দৰং জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

দৰং জিলা: (ইংৰাজী: Darrang District) হৈছে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ৩১খন জিলাৰ ভিতৰত এখন জিলা। প্ৰশাসনিক জিলাখনৰ সদৰ স্থান আৰু একমাত্ৰ মহকুমাৰ হৈছে মঙ্গলদৈ। দৰং জিলাৰ দুখন পৌৰ নগৰ হৈছে মংগলদৈ আৰু ছিপাঝাৰ। ১৯৮৩ চনত অবিভক্ত দৰং জিলাৰ বিভাজন হয় আৰু তেজপুৰ মহকুমাক লৈ শোণিতপুৰ জিলা গঠন হয়। পূৰ্বৰ মঙ্গলদৈ মহকুমাক দৰং জিলা নাম দিয়া হয়। ২০০৪ চনত পুনৰ দৰং জিলাৰ এটা অংশৰ পৰা ওদালগুৰি জিলা গঠন কৰা হয়। দৰং জিলাই বৰ্তমান ৩৪৮১ বৰ্গ কিলোমিটাৰ ঠাই অধিকাৰ কৰি আছে।

দৰং জিলা
দৰং
—  জিলা  —
Patharughat.JPGপথৰুঘাটৰ শ্বহীদ স্তমভ
দৰং জিলা: নামৰ ইতিবৃত্ত, ইতিহাস, ভৌগোলিক তথ্য
দৰং জিলা
দৰং জিলা
ৰাজ্য অসম
দেশ ভাৰত
সদৰ মঙ্গলদৈ
আসন মঙ্গলদৈ
জনসংখ্যা (২০১১)
 - মুঠ ৯,০৮,০৯০ জন
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-AS-DA
ৱেবছাইট http://darrang.gov.in/

নামৰ ইতিবৃত্ত

প্ৰাচীনকালত ভাৰতৰ উত্তৰ পূব প্ৰান্তৰ লৌহিত্যৰ উত্তৰ ফালে থকা প্ৰাকৃতিক সীমাৰ ভিতৰৰ ভূ-ভাগক দৌৰঙ্গ বা দ্যোৰঙ্গ বুলিছিল। স্বগীয় দীন কৰুণাময় হৰিপদ দেৱগোস্বামীদেৱে আগবঢ়োৱা ব্যাখ্যা অনুসৰি 'দ্যোৰ' শব্দৰ অৰ্থ দেৱতাৰ আৰু 'ৰঙ্গ'ৰ অৰ্থ আনন্দ বা সুখৰ ঠাই। কালক্ৰমত এই ভূ-খণ্ডই দৰঙ্গ বা দৰং নামেৰে জনাজাত হল। আনহাতে স্বৰ্গীয় দিনেশ্বৰ শৰ্মা ৰ দৰে পণ্ডিত সকলে দৰং শব্দটো সংস্কৃত শব্দ দ্বাৰম অৰ্থাত পদূলি বা দ্বাৰ'ৰ পৰা আহিছিল এনে মত পোষণ কৰে। প্ৰাচীন কালত এই ভূ-খণ্ডৰ উত্তৰ আৰু পশ্চিম দিশত গিৰিপথৰ মাজেৰে গমনা-গমনৰ বাবে ওঁঠৰখন এনে দুৱাৰ আছিল। তাৰ পৰা নেপাল, চীন আদিলৈ যাতায়াত আছিল। ড॰ বাণীকান্ত কাকতিৰ মতে দৰং শব্দতো অষ্ট্ৰিক ভাষাৰ পৰা অহা। আন এজন ভাষাতাত্ত্বিক গ্ৰিয়াৰ্ছন চাহাবে তেওঁৰ গ্ৰন্থ 'ডি লেংগুইষ্টিক চাৰ্ভে অৱ ইণ্ডিয়া'ত দৰং শব্দটো বড়োমূলীয় বুলি মত পোষণ কৰিছে।

আন একাংশৰ মতে প্ৰাচীন কালত দৰঙত বেহা বেপাৰৰ বাবে চীন, নেপাল, ভুটান আদি ঠাইৰ সৈতে সম্পৰ্ক আছিল। সেই বাবে নামটো দ্বাৰ শব্দৰ পৰা অপ্ৰভংশ হোৱা বুলি বহুতে বিশ্বাস কৰে।

ইতিহাস

অবিভক্ত দৰং জিলাৰ পৰা ১৯৮৩ চনত শোণিতপুৰ জিলা আৰু ২০০৪ চনত ওদালগুৰি জিলা পৃথক হয়।

দৰং জিলা এটা ঠেক সমভূমিৰে আগুৰি আছে যি হিমালয় পৰ্বতমালা আৰু অসম ৰাজ্যৰ উত্তৰ পশ্চিম অংশত বৈ থকা ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। দৰং জিলাৰ বৰ্তমানৰ ঠাইখন পুৰণি কামৰূপৰ হিন্দু ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল মহাভাৰতত উৰ্দ্ধিত হিচাপে। ১৬ শতিকাৰ আৰম্ভণিতে যেতিয়া কোঁচ ৰজা নৰনাৰায়ণে এই জিলাখন তেওঁৰ শাসনত সোমাই লয় তেতিয়াৰ পৰাই দৰং জিলাৰ পুৰনি সমল পোৱা যায়। ১৬১৬ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বিশ্ব বংশৰ বলি নাৰায়নক, ধৰ্মনাৰায়ন নাম দি কোচ ৰাজ্য দৰঙ্গৰ ৰজা পাতে। কোচৰজা সকলৰ ৰাজত্ব কালত দৰঙ্গৰ শাসনকেন্দ্ৰ আছিল মনমোহনপূৰ বা হাউলি আছিল। ১৭৯২ চনৰ ছেপ্তেম্বৰ মাহত দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ণ,কেপ্তেইন ৱেলছ আৰু লেফটেনেণ্ট উইলিয়ামছৰ নেতৃত্বত যুদ্ধৰ বাবে অহা এদল ইংৰাজ সৈন্যৰ হাতত পৰাজিত হয় আৰু কোম্পানীৰ ব্যৱসায়িক প্ৰস্তাৱ মানি লবলৈ বাধ্য হয়। কৌশলগতভাৱে ইয়াণ্ডাবু সন্ধিৰ অবৈধ চৰ্ত প্ৰয়োগ কৰি আহোম ৰাজ্য গ্ৰাস কৰাৰ দুবছৰ পাছতে ১৮২২ খ্ৰীঃৰ মাৰ্চ মাহত ইংৰাজে দৰঙ্গ ৰাজ্য নিজৰ অন্তৰ্ভুক্ত কৰে। ১৮৩৫ চনত ইংৰাজসকলে দৰঙ্গৰ প্ৰধান কাৰ্যালয় মঙ্গলদৈত পাতে। ১৮৪৫ চনত দৰং জিলাৰ সদৰ ঠাই মঙ্গলদৈৰ পৰা তেজপুৰলৈ উঠাই আনে আৰু ১৯৮৩ চনলৈ তেজপুৰ খনেই দৰঙ্গৰ সদৰ হৈ থাকে। ১ জুলাই ১৯৮৩ ইং তাৰিখত এতিয়াৰ দৰং জিলা গঠন হৈছিল।

ভৌগোলিক তথ্য

    চাৰিসীমা

দৰং জিলাৰ ভূ অৱয়বৰ পৰা ইয়াক সমভূমি অঞ্চল বুলিব পাৰি। এই জিলাৰ উত্তৰে ওদালগুৰি জিলা আৰু দক্ষিণ সীমাত মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছেl পূবে শোণিতপুৰ জিলা আৰু পশ্চিমে কামৰূপ জিলাl জিলাখনৰ ব্ৰহ্মপুত্ৰৰ মুখ্য উপনৈ সমূহ হ’ল- বৰনদী, নোৱানৈ, কুলশীক নৈ,মঙ্গলদৈ নৈ আৰু ধনশিৰি নৈ।

    জলবায়ু

দৰং জিলাৰ জলবায়ু বেছ আনন্দদায়ক। শীতকালত জিলাখনৰ উত্তৰ ভাগত অন্য অংশতকৈ বেছি শীতল হয় কিয়নো এই অংশত ওডালগুৰি জিলাৰ হাবি-বননি আৰু পাহাৰ-পৰ্বতে আগুৰা। গড় উষ্ণতা ১০ ৰ পৰা ৩০ ডিগ্ৰী চেণ্টিগ্ৰেড। ২১২০ মিলি হ’ল বাৰ্ষিক বৰষুণৰ পৰিমাণ।

    অৱস্থিতি

দৰং জিলা ২০ ডিগ্ৰী 9 মিনিট উত্তৰৰ পৰা ২৬ ডিগ্ৰী ৯৫ মিনিট উত্তৰ অক্ষাংশলৈ আৰু ৯১ ডিগ্ৰী ৪৫ মিনিট পূৱৰ পৰা ৯২ ডিগ্ৰী ২২ মিনিট পূৱ দ্ৰাঘিমাৰ মাজত অৱস্থিত মধ্য অসমৰ এখন জিলা। জিলা সদৰ মঙ্গলদৈ। ৬টা ৰাজহ চক্ৰত খণ্ডিত জিলাখনৰ মাটিকালি ১৪২০.৫১ বৰ্গ কি.মি.। ২০০১ চনৰ পৰিসংখ্যা মতে জিলাখনৰ মুঠ জনসংখ্যা ৭,৫৯,৭১২জন আৰু শিক্ষিতৰ হাৰ ৫৫ শতাংশ।

    ভূ-অবয়ৱ

জিলাখন সমভূমি আৰু ওখ চাপৰ মাটিভাগেৰে আগুৰা। দক্ষিণ দিশত হাবি বননিৰে বেষ্টিত। ভূ ভাগ ক্ৰমে উত্তৰৰ পৰা দক্ষিণলৈ হেলনীয়া। সমুদ্ৰ পৃষ্টৰ পৰা ৫০ মিটাৰৰ - ২৫০মিটাৰলৈ ঠাই ভেদে উন্নতি আছে।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ দৰং জিলাত অৱস্থিত।

জনগাঁথনি

২০১১ চনৰ লোক পিয়ল তথ্য মতে প্ৰকৃত জনসংখ্যা ৯০৮,০৯০ জনৰ বিপৰীতে ২০০১ চনৰ লোক পিয়ল মতে ৭৫৯৮৫৮ জন। ইয়াৰে পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৪৭২১৩৮ আৰু ৪৩৫৯৫৬ যদিও ২০০১ চনৰ পিয়ল মতে ৩৯২৩৬২ আৰু ৩৬৭৪৯৬ গৰাকী জনা যায়। জনসংখ্যা বৃদ্ধিৰ হাৰ ২০১১ চনত ১৯.৫১ % বিপৰীতে ২০০১ চনত ২২.১৮ % হৈছিল। ঘনত্ব প্ৰতি বৰ্গ কি.মি ৪৯১ জনৰ এতিয়াৰ সলনি ২০০১ চনৰ লোক পিয়ল মতে ৪১১জন আছিল। অসম ৰাজ্যৰ মুঠ জনসংখ্যাৰ দৰং জিলাৰ অংশ ২০১১ চনৰ পিয়লত ২.৯১ শতাংশ যি ২০০১ চনত ২.৮৫ শতাংশ আছিল। লিংগ অনুপাত (প্ৰতি ১০০০ জন) ২০১১ চনত ৯২৩জন আৰু ২০০১ চনত ৯৩৭জন পিয়ল মতে জনা যায়। ০-৬ বছৰৰ শিশুৰ লিংগ অনুপাত ২০১১ চনত ৯৪১ জন, সেই সংখ্যা ২০০১ চনত ৯৭৭জন আছিল। ২০১১ চনত গড় শিক্ষিতৰ হাৰ ৬৪.৫৫ % আৰু ইয়াৰে পুৰুষ আৰু মহিলাৰ হাৰ ক্ৰমে ৬৮.৩৬ আৰু ৬০.৪০ যি আগৰ দহকত গড় শিক্ষিতৰ হাৰ ৫৪.৩১, পুৰুষ আৰু মহিলাৰ হাৰ যথাক্ৰমে ৬১.৭০ আৰু ৪৬.৩৪ আছিল। মুঠ শিশু জনসংখ্যা(০-৬ বছৰ) ২০১১ চনৰ লোক পিয়ল মতে ১৪৯৬২৬জন যি ২০০১ চনৰ মতে ১৪৬৮১৮জন আছিল। লৰা- ছোৱালীৰ (০-৬ বছৰ ) পৰিসংখ্যা ক্ৰমে ৭৭০৯৬, ৭২৫৩০ যিতো সংখ্যা ৭৪২৭৪, ৭২৫৪৪জন পূৰ্বৰ দহকত (২০০১ লোক পিয়লত) আছিল। ২০১১ চনৰ লোক পিয়লত পুৰুষ আৰু মহিলা শিক্ষিত ক্ৰমে ২৭০০৩৬জন আৰু ২১৯৫২৩ জনী, (২৬৩৭৪৪ জন, ২০৬৫২১জনী ২০০১ চন মতে)। মুঠ শিক্ষিতৰ পৰিসংখ্যা ক্ৰমে ২০১১/২০০১ চন মতে ৪৮৯৫৫৯ আৰু ৪৭০২৬৬।

ভাষা

দৰং জিলাত সাধাৰণতে অসমীয়া, বাংলা, বড়ো, নেপালী, হিন্দী, ইংৰাজী আদি ভাষা প্ৰচলিত। ইয়াৰ উপৰি দৰং জিলাত দৰঙীয়া ভাষা নামেৰে স্থায়ী ভাষাৰ যথেষ্ট প্ৰচলন আছে। দৰং জিলাৰ স্থায়ী বাসিন্দাসকলে এই ভাষাতে অধিক কথা বতৰা পাতে। এই ভাষাৰ শব্দ হৈছে - ঝিয়া-লিকিৰা (ল'ৰা-ছোৱালী)। লগতে ঠাই লৈ যেনে - দেওমৰনৈ, দুনী,ঠেকেৰাবাৰী, মহলীয়াপাৰা, গড়গড়ী, বৈৰাগী পাৰা, ব্যাসপাৰা আদি অঞ্চলৰ লৰাসমূহৰ মাজত ঠাৰভাষা নামে একপ্ৰকাৰৰ ভাষা প্ৰচলিত আছে। ইয়াৰ বিভিন্ন অঞ্চল সমূহৰ ভাষা শৈলীৰ প্ৰতি দৃষ্টি প্ৰদান কৰিলে এই কথা ধৰা পৰে।

সংস্কৃতি

অতীজৰে পৰা পৰম্পৰাগত ভাবে দৰং জিলা বিশেষকৈ মঙ্গলদৈ অঞ্চলৰ জনসাধাৰণৰ মাজত প্ৰৱৰ্তন হৈ অহা গীত আৰু কথাৰ ৰূপত মানুহৰ মুখে মুখে বাগৰি প্ৰকাশ লাভ কৰা ব্যাসৰ ওজাপালি, সুকন্নানী ওজাপালি, দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া, খুলীয়া ভাউৰীয়া, বিয়া গীত, নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম,থিয়ানাম, আৰু চেৰাঢেক আদিয়ে হ’ল দৰঙী কলা-কৃষ্টি ৰুপে খ্যাত। দৰঙী কলা-কৃষ্টিত সাধাৰণতে ব্যক্তি মনৰ ভাব চিন্তা আৰু অনুভূতি আদি প্ৰকাশিত হোৱাৰ পৰিৱৰ্তে লোক জীৱনৰ আশা নিৰাশা, হৰ্ষ বিষাদ, ভয় ভক্তি, প্ৰেম প্ৰণয় আনন্দ উৎসৱ, লোক বিশ্বাস, চিন্তাধাৰা আৰু সহজ সৰল জীৱন পদ্ধতি আদি লোক জীৱনৰ সমগ্ৰতা প্ৰকাশ হৈ আছে।

বিধানসভা আৰু লোকসভা সমষ্টি

দৰং জিলাত মুঠ চাৰিটা বিধানসভা সমষ্টি আৰু এটা লোকসভা সমষ্টি আছে। সেইসমূহ হৈছে -

১) ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টি।

২) ৬৬ নং ছিপাঝাৰ বিধানসভা সমষ্টি।

৩) ৬৭ নং মঙ্গলদৈ বিধানসভা সমষ্টি।

৪) ৬৮ নং দলগাঁও বিধানসভা সমষ্টি।

১) মংগলদৈ লোকসভা সমষ্টি

উল্লেখযোগ্য স্থান

দৰং জিলা: নামৰ ইতিবৃত্ত, ইতিহাস, ভৌগোলিক তথ্য 
মঙলদৈ সনাতন ধৰ্ম সভা
  • মঙ্গলদৈ: দৰং জিলাৰ এখন মুখ্য নগৰ। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বনিক চাহাবসকলে এই নগৰখনৰ আৰম্ভণি কৰিছিল। ইংৰাজ সকলে কোঁচ ৰজাৰ পৰা দৰং ৰাজ্য কাঢ়ি লৈ মঙলদৈতে দৰঙৰ শাসন কেন্দ্ৰ স্থাপন কৰে। ১৯৮৩ চনৰ জুলাইত নৱগঠিত দৰং জিলাৰ সদৰ স্থাপন কৰা হয় মঙলদৈ নগৰত। ইয়াৰ আগলৈকে মঙলদৈ আছিল একে নামৰ মহকুমাটোৰ সদৰ ঠাই।
  • মংগলদৈ মহাবিদ্যালয়
  • মংগলদৈ বাণিজ্য মহাবিদ্যালয়
  • ছিপাঝাৰ: দৰং জিলাৰ এখন অন্যতম চহৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী, মুগা আৰু পাটপলু প্ৰতিপালনৰ বাবে বিখ্যাত আছিল।
  • ছিপাঝাৰ মহাবিদ্যালয়: ছিপাঝাৰৰ মাজ মজিয়াতে অৱস্থিত এই মহাবিদ্য়ালয় খনে কলা বিষয়ক শিক্ষা প্ৰদান কৰি 1971 চনৰ পৰাই অঞ্চলটিক শিক্ষাৰ ক্ষেত্ৰত গতিশীলতা প্ৰদান কৰি আহিছে। মঙ্গলদৈ, কলাইগাও, ডুমুনিচকী, কুৰুৱা, সোণাপুৰ আৰু টংলা আদি দূৰ দূৰণিৰ পৰা শিক্ষাৰ্থী আহি ইয়াত শিক্ষা গ্ৰহণ কৰি আছে।
  • নাৰিকলি মন্দিৰ
  • পথৰুঘাট: ইংৰাজ শাসন কালত হোৱা কৃষক বিদ্ৰোহৰ সমূহৰ অন্যতম আৰু ঐতিহাসিক বিদ্ৰোহ হৈছে - পথৰুঘাটৰ কৃষক বিদ্ৰোহ। দৰং জিলাত ইংৰাজৰ অত্যধিক কৰ আৰু খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰি উক্ত স্থানত ইংৰাজ চিপাহীৰে সংঘাতত লিপ্ত হৈ বহু কৃষকে (প্ৰায় ১৪০জন) প্ৰাণ আহুতি দিলে। এই ঠাইখিনি বৰ্তমান পাথৰিঘাট নামেৰে জনাজাত। দৰং জিলাৰ ই এক গুৰুত্বপূৰ্ণ স্থান - ইয়াত কৃষক শ্বহীদ স্মৃতি ক্ষেত্ৰ আছে।
  • দেওমৰনৈ: দৰং জিলাৰ এক অন্যতম ইতিহাস প্ৰসিদ্ধ ঠাই তথা মংগলদৈ,ছিপাঝাৰ আৰু কলাইগাঁও বিধান সভা সমষ্টিৰ সংযোগ স্থলী। পূৰ্বতে দ্বিগ্বাসা নদীৰ পাৰত এই স্থান অৱস্থিত আছিল আৰু এই স্থানৰ সমীপতে ঐতিহাসিক শিয়ালা বৈষ্ণৱ সত্ৰ অৱস্থিত। সত্ৰৰ মূল ব্যক্তি তথা ঈশ্বৰিক পুৰুষ শিয়ালা গোহাঁইৰ অভিশাপত দ্বিগ্বাসা নদী মৰানৈ লৈ ৰূপান্তৰ হয় আৰু ঠাইখন ক্ৰমে দেৱে মৰা নৈ-দেৱমৰনৈ আৰু শেষত দেওমৰনৈ হয়‌। দেওমৰনৈ দৰং জিলাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কিয়নো ইয়াত আছে - বহু কেইখন প্ৰাথমিক বিদ্যালয়,জাতীয় বিদ্যালয়,শংকৰদেৱ শিশু নিকেতন,সাহিত্য সভাৰ বিদ্যালয়,দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়(বিজ্ঞান),স্ত্ৰী শিক্ষাৰ বাবে দেওমৰনৈ ছোৱালী হাইস্কুল,দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ),দেওমৰনৈ স্নাতক মহাবিদ্যালয়, দেওমৰনৈ বি.এড মহাবিদ্যালয়,দেওমৰনৈ সংগীত মহাবিদ্যালয় আদি ইয়াৰ লগতে দেওমৰনৈ চিকিৎসালয়,,পশু চিকিৎসালয়,হস্ততাত শিল্পকেন্দ্ৰ,বেংক ব্যৱস্থা,সাপ্তাহিক বজাৰ,ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ,দুৰ্গা মন্দিৰ,ৰজাদিনীয়া পুখুৰী। দেওমৰনৈ অঞ্চলত আছে স্বাধীনতা আন্দোলনৰ সংগ্ৰামী,অসম আন্দোলনৰ শ্বহীদ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশী,প্ৰধান সম্পাদক যাদৱ শৰ্মা আদি দেওমৰনৈৰ সন্তান।
  • শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰ : শিয়ালা বৈষ্ণৱ চৰিত পুথি আৰু জনশ্ৰুতি অনুসৰি আনুমানিক খ্ৰীষ্টীয় ৯-১০ শতিকাত দৰঙলৈ এগৰাকী বৈষ্ণৱ ব্ৰাহ্মণৰ আগমন ঘটিছিল। তেওঁৰ নাম আছিল ধৰ্মদেৱ বিপ্ৰ ভূঞা। তেওঁ প্ৰথমে বৰাবাৰী অঞ্চলত বাস কৰিছিল। কিন্তু তাত পোৱা অসুবিধাৰ বাবে ধৰ্মদেৱে উত্তৰ দিশত আহি বৰ্তমানৰ দেওমৰনৈ আৰু তেতিয়াৰ দ্বিগ্বাসা নৈৰ পাৰত সত্ৰ পাতি দুগৰাকী পত্নী কুণ্ডতৰা আৰু চান্দতৰা সহিতে ভকত বৈষ্ণৱৰ লগত ধৰ্মদেৱ স্থায়ীকৈ থাকিবলৈ লয়। তেনেদৰে সময় গৈ থাকিল এদিন তেওঁৰ দ্বিতীয়া পত্নী চান্দতৰা সন্তান সম্ভৱা হয় আৰু পত্নীক চোৱা চিতাৰ দায়িত্ব দিয়া হৈছিল ধৰ্মদেৱৰ প্ৰথমা পত্নী কুণ্ডতৰাৰ হাতত। তেওঁ পত্নীক দায়িত্ব দি তীৰ্থ ভ্ৰমণৰ লৈ গুছি যায়। যথা সময়ত চান্দতৰাই এটি পুত্ৰ সন্তান জন্ম দিয়ে যদিও কুণ্ডতৰাই এটি মাংস পিণ্ড প্ৰসৱ হোৱা বুলি কৈ সন্তানটোক এটিত চৰুত ভৰাই কাষৰ হাবিখনত থৈ আহে। তেনে সময়তেই এজনী শিয়ালীয়ে খাদ্যৰ সন্ধানত আহি সন্তানটো দেখি নিজৰ গাতলৈ নি প্ৰতি - পালনৰ কৰিবলৈ লয়। তীৰ্থ ভ্ৰমণৰ পৰা ঘূৰি আহি ধৰ্মদেৱে সমগ্ৰ ঘটনা গম পায় সন্তানটোৰ সন্ধান কৰে আৰু সেইদৰে অৰণ্যত শিয়ালৰ মাজত সন্তান‌টোৱে খেলি থকা দেখা পায় সন্তানটো উদ্ধাৰ কৰিলে। তেওঁ পুত্ৰৰ নাম ৰাখিলে "সম্বৎসৰ ভূঞা" কিন্তু শিয়ালে কিছুদিন পতিপালন কৰাৰ বাবে পিছলৈ তেওঁ "শিয়ালা বৈষ্ণৱ বা শিয়ালা গোসাঁই" নামেৰে জনাজাত হয়। সম্বৎসৰদেৱে "ৰম্ভাৱতী" নামৰ এগৰাকী নাৰীৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু সত্ৰৰ দায়িত্ব গ্ৰহণ কৰে। এদিনাখন ৰম্ভাৱতীয়ে দ্বিগ্বাসা ঘাটলৈ পানী আনিবলৈ গৈছিল কিন্তু নাওঁৰীয়া সকলে ঘাটটোত নাওঁ বান্ধি ঘাটটো বন্ধ কৰি ৰাখে ফলত তেওঁ পানী আনিব নোৱাৰি সত্ৰলৈ উভতি আহে। সমগ্ৰ কথা গম পায় শিয়ালা গোসাইৰ খং উঠে আৰু নৈ ঘাটত গৈ নাঁৱৰীয়াসকলক অভিপাশ দিয়ে। শিয়ালা বৈষ্ণৱ চৰিত পুথিত উল্লেখিত -             " মোৰ ঘাটে নৌকা ৰাখে সিটো বৰ দুষ্টবৰ। নৌকা সমে তল যাউক দুষ্ট সদাগৰ।। ৩৮৩ চিঙ্গোক নদী যাতে নাও আনিতে নাপাৰে। এহি বুলি শাপ দিলা ক্ৰোধে বিপ্ৰবৰে।। যদি শাপ দিলা বিপ্ৰে নাৱ তল গৈলা। নদীয়ো তেখনে জানা মাজতে চিঙ্গিলা।। ৩৮৪ অৰ্থাৎ  "মোৰ ঘাটতত নৌকা ৰখা দুষ্ট। নৌকা সহতি তল যাওঁক দুষ্ট সদাগৰ। নদীটোও চিঙক যাতে নদীৰে নাও আনিব নোৱাৰে। এই বুলি খঙত অভিশাপ দিলে বিপ্ৰদেৱে। বিপ্ৰ‌ই যেতিয়া অভিশাপ দিলে নাওঁ তল গল। নদীয়ো মাজত চিঙি গ'ল।" তাৰ পিছত দ্বিগ্বাসা নদী মৰানৈত পৰিণত হ'ল। বৰ্তমান নদীৰ ভগ্ন অংশক মৰনৈ বোলে। এইদৰে বৈষ্ণৱ বংশৰ কেইবাটাও প্ৰজন্ম‌ই ইয়াত বাস কৰি থাকিল কিন্তু হঠাৎ মহামাৰীৰ প্ৰভাৱত পৰি মানুহৰ মৃত্যু হোৱা পৰিৱেশ সৃষ্টি হোৱাত মানুহবোৰ অন্য ঠাইলৈ গুচি যায় আৰু অঞ্চলটো জনশূন্য হৈ পৰিল। সময়ৰ গতিত উক্ত স্থানে অৰণ্য ৰূপ লয়। বহু বছৰ পিছত সম্ভৱতঃ স্বাধীনতাৰ আগে - পাছে মৰানৈ পাৰৰ ঝাৰণি (মন্নেইঝাৰ বা মন্নেইপাৰ) লৈ লাহে লাহে মানুহ আহি স্থায়ীভাৱে থাকিবলৈ ল'লে। দেৱৰ অভিশাপত নৈ খন মৰি গৈ হ'ল আৰু তাৰ পৰাই কালক্ৰমে উৎপত্তি হ'ল ঠাইখনৰ নাম - 'দেৱে - মৰা - নৈ ' তাৰ পিছত 'দেৱ-মৰনৈ' আৰু বৰ্তমান দেওমৰনৈ। দেশৰ স্বাধীনতাৰ পিছত শিয়ালা বৈষ্ণৱ চৰিত পুথি আৰু জনশ্ৰুতিৰ আধাৰত ৰাইজৰ প্ৰচেষ্টাত জলজলীৰ বৈৰাগী সত্ৰৰ সত্ৰাধিকাৰ নৰেন্দ্ৰ দেৱ গোস্বামীক আমন্ত্ৰণ কৰি আনি গছা স্থাপনৰে পূৰ্বৰ শিয়াল মন্দিৰটোক সত্ৰৰূপে পুনৰ প্ৰতিষ্ঠা কৰা হয়। কিন্তু সত্ৰৰ মাংগলিক কাৰ্য পৰিচালনা কৰিবলৈ ওচৰত বৈষ্ণৱ নথকা হেতুকে কুমাৰপাৰাৰ ভাৰত চন্দ্ৰ কুমাৰক নীতি নিয়ম অনুসৰি দায়িত্ব দিয়া হৈছিল। বৰ্তমান এই দায়িত্ব শশীন্দ্ৰ ভট্টাচাৰ্য্য‌ই পালন কৰি আছে। লোক বিশ্বাস অনুসৰি এই সত্ৰত শৰাই এভাগ আগবঢ়ালে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিব পাৰি , দুখ-কষ্ট নিবাৰণ হয় আৰু মনৰ ইচ্ছা পুৰণ হয়। সত্ৰখনৰ ভৌগোলিক পৰিচয় চকুত লগা- বহুল পৰিসৰৰ সত্ৰখন এক নিৰিবিলি ঠাইত প্ৰতিষ্ঠিত তাৰ চাৰিওফাল প্ৰকৃতিকৰ সেউজীয়া ৰঙেৰে আৱৰা। সত্ৰখনৰ আগভাগত এটি পুখুৰী আৰু সত্ৰখনৰ কাষতে আছে তেতিয়াৰ দ্বিগ্বাসা নদী আৰু বৰ্তমানৰ মৰনৈ। সত্ৰত মূলত শ্ৰীকৃষ্ণক উপাসনা কৰা হয় সেয়ে কৃষ্ণ জনাষ্টমী আৰু দেউল উৎসৱত অগণন ভক্ত‌ই আহি সত্ৰত আশীৰ্বাদ গ্ৰহণ কৰে। সত্ৰখন পুৰাতন কথাৰে সমৃদ্ধিশালী যদিও সত্ৰৰ আন্তঃগাঠনি আৰু প্ৰচাৰ বৰ্তমানো সীমিত। চুমকৈ ক'ব গ'লে দেওমৰনৈ নামৰটো লগত শিয়াল বৈষ্ণৱ আৰু মৰনৈ নদীৰ এক নিবিড় সম্পৰ্ক আছে।
  • পাতিদৰং অৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰ
  • লখিমপুৰ পুখুৰী
  • বুঢ়ীনগৰ পুখুৰী
  • মহলীয়াপাৰা
  • হাজৰিকাপাৰা
  • কাপোৰপুৰি মন্দিৰ
  • দুনী
  • ভেৰুৱা
  • দিপীলা
  • ৰত্নাৱলী সত্ৰ
  • বেছিমাৰী
  • খটৰা: খটৰাত ঐতিহাসিক খটৰা সত্ৰ অৱস্থিত। ৫০০ বছৰীয়া এই সত্ৰখন দৰং জিলাৰ প্ৰাণকেন্দ্ৰ।
  • দেৱানন্দ সত্ৰ
  • নামখলা
  • কলাইগাঁও
  • খাৰুপেটীয়া
  • দলগাও
  • ডুমুনীচকী
  • বেছিমাৰী শাক পাচলিৰ বাবে অসমৰ এখন বিখ্যাত ঠাই আৰু এই ঠাইৰ পৰা শাক পাচলি অসমৰ সকলো ঠাইত বিয়পে।
  • ইয়াৰোপৰি বহুতো সৰু ডাঙৰ ৰজাদিনীয়া পুখুৰী আছে বাবে দৰঙক পুষ্কৰিণীৰ দেশ বুলিও কোৱা হয়। বিশেষকৈ ৰজা আৰিমত্তৰ দিনত খন্দোৱা এক কাউন পুখুৰী এইক্ষেত্ৰত উল্লেখযোগ্য।

উল্লেখযোগ্য অনুষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠনসমূহ

  1. দৰং জিলা সাহিত্য সভা
  2. সদৌ দৰং জিলা ছাত্ৰ সন্থা
  3. মংগলদৈ প্ৰেচ ক্লাব
  4. ইউনিটি ইউ দ্যা ব্লাড ডনা'ৰছ
  5. মানুহে মানুহৰ বাবে
  6. কৰুণাধাৰা,দৰং জিলা সমিতি
  7. দৰং জিলা ৰেডক্ৰচ চ'ছাইটি
  8. মংগলদৈ ক্ৰীড়া সন্থা
  9. হাজৰিকাপাৰা ক্ৰীড়া সন্থা
  10. পশ্চিম দৰং প্ৰেচ ক্লাব
  11. দৰং জিলা কবি সমাজ
  12. আন্তঃমংগলদৈ ছাত্ৰ সন্থা
  13. দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা
  14. দুনী আঞ্চলিক ছাত্ৰ সন্থা
  15. নিউজ নেটৱৰ্ক, দুনী
  16. দুনী কৃষ্টি সংঘ, দুনী
  17. প্ৰত্যাহ্বান, দুনী
  18. পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থা
  19. ৰেইডা(REIDA), ভেৰুৱা
  20. চিআৰএচডিটি (CRSDT), দুনী

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

দৰং জিলা নামৰ ইতিবৃত্তদৰং জিলা ইতিহাসদৰং জিলা ভৌগোলিক তথ্যদৰং জিলা জনগাঁথনিদৰং জিলা ভাষাদৰং জিলা সংস্কৃতিদৰং জিলা বিধানসভা আৰু লোকসভা সমষ্টিদৰং জিলা উল্লেখযোগ্য স্থানদৰং জিলা উল্লেখযোগ্য অনুষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠনসমূহদৰং জিলা তথ্য সংগ্ৰহদৰং জিলা বাহ্যিক সংযোগদৰং জিলাঅসমঅসমৰ জিলাইংৰাজী ভাষাওদালগুৰি জিলাভাৰতমঙ্গলদৈশোণিতপুৰ জিলা

🔥 Trending searches on Wiki অসমীয়া:

গণতন্ত্ৰআহোম ৰাজ্যনাগালেণ্ডবৰপেটা সত্ৰগণেশঅসমীয়া ভাষা উন্নতি সাধিনী সভাচন্দ্ৰযান-৩বুঢ়ী আইৰ সাধুগ্ৰহকুমাৰীত্বযৌন প্ৰৱেশক্ৰিয়াঅসমীয়া লোকসাহিত্যওৰাং ৰাষ্ট্ৰীয় উদ্যানৰুদ্ৰেশ্বৰ দেৱালয়সাহিত্যতবলাভাৰতৰ ইতিহাসঅসমৰ সাহিত্যিকসকলৰ তালিকাঢোলইবাঁকু বিচুঅন্নপ্ৰাশনঅসমৰ পৰম্পৰাগত খেল-ধেমালিগুণাভিৰাম বৰুৱাবাঁহ-গোসাঁই উৎসৱআই সবাহভাৰতীয় দৰ্শনবাগ্‌ধ্বনিএছিয়াডিব্ৰুগড় (লোকসভা সমষ্টি)গান্ধীবাদকেতেকী ফুলবীণাপাণি নাট্য সমাজমৃত্যুঞ্জয়১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনবাইখো পূজাঅৰুণ শৰ্মাদশাৱতাৰবিষ্ণুভাৰতমিচিং নৃত্য আৰু গীত মাতবৃত্তজোনবিল মেলাসন্ধিযোৰহাট (লোকসভা সমষ্টি)ঈয়াৰুইঙ্গমসৌৰ শক্তিগণৰাজ্য দিৱস (ভাৰত)পিঠাপাটবাউসী সত্ৰনিৰুপমা বৰগোহাঞিমাটিথমাছ আলভা এডিচনচৰকাৰঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতঅশোকাষ্টমীঊৰুমৈথুনকলহেপাটাইটিছ বিবেটুপাতৱিকিপিডিয়াবড়ো জনগোষ্ঠীনগাঁও (লোকসভা সমষ্টি)পুৰাণমৌখিক পৰম্পৰাপৃথিৱীগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাভাৰতীয় ভাষাউৎপাদন (অৰ্থনীতি)ভাৰতৰ সংবিধানঅসমীয়া লিপিৰ বুৰঞ্জীকাঠৰ জোখ মাপ🡆 More