ভাৰত-আৰ্য ভাষা পৰিয়াল

ভাৰত-আৰ্য বা ভাৰতীয় ভাষাসমূহ হৈছে ভাৰতীয় উপমহাদেশৰ মুখ্য ভাষা। ভাষাকেইটাই ভাৰত-ইৰানীয় ভাষাসমূহৰ এডাল ডাল অন্তৰ্ভুক্ত কৰে, যোনটো নিজেই ভাৰত-ইউৰোপীয় ভাষাপৰিয়াল ৰ এডাল ডাল। ভাৰত-আৰ্য কওঁতা সকল মুঠ ভাৰত-ইউৰোপীয় কওঁতাৰ এভাগ আৰু আধা (৩ বিলিয়নৰ প্ৰায় ১.৫)। ভাষাসমূহ দক্ষিণ এছিয়াত প্ৰধানকৈ প্ৰচলিত হোৱাৰ বাহিৰেও ইউৰোপ আৰু মধ্যপ্ৰাচ্যতো কোৱা হয়। আটাইতকৈ বেছি ভাষী থকা ভাষাসমূহ হৈছে: হিন্দুস্তানী (হিন্দী-উৰ্দু, প্ৰায় ৩২৯ নিযুত), বঙালী (প্ৰায় ২৪২ নিযুত), পঞ্জাবী (প্ৰায় ১০০ নিযুত) আৰু বাকী ভাষাসমূহৰ ২০০৫ৰ হিচাপ অনুসৰি প্ৰায় ৯০০ নিযুত কওঁতা আছে।

ভাৰত-আৰ্য
ভাৰতীয়
ভৌগোলিক
বিস্তৃতি:
দক্ষিণ এছিয়া (আৰু ইউৰোপ তথা মধ্যপ্ৰাচ্যৰ কিছু এলেকা। )
ভাষাৰ শ্ৰেণীবিভাজন: ভাৰত-ইউৰোপীয়
  • ভাৰত-ইৰানীয়
    • ভাৰত-আৰ্য
প্ৰাক্‌-ভাষা: আদি-ভাৰত-আৰ্য
উপশ্ৰেণীসমূহ:
দাৰ্দীয়
উত্তৰ এলেকা
উত্তৰপশ্চিম এলেকা
পশ্চিম এলেকা
কেন্দ্ৰীয় এলেকা
পূৰ্বীয় এলেকা
দক্ষিণীয়া এলেকা
ISO 639-5: inc
ভাৰত-আৰ্য ভাষা পৰিয়াল
১৯৭৮ চনৰ মানচিত্ৰখনত প্ৰধান ভাৰত-ইৰানীয় ভাষাসমূহৰ ভৌগোলিক অৱস্থান দেখুওৱা হৈছে। (উৰ্দু ভাষা হিন্দী ভাষাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ৰোমানী ভাষা, দোমাৰী ভাষা আৰু ল’মাভ্ৰেন ভাষাৰ অৱস্থান মানচিত্ৰখনৰ বাহিৰত। ) বিন্দুযুক্ত/ৰেখাযুক্ত এলেকাসমূহে বহুভাষিকতা দেখাইছে।
  কেন্দ্ৰীয়
  দাৰ্দীয়
  পূৰ্বীয়
  উত্তৰ
  উত্তৰপশ্চিমীয়া
  দক্ষিণীয়া
  পশ্চিম

ইতিহাস

আদি-ভাৰত-আৰ্য

আদি-ভাৰত-আৰ্য (বা আদি-ভাৰতীয়) হৈছে ভাৰত-আৰ্য ভাষাসমূহৰ পুনৰ্গঠন কৰা আদি-ভাষা। এই কাম আদি-ভাৰত-আৰ্যসকলৰ ভাষাৰ পুনৰ্গঠনৰ উদ্দেশ্যে কৰা হৈছে। আদি-ভাৰত-আৰ্য হৈছে পুৰণি ভাৰত-আৰ্যৰ (১৫০০-৩০০ খ্ৰীষ্টপূৰ্ব) পূৰ্বপুৰুষ, যোনটো বেদীয় সংস্কৃত আৰু মিতান্নী-আৰ্য হিচাপে প্ৰত্যক্ষভাবে প্ৰত্যায়তি। বেদীয় অতি প্ৰাচীন তথাপিও আন ভাৰত-আৰ্য ভাষাসমূহে প্ৰাচীন লক্ষণসমূহৰ এটা সৰু অংশ সংৰক্ষিত কৰি ৰাখিছে, যোনখিনি বেদীয়ত হেৰাইছে।

ভাৰতীয় উপমহাদেশ

  • আদি-ভাৰত আৰ্য (পুনৰ্গঠন কৰা)
  • পুৰণি ভাৰত-আৰ্য (কা. ১৫০০–৩০০ খ্ৰীষ্টপূৰ্ব)
    • প্ৰাথমিক পুৰণি ভাৰত-আৰ্য: বেদীয় সংস্কৃত (১৫০০ৰ পৰা ৫০০ খ্ৰীষ্টপূৰ্ব)
    • পিছৰ পুৰণি ভাৰত-আৰ্য: এপিক সংস্কৃত, ক্লাছিকেল সংস্কৃত (৫০০-৩০০ খ্ৰীষ্টপূৰ্ব)
  • মধ্য ভাৰত-আৰ্য বা প্ৰকৃতসমূহ, পুৰণি উৰিয়া (কা. ৩০০ খ্ৰীষ্টপূৰ্বৰ পৰা ১৫০০ CE) [চাওক]
  • প্ৰাথমিক আধুনিক ভাৰত-আৰ্য (পিছৰ মধ্যযুগীয় ভাৰত)
    • প্ৰাথমিক দক্ষিণী আৰু খড়ী বোলীৰ উদ্ভৱ

পুৰণি ভাৰত-আৰ্য

এই গোটটোৰ সৰ্বপ্ৰথম প্ৰমাণ বেদীয় আৰু মিতান্নী-আৰ্যৰ পৰা আহিছে। বেদীয় ব্যৱহাৰ হৈছিল প্ৰাচীন সংৰক্ষিত ধাৰ্মিক স্তুতিত, যি হৈছে হিন্দু ধৰ্মৰ মূল ধৰ্মশাস্ত্ৰ যাক বেদ হিচাপে জনা যায়। মিতান্নী-আৰ্যৰ বয়স ঋগবেদৰ ভাষাৰ বয়সৰ অনুৰূপ, কিন্তু ইয়াৰ একমাত্ৰ প্ৰমাণ হৈছে কেইটামান নাম আৰু ঋণশব্দ। বেদৰ ভাষা – যাক আধুনিক পণ্ডিতসকলে "বেদীয় সংস্কৃত" বুলি কয় – হৈছে কেৱল সীমিতভাৱে আদি-ভাৰত আৰ্য (ভাৰত আৰ্য ভাষাসমূহৰ আদি ভাষা)ৰ পৰা বেলেগ।

বেদীয়ৰ পৰা, "সংস্কৃত" (অৰ্থ হৈছে "একেলগে থোৱা") সংস্কৃতি, বিজ্ঞান আৰু ধৰ্ম, তদুপৰি আদালত, থিয়েটাৰ আদিৰ এটি আদৰণীয় ভাষা হিচাপে উন্নীত হৈছিল।

Tags:

ভাৰত-আৰ্য ভাষা পৰিয়াল ইতিহাসভাৰত-আৰ্য ভাষা পৰিয়ালপঞ্জাবী ভাষাবঙালী ভাষাভাৰত-ইউৰোপীয় ভাষাপৰিয়ালভাৰতীয় উপমহাদেশ

🔥 Trending searches on Wiki অসমীয়া:

বিশ্বকোষগোলাঘাটঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদআৰ্যভট্টনাৰীবাদমেখেলা চাদৰবাঁহআইদেউ সন্দিকৈশোণিত কুঁৱৰীঅন্নপ্ৰাশনবৌদ্ধ ধৰ্মবাঁহী (আলোচনী)বুৰঞ্জীবিহুৰ সাজ-পোচাক আৰু অলংকাৰসত্যাগ্ৰহভৃগু কুমাৰ ফুকনলভিতাৰঙিয়াবেলিমাৰ (নাটক)গোলকীকৰণভাৰতীয় জনতা পাৰ্টিগৱেষণাঅসমৰ চিত্ৰকলাৰ ইতিহাসঅসমীয়া জাতিচীনঅসমৰ জনগোষ্ঠীতাজমহললোকবিশ্বাসঅপভ্ৰংশঅম্বুবাচীভাৰতত মহিলা শিক্ষাযতীন্দ্ৰ নাথ দুৱৰাক্ৰা দাদি জিলামূৰাৰা, ৰঙিয়াহিউৱেন-চাংভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাসাত বিহুমুগা (ৰেচম)ভাৰত ৰত্নপাৰিজাত হৰণ নাট২৫ এপ্ৰিলতেজভাৰত ত্যাগ আন্দোলনঅসমৰ কাঁহ শিল্পআহোম ৰাজবংশঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅশোকৰ অনুশাসনভাৰতৰ সংবিধানযোগ দৰ্শনমৰিগাঁও জিলামিৰি জীয়ৰীঅনুৰাধা শৰ্মা পূজাৰীবৰ্মণ ৰাজবংশভট্টদেৱশালস্তম্ভ ৰাজবংশবকুল ফুলৰ দৰে (গ্ৰন্থ)বিপন্ন প্ৰজাতিআকবৰনামচিংপ্ৰাচীন গ্ৰীচঅসমীয়া ভাষা উন্নতি সাধিনী সভামোহনদাস কৰমচান্দ গান্ধীঅসমীয়া প্ৰতিদিনচকৰি ফেঁটী বুৰঞ্জীচ্যু-কা-ফাঅসমৰ ধান খেতিৰ সঁজুলিসমূহকলাঅসমীয়া উপন্যাসঅভিযাত্ৰীঋতুকুলধৰ শইকীয়াইলিয়াডঅসম চুক্তিবিৰিঞ্চি কুমাৰ বৰুৱা🡆 More