শোণিতপুৰ জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

শোণিতপুৰ (ইংৰাজী: Sonitpur) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও আৰু ধুবুৰীৰ পিছত তৃতীয় জনবহুল জিলা। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।

শোণিতপুৰ
—  জিলা  —
শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস
অসমত জিলাখনৰ অৱস্থান
অসমত জিলাখনৰ অৱস্থান
শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস
শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস
শোণিতপুৰ
শোণিতপুৰৰ অৱস্থান
অসম
স্থানাঙ্ক 26°38′N 92°48′E / 26.63°N 92.8°E / 26.63; 92.8
দেশ শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস ভাৰত
অঞ্চল উজনি অসম
ৰাজ্য অসম
উপায়ুক্ত শ্ৰীযুত তপন চন্দ্ৰ শৰ্মা
জনসংখ্যা

• ঘনত্ব

25,08,021 (44) (2009)

940 /কিমি (2,435 /বৰ্গ মাইল) (44) (2010)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা

>2,668 km (1,658 mi)>OnlineSivasagar.com

55 m (180 ft)

ৱেবছাইট চৰকাৰী ৱেবচাইট

শোণিতপুৰ নামৰ উৎপত্তি

সাহিত্যিক অৰ্থত শোণিতপুৰৰ অৰ্থ হৈছে তেজৰ নগৰ। প্ৰধানকৈ শোণিতপুৰ নামটো আহিছে সংস্কৃত 'শোণিত' (অৰ্থ তেজ) আৰু 'পুৰ' (অৰ্থ নগৰ)ৰ পৰা। এই ঠাইখনৰ পুৰণি নাম বৰ্তমান ইয়াৰ সদৰ ঠাই তেজপুৰ হিচাপেও জনা গৈছিল। তেজপুৰ শব্দটোও আহিছে সংস্কৃত 'তেজ' আৰু 'পুৰ' শব্দৰ পৰা। শোণিতপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ। এসময়ত ইয়াত বাণ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল, তেওঁ আছিল অসুৰৰ ৰজা। বাণ ৰজাৰ জীয়ৰী উষাই সপোনত এজন কোঁৱৰক দেখা পায় আৰু তেওঁৰ প্ৰেমত পৰে। তেওঁ চিত্ৰলেখাৰ সহায়ত সেই কোঁৱৰজন ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি গম পায় আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয়। বাণ ৰজাই সেই কথা গম পাই উষাক অগ্নিৰ দ্বাৰা আৱৰি থকা এটা ঘৰৰ মাজত বন্দী কৰি ৰাখে। সেই ঘৰটোকে অগ্নিগড় বোলে। কিন্তু অনিৰুদ্ধই উষাৰ সখীয়েক শিল্পী চিত্ৰলেখাৰ সহায়ত উষাক লাভ কৰে আৰু গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰে। এই কথাত বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ আৰম্ভ হয়। উল্লেখযোগ্য যে বাণ আছিল পৰম শিৱ ভক্ত। গতিকে ভক্তৰ হৈ যুদ্ধত শিৱ‌ই কৃষ্ণৰ বিৰুদ্ধে যুঁজ কৰে। এইখন যুদ্ধকে হৰি-হৰ যুদ্ধ বোলা হয়। এই যুদ্ধত হাজাৰ হাজাৰ যোদ্ধাৰ মৃত্যু হয় চাৰিওফালে তেজৰ নৈ-বৈ যায়। ইয়াৰ ফলতেই এই ঠাইৰ নাম তেজপুৰ (তেজৰ নগৰ) লাভ কৰে। পিছলৈ গোটেই জিলাখনকে শোণিতপুৰ হিচাপে পৰিচিত হয়।

ভৌগোলিক অৱস্থিতি

শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস 
শোণিতপুৰ জিলাৰ চাৰিসীমা আৰু বিভিন্ন উল্লেখযোগ্য ঠাই

শোণিতপুৰ জিলা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে মুঠ ৫৩২৪ বৰ্গ কিলোমিটাৰ আগুৰি আছে। আনহাতে জিলাখন ২৬° ৩০’N আৰু ২৭° ০১’N অক্ষাংশ আৰু ৯২° ১৬’E আৰু ৯৩° ৪৩’E দ্ৰাঘিমাংশ মাজত অৱস্থিত।

জিলাখনৰ চাৰিসীমা হ'ল-

উত্তৰে- অৰুণাচল প্ৰদেশ

দক্ষিণে- ব্ৰহ্মপুত্ৰ নদী, নগাওঁ জিলা আৰু গোলাঘাট জিলা

পূবে- লখিমপুৰ জিলা আৰু

পশ্চিমে- দৰং জিলা

জলবায়ু

মুঠ জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১,৯২৫,৯৭৫। ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৫.৬৭%। আনহাতে প্ৰত্যেক ১০০০ মাইল দূৰত্বৰ ৯৪৬ গৰাকী মহিলা বাস কৰে। জিলাখনৰ শিক্ষিত হাৰ হৈছে ৬৯.৯৬%। আনহাতে জিলাখনৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা হৈছে ১,২৮৭,৬৪৬ জন আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা ২৬৮,০৭৮ (১৫.৯৪) জন।

ইতিহাস

প্ৰশাসনিক দিশৰ পৰা জিলাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ১৯৮৩ খ্ৰীষ্টাব্দত দৰং জিলাখনক দুখন জিলা হিচাপে ভাগ কৰি পেলোৱা হৈছিল। দৰং আৰু শোণিতপুৰক দুখন সুকীয়া জিলাৰূপে ঘোষণা কৰা পিছত তেজপুৰক শোণিতপুৰ জিলাৰ সদৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কালিকা পুৰাণৰ বিৱৰণ অনুসৰি বৰ্তমানৰ দৰং, শোণিতপুৰ আৰু উত্তৰ লখিমপুৰ জিলা কেইখন বাণৰজাৰ শাসনাধিষ্ঠিত অঞ্চল আছিল।

ভাষা

জিলাখনত বসবাস কৰা বৃহৎ সংখ্যক মানুহৰে মাতৃভাষা হ'ল অসমীয়া ভাষা। কিন্তু বহু ঠাইত মিশ্ৰিত ভাষাৰো ব্যৱহাৰ হয়। অন্যান্য কিছু সংখ্যক মানুহে কাৰ্বি ,বড়ো, নেপালী, বাংলা আৰু হিন্দী ভাষা ব্যৱহাৰ কৰে। আনহাতে চাহবাগানসমূহত বাস কৰা বৃহৎ সংখ্যক শ্ৰমিকৰ মাজত মিশ্ৰিত ৰূপত অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱা দেখা যায়।

জিলাৰ সদৰ আৰু মহকুমা

জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ। ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, ১৮১ কিলোমিটাৰ গুৱাহাটীৰ পূবত অৱিস্থত। বৰ্তমান শোণিতপুৰ জিলাৰ প্ৰধান নগৰ তেজপুৰ ঐতিহাসিক সম্পদৰ কাৰণে ভাৰত বিখ্যাত।

শোণিতপুৰ জিলাৰ তিনিটা[উদ্ধৃতিৰ প্ৰয়োজন]প্ৰধান মহকুমা হ'ল তেজপুৰ, বিশ্বনাথ আৰু গহপুৰ।

গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ শোণিতপুৰ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কণকলতা বৰুৱাৰ জন্ম হয়। নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে। লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে।

শোণিতপুৰৰ উল্লেখযোগ্য ব্যক্তিসকল

কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল।

* বীষ্ণুলাল উপাধ্যায় 
  • প্ৰফুল্ল বৰা

পৰ্যটনস্থল

    অগ্নিগড়
শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস 
অগ্নিগড়ৰ মূল প্ৰৱেশ দ্বাৰ

তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। কালিকা পুৰাণত উল্লেখ আছে যে শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল। সেয়ে এই গড়টোৰ নাম অগ্নিগড় হ'ল। অগ্নিগড়ৰ সংৰক্ষণৰ বাবে ১৯২৮ চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱায়ে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান প্ৰতিষ্ঠা কৰে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্ত্বাৱধানত এখন উদ্যান পৰিচালনা কৰি থকা হৈছে।

শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস 
দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ

তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত অৱস্থিত। ১৯২১-১৯২২ চনত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ-পৰ্বতীয়াত শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালয়ৰ গাঁথনি উদ্ধাৰ হয়। ঠাৱৰ কৰা হৈছে যে এই ঠাইত বাণ ৰজাই হৰি-হৰৰ মিলন ভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ’হৰি হৰাত্মক’ শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰাইছিল। বৰ্তমানৰ শিলৰ দ্বাৰ এই মন্দিৰৰে ভগ্নাৱশেষ। কোনো কোনো প্ৰত্নতত্ত্ববিদে এয়া গুপ্ত যুগৰ আটাইতকৈ পুৰণি স্মৃতি চিহ্ন বুলি ক’ব খোজে। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।

ঐতিহাসিক মঠ-মন্দিৰ

শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস 
মহাভৈৰৱ মন্দিৰ, তেজপুৰ

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচচতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া।

তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰৰ কাষৰ এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে মাইথান বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা-অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল।

শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস 
জ্যোতি ভাৰতীৰ সন্মুখৰ দৃশ্য

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে। ইয়াতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ আখৰা হৈছিল। ১৮৭৮ চনত তেওঁৰ ককাদেউতাক হৰবিলাস আগৰৱালাই নিৰ্মাণ কৰা ঘৰটোৰ নাম পূৰ্বতে আছিল 'পকী'। সেই সময়ত তেজপুৰত একমাত্ৰ পকী ব্যক্তিগত বাসভৱন আছিল বাবেই এই ঘৰটোক 'পকী' নামেৰে জনা গৈছিল। পৰৱৰ্তী সময়ত 'পকী'ক ব্যক্তিগত বাসভৱনৰ সলনি জ্যোতিভাৰতী নামেৰে এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়। ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড, তেওঁৰ হাতৰ আখৰ থকা কাগজ, বিভিন্ন তথ্য-পাতি, শোৱা পালেং আদি সংৰক্ষণ কৰি ৰখা হৈছে।

শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস 
নামেৰি ৰাষ্ট্ৰীয় উদ্যান

শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে। ১৯৯৮ চনৰ ৯ ছেপ্তমবৰত নামেৰি(২০০ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ চূড়ান্ত অনুজ্ঞা প্ৰদান কৰা হৈছিল। কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত ই এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুল বৈচিত্ৰ্যময়। ৰাষ্ট্ৰীয় উদ্যানখনত তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকিটি আৰু ছশৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায়।

উল্লেখনীয় শৈক্ষিক প্ৰতিষ্ঠান

বিশ্ববিদ্যালয় :

শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস 
তেজপুৰ বিশ্ববিদ্যালয়
  1. তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়

মহাবিদ্যালয়:

শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস 
তেজপুৰ মহাবিদ্যালয়
  1. দৰং মহাবিদ্যালয় : তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়। মহাবিদ্যালয়খনি স্থাপিত হয় ১৯৪৫ খ্ৰীষ্টাব্দত। প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল।
  2. তেজপুৰ মহাবিদ্যালয়
  3. লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়
  4. তেজপুৰ আইন মহাবিদ্যালয়
  5. বি.টি. কলেজ
  6. ছয়দুৱাৰ মহাবিদ্যালয়
  7. বিশ্বনাথ মহাবিদ্যালয়
  8. ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়
  9. ৰঙাপৰা মহাবিদ্যালয়
  10. বিশ্বনাথ কৃষি মহাবিদ্যালয়

উচ্চ মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয়:

শোণিতপুৰ জিলা: শোণিতপুৰ নামৰ উৎপত্তি, ভৌগোলিক অৱস্থিতি, ইতিহাস 
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  1. তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  2. তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়
  3. তেজপুৰ একাডেমি
  4. তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী বালক বিদ্যালয়
  5. তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী কন্যা বিদ্যালয়
  6. চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
  7. চাৰিআলি আদৰ্শ বিদ্যাপীঠ
  8. চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়

কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান :

  1. আই টি আই
  2. গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ
  3. ফাৰ্ম মেচিনাৰী প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান

অনান্য শৈক্ষিক প্ৰতিষ্ঠান :

  1. জ্যোতিকলা কেন্দ্ৰ
  2. লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ইত্যাদি।

তথ্যসূত্ৰ

বিশ্বনাথ কলেজ অব এডুকেচন

বাহ্যিক সংযোগ

Tags:

শোণিতপুৰ জিলা শোণিতপুৰ নামৰ উৎপত্তিশোণিতপুৰ জিলা ভৌগোলিক অৱস্থিতিশোণিতপুৰ জিলা ইতিহাসশোণিতপুৰ জিলা ভাষাশোণিতপুৰ জিলা জিলাৰ সদৰ আৰু মহকুমাশোণিতপুৰ জিলা শোণিতপুৰৰ উল্লেখযোগ্য ব্যক্তিসকলশোণিতপুৰ জিলা পৰ্যটনস্থলশোণিতপুৰ জিলা ঐতিহাসিক মঠ-মন্দিৰশোণিতপুৰ জিলা উল্লেখনীয় শৈক্ষিক প্ৰতিষ্ঠানশোণিতপুৰ জিলা তথ্যসূত্ৰশোণিতপুৰ জিলা বাহ্যিক সংযোগশোণিতপুৰ জিলাঅসমতেজপুৰধুবুৰীনগাঁওভাৰত

🔥 Trending searches on Wiki অসমীয়া:

জোনাকী (আলোচনী)ৰাসোৎসৱসংযুক্ত মুক্তি বাহিনী, অসমগাঁও পঞ্চায়তনক্ষত্ৰবচন (ব্যাকৰণ)মনোবিজ্ঞানঢোলবিৰিসংযুক্তা পৰাশৰবাঁহী (আলোচনী)যোৰানামমাইলছ ব্ৰনছনবাত বিষদুগদুগীভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাকম্পিউটাৰহেমচন্দ্ৰ বৰুৱাঅনুবাদবৰষা ৰাণী বিষয়ামৌখিক পৰম্পৰাআন্তৰ্জাতিক যোগ দিৱসৰাভা জনগোষ্ঠীআহোম ৰাজবংশমূলা গাভৰুচ'তবিহুৰ সাজ-পোচাক আৰু অলংকাৰৰাতি বিহুপাচন তন্ত্ৰগোপীনাথ বৰদলৈশিলিখাজন গণ মনঅশোক ফুললুৰিন জ্যোতি গগৈসংঘাতঅসমৰ বাঁহ-বেতৰ শিল্পকোৰআনচুতীয়া ৰাজ্যভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যমাঘ বিহু১৬ এপ্ৰিলগুণমালাৰৱান এটকিনচনউৎসৱৰামায়ণমঙ্গলদৈ (লোকসভা সমষ্টি)কটন বিশ্ববিদ্যালয়মঘাই ওজাবিজ্ঞাপননিৰুপমা বৰগোহাঞিঅসমীয়া লোক-সংস্কৃতিকঁঠালঅন্নপ্ৰাশনসুভাষ চন্দ্ৰ বসুঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাকোচ ৰাজবংশঅসমীয়া ভাষা আন্দোলনআল্লাহভগ্নাংশ (গণিত)পৰিমেয় সংখ্যাঅসমত দেখা পোৱা সাপবোৰঅৰ্থনীতিফকৰা যোজনাকপিৰাইটকোণডিমাছা জনগোষ্ঠীভাৰত ৰত্নবৰগীতশোণিতপুৰ জিলাভাৰত-আৰ্য ভাষা পৰিয়ালশিক্ষা মনোবিজ্ঞাননাগাৰাদক্ষিণপাট সত্ৰজুবিন গাৰ্গৱিকিপিডিয়াৰ তালিকাজেতুকাঅগ্ন্যাশয়অসমীয়া সাহিত্য🡆 More