ভক্তি ৰত্নাৱলী: বৈষ্ণৱ ধৰ্মৰ ধৰ্মপুথি

ভক্তি ৰত্নাৱলী হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা। বিষ্ণুপুৰী সন্ন্যাসীয়ে সংগ্ৰহ কৰা ভাগৱতৰ গ্ৰন্থৰাজিৰ অসমীয়া অনুবাদেই হৈছে ‘ভক্তি ৰত্নাৱলী’ৰ মূল বিষয়।

আৰম্ভণি

বেনাৰসৰ বিষ্ণুপুৰী সন্ন্যাসীয়ে ভাগৱত সাৰোদ্ধাৰ কৰি সংস্কৃতত ৰচনা কৰা ভক্তি ৰত্নাৱলী এখন চুটি ভাগৱত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সূচনা আৰু শক্তিদানত শ্ৰীশ্ৰীমাধৱদেৱে এই গ্ৰন্থ অসমীয়া ভাষাত অনুবাদ কৰি প্ৰচাৰ কৰিলে।

ইতিহাস

কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাৰ মুখ্য পুৰোহিত আছিল কণ্ঠভূষণ। নৰনাৰায়ণৰ ৰাজসভাতে তৰ্কযুদ্ধত শ্ৰীমন্ত শংকৰদেৱৰ লগত হাৰি কণ্ঠভূষণ পুৰোহিতে বেনাৰসত পঢ়িবলৈ গ'ল। তেওঁ তাত গৈ বিষ্ণুপুৰীৰ শিষ্য ব্ৰহ্মানন্দ পণ্ডিতক এহেজাৰ ছাত্ৰক পঢ়াই থকা অৱস্থাত লগ ধৰিলেগৈ। পণ্ডিতে কণ্ঠভূষণক কোন দেশৰ পৰা আহিছে বুলি সোধাত ক'লে-"উজান দেশত শ্ৰী শংকৰ নামে হৰি অৱতাৰ হৈছে। তাৰাই বাহ্ৰ স্কন্ধ শ্লোক ভাঙ্গি কীৰ্ত্তন, দশম, পদ ভটিমা, গুণলীলা, নাট অনেক ছন্দে কৰিছে।" তেতিয়া পণ্ডিতে ক'লে, "তই কণ্ঠভূষণ আহিলি কিয়?" তেতিয়া কণ্ঠভূষণে ক'লে যে শংকৰদেৱৰ লগত তৰ্ক যুঁজত জিকিবলৈ তেওঁ ইয়ালৈ আহিছে। তেতিয়া পণ্ডিতে ক'লে, "অঃ তোৰ দাৰুণ অপৰাধ হ'ল। তাৰাৰ পাৱতে পৰি স্তুতি কৈ মাতগৈ, তেহে ৰক্ষা পা। মোৰ গুৰু কৈ গৈছে ব আদি গ্ৰাম শ আদি নাম হৰি অৱতাৰ পূব দেশত। বোলে পূৰ্ব্বে চলোতে কৈ গৈছে।"

এই বুলি কৈ ব্ৰহ্মানন্দই তেওঁৰ গুৰুত্ব বাহ্ৰ স্কন্ধৰ সাৰোদ্ধাৰ ৰত্নাৱলী কণ্ঠভূষণৰ হাতত দি শংকৰদেৱলৈ সেৱা জনাই পঠালে। কণ্ঠভূষণে তিনিমাহ উজাই আহি পাতবাউসীত গুৰুজনাক দিলেহি।

বিষয়বস্ত

এই গ্ৰন্থত ১৩ বিৰচন আছে। ভাগৱতৰ বাৰস্কন্ধতকৈ এক অধ্যায় বেছি হ'ল।

  1. প্ৰথম ভক্তি বিৰচন
  2. দ্বিতীয় সৎসঙ্গ বিৰচন
  3. তৃতীয় ভক্তি বিশ্লেষণ বিৰচন
  4. চতুৰ্থ শ্ৰৱণ বিৰচন
  5. পঞ্চম কীৰ্তন বিৰচন
  6. ষষ্ঠ স্মৰণ বিৰচন
  7. সপ্তম পদ সেৱন বিৰচন
  8. অষ্টম অৰ্চ্চন বিৰচন
  9. নৱম বন্দন বিৰচন
  10. দশম দাস্য বিৰচন
  11. একাদশ সখ্য বিৰচন
  12. দ্বাদশ আত্ম নিবেদন বিৰচন
  13. ত্ৰয়োদশ শৰণ বিৰচন
    প্ৰথম ভক্তি বিৰচন

ভক্তি ৰত্নাৱলীৰ প্ৰথম বিৰচনভাগ ভক্তি বিৰচন। পদছন্দেৰে আৰম্ভ হোৱা এই বিৰচনত মুঠ ২৯৪ ফাঁকি শ্লোক আছে। এইসমূহ পদ, দুলড়ি, ছবি এই তিনিছন্দত ৰচিত। ইয়াৰে ১ ৰ পৰা ৫৬ ফাঁকিলৈকে পদছন্দত, ৫৭ ৰ পৰা ৭১ লৈকে দুলড়ী ছন্দত, ৭২ৰ পৰা ১৫৪ লৈকে পদ ছন্দত, ১৫৫ ৰ পৰা ১৬৮ লৈকে ছবি ছন্দত, ১৬৯ ৰ পৰা ২৭৯ লৈকে পদ ছন্দত আৰু ২৮০ ৰ পৰা ২৯৪ লৈকে দুলড়ি ছন্দত আছে।

প্ৰথম ফাঁকি হৈছে-

জয় জয় কৃষ্ণ কৃপা অমৃত সাগৰ।
যাৰপদ সেবন্ত বিৰিঞ্চি মহেশ্বৰ॥
মহা বিশ্বদ্ৰোহী তৰে যাৰ ভৈল নাম।
হেন কৃষ্ণপদে কৰো সদায় প্ৰণাম॥ ১

    দ্বিতীয় সৎসঙ্গ বিৰচন

সৎসঙ্গ বিৰচনত মুঠ ১৫২ ফাঁকি শ্লোক আছে। এইসমূহ পদ ছন্দ আৰু দুলড়ী ছন্দত ৰচিত। ইয়াৰে ২৯৫ৰ পৰা ৪২১ লৈকে পদ ছন্দত আৰু ৪২২ৰ পৰা ৪৪৬ লৈকে দুলড়ি ছন্দত লিখিত।

সৎসঙ্গ বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- সৎসংগত থাকিলে ঈশ্বৰৰ কৃপা লাভ কৰে। ইয়াত ভক্তিৰ উপদেশেই শ্ৰেষ্ট বস্তু।

    তৃতীয় ভক্তি বিশ্লেষণ বিৰচন

ভক্তি বিশ্লেষণ বিৰচনত মুঠ ৯০ ফাঁকি শ্লোক আছে। এইসমূহ পদছন্দত ৰচিত। ভক্তি বিৰচন ৪৪৭ ৰ পৰা ৫৩৬ পদলৈকে সামৰি আছে।

ভক্তি বিশেষণ বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- ভক্তি বিশেষণৰ যোগেদি শৰীৰৰ ইন্দ্ৰিয়বিলাকক ঈশ্বৰমুখী কৰাই মূল তত্ত্ব।

    চতুৰ্থ শ্ৰৱণ বিৰচন

শ্ৰৱণ বিৰচনত মুঠ ১৪৮ ফাঁকি শ্লোক আছে। এইসমূহ দুলড়ি ছন্দ, পদ ছন্দ আৰু ছবি ছন্দত আছে। ইয়াৰে ৫৩৭ ৰ পৰা ৫৫৩ লৈকে দুলড়িছন্দত, ৫৫৪ৰ পৰা ৬৬৭ লৈকে পদ ছন্দত, ৬৬৮ ৰ পৰা ৬৭৭ লৈকে ছবিছন্দত, ৬৭৮ৰ পৰা ৬৮৪ লৈকে দুলড়ি ছন্দত আছে।

শ্ৰৱণ বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- সাধু সংগত ভগৱন্তৰ পৰম তত্ত্বকথা শুনিলে পৰম নিৰ্মলজ্ঞান হৃদয়ত প্ৰকাশ হয়। আৰু সংসাৰ সুখেৰে তৰি ঈশ্বৰক লাভ কৰিব পাৰি।

    পঞ্চম কীৰ্ত্তন বিৰচন

কীৰ্ত্তন বিৰচনত মুঠ ১৯৭ ফাঁকি শ্লোক আছে। এইসমূহ পদ আৰু দুলড়ী ছন্দত ৰচিত। ইয়াৰে ৬৮৫ৰ পৰা ৭৭৮ লৈ পদছন্দ, ৭৭৯ৰ পৰা ৮০১ লৈ দুলড়িছন্দ, ৮০২ ৰ পৰা ৮৮১ লৈ পদছন্দত ৰচিত।

কীৰ্ত্তন বিৰচনৰ মূৰ সাৰ এনেধৰণৰ - উত্তম শ্লোকৰ গুণলীলা মহিমা কীৰ্ত্তনৰ জৰিয়তে অনায়াসে সিদ্ধি লাভ কৰিব পাৰি। ই হ'ল মুখ্য সাধনৰ উত্তম ব্যৱস্থা।

    ষষ্ঠ স্মৰণ বিৰচন

স্মৰণ বিৰচনত মুঠ ৬৯ ফাঁকি শ্লোক আছে। এইসমূহ ছবি আৰু পদছন্দত ৰচিত। ইয়াৰে ৮৮২ ৰ পৰা ৮৯৪ লৈকে ছবিছন্দ, ৮৯৫ ৰ পৰা ৯৫০ লৈকে পদছন্দত ৰচিত।

স্মৰণ বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- ভগৱন্তৰ গুণলীলা মহিমা স্মৰণ কৰিলে স্বভাৱ দূৰ হয় আৰু পৰম কৃতাৰ্থ হৈ ভগৱন্ত পুৰুষক লাভ কৰিব পাৰি।

    সপ্তম পদ সেৱন বিৰচন

পদ সেৱন বিৰচনত মুঠ ১১২ ফাঁকি শ্লোক আছে। এইসমূহ পদ আৰু দুলড়ি ছন্দত ৰচিত। ইয়াৰে ৯৫১ ৰ পৰা ১০৪০ লৈ পদ ছন্দত আৰু ১০৫০ৰ পৰা ১০৬২ লৈ দুলড়ি ছন্দত ৰচিত।

পদ সেৱন বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- ঈশ্বৰৰ চৰণৰ পদ সেৱনৰ জৰিয়তে ইন্দ্ৰিয়ক দমন কৰি সমস্ত ঐশ্বৰ্যৰ গৰাকী হৈ ভগৱন্তৰ কৃপা মিলে।

    অষ্টম অৰ্চ্চন বিৰচন

অৰ্চ্চন বিৰচনত মুঠ ২৫ ফাঁকি শ্লোক আছে। এইসমূহ পদছন্দত ৰচিত আৰু ১০৬৩ৰ পৰা ১০৮৭ লৈকে বিস্তৃত।

অৰ্চ্চন বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- শুদ্ধভাৱে কৃষ্ণৰ চৰণত কায় বাক্য মনে অৰ্পণ কৰিলেই ভগৱান সন্তুষ্ট হয়।

    নৱম বন্দন বিৰচন

বন্দন বিৰচনত মুঠ ১৭ ফাঁকি শ্লোক আছে। এইসমূহ পদছন্দত ৰচিত। ইয়াত ১০৮৮ ৰ পৰা ১১০৪ লৈকে আছে যদিও ১০৮৮ ৰ প্ৰথম দুশাৰী অৰ্চ্চন বিৰচনৰ অন্তৰ্গত।

বন্দন বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- মনুষ্য জন্ম সফল হ'বলৈ হ'লে কৃষ্ণৰ পদ পঙ্কজক সদায়ে বন্দন কৰিব লাগে।

    দশম দাস্য বিৰচন

দাস্য বিৰচনত মুঠ ১৭ ফাঁকি শ্লোক আছে। এইসমূহ পদছন্দত ৰচিত। ১১০৫ ৰ পৰা ১১২১ লৈকে এই বিৰচনত আছে।

দাস্য বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- নিজকে সমস্ত প্ৰাণীতকৈ দাস অৰ্থ্যাৎ নিমিত্ত মাত্ৰ হৈ ঈশ্বৰ সেৱা কৰাই হৈছে দাস্য ভক্তি।

    একাদশ সখ্য বিৰচন

সখ্য বিৰচনত মুঠ ১১ ফাঁকি শ্লোক আছে। এইসমূহ পদ ছন্দত ৰচিত। ইয়াত ১১২২ ৰ পৰা ১১৩২ লৈকে অন্তৰ্ভুক্ত।

সখ্য শব্দই সখীত্ব ভাব, বন্ধুত্ব ভাবক বুজায়। সখ্যা বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- বিশ্বাসেৰে ভগৱন্তৰ লগত মিত্ৰ হৈ সকলো অৰ্পণ কৰাই একমাত্ৰ কৰ্তব্য।

    দ্বাদশ আত্ম নিবেদন বিৰচন

আত্ম নিবেদন বিৰচনংত মুঠ ১১ ফাঁকি শ্লোক আছে। এইসমূহ পদছন্দত ৰচিত। ১১৩৩ৰ পৰা ১১৪৩ লৈকে পদসমূহ এই বিৰচনৰ অন্তৰ্গত।

আত্ম বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- কায় বাক্য মন ঈশ্বৰৰ চৰণত নিবেদিত হ'লেহে পুৰুষাৰ্থ সিদ্ধি হয়।

    ত্ৰয়োদশ শৰণ বিৰচন

ভক্তি ৰত্নাৱলীৰ একেবাৰে অন্তিমভাগ বিৰচন হৈছে শৰণ বিৰচন। ইয়াত মুঠ ৬৫ ফাঁকি শ্লোক আছে। এইসমূহ পদছন্দ, ছবি ছন্দ আৰু দুলড়ি ছন্দত বিভক্ত। ইয়াৰে ১১৪৪ৰ পৰা ১১৯২ নম্বৰ শ্লোকলৈকে পদছন্দ, ১১৯৩ ৰ পৰা ১২০৪ লৈকে ছবিছন্দ আৰু ১২০৫ ৰ পৰা ১২০৮ লৈকে দুলড়ি ছন্দত ৰচিত। দুলড়ি ছন্দেৰেই ভক্তি ৰত্নাৱলীৰ সামৰণি মৰা হৈছে। শেষৰ শ্লোকফাঁকি হৈছে-

জানিয়া পৰম দুৰাচাৰ মই
 তোমাত লৈলো শৰণ।
কৈলো সত্য বাক   নেৰিবা আমাক
 তুমি প্ৰভু নাৰায়ণ॥
সন্তৰ সঙ্গত   সৰ্ব্বভাৱে যেন
 থাকো তযু সেৱা কৰি।
এৰি অনুগ্ৰহ   হোক মোক লোক
 ডাকি বোলা হৰি হৰি॥

শৰণ বিৰচনৰ মূৰ সাৰ এনেধৰণৰ- সাগৰত নৌকাত শৰণ লয়। পিতৃ মাতৃৰ ওচৰত বালকে আশ্ৰয় লয়। সংসাৰ সাগৰত ভগৱন্তৰ চৰণত আশ্ৰয় নললে সকলো অসাৰ।

ভক্তি-ৰত্নাৱলীৰ গুণ

ভাগৱতৰ যি গুণ শাস্ত্ৰত দিয়া আছে সেই একে গুণেই ভক্তি ৰত্নাৱলী গ্ৰন্থতো আছে। ভক্তি ৰত্নাৱলীৰ গুণৰ বিষয়ে বিৰচনতে কোৱা আছে-

থাকে মাত্ৰ ৰত্নাৱলী যদিবা গৃহত।
অজ্ঞান আন্ধাৰ তাৰ গুচয় সমস্ত॥
যিটো পঢ়ে শুনে আৰু বিচাৰে সৰ্ব্বথা।
তাৰ হিত সাধিবেক ইটো কোন কথা॥

লেখকৰ পৰিচয়

ভক্তি ৰত্নাৱলী সংস্কৃতত ৰচনা কৰিছিল বেনাৰসৰ বিষ্ণুপুৰী সন্ন্যাসীয়ে। মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল।

তথ্য সংগ্ৰহ

Tags:

ভক্তি ৰত্নাৱলী আৰম্ভণিভক্তি ৰত্নাৱলী ইতিহাসভক্তি ৰত্নাৱলী বিষয়বস্তভক্তি ৰত্নাৱলী ভক্তি-ৰত্নাৱলীৰ গুণভক্তি ৰত্নাৱলী লেখকৰ পৰিচয়ভক্তি ৰত্নাৱলী তথ্য সংগ্ৰহভক্তি ৰত্নাৱলীকীৰ্তননামঘোষামাধৱদেৱশংকৰদেৱ

🔥 Trending searches on Wiki অসমীয়া:

নিৰ্মলপ্ৰভা বৰদলৈজেং বিহুঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাছট পূজাপৰিৱেশ বিজ্ঞানৰুক্মিণী হৰণ নাটবুঢ়ী আইৰ সাধুসিংহতেজপুৰলোকভাষাঅসমীয়া ভাষাবহনক্ষম উন্নয়নৰ লক্ষ্যআনন্দ চন্দ্ৰ আগৰৱালাধনশিৰি নদীহাজং জনগোষ্ঠী২৫ এপ্ৰিলআবেগএডাম স্মিথভূমিকম্পশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাশুৱালকুছিফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কানেপালী জনগোষ্ঠীচিৰ চেনেহী মোৰ ভাষা জননীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসমৰ শাক-পাচলিৰ তালিকাসাহিত্য অকাডেমি বঁটাৰতিলক্ষ্মীধৰ শৰ্মাজয়মতী কুঁৱৰীবাঁহী (আলোচনী)সৰ্বশিক্ষা অভিযানজল সংৰক্ষণকাৰেংঘৰকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবেদব্যাসঅসীমত যাৰ হেৰাল সীমাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানইউক্লিডকেঁচুসাৰপাটকাইৰ ইপাৰে মোৰ দেশভাৰতীয় নাগৰিকত্ব আইননলিনীবালা দেৱীমেকুৰীৰাধাগোবিন্দ বৰুৱাগাঁও পঞ্চায়তমৈদামৰামঅসমৰ জাতীয় গীতশিৱসাগৰৰ শিৱদৌলউপনিষদৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসদৰং জিলানবীনচন্দ্ৰ বৰদলৈকানাই বৰশী বোৱা শিলালিপিচ্যু-লিক-ফাযনিব্ৰজাৱলী ভাষালক্ষ্মীনাথ বেজবৰুৱাযোগাসনস্বাধীনতা দিৱস (ভাৰত)প্ৰাকৃতিক সম্পদমণিৰাম দেৱানবিহুৰ খাদ্যপ্ৰেমচন্দৰাজ্যসভাম’বাইল ফোনকছাৰী ৰাজ্যআনন্দৰাম ঢেকিয়াল ফুকনবিহুবাবৰভাৰত-ইউৰোপীয় ভাষা পৰিয়ালভাইটি (চলচ্চিত্ৰ)বায়ু প্ৰদূষণঅসমীয়া কবিতাআলেকজেণ্ডাৰ গ্ৰাহাম বে'ল🡆 More