অনন্ত কন্দলি

অনন্ত কন্দলি ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে। সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ হাজোত। দেউতাকৰ নাম ৰত্ন পাঠক। জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ। পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰি অনন্ত কন্দলি নাম লাভ কৰে। পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি বিভূষণেৰে বিভূষিত হয়। অনন্ত কন্দলি খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় আৰু চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষ ভাগলৈকে জীৱিত আছিল।

অনন্ত কন্দলি
জন্ম হৰিচৰণ
আনুমানিক ১৫২০ খ্ৰীষ্টাব্দ
হাজো,কামৰূপ, অসম
মৃত্যু আনুমানিক ১৬২০ খ্ৰীষ্টাব্দ
পেচা কবি, বৈয়াকৰণ
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি ৰামায়ণ, কুমাৰ হৰণ

আত্ম পৰিচয়

কন্দলিয়ে দশমত তেওঁৰ আত্মপৰিচয় এনেদৰে লিখিছে:

ৰতন পাঠক নামে পণ্ডিত পৰম।
ভাগৱত শাস্ত্ৰে যাৰ আছিল বিক্ৰম॥
শ্ৰীহৰিচৰণ নামে তাহান সন্ততি।
ব্যাকৰণ পঢ়ি নাম শ্ৰীচন্দ্ৰভাৰতী॥
তৰ্কত লভিলা নাম অনন্ত কন্দলি।
ভাগৱতে আচাৰ্য পদবী ভৈলা আৰ্যজন॥
ভাগৱত ভট্টাচাৰ্য বোলে আৰ্যজনে।
তেহো বিৰচিলা পদ কৃষ্ণৰ চৰণে॥

সাহিত্যকৃতি

অনন্ত কন্দলিয়ে মহিলা আৰু শূদ্ৰকে ধৰি সমাজৰ সকলোৰে মাজত ধৰ্মবিশ্বাস জগাবলৈ শাস্ত্ৰ ৰচনা কৰিছিল। গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুৰোধত তেওঁ ভাগৱত-পুৰাণৰ দশম কাণ্ড অনুবাদ কৰি উলিয়াইছিল। এই ৰচনাত শঙ্কৰদেৱৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তেওঁ মাধৱ কন্দলিৰ মূল পুথিখনৰ সহায়ত ৰামায়ণৰ পাঁচটা কাণ্ড লিখিছিল। সেইখিনিক মাধৱ কন্দলিৰ ৰামায়ণৰ বৈষ্ণৱ সংস্কৰণ বুলি অভিহিত কৰা হয়। তেওঁ ভাগৱতৰ পঞ্চম আৰু ষষ্ঠ কাণ্ড অনুবাদ কৰিছিল বুলিও কোৱা হয়। অনন্ত কন্দলিৰ আন আন কাব্য হ'ল:

  • কুমাৰ হৰণ
  • কাব্য ভাগৱত
  • ষষ্ঠ স্কন্ধৰ বৃত্ৰাসুৰ-বধ
  • মধ্য আৰু শেষ দশম
  • মহীৰাৱণ বধ
  • সীতাৰ পাতাল প্ৰৱেশ
  • হৰি-হৰ যুদ্ধ
  • সহস্ৰ নাম বৃত্তান্ত

সন্মান

ব্যাকৰণ শাস্ত্ৰত লাভ কৰা ব্যুৎপত্তিৰ বাবে তেওঁক শ্ৰীচন্দ্ৰভাৰতী উপাধি প্ৰদান কৰা হয়। তৰ্ক আৰু ন্যায়ত থকা পণ্ডিত্যৰ বাবে অনন্ত কন্দলি বিভূষণ আৰু ভাগৱত-শাস্ত্ৰত থকা পাণ্ডিত্যৰ বাবে ভাগৱতাচাৰ্য আৰু ভাগৱত-ভট্টাচাৰ্য সন্মান প্ৰদান কৰা হয়।

তথ্যসূত্ৰ

Tags:

অনন্ত কন্দলি আত্ম পৰিচয়অনন্ত কন্দলি সাহিত্যকৃতিঅনন্ত কন্দলি সন্মানঅনন্ত কন্দলি তথ্যসূত্ৰঅনন্ত কন্দলিঅসমীয়াশ্ৰীমন্ত শঙ্কৰদেৱহাজো

🔥 Trending searches on Wiki অসমীয়া:

জয়সাগৰ পুখুৰীঋণাত্মক অখণ্ড সংখ্যাআমেৰিকা যুক্তৰাষ্ট্ৰমানুহৰ কংকালঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাভাস্কৰ (প্ৰথম)দৌল গোবিন্দ মন্দিৰশিৱসাগৰৰ শিৱদৌলঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদসমাজঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিজাতনামবংগ বিভাজন (১৯০৫)কৃষ্ণচূড়াঅসমত দেখা পোৱা সাপবোৰসাহিত্যৰ সমাজতত্ত্বঅসমৰ পুৰণি স্থাপত্যদেউলবচন (ব্যাকৰণ)জলবায়ুৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসইউনিক’ডকীৰ্তন ঘোষা সংকলনমিত্ৰদেৱ মহন্তঅসম বৈভৱ বঁটামানস ৰাষ্ট্ৰীয় উদ্যানযুগ্ম সংখ্যাস্বাধীনতা দিৱস (ভাৰত)কোচ ৰাজবংশভাৰতত মহিলা শিক্ষাবতৰবৰষুণঅসমৰ ধান খেতিৰ সঁজুলিসমূহচিলাৰায়কামৰূপী উপভাষাঅৰণ্যমৌলিক সংখ্যাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লকম্পিউটাৰদৰ্শনযকৃৎপৰিৱেশ অধ্যয়নআনন্দ চন্দ্ৰ আগৰৱালামাঘ বিহুটুক্ৰেশ্বৰী দেৱালয়কৃষ্ণহেম সৰস্বতীযোৰহাটবিচূৰ্ণীভৱনঅসমৰ ৰেচম শিল্পমনোবিজ্ঞানলক্ষ্যধৰ চৌধুৰীঅসমৰ কাঁহ শিল্পকোচ ৰাজবংশীভগদত্তআহোম জনগোষ্ঠীপুঁজিবাদভাৰত ত্যাগ আন্দোলনমাৰ্ক্সবাদশামুকমদন কামদেৱ দেৱালয়কাৰ্ল মাৰ্ক্সত্ৰিপুৰাশকুন্তলাএকচেটীয়া বজাৰঅম্বিকাগিৰি ৰায়চৌধুৰীআউনীআটী সত্ৰঅসমৰ লোকগীতজাতিসংঘবাৰেচহৰীয়া ভাওনা মহোৎসৱবাল্মীকিভাৰত ৰত্নইন্দিৰা মিৰিইণ্টাৰনেটৰাজনীতিভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাউপভাষানেতাই ধুবুনী ঘাট🡆 More