মাধৱ কন্দলি: অসমীয়া কবি

মাধৱ কন্দলি ১৪ শ শতিকাৰ কছাৰী ৰজা মহামাণিক্যৰ (আনুমানিক ১৩৩০-১৩৭০ খ্ৰীষ্টাব্দ) ৰাজসভাৰ এজন কবি। মাধৱ কন্দলিয়ে ভাৰতবৰ্ষৰ প্ৰান্তীয় ভাষা সমুহৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলিক অপ্ৰমাদী কবি আখ্যা দিছিল।

মাধৱ কন্দলি
জন্ম ১৪শ শতিকা
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি সপ্তকাণ্ড ৰামায়ণ

জীৱনকাল

কছাৰী বা বৰাহী ৰজা মহামাণিক্যৰ ৰাজধানীৰ স্থান বা ৰাজত্বৰ সময়ৰ বিষয়ে কোনো ঐতিহাসিক প্ৰমাণ নাই। এই সম্পৰ্কে হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা, বাণীকান্ত কাকতি, বেণুধৰ শৰ্মা আদিৰ মত অনুসৰি খৃষ্টীয় চতুৰ্দশ শতিকাৰ মাজভাগত বৰাহী ৰজা মহামাণিক্যই নগাঁৱৰ কপিলী উপত্যকা অঞ্চলত শাসন কৰিছিল নাইবা উজনিৰ সোণাপুৰত (সম্ভৱতঃ শিৱসাগৰৰ সোণাৰি অঞ্চল) ৰাজধানী পাতিছিল। এইজন ৰজাৰে ৰাজসভাত প্ৰাক্‌-শঙ্কৰী কবি মাধৱ কন্দলিয়ে কাব্য চৰ্চা কৰিছিল। মাধৱ কন্দলিৰ আন এটা নাম "কবিৰাজ কন্দলি", সম্ভৱ তেওঁৰ কবিত্ব শক্তিৰ বাবেই পিছলৈ এই নাম পায়।

কাব্যকৃতি

হিন্দু ধৰ্মত দিক্ষিত হোৱা ৰজা মহামাণিক্যৰ অনুৰোধক্ৰমে মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। মাধৱ কন্দলিৰ প্ৰায় এশ বছৰ পিছত অৰ্থাৎ ১৫শ শতিকাৰ দ্বিতীয়াৰ্ধত 'কৃত্তিবাসী ৰামায়ণ' আৰু ১৬শ শতিকাৰ অষ্টম দশকত তুলসীদাসৰ 'ৰাম-চৰিত মানস' ৰচিত হয়।

মাধৱ কন্দলিয়ে সহজ-সৰলকৈ সাধাৰণ ৰাইজৰ বাবে এই কাব্য ৰচনা কৰিছিল। ইয়াৰ বিৱৰণসমূহত অসমীয়া ভাষা প্ৰথম অৱস্থাৰ ৰূপ দেখা পোৱাৰ লগতে সেইসময়ৰ প্ৰচলিত ৰীতি-নীতিৰো আভাস পোৱা যায়। ভাষাৰ সৰলতা আৰু কাব্যিক গুণলৈ লক্ষ্য কৰি মাধৱ কন্দলিৰ ৰামায়ণক অসমীয়া সাহিত্যৰ এক অন্যতম গুৰুত্বপূৰ্ণ অৱদানৰূপে গণ্য কৰিব পাৰি। পিছৰ যুগৰ কবিসকলক ই প্ৰভাৱিত কৰিছিল আৰু তেওঁলোকৰ ৰচনাৰ বাবে ই এক মানস্বৰূপ আছিল।

ৰাজনৈতিক খেলিমেলিৰ মাজত মাধৱ কন্দলিৰ ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়। পিছত নৱবৈষ্ণৱ ধৰ্মীয়ৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে এই কাণ্ড দুটা সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। "গুৰু-চৰিত" ইয়াৰ বিষয়ে এটা কাহিনী পোৱা যায়। কাহিনীমতে অনন্ত কন্দলিয়ে ভক্তিৰসৰ আধাৰত ৰামায়ণৰ এক নতুন অনুবাদ কৰি মাধৱ কন্দলিৰ ৰামায়ণক লুপ্ত কৰিব বিচাৰিছিল। তেতিয়া মাধৱ কন্দলিয়ে শঙ্কৰদেৱক সপোনত দেখা দি ইয়াৰ সংৰক্ষণৰ বাবে অনুৰোধ জনায়। তাৰ পিছত শঙ্কৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি উলিয়ায়। মাধৱ কন্দলিয়ে এই কাণ্ড দুটা আগতে ৰচনা কৰিছিল নে নাই তাৰ কোনো প্ৰমাণ পোৱা নাযায়।

"দেৱজিৎ" নামৰ ১৩শ পদৰ আন এখন কাব্যত মাধৱ কন্দলিৰ ভণিতা পোৱা যায়। ইয়াত নৰনাৰায়ণ অৰ্থাৎ অৰ্জুন আৰু কৃষ্ণৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। কৃষ্ণৰ সহায়ত অৰ্জুনে স্বৰ্গৰ দেৱতাসকলক কেনেকৈ জিনিবলৈ সক্ষম হ'ল তাৰ বিৱৰণ পোৱা যায়। এই ৰচনাত পিছৰ কালত প্ৰসাৰ পাবলগীয়া নৱবৈষ্ণৱ ধৰ্মৰ ছাঁ দেখিবলৈ পোৱা যায়। এই পুথিৰ কোনো কোনো ঠাইত কেৱল 'মাধৱ' নামহে পোৱা যায় আৰু ইয়াৰ ভাষাও 'কথা-ৰামায়ণ'ৰ লগত নিমিলে। মাধৱ কন্দলিৰ ছদ্মনাম লৈ আন কোনো কবিয়ে এইখন ৰচনা কৰিছে বুলি ঠাৱৰ কৰা হয়।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

মাধৱ কন্দলি জীৱনকালমাধৱ কন্দলি কাব্যকৃতিমাধৱ কন্দলি তথ্যসূত্ৰমাধৱ কন্দলি বাহ্যিক সংযোগমাধৱ কন্দলিঅসমীয়া ভাষাকছাৰীবাল্মীকিশ্ৰীমন্ত শঙ্কৰদেৱৰামায়ণ

🔥 Trending searches on Wiki অসমীয়া:

ত্ৰিভুজশাক-পাচলিমদন কামদেৱ দেৱালয়স্বাস্থ্যমৰাণ জনগোষ্ঠীআত্মজীৱনীমিজোৰামভাৰতীয় ৰিজাৰ্ভ বেংকবিষ্ণুৰাম মেধিদাঁতসংগীত নাটকঢোলচামেলি মেমচা'বনাৰীলক্ষ্মীধৰ শৰ্মাসাম্যবাদী সমাজমালিনী থানবৰাইল পৰ্বতমৰিগাঁও জিলাতোলনি বিয়াৰাজ্যসভাজাভাস্বামী বিবেকানন্দলিংগ (জৈৱিক)চামগুৰি সত্ৰধাতু আৰু অধাতুবড়ো জনগোষ্ঠীইয়াণ্ডাবু সন্ধিবাৰেচহৰীয়া ভাওনা মহোৎসৱপথৰুঘাটৰ ৰণযোৰানামকনকলতা বৰুৱাঅৰুণ শৰ্মানামেৰি ৰাষ্ট্ৰীয় উদ্যানজাপিঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদহীৰেন্দ্ৰ নাথ দত্তভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাকৰ্কট ৰোগঅনাভেদী যৌনক্ৰিয়াকোষ (জীৱবিজ্ঞান)পুঁজিবাদনিৰুপমা বৰগোহাঞিকলিমাঅসমৰ বনৌষধিঅসমৰ ৰাজ্যপালসকলৰ তালিকাপালি ভাষামণিৰাম দেৱানভাৰতৰ স্বাধীনতা আন্দোলনমাধৱ কন্দলিশিক্ষক দিৱসজামুগুৰিহাটশিশু সাহিত্যভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাঅসমৰ মুখা শিল্পভিটামিনঅভিধাননেতাই ধুবুনী ঘাটঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমীয়া উপন্যাসযতীন বৰাআৰ্যভট্টচন্দ্ৰকান্ত অভিধানশচীন তেণ্ডুলকাৰহোমেন বৰগোহাঞিব্ৰহ্মপুত্ৰ নদৰাজনৈতিক দলঅসমৰ জিলাসমূহসপ্তকাণ্ড ৰামায়ণমানৱ ভূগোলহোমাৰবহনক্ষম ভূমি ব্যৱস্থাপনাশৰাইঘাট দলংগুৱাহাটী (লোকসভা সমষ্টি)বিশ্ব বাণিজ্য সংস্থাবকুল ফুলৰ দৰে (গ্ৰন্থ)🡆 More