মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।
মাধৱদেৱ | |
---|---|
জন্ম | ১৪৮৯ চন নাৰায়ণপুৰ, লখিমপুৰ, অসম |
মৃত্যু | ১৫৯৬ চন কোচবিহাৰ |
অন্য নাম | বঢ়াৰ পো |
উল্লেখযোগ্য কৰ্ম | বৰগীত, ভক্তি ৰত্নাৱলী, নামঘোষা |
ধৰ্ম | মহাপুৰুষীয়া ধৰ্ম |
১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰী নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়।
ধবলা নৈৰ পাৰত থকা বাণ্ডুকা নামে ঠাইত মহোদৰ ভূঞা নামেৰে এজন কলিতা(কায়স্থ) আছিল। তেওঁক গোবিন্দ, দীঘলপূৰীয়া, বৰকণাগিৰি আদি নামেৰে জনা গৈছিল। এই মহোদৰ ভূঞাই বাণ্ডুকাত ৰজাৰ মজিন্দাৰী কাম কৰিছিল। তেওঁৰ প্ৰথমা পত্নীৰ নাম আছিল অনুচিতা। মহোদৰ ভূঞাই তেওঁৰ পত্নী অনুচিতাৰ মৃত্যুৰ পাছত মনত বৈৰাগ্য ভাৱৰ উদ্ৰেক হোৱাত ৰজাঘৰীয়া বিষয়-বাব এৰি আহি বৰদোৱাত থাকিবলৈ লয়। তাতে শংকৰদেৱক লগ পোৱাত টেম্পাৰাণি বান্ধতে ঘৰ-বাৰী সাজি বসতি কৰিবলৈ ল'লে। ইয়াতে তেখেতে শংকৰদেৱৰ খুড়াকৰ জীয়েক মনোৰমাক বিয়া কৰায়।
বৰদোৱাত থকাৰ কালতে কছাৰীসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি শংকৰদেৱৰ লগতে মহোদৰ ভূঞাও উত্তৰ পাৰলৈ উঠি আহিল। উত্তৰ পাৰলৈ আহি থাকোঁতে বাটতে অসম ৰজাৰ উজীৰ হৰশিঙা বৰাই লগ পাই দুয়োকে লগতে লৈ আহিল। উজীৰৰ নাৱৰ মাজীজনৰ নাম আছিল গোবিন্দ। তেখেতৰ ঘৰ আছিল 'ঘাগৰবালি' নামে ঠাইত। সেয়েহে তেখেতে 'ঘাগৰী মাজী' নামেৰেও প্ৰখ্যাত আছিল। নাৱতে ঘাগৰী মাজীৰ লগত হোৱা মহোদৰ ভূঞাৰ বন্ধুত্বই এসময়ত সখিত্বত পৰিণত হ'ল। মহোদৰ আতাক হৰশিঙা উজীৰে ঘৰতে দাস-দাসী দি থাকিবলৈ সুবিধা কৰি দিলে।
পিছত তেওঁলোকে উজীৰৰ ঘৰৰ কাষতে সুকীয়াকৈ এখন ঘৰ পাতি থাকিবলৈ ল'লে। হৰশিঙা উজীৰৰ এই ঘৰতে ১৪১১ শক (১৪৮৯ চন)ৰ জেঠ মাহৰ ৰবিবাৰে ৰাতি দুপৰত মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।
শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েক ৰামদাসক পাচিলে ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়। তেওঁ আৰু ক'লে যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি এক শৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱেও তাকে কৰিব লাগে। এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হয় আৰু শঙ্কৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। মাধৱে আগমৰ যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খন্দন কৰে। এনেদৰে তিনি প্ৰহৰ তৰ্ক যুদ্ধ হ'ল। শেষত গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ "যথা তৰুৰ মূল -------" শ্লোকটিৰে মাধৱক পৰাস্ত কৰে। শ্লোকটিৰ অৰ্থ হ'ল গছৰ গুৰিত পানী দিলে দাল পাত সকলোৱে পায়। দাল পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়। আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই। শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে। মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে "মণি-কাঞ্চণ সংযোগ" বুলি অভিহিত কৰি গৈছে।।
ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি।
বৰ্তমানলৈকে পোৱা মাধৱদেৱৰ নামত প্ৰচলিত ঝুমুৰা ভূষণ হৰণ, ৰাস ঝুমুৰা, কোটোৰা খেলা, ব্ৰহ্মামোহন আদি তেখেতৰ স্বৰচিত হয়নে নহয় তাক সঠিককৈ জনা নাযায়। চৰিত পুথিত উল্লিখিত দুখনমান নাট, যেনে— ৰাম যাত্ৰা, নৃসিংহ যাত্ৰা, গোবৰ্দ্ধন যাত্ৰা আদি মাধৱদেৱৰ দ্বাৰা ৰচিত বুলি জনা যায় যদিও পাবলৈ নাই। তেখেতে সম্পাদনা কৰা আৰু সংকলন কৰি উলিওৱা পুথি 'নাম ঘোষা আৰু আদিকাণ্ড ৰামায়ণ। '
মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে।
Assamese ৱিকিউৎসত এই লেখাটোৰ সৈতে সম্পৰ্কিত মূল কথাংশ আছে। |
This article uses material from the Wikipedia অসমীয়া article মাধৱদেৱ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.