বঙালী ভাষা: প্ৰাচ্য ভাৰতীয়-আৰ্য ভাষা

বঙালী, বঙলা বা বাংলা হৈছে দক্ষিণ এছিয়াৰ পূৰ্বপ্ৰান্তৰ এটা ইন্দো-আৰ্য ভাষা। সংস্কৃত, পালি আৰু প্ৰাকৃত ভাষাৰ মাজেৰে বঙালী ভাষাৰ উদ্ভৱ হৈছে। প্ৰায় ৩০ কোটি মানুহৰ ভাষা বঙালী মাতৃভাষাৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা। বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত বঙ্গ বা বাংলা নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। বঙালী বাংলাদেশৰ প্ৰধান ভাষা আৰু একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা। ভাৰতবৰ্ষত বঙালী দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা। বঙালী হৈছে ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকাৰ চৰকাৰী ভাষা আৰু বংগোপসাগৰত অৱস্থিত আন্দামান দ্বীপপুঞ্জৰ প্ৰধান কথিত ভাষা। মধ্য প্ৰাচ্য, আমেৰিকা আৰু ইউৰোপতো যথেষ্ট সংখ্যক বঙালী ভাষী অভিবাসী আছে। বাংলাদেশৰ জাতীয় সংগীত আৰু ভাৰতৰ জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় স্তোত্ৰ বাংলা ভাষাত লিখা হৈছে।

বঙালী
বাংলা
বঙালী ভাষা: ইতিহাস, ভৌগোলিক বিস্তাৰ, চৰকাৰী মৰ্য্যদা
বঙালী–অসমীয়া লিপিত লিখিত বাংলা ভাষা শব্দ
থলুৱা অঞ্চল বাংলাদেশ, ভাৰত
অঞ্চল দক্ষিণ এছিয়াৰ পূৰ্বাঞ্চল
স্থানীয় ভাষিক
আনুমানিক ৩০ কোটি
ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয়
লিখন প্ৰণালী বঙালী–অসমীয়া লিপি (বঙালী বৰ্ণমালা)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
বাংলাদেশ, ভাৰত (ভাৰতীয় ৰাজ্য পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসম ৰাজ্যৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা)
নিয়মাধীন হয়
বাংলা একাডেমী (বাংলাদেশ)
পশ্চিমবংগ বাংলা আকাদেমি (পশ্চিমবঙ্গ)
ভাষা সংকেত
ISO 639-1 bn
ISO 639-2 ben
ISO 639-3 ben
বঙালী ভাষা: ইতিহাস, ভৌগোলিক বিস্তাৰ, চৰকাৰী মৰ্য্যদা
মাতৃভাষা হিচাপে বঙালী ভাষাৰ ভৌগোলিক বিস্তাৰ

ইতিহাস

খ্ৰীষ্টীয় প্ৰথম সহশ্ৰাব্দৰ শেষৰ ফালে অহা মধ্য ভাৰতীয় আৰ্যভাষাসমূহৰ বিভিন্ন অপভ্ৰংশৰ পৰা আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ ঘটে, সেইবোৰৰ মাজত বঙালী ভাষাটোৱো এটা। কোনো কোনো ভাষাবিদে তাৰো অনেক আগেয়ে, অৰ্থাত ৫০০ খ্ৰীষ্টাব্দৰ ফালে, বঙালী ভাষাৰ জন্ম হৈছিল বুলি মত পোষণ কৰে। বঙালী ভাষাৰ ইতিহাসক সাধাৰণতে তিনি ভাগত বিভক্ত কৰা হয়:

  1. প্ৰাচীন বঙালী (৯০০/১০০০ খ্ৰীষ্টাব্দ – ১৪০০ খ্ৰীষ্টাব্দ) — লিখিত নিদৰ্শনৰ মাজত আছে চৰ্যাপদ, ভক্তিমূলক গান; আমি, তুমি, ইত্যাদি সৰ্বনামৰ আবিৰ্ভাৱ; ক্ৰিয়াবিভক্তি -ইলা, -ইবা, ইত্যাদি। ওড়িয়া ভাষা আৰু অসমীয়া ভাষাত এই পৰব বঙালীৰ পৰা বেলেগ হৈ পৰে।
  2. মধ্য বঙালী (১৪০০–১৮০০ খ্ৰীষ্টাব্দ ) — এই সময়চোৱা গুৰুত্বপূৰ্ণ লিখিত নিদৰ্শন চণ্ডীদাসৰ শ্ৰীকৃষ্ণকীৰ্তন; শব্দৰ শেষত “অ” ধ্বনিৰ বিলোপ; যৌগিক ক্ৰিয়াৰ প্ৰচলন; ফাৰ্ছী ভাষাৰ প্ৰভাৱ। কোনো কোনো ভাষাবিদে এই যুগক আদি আৰু অন্ত এই দুই ভাগত ভাগ কৰে।
  3. আধুনিক বঙালী (১৮০০ খ্ৰীষ্টাব্দৰ পৰা) — ক্ৰিয়া আৰু সৰ্বনামৰ সংক্ষেপন (যেনে তাহাৰতাৰ; কৰিয়াছিলকৰেছিল)।

বঙালী ভাষা ঐতিহাসিক ভাৱে পালিৰ লগত বেছি সম্পৰ্কিত হ’লেও মধ্য বঙালীৰ (চৈতন্য যুগেত) আৰু বঙালী সাহিত্যৰ আধুনিক নৱজাগৰণৰ সময়ত বঙালীৰ ওপৰত সংস্কৃত ভাষাৰ প্ৰভাৱ বৃদ্ধি পায়। দক্ষিণ এছিয়াৰ আধুনিক ইন্দো-ইউৰোপীয় ভাষাসমূহৰ মাজত বঙালী আৰু মাৰাঠিৰ শব্দবোৰৰ মাজত বহুটো সংস্কৃত শব্দ আছে; আন দিশে হিন্দী আৰু অন্যান্য ভাষাবোৰ আৰবী আৰু ফাৰ্ছী ভাষাৰ দ্বাৰা প্ৰভাবিত হৈছে।

বঙালী ভাষা: ইতিহাস, ভৌগোলিক বিস্তাৰ, চৰকাৰী মৰ্য্যদা 
বঙালী ভাষা ৰক্ষাৰ বাবে আন্দোলনকাৰীসকলৰ স্মৰণত নিৰ্মিত ঢাকা-ৰ শ্বহীদ মিনাৰ

১৮শ শতিকাৰ পূৰ্বে বঙালী ভাষাৰ ব্যাকৰণ ৰচনাৰ ক্ষেত্ৰত কোনোও উদ্যোগ লোৱা নাছিল। পৰ্তুগিজ মিশ্যনেৰী পাদ্ৰী মানোএল দা আছসুম্পসাঁউ Vocabolario em idioma Bengalla, e Portuguez dividido em duas partes নামত বঙালী ভাষাৰ প্ৰথম অভিধান আৰু ব্যাকৰণ ৰচনা কৰে; ১৭৩৪ ৰ পৰা ১৭৪২ চন পৰ্যন্ত ভাওয়ালত কৰ্মৰত অৱস্থাত তেও এইখন লিখিছিল। ন্যাথানিয়েল ব্ৰাচি হালহেড নামৰ এজন ইংৰাজ প্ৰাচ্যবিদে বঙালীৰ এখন আধুনিক ব্যাকৰণ লিখে, (A Grammar of the Bengal Language (১৭৭৮)) যিখন ছপাখানাৰ হৰফ (type) ব্যৱহাৰ কৰি প্ৰকাশিত সৰ্বপ্ৰথম বঙালী গ্ৰন্থ। বঙালীসকলৰ মাজত ৰাজা ৰামমোহন ৰায় আছিল প্ৰথম ব্যাকৰণ ৰচয়িতা; তেখেতৰ গ্ৰন্থখনৰ নাম "Grammar of the Bengali Language" (১৮৩২)। ১৯৫১–৫২ চনত পূৰ্ব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) সংঘটিত "ভাষা আন্দোলনৰ" ভিত্তি আছিল বঙালী ভাষা। পূৰ্ব পাকিস্তানৰ সংখ্যাগৰিষ্ঠ মানুহ বঙালীভাষী হোৱা সত্ত্বেও একমাত্ৰ উৰ্দু ভাষাকেই সাংবিধানিক ভাৱে ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ প্ৰতিবাদতেই ভাষা আন্দোলনৰ আৰম্ভণি হৈছিল।

ভৌগোলিক বিস্তাৰ

বঙালী দক্ষিণ এছিয়াৰ পূৰ্বভাগৰ বঙ্গ বা বাংলা নামৰ অঞ্চলৰ লোকসকলৰ মাতৃভাষা। এই অঞ্চলটি বৰ্তমান ভাৰতীয় ৰাজ্য পশ্চিমবঙ্গ আৰু স্বাধীন ৰাষ্ট্ৰ বাংলাদেশৰ সমন্বয়ত গঠিত। বাংলাদেশৰ প্ৰায় ৯৮% মানুহৰেই মাতৃভাষা বঙালী। ইয়াৰ বাহিৰেও মধ্যপ্ৰাচ্য, মালয়েছিয়া আৰু প্ৰাশ্চাত্যত উল্লেখযোগ্য সংখ্যক বঙালীভাষী লোক বসবাস কৰে।

চৰকাৰী মৰ্য্যদা

বঙালী দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ বাংলাদেশৰ একমাত্ৰ স্বীকৃত ৰাষ্ট্ৰভাষা। ইয়াৰ বাহিৰেও ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত ২৩টা চৰকাৰী ভাষাৰ মাজতো বঙালী অন্যতম। ভাৰতৰ পশ্চিমবংগ আৰু ত্ৰিপুৰা ৰাজ্যৰ চৰকাৰী ভাষা হ'ল বঙালী লগতে অসম ৰাজ্যৰ বৰাক উপত্যকাৰ তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত স্বীকৃত চৰকাৰী ভাষা হ'ল বঙালী। ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অন্যতম স্বীকৃত ভাষা হৈছে বঙালী ভাষা।

বঙালী ইউনিক’ড

বঙালী ইউনিক’ড U+0980’ৰ পৰা U+09FF পৰ্যন্ত আছে।

বঙালী[1][2]
অসমীয়া-বঙালী লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+098x
U+099x
U+09Ax
U+09Bx ি
U+09Cx
U+09Dx
U+09Ex
U+09Fx
বি. দ্ৰ.
    ১.^ ইউনিক'ড সংস্কৰণ ১৩.০ অনুসৰি
    ২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

তথ্য সংগ্ৰহ

গ্ৰন্থ সংগ্ৰহ

Tags:

বঙালী ভাষা ইতিহাসবঙালী ভাষা ভৌগোলিক বিস্তাৰবঙালী ভাষা চৰকাৰী মৰ্য্যদাবঙালী ভাষা বঙালী ইউনিক’ডবঙালী ভাষা তথ্য সংগ্ৰহবঙালী ভাষা গ্ৰন্থ সংগ্ৰহবঙালী ভাষাঅসমপশ্চিমবংগবন্দে মাতৰম্‌বাংলাদেশবৰাক উপত্যকাভাষাভাৰত-আৰ্য ভাষা পৰিয়ালভাৰতবৰ্ষভাৰতৰ জাতীয় সংগীতসংস্কৃত

🔥 Trending searches on Wiki অসমীয়া:

ৰেখামানৱ শৰীৰঅসমীয়া লিপিৰ বুৰঞ্জীজীৱনৰ বাটতগোৱালপাৰা জিলাভূমি প্ৰদূষণকাৰ্বি জনগোষ্ঠীবিষুৱ ৰেখাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসাম্যবাদী সমাজজোনবিল মেলাসদৌ অসম ছাত্ৰ সন্থালক্ষ্মীধৰ শৰ্মাসম্ৰাট অশোকপ্ৰাকৃতিক দুৰ্যোগসাধুকথাপ্ৰদূষণকলচৰ্যাপদঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰঅনিৰুদ্ধদেৱঅণুবীক্ষণ যন্ত্ৰজয়মতী কুঁৱৰীমণিকৰ্ণেশ্বৰ দেৱালয়অসমৰ সমস্যাপ্লেটোউগ্ৰতাৰা দেৱালয়আলি আঃয়ে লৃগাংঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহবহনক্ষম উন্নয়নৰ লক্ষ্যঅন্তৰীপ (উপন্যাস)গৌতম বুদ্ধকীৰ্তন ঘোষা সংকলনকাৰ্বি আংলং জিলামনোবিজ্ঞাননীলমণি ফুকন (জ্যেষ্ঠ)ভটিমাভাইৰাছহিন্দী ভাষাসুশোভন সোনু ৰায়জন গণ মনপিম্পৰা গুচোৱাভাৰতৰ উপৰাষ্ট্ৰপতিপতঞ্জলিৰ যোগসূত্ৰমোহনদাস কৰমচান্দ গান্ধীতেজবাণিজ্যআফগানিস্তানঅসমৰ মহকুমাসমূহৰ তালিকাকুলিঅসমৰ চাহ জনগোষ্ঠীচুটিগল্পহৰপ্পাইংৰাজী ভাষাশিক্ষাসতী সাধনীসংক্ৰমণঘৰ শালিকাৰাষ্ট্ৰসংঘঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিনীলকণ্ঠী ব্ৰজদীৰ্ঘেশ্বৰী দেৱালয়সঁফুৰা (শিশু আলোচনী)মৃত্যুপাঁচালীকবিতাতগৰঅসমৰ বাঁহ-বেতৰ শিল্পকালিদাস🡆 More