নামঘোষা

নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী। নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।.

নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম।[1] অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী[1] নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।[2]

১৯৯৭ চনত সূৰুজ কুমাৰ দত্তই The Divine Verses উপ নামেৰে নামঘোষাৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰে। ২০১৭ চনত ইয়াৰ দ্বিতীয় সংস্কৰণ প্ৰকাশিত হয়।[3]

বিৱৰণ

নামঘোষা পুথিভাগ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নিজা সৃষ্টি। মাধৱদেৱ সহিতে শিষ্যসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণৰ আগে আগে প্ৰশ্ন কৰিছিল, “আপুনিতো এতিয়া যাবগৈ, গতিকে আমি এতিয়া আপোনাক ক'ত বিচাৰি পাম?” তেতিয়া শংকৰদেৱে উত্তৰ দিলে, “মই কীৰ্ত্তন আৰু দশমৰ মাজত সদায় থাকিম আৰু মাধৱ, তুমি ঘোষা নামৰ এখন শাস্ত্ৰ ৰচনা কৰা। ঘোষা আৰু ৰত্নাৱলীৰ মাজত তুমিও সদায় থাকিবা‌। ” গুৰুৰ আজ্ঞা মানিয়েই মাধৱদেৱে হাতত কলম তুলি লৈছিল নামঘোষাৰ বাবে। এহেজাৰ এজোলোকা ফাঁকিযুক্ত নামঘোষাক হেজাৰী ঘোষা বোলা হয়। মাধৱদেৱে প্ৰথম লিখিবলৈ লওঁতে কি লিখিম ভাবি থাকোঁতে শংকৰদেৱে মাধৱৰ অসুবিধা বুজি উঠি প্ৰথমফাঁকি ঘোষা লিখি দিছিল এইবুলি-

"মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
 ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
 ভজো হেন দেৱ যদুপতি॥"

[4]

তাৰ পিছতে মাধৱদেৱে লিখি গৈছিল এনেকৈ-

"যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
 পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
 উপাসা কৰোহো হৃদয়ত॥ "

[4]

ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগ শেষ কৰাৰ পাছত শ্ৰীশ্ৰীমাধৱদেৱে নামঘোষা আৰম্ভ কৰিছে, যিহেতু ভক্তি ৰত্নাৱলী 'শৰণ বিৰচনে'ৰে সমাপ্ত কৰা হৈছে, সেয়ে ঘোষা শাস্ত্ৰ 'ভজনে'ৰে সমৃদ্ধ কৰি শুভাৰম্ভ কৰা হৈছে। মহাপুৰুষ মাধৱদেৱে এই পুথিখন ৰচনাৰ সম্পৰ্কত আগবঢ়োৱা এটি মন্তব্য গুৰুচৰিতত উল্লেখ আছে। মন্তব্যটি এনেধৰণৰ- “মই গুৰুসেৱকে যি পালোঁ তাকো ঘোষাতে থৈছোঁ, অনেক শাস্ত্ৰ বিচাৰি যি ৰসতত্ত্ব পালো তাকো ঘোষাতে থৈছোঁ, আৰু পৰমাত্মা ইষ্টে হৃদিত থাকি যি বুদ্ধি দিলে তাকো মই ঘোষাতে থৈছোঁ। ”

ঘোষা শাস্ত্ৰ ভাৰতীয় দৰ্শনৰ ব্ৰহ্মবাদী ভাবধাৰাকে সমৰ্থন কৰিছে। ঘোষাত উপস্থাপিত হোৱা ব্ৰহ্ম চৈতন্যময় আৰু হৃদিস্থিত। অবিদ্যাজনিত মূঢ়তাৰ বাবে মানুহে ব্ৰহ্ম উপলব্ধি কৰিব নোৱাৰে‌। নামঘোষাই অবিদ্যাক মায়াৰূপে অভিহিত কৰিছে। ভাৰতীয় বেদান্ত দৰ্শনত মায়াৰ যি ধাৰণা সেই ধাৰণাকে নামঘোষাতো বিচাৰি পোৱা যায়।

নামঘোষাৰ মতে একমাত্ৰ সত্য, শুদ্ধ, নিত্য আৰু চৈতন্য হৈছে কৃষ্ণ। ঘোষাত কৈছে-

 হে কৃষ্ণ তুমি মাত্ৰ  চৈতন্য স্বৰূপ নিত্য
  সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো  তোমাৰ বিনোদ ৰূপ
  চৰাচৰ মায়াৰ কল্পিত॥

[4]

মায়াক ঈশ্বৰৰ বিনোদ ৰূপ বুলি কোৱা হৈছে। এই ৰূপক ভক্তিবিৰোধীসকলে সঁচা বুলি ভাবি বিভ্ৰান্তিত পৰে। নামঘোষাত কৈছে-

দুৰ্বাৰ দুঃসঙ্গ দুৰ্বাসনা দুষ্ট   হৰি হৰি হৰি হৰি এ
   অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
অনাত্মা দেহক আত্মা বুদ্ধি কৰি   হৰি হৰি হৰি হৰি এ
  তুমি পৰমাত্মা ঈশ্বৰ ভৈলো বঞ্চিত॥

[4]

নামঘোষাই ভগৱৎ ভক্তিৰ মাজত আনন্দৰ উৎস নিৰূপণ কৰি দিছে। আনন্দৰূপক ঘোষাশাস্ত্ৰত ৰসময় ভকতিত পৰিণত কৰি ৰসময় ভকতিৰ যোগেদি মুক্তি পথৰ সন্ধান দিয়া হৈছে। ঘোষাৰ মাজত মাধৱদেৱে দাস্যভক্তিৰো প্ৰকাশ ঘটাইছে।

নাম-ঘোষা শাস্ত্ৰৰ বস্তু-প্ৰকাশ অধ্যায়ত-

"শ্ৰীমন্ত শংকৰ  হৰি ভকতৰ
 জানাযেন কল্পতৰু।
তাহান্ত বিনাই  নাই নাই নাই
 আমাৰ পৰম গুৰু॥ "

[4]

বুলি পৰম গুৰুৰ পৰিচয় কৰাই দিছে। নাম-ঘোষাই এই তত্ত্বৰ চিনাকি কৰাই দিয়ে। শ্ৰীমন্ত শংকৰদেৱে দেৱতাসকলে গুপ্ত কৰি যোৱা হৰিনাম বস্তু জগতৰ কল্যাণৰ কাৰণে উদঙাই দিলে।[5] অবস্তুৰ পৰা আঁতৰাই দেখুওৱা প্ৰকৃত বস্তুক নামঘোষাত এনেদৰে উল্লেখ আছে-

"হৰি নাম ৰসে  বৈকুণ্ঠ প্ৰকাশে
 প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে  পাৰ ভাঙ্গি দিলে
 বহে ব্ৰহ্মাণ্ডক ভেদি"

[4]

এক শৰণ হৰি নাম ধৰ্ম সাধনৰ চাৰিটা স্তৰ- গুৰু, দেৱ, নাম, ভকতৰ ধাৰণা নামঘোষাত পৰিষ্কাৰ ৰূপত দিয়া হৈছে।

বৈশিষ্ট্য

শংকৰদেৱৰ আজ্ঞা মানি মাধৱদেৱে ঘোষা লিখিবলৈ লওঁতে হাতত কলম লৈ চিন্তা কৰি থকা দেখি তেওঁ প্ৰথম ঘোষা ফাঁকি লিখি দিলে। তাৰ পিছতে মাধৱদেৱে লিখি গৈ মুঠ এহেজাৰ এক ফাঁকিত সামৰণি মাৰিলে। দ্বিতীয় ফাঁকিৰ পৰা মাধৱদেৱে লিখা বাবে নাম ঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। মাধৱদেৱৰ আন এটা নাম বঢ়াৰ পো

নামঘোষাখন চাৰিটা ছন্দত লিখা।

  1. ছবি
  2. দুলড়ী
  3. লেছাৰি
  4. পদ

অন্যান্য

নামঘোষাৰ প্ৰসংগত দৈতাৰি ঠাকুৰৰ চৰিত পুথিত উল্লেখ আছে[6]-

দেখা ঘোষা পুথিখান আমাৰ আছয়।
সবে কহি আছোঁ যিক কহিবে লাগয়॥
তাহাৰ অৰ্থকে যিবাজেন বুজিবেক।
সেইজনে জানা লাগ আমক পাইবেক॥ ১৫৬৫॥
ঘোষাতে সমস্ত মোৰ বলবুদ্ধি যত।
যাৰ ভাগ্য আছে তাতে বুজিৱে সমস্ত॥ ১৫৬৬॥

অৰ্থ্যাৎ ঘোষা শাস্ত্ৰৰ মাজতে মাধৱদেৱে নিজে থকাৰ কথা প্ৰকাশ কৰিছে।

এই গ্ৰন্থখনৰ সম্পৰ্কত কেইজনমান পুৰোধা ব্যক্তিৰ উদ্ধৃতি -

  • ড॰ নগেন শইকীয়া—"নামঘোষা মাধৱদেৱৰ সমস্ত জীৱনৰ জ্ঞান আৰু গভীৰ অনুভৱৰ স্বতঃস্ফূৰ্ত কাব্যময় প্ৰকাশ ভাৱৰ গভীৰতা, বিষয় যথা যোগ্যতা, প্ৰকাশভংগী চাৰুতা আৰু ভক্তিৰ ৰসময়ী স্বৰূপৰ অনন্য অভিব্যক্তিয়ে নামঘোষাক কৰি তুলিছে সকলো কালৰ বাবে এক অতুলনীয় মহৎ কাব্যকৃতি। নামঘোষাই ধৰ্মৰ সকলো সাম্প্ৰদায়িক ৰূপ অতিক্ৰম কৰি পাঠকৰ অন্তৰত এক অলৌকিক আনন্দনিস্যন্দী অন্তৰ্জগতৰ মাজলৈ লৈ যায়, পাঠকৰ বুদ্ধি আৰু বোধৰ এক অপূৰ্ব মিলন ৰাজ্যত প্ৰবেশৰ এক বিৰল সুযোগ দান কৰে। "[5]
  • ড॰ বাণীকান্ত কাকতি—"নাম-ঘোষাত তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে ধাৱমান হৈছে। পুণ্যশ্লোক শঙ্কৰৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণস্তুতিৰ মাহাত্ম্য। হিয়া ভেদ কৰি ওলোৱা ৰসময়ী ভক্তিয়েই 'নাম-ঘোষা'ক শিক্ষামূলক পদ সংগ্ৰহৰ শাৰীৰ পৰা আঁতৰাই আনি জীৱন ৰসেৰে অভিসিক্ত প্ৰকৃত সাহিত্যৰ সমুখ আসনত ঠাই দিছে। "[5]
  • সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা— "মোক মানুহে গণ্ডপ মৰা বুলিব পাৰে, এচকুৱা বুলিব পাৰে;বোলক, তাত মোৰ দুখ নাই। কিন্তু মোৰ মুখত কোনেও সোপা দিব নোৱাৰে। যদি মই গল মেলি কওঁ যে ভাৰততহে নালাগে পৃথিৱীৰ কোনো সুসভ্য দেশত এনে এখন Scripture বা শাস্ত্ৰ ওলোৱা নাই, যাক আমাৰ এই ঘোষা শাস্ত্ৰখনেৰে সৈতে একে শাৰীতে ঠগিত থব পাৰি। ই ঈশ্বৰৰ চৰণত কায়, বাক্য, মনেৰে নিজক সঁপি দি ঈশ্বৰত নিমগ্ন হৈ যোৱা ভকতৰ হৃদয়ৰ তলিৰপৰা ওলোৱা কাৰুণ্য স্তুতিৰ উঁহ। অকল সিয়েই নহয়, সেই অবাঙমন গোচৰ অথচ সচিদানন্দময়ৰ আনন্দানুভৱ মূৰ্তিৰ অভয় চৰণত ভকতৰ অন্তৰৰপৰা আপোনা-আপুনি উথলি পৰা পৰমানন্দ প্ৰৱাহৰ পুষ্পাঞ্জলি। "[5]
  • ড॰ মহেশ্বৰ নেওগ—"'নাম-ঘোষা' পৰম ভক্ত মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ অভিজ্ঞতাৰ ছন্দোময় প্ৰকাশ। "[5]
  • ড॰ সত্যেন্দ্ৰনাথ শৰ্মা—"মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি এই গ্ৰন্থত দেখা যায়। তেওঁৰ শাস্ত্ৰজ্ঞান বা পাণ্ডিত্য, কবিত্ব, ধাৰ্মিক মতবাদ, আধ্যাত্মিক আদৰ্শ আৰু ধৰ্মক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ ই পূৰ্ণ প্ৰকাশ। গুৰুৰ পৰা লাভ কৰা শিক্ষা, শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰা সিদ্ধান্ত আৰু নিজ হৃদয়ত উপলব্ধ হোৱা সত্যৰ স্বৰূপ এই গ্ৰন্থত প্ৰকাশিত হৈছে। "[5]
  • বিনোৱা ভাৱে—"নাম-ঘোষা বিশ্বৰ এখনি শ্ৰেষ্ঠ ভক্তিগ্ৰন্থ। বিশ্বৰ সকলো সাহিত্যতে এনে ভক্তিমূলক গ্ৰন্থ বিৰল। "[5]

স্ৰষ্টাৰ পৰিচয়

নামঘোষা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। তেখেত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। ১৪৮৯ চনত নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা আই। শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱদেৱ প্ৰবৃত্তি মাৰ্গত বিশ্বাসী আছিল। পিছত ধুৱাঁহাটৰ বেলগুৰিত শংকৰদেৱৰ লগত হোৱা প্ৰথম সাক্ষাতত তৰ্কযুদ্ধত নামি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তৰুমূলৰ শ্লোকত ধৰাশায়ী হৈ মাধৱদেৱে শংকৰক গুৰু মানি সেৱা কৰি নিবৃত্তি মাৰ্গলৈ আহে। শংকৰ-মাধৱৰ এই মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়।

তথ্য সংগ্ৰহ

  1. 1.0 1.1 "The Bhakti Ratnavali of Madhavadeva". ATributeToSankaradeva. http://atributetosankaradeva.org/Madhava_guru_ratnavali.htm। আহৰণ কৰা হৈছে: 14 October 2019. 
  2. "Nām Ghosā - the Book of the Names Divine". A tribute to Sankaradeva. http://www.atributetosankaradeva.org/namghosa.htm। আহৰণ কৰা হৈছে: 2013-05-29. 
  3. Madhavadeva; Soroj Kumar Dutta (1997). The Divine Verses: A Translation of the Original "Naam-ghosa" of Sri Sri Madhavadeva. Vision Publications. https://books.google.com/books?id=cVIcGQAACAAJ। আহৰণ কৰা হৈছে: 29 May 2013. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ (১৯৯১). শ্ৰীমন্ত শংকৰদেৱ সংঘ. ed. কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 ৰজনীকান্ত দত্ত (জানুৱাৰী ২০০৭). নাম-ঘোষাঃএটি আলোক. 
  6. হেমভাই (জানুৱাৰী ২০১৫). ঘোষা নামে শাস্ত্ৰ এক. 

গ্ৰন্থপঞ্জী

  • কীৰ্তনঘোষা আৰু নাম-ঘোষা শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত
  • মাধৱ-বান্ধৱ (স্মৃতিগ্ৰন্থ) দেৱকান্ত গগৈ সম্পাদিত
  • আধ্যাত্মিক চিন্তন (প্ৰবন্ধ সংকলন) কিৰণ বৰদলৈ বিৰচিত
  • নাম-ঘোষাঃ এটি আলোক ৰজনীকান্ত দত্ত বিৰচিত
  • ঘোষা নামে শাস্ত্ৰ এক হেমভাই বিৰচিত

This article uses material from the Wikipedia অসমীয়া article নামঘোষা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply. (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
#Wikipedia® is a registered trademark of the Wikimedia Foundation, Inc. Wiki (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wikimedia Foundation.

🔥 Trending searches on Wiki অসমীয়া:

ৰাজস্থানবেটুপাতঋতুস্ৰাৱজয়পুৰঘুমৰ নৃত্যঋতুস্ৰাৱ স্বাস্থ্য দিৱসভাৰতলক্ষ্মীনাথ বেজবৰুৱাশ্ৰীমন্ত শংকৰদেৱকীৰ্তন-ঘোষাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাবায়ু প্ৰদূষণঅসমমাধৱদেৱহোলোঙাপাৰ গিবন অভয়াৰণ্যলাচিত বৰফুকনকালবেলিয়াবিষ্ণুপ্ৰসাদ ৰাভাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰবৈকাল হ্ৰদকেৰাচিন লেম্পঘৰচিৰিকাঅসমৰ জিলাসমূহচন্দ্ৰকুমাৰ আগৰৱালাজুলিয়াছ চিজাৰ২৭ মে'বাল্য বিবাহগুৰুতৰ অৱসাদজনিত ব্যাধিজ্যোতিপ্ৰসাদ আগৰৱালা২৬ মে'ভোলানাথ বৰুৱাইংৰাজী ভাষাশৰাইঘাটৰ যুদ্ধফকৰা যোজনাবৰগীতভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহআনন্দৰাম বৰুৱাসিংহভবেন্দ্ৰ নাথ শইকীয়াবড়ো জনগোষ্ঠীপ্ৰদূষণভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাহোমেন বৰগোহাঞিমামণি ৰয়ছম গোস্বামীউৎপাদন (অৰ্থনীতি)ব্ৰহ্মপুত্ৰ নদপুতলা নাচপ্ৰাকৃতিক সম্পদৰাজস্থানী ভাষাআই ইউ চি এন ৰঙা তালিকাশব্দ প্ৰদূষণঅসমীয়া উপন্যাসঅসমৰ জনগোষ্ঠীচুটিগল্পবিহুঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাসংস্কৃতিঅসমীয়া ভাষাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া লোক-সংস্কৃতিজতুৱা ঠাঁচমোহনদাস কৰমচান্দ গান্ধীনাটকচৰাইঅসমীয়া লিপিৰ বুৰঞ্জীপৰিৱেশ তন্ত্ৰৰংঘৰকাঠপুতলিলোকবিশ্বাসমৰুভূমিজোনাকী (আলোচনী)ঋতুৰমন্যাসবাদমহিমা চৌধুৰীমিচিং জনগোষ্ঠী🡆 More