বৰপেটা জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

বৰপেটা জিলা (ইংৰাজী: Barpeta District) অসমৰ প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত। জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে আৰু ইয়াৰ জনসংখ্যা ১,৬৪২,৪২০ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি)।

বৰপেটা জিলা
—  জিলা  —
Sankardev Satra Patbausi, Barpeta.jpgপাটবাউসীস্থিত সত্ৰৰ তোৰণ
বৰপেটা জিলা: ইতিহাস, ভৌগোলিক অৱস্থিতি আৰু ভূখণ্ড, প্ৰশাসনিক বিভাজন
অসমত বৰপেটা জিলাৰ অৱস্থান
অসমত বৰপেটা জিলাৰ অৱস্থান
ৰাজ্য অসম
দেশ ভাৰত
সদৰ বৰপেটা
আসন বৰপেটা
মাটিকালি
 - মুঠ ৩,২৪৫ কি.মি. 
(১,২৫২.৯ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ১৬,৯৩,১৯০ জন
 - জনঘনত্ব ৫২১.৮ প্ৰতি বৰ্গ কি.মি. 
(১,৩৫১.৪ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-AS-BA
ৱেবছাইট http://barpeta.gov.in/

ইতিহাস

অবিভক্ত কামৰূপ জিলাৰ বিভাজন ঘটি ১৯৮৩ চনত বৰপেটা জিলাখনৰৰ গঠন কৰা হৈছিল। ব্ৰিটিছৰ সময়ত ১৮৪১ চনত অসামৰিক মহকুমা সৃষ্টি হৈছিল, জ’ন্‌ বাটলৰ প্ৰথম প্ৰশাসনিক বিষয়া আছিল পূৰ্বৰ মহকুমাটো। বৰ্তমানৰ জিলাখনৰ দুখন মহকুমা হৈছে বৰপেটা আৰু বজালী। ১ জুন, ২০০৪ চনত নতুনকৈ গঠন হোৱা বাক্সা জিলাত কেইবাটাও অঞ্চল হেৰুৱাব লগীয়া হয়।

ভৌগোলিক অৱস্থিতি আৰু ভূখণ্ড

নামনি অসমৰ এই জিলাখনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ। বৰপেটা জিলাৰ উত্তৰে ভূটান পাহাৰ, পূবে নলবাৰী জিলা,দক্ষিণে কামৰূপ আৰু গোৱালপাৰা, পশ্চিমে বঙাইগাঁও জিলা। বৰপেটা জিলাৰ অৱস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব।

সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোণত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে।

প্ৰশাসনিক বিভাজন

লোকসভা আৰু বিভানসভা সমষ্টি

বৰপেটা জিলা মুঠ ৮টা বিধানসভা সমষ্টিত বিভক্ত। এইকেইটা হৈছে যথাক্ৰমে বৰপেটা, বাঘবৰ, ভৱানীপুৰ, চেঙা, জনিয়া, পাটাছাৰকুছি, সৰুক্ষেত্ৰী আৰু সৰভোগ। ইয়াৰে সৰভোগ আৰু ভৱানীপুৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু বাকী ছয়টা বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত।

উন্নয়ন খণ্ড

জিলাখনক মুঠতে ১১টা উন্নয়ন খণ্ডত ভগোৱা হৈছে।

  • বৰপেটা
  • বজালী
  • ভৱানীপুৰ
  • চকচকা
  • চেঙা
  • গোমাফুলবাৰী

  • গোৱৰ্ধন
  • পাকাবেতবাৰী
  • মন্দিয়া
  • ৰূপসী
  • সৰুক্ষেত্ৰী

উল্লেখনীয় স্থানসমূহ

    হাউলী জিলাখনৰ এক অন্যতম ব্যৱসায়িক কেন্দ্ৰ। ইয়াৰ প্ৰতি বছৰে ৰাস মহোৎসৱ আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়।
    এই ঠাই জিলাখনৰ সৰ্ববৃহৎ বাণিজ্য কেন্দ্ৰ। বৰপেটা ৰোডক পশ্চিম অসমৰ বাণিজ্যিক ৰাজধানী হিচাপে জনা যায়।
    ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এখন সৰু চহৰ। সৰভোগ উন্নত মানৰ দৈ-গাখীৰ, মাখন বা ক্ৰীম আদিৰ বাবে জনাজাত।
  • বহৰি
    মূল চহৰৰ পৰা প্ৰায় ২০ কিঃমিঃ নিলগৰ এই ঠাইখন মহাপুৰুষ হৰিদেৱে প্ৰতিষ্ঠা কৰা বহৰি সত্ৰৰ বাবে বিখ্যাত।
    অসমৰ কাঁহ-পিতলৰ শিল্পৰ মূল কেন্দ্ৰ।
  • বেলনা
    বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বেলনা গাওঁ পৰিচ্ছন্ন আৰু সেউজ হিচাপে চিহ্নিত অসমৰ প্ৰথমখন গাওঁ।

জলবায়ু

বছৰটোৰ সকলো সময়তে ঠাইখনৰ জলবায়ু মধ্যম আৰু আনন্দদায়ক হয়। গ্ৰীষ্ম মৌচুমী বায়ুৰ প্ৰভাবত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীত ঋতু অনুভূত হয়। গ্ৰীষ্ম কাল মাৰ্চ মাহৰ পৰা মে' মাহলৈ, পিছত মৌচুমী বায়ুৰ ফলত বৰ্ষা জুন-চেপ্তেম্বৰ আৰু শীত ঋতু অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ।

নৈ-উপনৈ

ব্ৰহ্মপুত্ৰ নদী পূবৰ পৰা পশ্চিমলৈ বৰপেটা জিলাৰ দক্ষিণে ইমুৰৰ পৰা সিমুৰলৈ বৈ আছে। জিলাখনৰ বিভিন্ন অঞ্চলৰে বৈ ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে। পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে। এই নদীসমূহে বৰপেটা জিলাৰ কৃষিজীৱি লোকক কৃষি উৎপাদনত চহকী কৰি তুলিছে।

তথ্যসূত্ৰ


বাহ্যিক সংযোগ



Tags:

বৰপেটা জিলা ইতিহাসবৰপেটা জিলা ভৌগোলিক অৱস্থিতি আৰু ভূখণ্ডবৰপেটা জিলা প্ৰশাসনিক বিভাজনবৰপেটা জিলা উল্লেখনীয় স্থানসমূহবৰপেটা জিলা জলবায়ুবৰপেটা জিলা নৈ-উপনৈবৰপেটা জিলা তথ্যসূত্ৰবৰপেটা জিলা বাহ্যিক সংযোগবৰপেটা জিলাঅসমইংৰাজী ভাষাবৰপেটা

🔥 Trending searches on Wiki অসমীয়া:

দৰ্শনঅম্বিকাগিৰি ৰায়চৌধুৰীপিঠাউত্তৰ-পূব ভাৰতজাপানপদুমপ্ৰজ্ঞাসন্ধিমাধৱদেৱধেমাজিবৰহমথুৰিৰোমাণ্টিক কবিতাশ্ৰী সূৰ্য পাহাৰজৈন ধৰ্মফ্লোৰেন্স নাইটিংগেলভূমি প্ৰদূষণনাটকৰাম মন্দিৰ, অযোধ্যাবিহুগীতকলকুলিৰতিভাৰতৰ স্বাধীনতা আন্দোলনঅসমত দেখা চৰাইবোৰবহনক্ষম উন্নয়নৰ লক্ষ্যবসন্ত ৰোগআমলখিহিমন্ত বিশ্ব শৰ্মালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীনিগনিচীনা-তিব্বতীয় ভাষাঅসম সাহিত্য সভানাৰীগণিতনগাঁও (লোকসভা সমষ্টি)বাংলাদেশচিপাহী বিদ্ৰোহ ১৮৫৭বহুমূত্ৰ ৰোগউপভাষাকাতি বিহুস্বদেশী আন্দোলনঅসমীয়া যুক্তাক্ষৰবুৰঞ্জীভাস্কো দা গামাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনধনশিৰি নদীৰাষ্ট্ৰসংঘ দিৱসবিৰিঞ্চি কুমাৰ বৰুৱাআকবৰপোহৰপীতাম্বৰ কবিমানুহচানডুবি বিলমিডিয়াৱিকিঅসমৰ মাছ ধৰা সঁজুলিঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাহিন্দু পদ্ধতিত সময়ৰ এককঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীচি এছ এছজয়মতী কুঁৱৰীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)যৌন সংগমজ্ঞানপীঠ বঁটাপদ্মনাথ গোহাঞি বৰুৱাযোৰহাটবংগ বিভাজন (১৯০৫)ফলপদাৰ্থ বিজ্ঞানউত্তৰ গুৱাহাটীমোৰো এটা সপোন আছেঅসমৰ বনৌষধিলক্ষ্মীধৰ শৰ্মা🡆 More