ভটিমা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱে ৰচনা কৰা গুণ-বৰ্ণনা বা স্তুতি বিষয়ক এক শ্ৰেণীৰ গীত। ভটিমা মানে স্তুতি বা প্ৰশস্তি। ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহকে ভটিমা বোলে। ভটিমা সমূহ সামান্যভাবে সুৰ লগাই গালেও সম্পূৰ্ণ গীত-ধৰ্মী নহয়। সেয়ে ভটিমাক টোটয় আৰু চপয়ৰ লগতে লঘুগীত হিচাপেও অভিহিত কৰা হয়। ভটিমা মূলত চাৰি প্ৰকাৰৰ। মহাপুৰুষ শংকৰদেৱে তিনিধৰণৰ ভটিমা ৰচনা কৰে। শংকৰদেৱে দেৱ ভটিমা, নাট ভটিমা আৰু ৰাজ ভটিমা আৰু মাধৱদেৱে ইয়াৰ লগতে নিজৰ গুৰু শংকৰদেৱৰ গুণ বৰ্ণনা কৰি গুৰু ভটিমা ৰচনা কৰিছিল। ভটিমাসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছিল।
ভটিমা | |
---|---|
সাংস্কৃতিক উৎপত্তি | বৈষ্ণৱ সংস্কৃতি |
বাদ্যযন্ত্ৰ | খোল, তাল |
আঞ্চলিক পট | |
অসম | |
অন্যান্য বিষয় | |
বৰগীত |
ভটিমাৰ অৰ্থ হ'ল স্তুতি। প্ৰাচীন কালত ভাৰতত ভট্ট বা ভাট নামৰ একশ্ৰেণীৰ গায়ক আছিল। এই ভাট সকলে গোৱা স্তুতি মূলক গীত সমূহয়েই হ'ল ভটিমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগৱানৰ স্তুতি বিষয়ক গীত সমূহ হ'ল দেৱ ভটিমা, অংকীয়া নাটত ব্যৱহৃত গীত সমূহ হ'ল নাট ভটিমা আৰু ৰজাৰ স্তুতি বিষয়ক গীত সমূহ হ'ল ৰাজ ভটিমা। সেইদৰে মাধৱদেৱে গুৰু শংকৰদেৱৰ গুণ বৰ্ণাই ৰচনা গীত সমূহ হৈছে গুৰু ভটিমা।
ভটিমা হৈছে স্তুতিপ্ৰধান বা ভক্তিপ্ৰধান কবিতা। প্ৰকাশভংগীৰ বিশেষ গাম্ভীৰ্য থকা ভটিমাসমূহ সাধাৰণতে গুণ-গৰিমা প্ৰকাশক গীত। প্ৰশস্তি বা স্তুতিমূলক গীত গাই থকা ভ্ৰাম্যমাণ গায়ক সকলক পুৰণিকালত 'ভাট' বোলা হৈছিল। এই ভাট সকলে গোৱা গীতসমূহয়েই ভটিমা বা ভট্টিমা। এই ভটিমা সমূহ অসমীয়া বৈষ্ণৱ সাহিত্যৰ এক শ্ৰেণীৰ গীতি কবিতা।
চৰিত পুথি মতে শংকৰদেৱ আৰু মাধৱদেৱ দুয়োগৰাকী পাটবাউসীলৈ যোৱাৰ বাটত ব্ৰাহ্মণ ভাটে গোৱা গীত শুনি শংকৰদেৱে মাধৱদেৱক ভটিমা গাবলৈ আজ্ঞা দিছিল। শংকৰদেৱৰ আজ্ঞা মানি তেওঁ "প্ৰাতঃ সময়ে যশোৱা জননী" ভটিমা গাইছিল। বৰদোৱা চৰিত মতে শংকৰদেৱে ভটিমাৰ অধিকাংশ পাটবাউসীত ৰচনা কৰিছিল। শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটত সুৰভি আৰু হৰিদাস ভাটৰ উল্লেখ আছে। শংকৰদেৱৰ নাটত তিনি প্ৰকাৰৰ ভটিমা পোৱা যায়,
ভটিমা মূলতঃ চাৰিটা ভাগত ভগাব পাৰি,
ঈশ্বৰৰ স্তুতিমূলক ভটিমাক দেৱ ভটিমা বোলে। 'পৰম পুৰুষ পুৰাতন', 'জয় জগদীশ ঈশ ভয়হাৰী', 'বন্দে গোবিন্দা গোপীজন মানন্দা' আৰু 'পেখিয়ে চানুৰ সভা' আদি গীতত ঈশ্বৰৰ স্তুতি কৰা হৈছে বাবে এইকেইটাক দেৱ ভটিমা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে:
জয় জগদীশ ঈশ ভয়হাৰী।
লীলা কৰে ভূমি ভাৰ উতাৰি॥
আপন ভকতসব তাৰ মুৰাৰি।
অনুদিনে সেবহু চৰণ তোহাৰি॥
শংকৰদেৱৰ অংকীয়া নাট সমূহত ব্যৱহৃত ভটিমা সমূহক নাট ভটিমা বোলে। নাটৰ আৰম্ভণিতে ইষ্টদেৱতাৰ গুণানুকীৰ্তন কৰি ভটিমা গোৱা হয়। শংকৰদেৱৰ অংকীয়া নাট কালি দমনৰ আৰম্ভণিতে কৃষ্ণ বন্দনাৰ ভটিমা হ'ল:
জয় জয় যদুকুল কমল প্ৰকাশক
নাশক কংসক প্ৰাণ।
জয় জয় জগতক ভকতক ভীতি
নীতি কৰু নিৰযান॥
সেইদৰে নাটৰ মাজতো প্ৰাসংগিক ভাবে নাট ভটিমা ব্যৱহাৰ কৰা হয়। ৰাম বিজয় নাটৰ মাজত ৰামৰ ৰূপৰ বৰ্ণনা থকা ভটিমা হ'ল:
কি কহব ৰূপ কুমাৰিল ৰাম।
কনক পুতলি তুল তনু অনুপাম॥
ৰতন তিলক লোনে অলক কপোল।
হেৰিয়া ভ্ৰুৱতঙ্গ ত্ৰিভুৱন ভোল॥
দেখিয়ে বদন চান্দ ভেলি লাজ।
নয়ন নিৰিখি কমল জল মাজ॥
সেইদৰে নাটৰ শেষত মুক্তি মংগল ভটিমা গোৱা হয়। কালি দমন নাটত উল্লিখিত মুক্তি মংগল ভটিমা হ'ল:
দৈৱকী উদৰে বেকত জোহি দেৱা
কয়লি ভকতক ত্ৰাণ।
অঘ বক ধেনুক কেশী, সবংশক
কংসক ধ্বংসল প্ৰাণ॥
বিৰিন্দা বিপিন বিহাৰ বিশাৰদ
শাৰদ চন্দ্ৰ সমান।
সোহি জগতগুৰু তেৰি সততে কুৰু
মুকুতি মঙ্গল বিধান॥
মহাপুৰুষ শংকৰদেৱে কোঁচ ৰজা নৰনাৰায়ণৰ প্ৰশস্তি মূলক এটি ভটিমা ৰচনা কৰিছিল। নৰনাৰায়ণৰ ৰাজসভাত উপস্থিত হৈ গোৱা ৰাজ ভটিমাটো হ'ল:
জয় জয় মল্ল নৃপতি ৰসবান।
যাকেৰি গুণগান নাহিকে সমান॥
নিজ কুল-কুমুদ প্ৰকাশিত ইন্দু।
গহীন গম্ভীৰ ধীৰ পেখিতে সিন্ধু॥
সভা একপাত্ৰ আপন মহাৰাজ।
দেৱক মধ্যে জৈসে সুৰৰাজ॥
মহাপুৰুষ মাধৱদেৱে তেওঁৰ পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ গুণ-গৰিমা মহত্ত্ব প্ৰকাশ কৰি ৰচনা কৰা ভটিমা সমূহ হল গুৰু ভটিমা। শংকৰদেৱৰ গুণ কীৰ্তন কৰি গোৱা এটি গুৰু ভটিমা হ'ল:
জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
জাকেৰি নাহিকে উপাম।
তোহাৰি চৰণে ৰেণু শত কৌটি
বাৰেক কৰোহোঁ প্ৰণাম।
দৰশিত সুন্দৰ গৌৰ কলেৱৰ
জৈসন সূৰ পৰকাশ।
সকল-সভাসদ ৰঞ্জন জাকেৰি
দৰশনে পাপ বিনাশ॥
This article uses material from the Wikipedia অসমীয়া article ভটিমা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.