলি উল্লেখ কৰা হৈছে। এই ৰাজ্যৰ নামৰ অস্তিত্ব বৰ্তমান অসমৰ কামৰূপ জিলাৰ মাজতেই বৰ্তি আছে।

কামৰূপ ৰাজ্য
৭ম আৰু ৮ম শতিকাত অসমত কামৰূপ ৰাজ্যৰ বিস্তৃতি। বিশ্বাসনীয় গ্ৰন্থৰ ঐতিহাসিক তথ্য আৰু এই অঞ্চলত পুৰাতাত্বিক চিহ্নৰ ভিত্তিত এই মানচিত্ৰ তৈয়াৰ কৰা হৈছে। কামৰূপ ৰাজ্যত বৰ্তমানৰ ভূটান আৰু অৰুণাচল প্ৰদেশৰ অঞ্চলো অন্তৰ্ভুক্ত আছিল।
কামৰূপ ৰাজ্য
কামৰূপ ৰাজ্যৰ শিলালিপিৰ স্থানবোৰে ইয়াৰ ভৌগোলিক অৱস্থান আৰু বিস্তৃতিৰ উমান দিয়ে।

কামৰূপৰ উৎসসমূহ

কামৰূপ ৰাজ্য 
টলেমিৰ বিশ্বমানচিত্ৰত এছিয়া য’ত কামৰূপক Cirrhadia হিচাপে দেখুৱা হৈছে।

মহাভাৰত আৰু ৰামায়ণত এই অঞ্চলক প্ৰাগজ্যোতিষ হিচাপে আখ্যায়িত কৰা হৈছে। (উৎস চাওক) ইৰিত্ৰিয় সাগৰৰ পেৰিপ্লাছ (প্ৰথম শতাব্দী) আৰু টলেমিৰ জিঅ’গ্ৰাফিয়াত (দ্বিতীয় শতাব্দী) এই অঞ্চলক কিৰহাদিয়া নামে আখ্যায়িত কৰিছে যি কিৰাট গণৰ নামেৰে নামকৰণ কৰা হৈছে। প্ৰাচীন লিপিত কামৰূপৰ প্ৰথম উল্লেখ পোৱা যায় ৪ৰ্থ শতাব্দীৰ সমুদ্ৰগুপ্তৰ এলাহাবাদসকলৰ শিলালিপিৰ পৰা। পৰ্যটক হিউয়েনচাং ৭ম শতাব্দীৰ সময়ত ভাস্কৰবৰ্মনৰ শাসনকালত এই ৰাজ্য ভ্ৰমণ কৰে। কামৰূপৰ শিলালিপিৰ দৰে কামৰূপৰ ৰজাসকলৰ সময়ৰ বিশেষকৈ ভাস্কৰবৰ্মণৰ সময়ৰ অসম আৰু বাংলাদেশত পোৱা বিভিন্ন শিলালিপিৰ পৰা অনেক মূল্যবান তথ্য পোৱা সম্ভৱ হৈছে।

স্থানীয় উৎসসমূহত কামৰূপ নামটোৰ ব্যৱহাৰ দেখা নাযায়। স্থানীয়ভাৱে ইয়াক প্ৰাগজ্যোতিষ বুলিহে কোৱা হৈছিল; ৰজাক কোৱা হৈছিল প্ৰাগজ্যোতিষাধিপতি। অশোকৰ সময়ৰ নথি-পত্ৰত অসমৰ কোনো উল্লেখ নাই।

ভৌগোলিক সীমা

দশম শতিকাৰ কালিকা পুৰাণ আৰু সপ্তম শতিকাৰ হিউয়েনচাঙৰ বৰ্ণনা অনুসৰি পশ্চিমফালৰ সীমা আছিল ঐতিহাসিক কৰতোৱা নদী। পূবে আছিল বৰ্তমান কালৰ শদিয়াৰ ওচৰৰ তাম্ৰেশ্বৰী দেৱীৰ মন্দিৰ। দক্ষিণৰ সীমা আছিল বাংলাদেশৰ ঢাকা আৰু মৈমনসিং জিলাৰ মাজৰ সীমাৰ ওচৰত। গতিকে কামৰূপ ৰাজ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বৰ্তমানৰ ভূটান আৰু বাংলাদেশৰ কিছু অংশলৈ বিস্তৃত আছিল। এই অঞ্চলসমূহত সিঁচৰতি হৈ থকা বিভিন্ন অভিলেখে এই কথা সমৰ্থন কৰে। ত্ৰয়োদশ শতিকাত কামৰূপ ৰাজ্য খণ্ড-বিভণ্ড হৈ সৰু সৰু ৰাজ্য গঢ় লৈ উঠে। তাৰ ভিতৰত পশ্চিমে কমতা ৰাজ্য আৰু পূবে আহোম ৰাজ্য শক্তিশালী হৈ পৰে। ১৫৮১ চনত কমতাৰ শাসক কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজ্যক দুভাগত ভাগ কৰে আৰু সোনকোষ নদীৰ পূবৰ অংশটো চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱক সঁপি পশ্চিম অংশটো নিজে ৰাখে। বৰ্তমানৰ পশ্চিমবঙ্গ-অসমৰ সীমাই এই বিভাজনকে প্ৰতিফলিত কৰে। নৰনাৰায়ণৰ পিছত ১৬০২ চনমানৰ পৰা পূবৰ কোচ ৰাজ্যখন বাৰে বাৰে মোগল আৰু আহোমৰ আক্ৰমণৰ সন্মুখীন হয়। ১৬১৫ চনমানৰ পৰা এই ঠাই মোগল আৰু আহোমৰ যুদ্ধথলীত পৰিণত হয়। ১৭শ শতিকাৰ শেষৰফালে আহোমে শেষবাৰৰ বাবে মোগলক খেদি পঠিয়াই আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত এই স্থান অধিকাৰ কৰি থাকে।

কামৰূপ ৰাজ্যৰ গঠন

কামৰূপৰ ৰজাসকলে এৰি যোৱা শিলালিপি বা হিউৱেনচাঙৰৰ দৰে পৰ্যটকৰ বৰ্ণনাৰ পৰা কামৰূপ ৰাজ্যৰ গঠন অনুমান কৰিব পাৰি।

ৰজা আৰু ৰাজসভা: ৰজাজনক দৈৱিক মূলৰ বুলি ভবা হৈছিল। জ্যেষ্ঠানুক্ৰমে পৰৱৰ্তী ৰজা নিৰ্বাচন কৰা হৈছিল, কিন্তু ইয়াত দুবাৰ যতি পৰিলে বেলেগ বংশ বাছনি কৰা হৈছিল। আগৰ ৰজাজনে কোনো সন্তান নোহোৱাকৈ মৃত্যুবৰণ কৰাৰ পিছত দ্বিতীয় নিয়ম অনুসৰি ৰাজ্যৰ উচ্চ বিষয়াসকলে ব্ৰহ্মপালক ৰজা পাতিছিল। ৰাজসভাত ৰাজগুৰু, কবি, বিদ্বান ব্যক্তি, চিকিৎসক আদি লোক আছিল। বিভিন্ন অভিলেখত ৰাজপ্ৰসাদৰ ভিন ভিন বিষয়াৰ পদৰ নাম পোৱা যায়: মহাবৰাধিপতি, মহাপ্ৰতিহাৰ, মহাল্লকাপ্ৰৌধিক আদি।

মন্ত্ৰীসভা: ৰজাক পৰামৰ্শ দিবলৈ মন্ত্ৰীৰ এটা গোট আছিল (মন্ত্ৰীপৰিষদ)। হিউৱেনচাঙৰ বৰ্ণনাত ভাস্কৰবৰ্মণে মন্ত্ৰীসকলৰ লগত কৰা এক আলোচনাৰ কথা আছে। কমৌলি অনুদানৰ মতে এই পদসমূহ ব্ৰাহ্মণসকলৰ দ্বাৰা বংশানুক্ৰমে পূৰণ কৰা হৈছিল। ৰাজ্যৰ কাম-কাজৰ সুচাৰু পৰিচালনাৰ বাবে বিষয়াৰ আন আন কিছুমান গোট আছিল।

ৰাজহ: বিশেষ কৰ-সংগ্ৰাহকে কৃষকৰপৰা মাটিৰ খাজানা (কৰ) সংগ্ৰহ কৰিছিল। খেতি কৰা মাটিৰ অধিকাৰ নথকা কৃষকসকলে উপৰিকৰ দিব লাগিছিল। কৈৱৰ্তসকলে নাৱেৰে বণিজ কৰা সদাগৰসকলৰপৰা শুল্ক সংগ্ৰহ কৰিছিল। ৰাজ্যৰ তামৰ খনিৰ ওপৰত একচেতীয়া অধিকাৰ আছিল। ৰাজ্যৰ ভঁৰাল আৰু ধনকোষৰ চোৱা-চিতাৰ দায়িত্ব ভাণ্ডগৰাধিকৃত আৰু কোষ্ঠগাৰিকৰ ওপৰত ন্যস্ত কৰা হৈছিল।

অনুদান: ৰজাই ব্ৰাহ্মণসকলক অনুদান দিছিল (ব্ৰাহ্মদেয়)। ইয়াৰ ভিতৰত আছিল গাঁও, পানী আদি। অনুদান লাভ কৰাসকলে ৰাজহ সংগ্ৰহৰ অধিকাৰ পোৱাৰ লগতে নিজে কৰ দিয়া বা উপদ্ৰৱৰ পৰা মুক্ত আছিল। কেতিয়াবা কিছুমান ব্ৰাহ্মণক উত্তৰ ভাৰতৰপৰা আনি বৰ্ণাশ্ৰমধৰ্ম স্থাপনৰ উদ্দেশ্যেৰে কামৰূপত বহুওৱা হৈছিল। অনুদানৰ নিয়মে সামন্ত শ্ৰেণী থকাৰ কথাও ইংগিত কৰে। মন্দিৰ আৰু ধাৰ্মিক অনুষ্ঠানলৈ দিয়া অনুদানক ধৰ্মোত্তৰ আৰু দেৱোত্তৰ বুলি কোৱা হৈছিল।

মাটিৰ জৰীপ: মাটিৰ জৰীপ কৰি শ্ৰেণীবিভাজন কৰা হৈছিল। খেতিৰ মাটিৰ (ক্ষেত্ৰ) স্বত্ব ব্যক্তিবিশেষ বা পৰিয়ালৰ ওচৰত আছিল। অনুৰ্বৰ মাটি (খিল) আৰু অৰণ্যৰ স্বত্ব সমূহীয়া আছিল।

প্ৰশাসন: গোটেই ৰাজ্যখনক প্ৰশাসনিক গোটত ভগোৱা হৈছিল। ওপৰৰ পৰা তললৈ সেইবোৰ আছিল ভুক্তি, মণ্ডল, বিষয়, পুৰা (নগৰ) আৰু অগ্ৰহৰ (গাঁৱৰ সমষ্টি)। অধিকাৰ আৰু তেওঁৰ তলতীয়া ন্যায়কৰণিক, ব্যৱহাৰিক, কায়স্থ আদিয়ে এইসমূহৰ চোৱা-চিতা কৰিছিল। তেওঁলোকে ন্যায়িক দায়িত্বও পালন কৰিছিল, কিন্তু তাৰ সৰ্বোচ্চ কৰ্তৃত্ব ৰজাৰ ওচৰত আছিল। আইন বলবৎ কৰা আৰু শাস্তি বিহাৰ দায়িত্বত আছিল দাণ্ডিক (দণ্ডাধীশ) আৰু দণ্ডপাশিক (দাণ্ডিকৰ আদেশ বলবৎ কৰা বিষয়া)।

ৰাজনৈতিক ইতিহাস

চাওক: কামৰূপ ৰাজ্যৰ প্ৰাৰম্ভিক কাল

সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলাস্তম্ভত সীমামূৰীয়া ৰাজ্য হিচাপে কামৰূপ ৰাজ্যৰ প্ৰথম উল্লেখ আছিল। চতুৰ্থ শতিকাত গুপ্ত সাম্ৰাজ্যৰ তলতীয়া কিন্তু সাৰ্বভৌম ৰাজ্য হিচাপে বৰ্তমানৰ গুৱাহাটীৰ ওচৰে-পাজৰে কামৰূপ ৰাজ্যৰ আৰম্ভণি হৈছিল। বৰ্তমানৰ নগাঁও জিলাৰ কপিলী নদীৰ উপত্যকাৰ দবকা ৰাজ্যৰ লগত ইয়াৰ প্ৰথম উল্লেখ আছে, কিন্তু পাছৰ বুৰঞ্জীত স্বাধীন অঞ্চল হিচাপে দবকাৰ পুনৰ উল্লেখ নাই। সম্ভৱতঃ তেনে বহু সৰু ৰাজ্যৰ এখন হিচাপে জন্ম লোৱা কামৰূপে বিস্তৃতি লভি গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আগলৈকো সামৰি লয়। এই ৰাজ্যখন ৰজা নৰকৰ মূলৰ তিনিটা মুখ্য বংশ‌ই শাসন কৰিছিল। নৰকে দানৱ ৰাজবংশৰ আদিবাসী ৰজা ঘটকাসুৰক পৰাস্ত কৰি তেওঁৰ বংশ প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয়।

বৰ্মন ৰাজবংশ (৩৫০ খ্ৰীষ্টাব্দ–৬৫৫ খ্ৰীষ্টাব্দ)

পুষ্যবৰ্মনে (৩৫০-৩৭৪ খ্ৰীষ্টাব্দ) বহু শত্ৰুৰ লগত ৰণ লাগি বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ পুত্ৰ সমুদ্ৰবৰ্মনক (৩৭৪-৩৯৮ খ্ৰীষ্টাব্দ)ক স্থানীয় শাসকবোৰে ৰজাৰূপে স্বীকৃতি দিছিল। পিছৰ ৰজাসকলেও ৰাজ্যখন সুস্থিৰ আৰু বিস্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। নাৰায়ণ বৰ্মা (৪৯৪-৫১৮ খ্ৰীষ্টাব্দ) আৰু তেওঁৰ পুত্ৰ ভূতি বৰ্মাই (৫১৮-৫৪২ খ্ৰীষ্টাব্দ) অশ্বমেধ যজ্ঞ কৰিছিল। ভাস্কৰবৰ্মনৰ দিনৰ নিধনপুৰ তাম্ৰলিপিৰ মতে এই সম্প্ৰসাৰণত বৰ্তমানৰ বাংলাদেশৰ চিলেট অঞ্চলো অন্তৰ্ভুক্ত হৈছিল।

প্ৰাৰম্ভিক সম্প্ৰসাৰণৰপৰা ভূতি বৰ্মনৰ ৰাজত্বৰ আৰম্ভণিলৈ ৰাজ্যখন মালৱাৰ ৰজা যশোধৰ্মনে (৫২৫-৫৩৫ খ্ৰীষ্টাব্দ) আক্ৰমণ কৰিছিল। পশ্চিম দিশৰপৰা হোৱা সেইটোৱেই আছিল প্ৰথম প্ৰধান আক্ৰমণ। কামৰূপ ৰাজ্যৰ ওপৰত এই আক্ৰমণত প্ৰভাৱ জনা নাযায়। কিন্তু ভূতি বৰ্মনৰ নাতি স্থিতবৰ্মনে (৫৬৬-৫৯০) গৌড়ৰ লগত বিজয়ী হোৱা আৰু দুটাকৈ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰালৈ চাই এই ৰাজ্যই শক্তিশালী ৰূপ ঘূৰাই পোৱা বুজা যায়। তেওঁৰ পুত্ৰ সুপ্ৰস্থিত বৰ্মন (৫৯০-৬০০) পূব মালৱাৰ মহাসেনগুপ্তাৰ আক্ৰমণৰ সন্মুখীন হয়। গৌড়ৰ আক্ৰমণৰ মাজতে সুস্থিতবৰ্মনৰ মৃত্যু হয়। তেওঁৰ দুই পুত্ৰ সুপ্ৰস্থিতবৰ্মন আৰু ভাস্কৰবৰ্মনে হস্তীবাহিনীৰ বিৰুদ্ধে যুঁজ দিয়ে। তেওঁলোকক বন্দী কৰি গৌড়লৈ লৈ যোৱা হয়। সম্ভৱতঃ মিত্ৰতাৰ প্ৰতিশ্ৰুতিৰ পিছত তেওঁলোকে নিজ ৰাজ্য ঘূৰাই পায়। সুপ্ৰস্থিতবৰ্মনে ৫৯৫-৬০০ খ্ৰীষ্টাব্দ সময়ছোৱাত ৰাজত্ব কৰিছিল আৰু উত্তৰাধিকাৰী অবিহনে তেওঁৰ মৃত্যু হয়।

সুপ্ৰস্থিতবৰ্মনৰ পিছত তেওঁৰ ভাতৃ ভাস্কৰবৰ্মনে (৬০০-৬৫০) ৰাজভাৰ পায়। বৰ্মন বংশৰ সকলোতকৈ বিখ্যাত ৰজা ভাস্কৰবৰ্মনে ৰাজ্য প্ৰসাৰৰ লগতে গৌড় আক্ৰমণো কৰে। গৌড়ৰ ৰজা শশাংক‌ই থানেছৰৰ পূৰ্বৰ ৰজাজনক হত্যা কৰাৰ পিছত তেওঁৰ ভায়েক হৰ্ষবৰ্ধন ৬০৬ খ্ৰীষ্টাব্দত ৰাজপাটত উঠে আৰু ভাস্কৰবৰ্মনে মিত্ৰতাৰ হাত আগবঢ়ায়। হৰ্ষবৰ্ধনে অৱশেষত ৰজাবিহীন মৌখাৰি ৰাজ্য দখল কৰে আৰু তেওঁৰ ৰাজধানী কনৌজলৈ তুলি নিয়ে। হৰ্ষবৰ্ধন আৰু ভাস্কৰবৰ্মনৰ মিত্ৰতাই শশাংকৰ ৰাজ্যক দুয়োফালৰ পৰা চেপি আনে। কিন্তু তেওঁৰ পৰাজয় ইয়াৰ ফলতহে হ'ল নেকি সেয়া জনা নাযায়। ভাস্কৰবৰ্মনে গৌড়ৰ ৰাজধানী কৰ্ণসুৱৰ্ণত (বৰ্তমানৰ মুৰ্ছিদাবাদ, পশ্চিম বংগ) তেওঁৰ বিজয় স্থানৰ পৰা নিধানপুৰ তাম্ৰফলি জাৰী কৰে। এই ফলিয়ে ভূতিবৰ্মনে পূৰ্বতে জাৰী কৰা চিলেট অঞ্চল সম্পৰ্কীয় এটা অনুদানৰ ঠাই লয়।

প্ৰায় ৬৪৩ খ্ৰীষ্টাব্দত পৰিব্ৰাজক হিউৱেন চাং ভাস্কৰবৰ্মনৰ ৰাজ্যলৈ আহে। তেওঁ লিখি গৈছে যে কামৰূপ ৰাজ্যৰ পশ্চিম সীমান্ত আছিল কৰতোৱা নদী। তেওঁৰ ভ্ৰমণ অন্ত পৰোঁতে ভাস্কৰবৰ্মন তেওঁৰ লগতে কনৌজলৈ যায় আৰু প্ৰয়াগত (এলেহাবাদ) হৰ্ষবৰ্ধনে আয়োজন কৰা এক ধাৰ্মিক অনুষ্ঠানত অংশ লয়। তেওঁ প্ৰায় এবছৰ কাল কামৰূপ ৰাজ্যৰ পৰা আঁতৰত থাকে। অনুমান কৰা যায় যে ভাস্কৰবৰ্মনে চীনৰ লগতো সম্পৰ্ক বজাই ৰাখিছিল। কামৰূপ ৰাজ্যত জনপ্ৰিয় হৈ পৰা জিন ৰাজবংশ (২৬৫-৪২০) বিষয়ক এটা চীনা গীতৰ কথা তেওঁ হিউৱেন চাঙৰ আগত উল্লেখ কৰিছিল। চীনা বুৰঞ্জীৰ মতে হৰ্ষবৰ্ধনৰ মৃত্যুৰ পিছত তেওঁ চীনৰ পৰা ৱাং হুৱেন চ'ৰ নেতৃত্বত অহা এটা দলক সহায় কৰিছিল। কোনো উত্তৰাধিকাৰী অবিহনেই চিৰকুমাৰ ভাস্কৰবৰ্মনৰ মৃত্যু হয়।

ম্লেছ ৰাজবংশ (c655–c900 CE)

সন্তানহীন ভাস্কৰবৰ্মণৰ মৃত্যুৰ পিছত কিছু সংঘাতৰ মাজেৰে কামৰূপৰ শাসনৰ ভাৰ শালস্তম্ভ বংশ (৬৫৫-৬৭০ খ্ৰী.) আৰু ম্লেছ বংশৰ হাতলৈ যায়। এই বংশটোৰ সম্পৰ্ক নৰক ৰাজবংশ লগত আছিল যদিও পূৰ্বৰ বৰ্মণ ৰাজবংশৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাছিল। এই বংশৰ ৰাজধানী আছিল হাৰুপেশ্বৰ (এতিয়াৰ তেজপুৰৰ ওচৰৰ দ-পৰ্বতীয়া)। এওঁলোকৰ শাসনব্যৱস্থা সামন্তীয় ধৰণৰ আছিল। ৰাজনৈতিক ক্ষমতা ৰজা আৰু দ্বিতীয় স্তৰৰ শাসক 'মহাসামন্ত' আৰু তৃতীয় স্তৰৰ শাসক 'সামন্ত'ৰ মাজত ভাগ হৈছিল। এই বংশৰ শেষ ৰজা আছিল ত্যাগ সিংহ (৮৯০-৯০০ খ্ৰী.)।

পাল ৰাজবংশ

শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সন্তান অবিহনে মৃত্যু হোৱাত শাসকীয় নেতাসকলে ভৌম পৰিয়ালৰ ব্ৰহ্মপালক (৯০০-৯২০ খ্ৰী.) ৰজা হিচাপে নিৰ্বাচিত কৰে। এই প্ৰক্ৰিয়াটো বংগৰ পাল বংশৰ গোপালক নিৰ্বাচন কৰাৰ দৰেই আছিল। এই বংশৰ প্ৰথম ৰাজধানী আছিল হাৰুপেশ্বৰ আৰু পিছলৈ ৰত্নপালে গুৱাহাটীৰ ওচৰৰ দুৰ্জয়লৈ ৰাজধানী স্থনান্তৰিত কৰে। পাল বংশৰ শ্ৰেষ্ঠ ৰজা হিচাপে গণ্য কৰা ধৰ্মপালৰ ৰাজধানী আছিল কামৰূপ নগৰ (এতিয়াৰ উত্তৰ গুৱাহাটী)। পাল বংশৰ শেষ ৰজা আছিল জয়পাল (১০৭৫-১১০০ খ্ৰী.)। এই সময়ছোৱাতে কামৰূপ ৰাজ্যক আক্ৰমণ কৰা হৈছিল আৰু গৌড়ৰ পাল ৰজা ৰামপালে কামৰূপৰ পশ্চিম অংশ অধিকাৰ কৰে।

স্বাধীন ৰজাসমূহ

গৌড়ৰ ৰজাই বেছিদিন কামৰূপ শাসন কৰিব নোৱাৰিলে আৰু তিম্জ্ঞদেৱে (১১১০-১১২৬) কিছুকালৰ বাবে স্বাধীনভাৱে কামৰূপ শাসন কৰে। গৌড়ৰ ৰজা কুমাৰপালৰ (ৰামপালৰ পুত্ৰ) এজন বিষয়াই তিম্জ্ঞদেৱৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু কামৰূপৰ Hamshkonchi অঞ্চলত নিজকে শাসকৰূপে প্ৰতিষ্ঠা কৰে। কুমাৰপালৰ লগত বন্ধুত্বপূৰ্ণ যোগাযোগ ৰাখিলেও তেওঁ কামৰূপৰ ৰজাৰ লেখীয়াকৈ হাতীৰ মোহৰ ব্যৱহাৰ কৰি অনুদান দিবলৈ লয় আৰু মহাৰজাধীৰাজ উপাধি গ্ৰহণ কৰে। এই সময়ছোৱাত কামৰূপ ৰাজ্যত কিছুমান সৰুসুৰা সমস্যাই দেখা দিয়ে। ১২০৫ চনত আফগান মহম্মদ-ই-বখতিয়াৰে কামৰূপৰ মাজেৰে তিব্বতৰ বিৰুদ্ধে অভিযানৰ বাবে যায় আৰু দুৰ্দশাৰ সন্মুখীন হয়। ১২৫৭ চনত বংগৰ মুঘীচুদ্দিন য়াজবেকে কামৰূপৰ এজন অজ্ঞাত শাসকক আক্ৰমণ কৰি পৰাস্ত কৰে। কিন্তু য়াজবেকে বেছিদিন ৰাজধানী অধিকাৰ কৰি থাকিব নোৱাৰিলে। বাৰিষাকালি তেওঁলোকৰ শক্তি টুটি আহে আৰু শেষত স্থানীয় মানুহৰ হাতত মৃত্যু হয়।

কামৰূপ ৰাজ্যৰ অন্ত

শেষৰফালে পশ্চিম কামৰূপত বড়ো, কোচ আৰু মেছ জনগোষ্ঠীৰ নেতাসকলে শাসন কৰিছিল। মধ্য অসমত কছাৰী ৰাজ্য আৰু পূবফালে চুতীয়া ৰাজ্য বাঢ়ি আহিছিল। পিছলৈ শক্তিশালী ৰাজ্য স্থাপন কৰা আহোম জনগোষ্ঠীৰ লোকসকলে কছাৰী আৰু চুতীয়া ৰাজ্যৰ মাজত থিতাপি লোৱা আৰম্ভ কৰিছিল।

লগতে চাওক

টোকা

তথ্য সংগ্ৰহ

Tags:

কামৰূপ ৰাজ্য কামৰূপৰ উৎসসমূহকামৰূপ ৰাজ্য ভৌগোলিক সীমাকামৰূপ ৰাজ্য ৰ গঠনকামৰূপ ৰাজ্য ৰাজনৈতিক ইতিহাসকামৰূপ ৰাজ্য লগতে চাওককামৰূপ ৰাজ্য টোকাকামৰূপ ৰাজ্য তথ্য সংগ্ৰহকামৰূপ ৰাজ্য

🔥 Trending searches on Wiki অসমীয়া:

বুৰঞ্জী সাহিত্যশৰৎচন্দ্ৰ চট্টোপাধ্যায়অংকীয়া নাটআজান পীৰভাৰতৰ স্বাধীনতা আন্দোলনছক্ৰেটিছনেউলঅসমৰ পৰম্পৰাগত সাজ-পাৰতাম্ৰেশ্বৰী মন্দিৰভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানদাৰ্জিলিংমিডিয়াৱিকিদিহানামতেজপুৰযৌন সংগমভাৰতীয় ৰেলঅসমৰ সাহিত্যিকসকলৰ তালিকাগণিতভাৰত-চীন যুদ্ধপাচন তন্ত্ৰঈয়াৰুইঙ্গমশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়প্ৰাক্-ছক্ৰেটেছীয় দৰ্শনভাৰতৰ সংবিধানতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অৰুণোদয় আঁচনিমানৰ অসম আক্ৰমণকাংশপাৰ সত্ৰঅসমৰ বয়ন শিল্পঅসমীয়া সংস্কৃতি আৰু মুছলমানসকলপীতাম্বৰ কবিভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাচুটিগল্পসত্যেন্দ্ৰনাথ শৰ্মাভাৰতত মহিলা শিক্ষাআধুনিকতাবাদটুক্ৰেশ্বৰী দেৱালয়পাইথাগোৰাছৰ উপপাদ্যমানৱ শৰীৰপয়ছনৰ অনুপাতচাবোনজাপানৰ নাৰীনলিনীবালা দেৱীগৰীয়সীঅৰ্থনীতিসপ্তকাণ্ড ৰামায়ণঅসমীয়া জাতিবেদঅৰুণ শৰ্মাঅসম চিকিৎসা মহাবিদ্যালয়আকবৰনৱগ্ৰহ মন্দিৰ, গুৱাহাটীপৰিৱেশ বিজ্ঞানঅলিম্পিকভগ্নাংশ (গণিত)চামগুৰি সত্ৰউজনি অসমকৰম পূজাঅসমৰ চাহ জনগোষ্ঠীআউনীআটী সত্ৰঢোপ খেলআমাৰ অসমলোকবিশ্বাসভিটামিনঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাঅসমৰ তেল শোধনাগাৰযোগাসনকুঁহিয়াৰগাং‍মৌ থানপদ্মনাথ গোহাঞি বৰুৱাশীতল যুদ্ধমল্লিকা ফুল🡆 More