বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচি অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে এই পৰিষদ স্থাপন কৰা হয়। ইয়াত মুঠ ৪৬জন কাৰ্যকৰী সদস্য আছে আৰু প্ৰত্যেকৰে নিজ সমষ্টি আছে। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত অঞ্চলক চৰকাৰী ভাবে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন চমুকৈ বিটিআৰ বোলে। বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈছে ইউপিপিএল দলৰ প্ৰমোদ বড়ো আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য হৈছে গোবিন্দ বসুমতাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰৰ বড়োফা নগৰত অৱস্থিত।

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
ধৰন
ধৰন বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলস্বায়ত্বশাসিত জিলা পৰিষদ
নেতা
মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ইউপিপিএল
উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, ইউপিপিএল
গঠন
সদস্য ৪৬ (৪০+৬)
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
ৰাজনৈতিক দলসমূহ চৰকাৰ (২৩)

বিৰোধী (১৭)

মনোনীত (৬)

  •   মনোনীত (৬)
নিৰ্বাচন
নিৰ্বাচন পদ্ধতি ফাৰ্ষ্ট পাষ্ট দা পোষ্ট
বিগত নিৰ্বাচন ৭-১০ ডিচেম্বৰ ২০২০
সভাৰ স্থান
বড়োলেণ্ড সচিবালয়,
বড়োফা নগৰ, কোকৰাঝাৰ
ৱেবছাইট
www.bodoland.in

বড়োলেণ্ড ক্ষেত্ৰীয় জিলাসমূহত মুঠ চাৰিখন জিলা আছে। সেইকেইখন হ'ল, কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলা আৰু চিৰাং জিলা। এই জিলা সমূহ পূৰ্বৰ কোকৰাঝাৰ জিলা, বঙাইগাঁও জিলা, বৰপেটা জিলা, নলবাৰী জিলা, কামৰূপ জিলা, দৰং জিলা আৰু শোণিতপুৰ জিলাৰ কিছু কিছু অংশৰে গঠিত। এই অঞ্চলৰ মুঠ মাটিকালি ৮,৮২২ বৰ্গ কিলোমিটাৰ অৰ্থাৎ অসমৰ মুঠ মাটিকালিৰ ১১%। এই অঞ্চলত বহুতো সংৰক্ষিত জনজাতীয় অঞ্চল আছে। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত সংশোধনৰ জৰিয়তে ইয়াৰ স্থাপন কৰা হৈছিল।

এই অঞ্চল ভাৰতৰ আন অঞ্চলৰ তুলনাত অলপ পিছপৰা। অঞ্চলটোৰ মূল অৰ্থনীতি কৃষিভিত্তিক।

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ জিলাসমূহ
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ জিলাসমূহ



ধৰ্ম আৰু ভাষা

বড়োলেণ্ড ক্ষেত্ৰীয় জিলাসমূহত ধৰ্ম (২০১১ চনৰ লোকপিয়ল মতে)
ধৰ্ম শতাংশ
হিন্দু ধৰ্ম
  
৭১.২৫%
ইছলাম ধৰ্ম
  
১৯.১২%
খ্ৰীষ্টান ধৰ্ম
  
৯.১৪%
বৌদ্ধ ধৰ্ম
  
০.১৬%
অন্যান্য
  
০.২৪%
বড়োলেণ্ড ক্ষেত্ৰীয় জিলাসমূহত ভাষা (২০১১ চনৰ লোকপিয়ল মতে)
ভাষা শতাংশ
বড়ো ভাষা
  
৩০.৫%
অসমীয়া ভাষা
  
২৬.৮%
বঙালী ভাষা
  
২৩.৭%
চাঁওতালি ভাষা
  
৫.৪%
হিন্দী ভাষা
  
৪.৭%
নেপালী ভাষা
  
৩.৪%
কুৰুষ ভাষা
  
১.৫%
ৰাভা ভাষা
  
১.১%
অন্যান্য
  
২.৫%


তথ্য উৎস

Tags:

অসমৰ স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদসমূহৰ তালিকাইউপিপিএলকোকৰাঝাৰপ্ৰমোদ বড়োবড়োলেণ্ডবড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য

🔥 Trending searches on Wiki অসমীয়া:

বিজ্ঞানবৰষুণমৌৰ্য সাম্ৰাজ্যসোণঅসম সাহিত্য সভাৱিকিপিডিয়াগগনাইমেইলইংৰাজী ভাষামাটিৰ হিচাপনগাঁও জিলাব্যাকৰণনতুন দিল্লীভাৰতৰ জাতীয় পতাকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫এ পি জে আব্দুল কালামআউনীআটী সত্ৰবৰপেটাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিশকুন্তলা (চলচ্চিত্ৰ)লোকসভাৰ অধ্যক্ষলাচিত বৰফুকনশ্ৰী সূৰ্য পাহাৰপুৰাণৰঘুনাথ চৌধাৰীগৱেষণাগঙ্গা নদীকলাগোলকীকৰণবৰপেটা জিলাবেদান্তম'হৰ শিঙৰ পেঁপানাৰীপাচন তন্ত্ৰসনজীদা খাতুনস্বামী বিবেকানন্দজয়মতী কুঁৱৰীফকৰা যোজনানাৰী সবলীকৰণনতুন শৰাইঘাট দলংভূপেন্দ্ৰ সংগীতপ্ৰাকৃতিক পৰিৱেশলীলা গগৈবিজয় (অভিনেতা)দুৰ্গাবৰ কায়স্থবগীবিল দলংব্ৰজাৱলী ভাষাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাহাজোঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা২৯ মাৰ্চপঞ্জাৱ নেচনেল বেংকআহোম ৰাজ্যপানীভিয়েটনামবিহুৰ খাদ্যপিয়লি ফুকনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহঅসমৰ জনগোষ্ঠীশোভা ব্ৰহ্মভৰবেগভাৰতৰ উচ্চতম ন্যায়ালয়বিবাহআনন্দৰাম ঢেকিয়াল ফুকনঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাভ্ৰাম্যমাণ থিয়েটাৰচিৰাং জিলাফুটবলধেমাজি জিলাগণৰাজ্য দিৱস (ভাৰত)ইউক্লিডচিলাৰায়অগ্নিগড়তাপগতি বিজ্ঞানবিহু যোজনা আৰু বিহু নামউষ্ণতামে ডাম মে ফি🡆 More