নলবাৰী জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

নলবাৰী (ইংৰাজী: Nalbari) অসমৰ এখন প্ৰশাসনিক জিলা। পূৰ্বতে কামৰূপ জিলাৰ মহকুমা হিচাপে চিহ্নিত নলবাৰীক ১৯৮৫ চনত জিলা হিচাপে ঘোষণা কৰা হয়।

নলবাৰী জিলা
—  জিলা  —
নলবাৰী জিলা: ভৌগোলিক বিৱৰণ, ইতিহাস, জন গাঁথনি
অসমৰ মানচিত্ৰত নলবাৰী জিলাৰ অৱস্থান
অসমৰ মানচিত্ৰত নলবাৰী জিলাৰ অৱস্থান
দেশ নলবাৰী জিলা: ভৌগোলিক বিৱৰণ, ইতিহাস, জন গাঁথনি ভাৰত
ৰাজ্য অসম
সদৰ নলবাৰী
মাটিকালি
 - মুঠ ৯৯৯.৯০ কি.মি. 
(৩৮৬.১ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৭,৭১,৬৩৯ জন
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
ৱেবছাইট www.nalbari.nic.in

ভৌগোলিক বিৱৰণ

জিলাখনৰ মাটিকালি হৈছে ৯৯৯.৯০ বৰ্গ কিঃমিঃ। ২০০১ চনৰ লোকপিয়ল মতে জিলাখনৰ মুঠ জনসংখ্যা ১১৩৮১৮৪ জন। বাৰ্ষিক বৃষ্টিপাত হৈছে ১৫০০ মিঃমিঃ আৰু গড় আৰ্দ্ৰতা ৮০%। সমুদ্ৰপৃষ্ঠৰ পৰা জিলাখনৰ উচ্চতা ১০০০ ফুট।

    চাৰিসীমা
    নৈ-উপনৈ

জিলাখনৰ দক্ষিণ দিশেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। আনকেইখন প্ৰধান নৈ হ'ল পাগলদিয়া, নোনা, বৰলীয়া, বুঢ়াদিয়া, টিহু।

ইতিহাস

পোন প্ৰথমতে নলবাৰী কামৰূপ জিলাৰ এক মহকুমা আছিল। ১৯৬৭ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে নলবাৰীক মহকুমা ৰূপে প্ৰশাসনিক দয়িত্ব প্ৰদান কৰে। ১৯৮৫ চনৰ ১৪ আগষ্টৰ পৰা নলবাৰীক জিলা হিচাপে ঘোষণা কৰা হয়। নলবাৰী নামটোৰ উদ্ভৱ সন্দৰ্ভত বহুতো জনশ্ৰুতি আছে-

  • বিদৰ্ভ ৰাজ 'নল'ৰ বাৰী হিচাপে জিলাখনৰ নাম নলবাৰী হোৱা বুলি কোৱা হয়।
  • যথেষ্ট পৰিমাণে নল-খাগৰি থকা বাবে ইয়াৰ নাম নলবাৰী হয়।
  • ১৮৯৭ চনৰ ভূমিকম্পত লুপ্ত হোৱা ন নামৰ নদীখনৰ পৰা নলবাৰী নামটো হোৱা বুলি কোৱা হয়।
  • ন নদীৰ পাৰত বাস কৰা কৈৱৰ্ত্ত মানুহ এচামে উঠি আহি নতুনকৈ ন নদীৰ উত্তৰে বসতি স্থাপন কৰা কাৰণে নলবাৰী হোৱা বুলি কোৱা হয়।

জন গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি নলবাৰী জিলাৰ জনসংখ্যা ৭৬৯,৯১৯ জন; ইয়াৰে পুৰুষ ৩৯৫,৮০৪ জন আৰু মহিলা ৩৭৪,১১৫ জনী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৫ জনী। জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৭৬৩ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১১.৭৪%। শিক্ষিতৰ হাৰ ৭৩.৮৫%।

প্ৰশাসনিক গাঁথনি

নলবাৰী জিলা মাথোঁ এটা মহকুমাৰে গঠিত। সদৰ নলবাৰী। জিলাখনৰ উন্নয়ন খণ্ডসমূহ হ'লঃ বড়িগোগ বনভাগ, পূব নলবাৰী, বৰভাগ, বৰক্ষেত্ৰী, পশ্চিম নলবাৰী, মধুপুৰ, টিহু, টিহু বৰমা। জিলাখনত তিনিটা বিধানসভাৰ সমষ্টি আছে আৰু তিনিওটা সমষ্টি তিনিটা সুকীয়া সুকীয়া সংসদীয় সমষ্টিৰ অন্তৰ্গত।

  • ৫৯, নলবাৰী (৮, মঙলদৈ সংসদীয় সমষ্টিৰ অন্তৰ্গত)
  • ৬০, বৰক্ষেত্ৰী (৭, গুৱাহাটী সংসদীয় সমষ্টিৰ অন্তৰ্গত)
  • ৬১, ধৰ্মপুৰ (৬, বৰপেটা সংসদীয় সমষ্টিৰ অন্তৰ্গত)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

নলবাৰী জিলা ভৌগোলিক বিৱৰণনলবাৰী জিলা ইতিহাসনলবাৰী জিলা জন গাঁথনিনলবাৰী জিলা প্ৰশাসনিক গাঁথনিনলবাৰী জিলা তথ্য সংগ্ৰহনলবাৰী জিলা বাহ্যিক সংযোগনলবাৰী জিলাঅসমইংৰাজী ভাষাকামৰূপ জিলা

🔥 Trending searches on Wiki অসমীয়া:

কুলধৰ শইকীয়াঅন্নপ্ৰাশনপৰ্যাবৃত্ত তালিকামাঘ বিহুৰাজনীতিদশৰথমহেশ্বৰ নেওগআলোচনীকুলিবড়ো ভাষাস্বদেশী আন্দোলননাগালেণ্ডচৈয়দ আব্দুল মালিককাল সংহতিঅসমৰ জিলাসমূহগোলাঘাট জিলাসংগীত নাটকবিষ্ণুবৰপেটামৰিগাঁও জিলাগণৰাজ্য দিৱস (ভাৰত)উমাচল শিলালিপিটকা (বাদ্য)জাতীয়তাবাদলুৰিন জ্যোতি গগৈঅসমৰ বনৌষধিকামৰূপী উপভাষাঅসম বৈভৱ বঁটাচামেলি মেমচা'বচন্দ্ৰকান্ত অভিধানজেতুকামাইলছ ব্ৰনছনতাজমহলকমলাকান্ত ভট্টাচাৰ্য্যসমাজপ্ৰকৃতিবুৰঞ্জীকবিৰত্ন সৰস্বতীবানপানীভাৰতীয় নাগৰিকত্ব আইনহিন্দী ভাষামাজুলীপ্লেটোশচীন তেণ্ডুলকাৰজলবিদ্যুৎপুথিভঁৰালশিক্ষা মনোবিজ্ঞানতোলনি বিয়াঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাপৰিস্থিতি বিজ্ঞানআনন্দৰাম ঢেকিয়াল ফুকনদিখৌ নদীলক্ষ্মীধৰ শৰ্মাকালিদাসশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাচৰকাৰঅনাভেদী যৌনক্ৰিয়াৰুদ্ৰেশ্বৰ দেৱালয়নাগৰিকত্বগুগলসেউজ গৃহ প্ৰভাৱঅংগৰাগ মহন্তঢ়জুবিন গাৰ্গহোমেন বৰগোহাঞিঅসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)লোক-সংগীতহাঁচতিগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাঅসম সাহিত্য সভাবাগ্‌ধ্বনিলিংগ বৈষম্য আৰু ভাৰতীয় নাৰী🡆 More