সৰ্থেবাৰী: বৰপেটা জিলাত অৱস্থিত এখন নগৰ

এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।

সৰ্থেবাৰী বজালী জিলাৰ পূৱপ্ৰান্তত অৱস্থিত এখন নগৰ। ই অসম তথা উত্তৰ পূৱ ভাৰতৰ হস্ত নিৰ্মিত কাঁহৰ বাচন-বৰ্তনৰ বাবে বিখ্যাত। ইং ১৯৫৫ চনৰ ৩১ ডিচেম্বৰ তাৰিখে সৰ্থেবাৰীক এখন নগৰ ঘোষণা কৰে আৰু নগৰীয়া কাম কাজবোৰ নগৰ পালিকাৰ জৰিয়তে পৰিচালিত হয়।

সৰ্থেবাৰী
—  নগৰ  —
সৰ্থেবাৰী: নামৰ উৎপত্তি, সৰ্থেবাৰীৰ কাঁহ শিল্প, তথ্য সংগ্ৰহ
সৰ্থেবাৰী: নামৰ উৎপত্তি, সৰ্থেবাৰীৰ কাঁহ শিল্প, তথ্য সংগ্ৰহ
সৰ্থেবাৰী
সৰ্থেবাৰীৰ অৱস্থান
অসম
স্থানাঙ্ক 26°21′N 91°13′E / 26.35°N 91.22°E / 26.35; 91.22
দেশ সৰ্থেবাৰী: নামৰ উৎপত্তি, সৰ্থেবাৰীৰ কাঁহ শিল্প, তথ্য সংগ্ৰহ ভাৰত
ৰাজ্য অসম
জিলা বজালী
জনসংখ্যা 7,545 (2001)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড

ইয়াৰ উপৰি সৰ্থেবাৰী পাঁচ খেল গঞাগয়ৰহৰ পৰম্পৰা অনুযায়ী সৰ্থেবাৰীৰ ধৰ্মীয় সামাজিক উৎসৱ, সামাজিক উন্নয়নৰ কাম কাজ আদি সৰ্থেবাৰীৰ সমাজ ব্যৱস্থাৰ ৰীতি-নীতিৰ ভিত্তিত আজিকোপতি পালন কৰি আছে।

নামৰ উৎপত্তি

সৰ্থেবাৰী নামৰ উৎপত্তিঃ সৰ্থেবাৰী নামৰ উৎপত্তি সম্পৰ্কে থিৰাং কৈ কোৱাটো কঠিন। তথাপি কিছুমান জনশ্ৰুতি আৰু লোকপ্ৰবাদ সৰ্থেবাৰীৰ কিছুমান মানুহৰ মুখত শুনিবলৈ পোৱা যায়। তদুপৰি কেইজন মান বিজ্যোৎসাহী লোকৰ লিখনিৰ পৰাই 'সৰ্থেবাৰী নামৰ উৎপত্ত' সম্পৰ্কে কিতাপ পত্ৰত পোৱা যায়। সেইবোৰৰ পৰাই সৰ্থেবাৰী নামৰ উৎপত্তি সম্পৰ্কে কেইটিমান মত উল্লেখ কৰা হ'ল। শ্ৰীকাশীনাথ ডেকা বি,এ,-বি,টি, দেৱৰ 'এইখন সৰ্থেবাৰী' নামৰ কিতাপত উল্লেখ কৰা আছে। যেনে—

১/ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই কনৌজৰ ৰজা হৰ্ষবৰ্দ্ধনলৈ পটোৱা সুন্দৰ উপহাৰৰ ভিতৰত সৰ্থেবাৰীৰ কাঁহৰ সাজ-বাচনো আছিল বুলি ৰায়চাহাব কনকলাল বৰুৱাৰ কামৰূপৰ বুৰঞ্জীত উল্লেখ আছে। ভাস্কৰ বৰ্মাৰ দূত হংসবেগৰ লগত কামৰূপৰ পৰা বহুত শিল্পীও কনৌজলৈ গৈছিল। এই শিল্পীসকলৰ লগত সৰ্থেবাৰীৰ সতনাথ নামৰ এজন সুশ্ৰী আৰু সুঠাম দেহৰ কাঁহ শিল্পীও গৈছিল। তেওঁ কনৌজত কিছু বছৰ থাকি বৌদ্ধধৰ্ম গ্ৰহণ কৰি বুঢ়া বয়সত নিজ গাঁৱলৈ ঘূৰি আহে। তেওঁৰ লগত কেইজন মান শিষ্যও আহে। সতনাথে বৌদ্ধধৰ্ম গ্ৰহণ কৰি 'থেৰৰ' শাৰীত উটিছিল। যি সকল পুৰূষ-মহিলাৰ ধৰ্ম আচৰণৰ ফলত ইন্দ্ৰিয় স্থবিৰ বা স্থিৰ হৈছে, সেই সকলক 'থেৰ' বা 'থেৰী' বোলা হয়। সত্যনাথ আৰু তেওঁৰ লগত অহা শিষ্যসকলৰ উদ্দেশ্য আছিল- গাওঁখনৰ মানুহক বৌদ্ধ ধৰ্মত দীক্ষিত কৰা। গাঁৱৰ মানুহেও সতনাথ আৰু তেওঁৰ লগত অহা শিষ্য কেইজনক 'থেৰ' বুলিব ধৰিলে। সতনাথ আৰু তেওঁৰ লগত অহা 'থেৰ' সকল ইয়াত বাস কৰিবলৈ লোৱাৰ পিচৰ পৰাই গাঁওখনক মানুহে সত্ থেৰ বাৰী বুলি মাতিব ধৰিলে। এই সত্ থেৰ বাৰীয়েই কালক্ৰমত মানুহৰ মুখত পৰি সৰ্থেবাৰী হয়।

২/ এই গাঁৱৰ এজন পৰম ধাৰ্মিক আৰু ঈশ্বৰ বিশ্বাসী লোক বাস কৰিছিল। তেওঁৰ বা গাঁৱৰ আন পৰিয়ালৰ কিবা অপায় অমঙ্গল হ'লে এই লোক জনে ভগৱানৰ নামত ভাল বস্তু আগবঢ়াইছিল আৰু অপায় অমঙ্গঁল আঁতৰি যোৱাৰ পিচত ভগৱানৰ নামত অৰ্পিত দ্ৰব্যখিনি যোগাৰ কৰি আনি ণানুহ মাতি পূজা-সেৱা কৰিছিল। এই ধাৰ্মিক লোকজনক গাঁৱৰ মানুহে 'সথা থোৱা' মাতিছিল। ওচৰৰ গাঁৱৰ মানুহে গাওঁখনক 'সথা থোৱা থেৰবাৰী' বুলি মাতিবলৈ ধৰিলে। এই 'সথা থোৱাথেৰবাৰী'ৰ পৰাই সময়ত সৰ্থেবাৰী হোৱা বুলি বহুতে বিশ্বাস কৰে।

৩/ পুৰণি কালত সৰ্থেবাৰী অঞ্চলটি বৰ দ' আৰু জলাতন ঠাই আছিল। ইয়াৰ চাৰিওফালে থকা দ' ঠাইবোৰত 'সথ' বুলি এবিধ খাৰ জাতীয় বন পানীত বৰ বেছিকৈ হৈছিল। 'সথ' বন মানুহে পানীৰ পৰা তুলি আনি ৰ'দত শুকাই জুইত পুৰি তাৰ ছাইৰ পৰা খাৰ তৈয়াৰ কৰিছিল। আগৰ কালত নিমখৰ সলনি এই খাৰ মানুহে ব্যৱহাৰ কৰিবলৈ লয়। সৰ্থেবাৰীৰ আশে পাশে থকা গাঁওবোৰৰ মানুহে এই গাঁওখনক 'সথৰ বড়ি' বুলি মাতিছিল। এই 'সথৰ বড়ি'ৰ পৰাই সৰ্থেবাৰী বোৱা বুলি ইয়াৰ এচাম লোকে মত পোষণ কৰে।

৪/ সেইদৰে ড° কৃষ্ণবল্লভ ডেকাৰ 'নৰকঃগণজীৱনৰ পৰা মৰাণ বিদ্ৰোহলৈ' নামৰ গ্ৰন্থত সৰ্থেবাৰী নাম সম্পৰ্কে এনেদৰে আছে সৰ্থেবাৰীৰ অৱস্থিতি আল্পাৰ পাৰত। এটি জনপ্ৰবাদ অনুসৰি সন্থাথেৰ নামৰ থেৰাবাদী বৌদ্ধ কাংস্যকাৰ এজনে উৎপাদন আৰু বিক্ৰীৰ উদ্দেশ্যে এই নদীৰ পাৰত শাল পাতিছিল। কাঁহ শিল্পৰ প্ৰাচীৰতাৰ বিষয়ে সন্দেহ কৰাৰ প্ৰয়োজন নাই। এই শিল্পৰ উল্লেখ ব্ৰাহ্মণ গ্ৰন্থতো আছে। সন্থাথেৰ শাল পতা বস্তিয়েই কালক্ৰমত সৰ্থেবাৰী নাম পৰিগ্ৰহণ কৰে। কাঁহ শিল্পৰ জনপ্ৰিয়তা অৰি প্ৰাচীন। বৌদ্ধ ধৰ্মত এই শিল্প অতি অপৰিহাৰ্য। তেতিয়াৰে পৰা এতিয়ালৈ বৌদ্ধ বেপাৰীয়ে সৰ্থেবাৰীলৈ আহি কাঁহৰ বাচন-বৰ্তন নিয়া অব্যাহত আছে।

৫/ আনএটি জনশ্ৰুতামতে, পুৰণি কালত এই আঞ্চলত দক্ষসিংহ নামেৰে এজন পুৰণি কালত এই অঞ্চলত দক্ষসিংহ নামেৰে এজন ৰজা আছিল। তেওঁৰ ৰাজ্যখনৰ নাম সাৰথপুৰ আছিল। বহু বছৰ তেওঁৰ কোনো সতি-সন্ততি নাছিল। পিচত যেনিবা এজনী কন্যাৰ মুখ দেখিবলৈ পালে। দৈৱজ্ঞৰ গণনামতে কন্যাজনীৰ কাৰণে ৰজাৰ ছত্ৰ-ভঙ্গ যোগ হ'ব লাগে। গতিকে ৰজাই পাত্ৰ-মিত্ৰৰ উপদেশ নতে কন্যাজনী তামৰ পাত্ৰ এটাত ভৰাই আল্পা নদীৰে উটুৱাই দিলে। দৈবাৎ ফুলবাৰীত থকা 'মাইলেনী বুঢ়ী'য়ে নদীত গাধুবলৈ গৈ কন্যাজনী পাত্ৰ-সহ দেখা পাই ঘৰলৈ আনিলে। সন্তানহীনা মাইলেনী বুঢ়ীয়ে ঘটনাটো সণ্ঢালনি হোৱাৰ ভয়ত কম্যাজনী গোপনে ডাঙৰ দীঘল কৰিবলৈ ধৰিলে।

বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পৰিলক্ষিত হোৱা সৰ্থেবাৰী গাঁওখন পুৰণি কালৰ পৰাই কঁহাৰ শিল্পীসকলৰ বাসভূমি। অতীজৰ পৰাই এই গাঁওখন পাঁচটা খেলত বিভক্ত। যেনে — ১)আতাথেৰ খেল ২)তালুকদাৰথেৰ খেল ৩)কাজিথেৰ খেল ৪)তামোলীথেৰ খেল ৫)শালাকাঠিয়াথেৰ খেল। জনসংখ্যা বৃদ্ধি হৈ এই খেলবোৰৰ পৰা কিছুমান চুপা বা চুবুৰীৰ সৃষ্টি হয়। সৰ্থেবাৰী গাঁওখনত আগতে থকা ১৬টা চুপা বা চুবুৰীৰ ঠাইত এতিয়া ২০টা লৈ বৃদ্ধি হয়। এই চুপা বা চুবুৰীৰবোৰ হ’ল — ক)আতাথেৰ খেলৰ — ১)পূৰণ আতাথেৰ চুপা ২)নতুন আতাথেৰ চুপা ৩)যোগীৰবড়ী চুপা আৰু কিছুমান ডাবোৰ চুপাত বসবাস কৰি আছে। খ)তালুকদাৰ খেলৰ — ১)পূৰণ তালুকদাৰ চুপা ২)নতুন তালুকদাৰ চুপা ৩)ডাবোৰ চুপা ৪)যোগদ চুপা ৫)ওজাথেৰ ছুপা। গ)কাজিথেৰ খেলৰ — ১)কাজিথেৰ চুপা ২)যমথেৰ চুপা আৰু কাতিয়াথেৰ চুপা। ঘ)তামোলী থেলৰ — ১)তামোলী চুপা (তামোলী চুপাৰ পৰা কিছুমান মানুহ উঠি গৈ যোগীৰবড়ি চুপাত বসবাস কৰি আছে)। ঙ)শালাকাঠিয়াথেৰ খেলৰ — ১) শালাকাঠিয়াথেৰ চুপা ২)চৌধুৰী চুপা আৰু ৩)পাটোৱাৰীথেৰ চুপা।

এই চুপাবোৰৰ লগতে সৰ্থেবাৰীৰ পশ্চিম অংশত এটি মুছলিম চুপাও অতীতৰ পৰাই আছে। এওঁলোকে অতি প্ৰাচীন কালৰে পৰাই সৰ্থেবাৰীৰ হিন্দু সমাজৰ লগত ভাই-ককাইৰ দৰে মিলিজুলি আজিও আছে। সম্প্ৰতি সৰ্থেবাৰীৰ মানুহৰ বসবাসৰ ঠাইৰ অভাৱ হোৱা বাবে এই চুপাবোৰৰ পৰা মানুহ উঠি গৈ বাপুজী নগৰ, শান্তিপুৰ, জ্যোতিনগৰ আৰু মিলন নগৰ নামেৰে নতুন ৪খন চুপাৰ সৃষ্টি হৈছে।

এতিয়া খেল আৰু চুপাবোৰৰ উৎপত্তিৰ কথা ১)আতাথেৰ খেল— আতাথেৰ খেলৰ মূল বুঢ়াটোৱেই সৰ্থেবাৰীৰ পুৰণি বুলি সেই খেলৰ কিছুমানলোকে ক’ব খোজে। এই খেলৰ মূল বুঢ়াটো সতানন্দ ভূঞা। এওঁৰ পুত্ৰ আতানন্দ ভূঞা। আতানন্দৰ দুই পুত্ৰ ক্ৰমে যথানন্দ ভূঞা আৰু সদানন্দ ভূঞা। বৰ্ত্তমানলৈ একাদশপিৰি চলি আছে। আতানন্দ ভূঞাৰ নামেৰে আতাথেৰ খেলৰ উৎপত্তি হোৱা বুলি কয় যদিও কিছুমানে সদানন্দ ভূঞাৰ পৰাই হোৱা বুলি ভাৱে। মূল বুঢ়াজন কনৌজ, দাক্ষিণাত্য নাইবা বিহাৰৰ নৱদ্বীপৰ পৰা অহা বুলি প্ৰবাদ আছে।

নৱম পুৰুষ প্ৰানধন ভূঞা আৰু সুখৰাম ভূঞাৰ সময়ত আতাথেৰ খেল দুখন চুপা বা চুবুৰীত ভাগ হয়। যেনে— পুৰণ আতাথেৰ চুপা আৰু নতুন আতাথেৰ চুপা। আতাথেৰ খেলৰ বুঢ়াজনৰ দুই পত্নীৰ প্ৰথম পত্নীৰ ফালৰ পৰা পুৰণ আতাথেৰ চুপা আৰু দ্বিতীয় পত্নীৰ ফালৰ পৰা নতুন আতাথেৰ চুপাৰ সৃষ্টি হয়। এইদৰে আতাথেৰ খেল আৰু চুপা দুটাৰ উৎপত্তি হয়। আন এটি জনপ্ৰবাদ মতে আতাথেৰ খেলটো তিনিটা চুপাত বিভক্ত হৈছিল। আতাথেৰ খেলৰ বুঢ়াজনৰ দুজনী তিৰোতা আছিল। প্ৰথম তিৰোতাজনীৰ এজনী ছোৱালী আছিল। যোগীৰবড়ীৰ পথাৰত বহৰি গাঁৱৰ পৰা অহা বুঢ়া এজনে খেতি বাতি কৰি আছিল। বহৰিৰ বুঢ়াজনৰ মাত্ৰ এজন ল’ৰা। সেই ল’ৰাজনৰ লগত আতাথেৰ বুঢ়াৰ ছোৱালীজনী বিয়া দি দুয়ো বুঢ়াই মিতিৰ পাতিলে। সেই মিতিৰ সূত্ৰে বহৰিৰ বুঢ়াৰ ল’ৰাজন ইয়াতেই থাকিবলৈ লয় আৰু পিছত এই ঠাইখিনিয়ে পুৰণ আতাথেৰ চুপা হয়।

আতাথেৰ বুঢ়াৰ দ্বিতীয় পত্নীৰ ফালৰ ল’ৰা তিনিজন আছিল। তেওঁলোকে বিয়া বাৰু কৰাই অলপ আতৰত থাকিবলৈ ল’লে আৰু সেই ঠাইখিনি শেষত নতুন আতাথেৰ চুপা হ’ল। আকৌ কিছুবছৰ পিছত পুৰণ আতাথেৰ চুপাৰ মানুহৰ থকা ঠাইৰ নাটনি হোৱাত কেইঘৰমান মানুহ যোগীৰবড়িলৈ গৈ থাকিবলৈ লোৱাত যোগীৰবড়ি এটি চুপা হ’ল। অতীতত এজন যোগীয়ে এই ঠাইত যোগ সাধন কৰিছিল বাবে ঠাইখনক যোগীৰবড়ি বোলা হৈছিল। ২)তালুকদাৰ খেল— তালুকদাৰ খেলৰ প্ৰথম পুৰুষজন জগন্নাথ ভূঞা। ইয়াৰ তিনি পুৰুষৰ মনোহৰ আৰু মাধৱৰ সময়ত জনসংখ্যা বৃদ্ধিৰ ফলত ঠাইৰ নাটনি হোৱাত নতুন তালুকদাৰ চুপাৰ সৃষ্টি হয়। মাধৱ সৰ্থেবাৰীৰ পৰা বজালী অঞ্চললৈ গৈছিল। পিছত মাধৱৰ অৱস্থা বেয়া হোৱা বুলি জানি বৰ্ত্তমান ডাবোৰ চুপাত থাকিবলৈ লয়। সেই ঠাইখিনিত বৰ পিটনি আছিল, পানী জমা বোৱা ঠাই অৰ্থাৎ ডাব। সেইবাবে এই চুপাটো ডাবোৰ চুপা হয়। ভূঞা শব্দৰ অৰ্থ মাটিৰ গৰাকী। গতিকে জগন্নাথ ভূঞাৰ নামত যথেষ্ট মাটি আছিল। সেই মাটিখিনি মনোহৰৰ দুই ভাতৃৰ মাজত ভাগ হয়। নতুন তালুকদাৰ চুপাক যোগীৰবড়িৰ মাটিখিনি আৰু পুৰণ তালুকদাৰ চুপাক গোপাল বিগ্ৰহৰ নামত বৰ্ত্তমান সভাৰখোলাৰ এটি অংশ ভগাই লয়। তাৰ আগতে ভূঞাৰ পৰিৱৰ্ত্তে তালুদাৰ উপাধি হয়। খেলটোৰ মানুহখিনিয়ে তালুকদাৰ খিতাপ লাভ কৰাত এই খেলটো তালুকদাৰথেৰ খেল হয় আৰু চুপা তিনিটাও এইদৰে গঠন হয়। ৩)কাজিথেৰ খেল— জনশ্ৰুতিমতে কাজি (বিচাৰক) কোচ ৰজাৰ ৰাজ বিষয়া এজনৰ পৰিয়াল এই ঠাইলৈ কিবা কাৰণত আহি ইয়াত থাকিবলৈ লয়। তেওঁৰ নামেৰে এই খেলটোৰ নাম কাজিথেৰ খেল হয়। কাজিবুঢ়াৰ ভায়েক যম বুঢ়াই কিছু আতঁৰত গৈ কীৰ্ত্তনঘৰ আদি সাজি তাতে থাকিবলৈ লয় আৰু তেওঁৰ নামেৰে সেই চুপাটোৰ নাম যমথেৰ চুপা হয়। কাজিবুঢ়া থকা চুপাটো কাজিথেৰ চুপা আৰু কাজিথেৰ চুপাত কিবা কাৰণত মনমালিন্য ঘটি অলপ কাতি হৈ অৰ্থাৎ কাজিথেৰ চুপাৰ কাষতে কীৰ্ত্তন ঘৰ সাজি থাকিবলৈ লোৱা মানুহখিনিৰ ঠাইখনক ‘কাতিয়াথেৰ চুপা’ বোলা হ’ল। এইদৰে কাজিথেৰ খেল আৰু সেই খেলৰ চুপা তিনিটাৰ সৃষ্টি হয় বুলি মানুহৰ মুখত শুনা যায়। ৪)তামোলীথেৰ খেল— উজনিৰ পৰা ৰাজবড়ানন্দ নামৰ এজনলোক এই ঠাইলৈ কিবা কাৰণত আহিছিল। এওঁ তামোলী বংশৰ আদি পুৰুষ। এই খেলৰ নামেৰে চুপাটোৰ নামও তামোলী চুপা হয়। এই খেলৰ পৰা কেইঘৰমান যোগীৰবড়ি চুপাত বসবাস কৰি আছে। কিছুমানলোক বাপুজী নগৰ আৰু অন্য ঠাইলৈ গৈ বসবাস কৰি আছে। ৫)শালাকাঠিয়াথেৰ খেল— জনশ্ৰুতিমতে সৰ্থেবাৰী ৰাজহুৱা বৰ গোঁসাই ঘৰত বন্তী জ্বলোৱা সামগ্ৰী শলা, কাঠি যোগান ধৰিছিল বাবে এই বৰ গোঁসাই ঘৰৰ কাষৰ খেলটোক শালাকাঠিয়াথেৰ খেল বোলা হয়।

আন এটা জনশ্ৰুতি মতে ৰাইজৰ মেলৰ জটিল বিচাৰবিলাক গনতন্ত্ৰৰ ভিত্তিত মীমাংসা কৰিবলৈ দুই তিনি বিধৰ ৰং কৰা শালাকাঠি কিছুমান যোগান ধৰিছিল। ৰাইজৰ মেলত দুই তিনিটা মতামত আহিলে এই শালাকাঠিৰ একোটা ৰং একোটা মতৰ বাবে ঘোষণা কৰি কাঠিতুলিবলৈ কয় মুখিয়ালজনে। যিটো ৰঙৰ কাঠি সংখ্যাত বেছি হ’ব সেই মতকে সিদ্ধান্ত কৰি মেল বা বিচাৰৰ ৰায় দিয়াৰ ব্যৱস্থা আছিল। এনেদৰে শালাকাঠি যোগান ধৰি মেল বিচাৰ কৰা মুখিয়াল জনৰ খেলটোক মানুহে শালাকাঠি যোগান ধৰাথেৰ খেল শেষত গৈ শালাকাঠিয়াথেৰ খেলত পৰিণত হৈছিল। এই মতটো সৰ্থেবাৰীৰ বিশিষ্ট শিক্ষাবিদ্, সাহিত্যিক প্ৰয়াত লোহিত ডেকা দেৱৰ পৰা জনা গৈছিল। শালাকাঠিয়াথেৰ খেলৰ মূল বুঢ়াজন হ’ল ‘বাহুৰাম’। দীনবন্ধু চৌধুৰীৰ সংকলিত ‘বাহুৰামৰ বংশাৱলী’ ত উল্লেখ কৰা আছে। আহোম ৰজা স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্ব কালত (১৭৭৪—১৭৪৪ খৃষ্টাব্দ) শালাকাঠিয়াথেৰ খেলৰ ‘বাহুৰামৰ’ বংশৰ সিন্ধুৰাম মাটি জৰিপৰ কামত নিযুক্ত হৈছিল। তেতিয়াৰ পৰা তেওঁক পাটোৱাৰী বোলা হৈছিল। তেওঁৰ পাছত সিন্ধুৰামৰ সতি-সন্ততি সকলেও পাটোৱাৰী উপাধিৰে পৰিচিত হয় আৰু তেওঁলোকে বাস কৰা এলেকাটোক ‘পাটোৱাৰীথেৰ চুপা’ বোলা হৈছিল। সিন্ধুৰামৰ জৰিপৰ কামত দক্ষতাৰ স্বীকৃতি স্বৰূপে স্বৰ্গদেউ শিৱ সিংহৰ পৰা এটি নামঘৰ স্থাপন আৰু পৰিয়ালৰ বসতিৰ বাবে কৰ বিহীন মাটিও লাভ কৰিছিল। বৰ্ত্তমান সৰ্থেবাৰীৰ সভাৰখোলাৰ পশ্চিম সীমাত থকা নামঘৰটোক কেন্দ্ৰ কৰি সিন্ধুৰাম পাটোৱাৰীৰ সতি-সন্ততি সকল সেই মাটিতে বাস কৰি আছে আৰু তাৰ পূৰ্বে তেওঁলোক ‘পাটোৱাৰীথেৰ চুপা’ত বসবাস কৰি আছিল। শিৱ সিংহৰ পৰা মাটি লাভ কৰাৰ পাছত সিন্ধুৰাম পাটোৱাৰীৰ নাতি-পুতিসকলৰ বাসস্থান তালৈ স্থানান্তৰিত কৰিছিল। কিন্তু শান্তিৰাম পাটোৱাৰীয়ে (এইজন শান্তিৰাম পাটোৱাৰী কবিৰাজ শান্তিৰাম পাটোৱাৰী নহয়) পাটোৱাৰীথেৰ চুপাৰ পৰা স্থানান্তৰিত হোৱা নাছিল। তেওঁৰ নাতি পুতি সকল এতিয়াও পাটোৱাৰীথেৰ চুপাতে বাস কৰি আছে। বাহুৰামৰ বংশধৰ জীউৰাম কঁহাৰে কাঠেৰে নিৰ্মিত এটা বাঘৰ ভিতৰত তেওঁ নিজে কাঁহৰ এজোৰ ভোৰতাল এনে ভাৱে স্থান কৰা হৈছিল যে, সেই বাঘটো লৰাই দিলে আচল বাঘে গিৰ্জনি কৰা যেন শুনা গৈছিল। এনে অমূল্য সম্পদটি আহোম স্বৰ্গদেউ শিৱসিংহক প্ৰদান কৰা হৈছিল। কঁহাৰৰ সেই নৈপুণ্যতাৰ স্বীকৃতি স্বৰূপে স্বৰ্গদেউ শিৱসিংহই জীউধন কঁহাৰক বৰমাৰ ওচৰৰ যমুনাট্টাৰীত ১০০ পুৰা নিস্পিখেৰাজ মাটি আৰু চৌধুৰী উপাধি প্ৰদান কৰিছিল। তেতিয়াৰ পৰা জীউধন চৌধুৰীৰ সতি-সন্ততিসকলে ‘চৌধুৰী’ বুলি পৰিচিত হোৱাৰ লগতে তেওঁলোকে বসবাস কৰা এলেকাটোক চৌধুৰী চুপা বোলা হয়। অতীজৰ পৰা এনেদৰে সৰ্থেবাৰীৰ পাঁচোটা খেল আৰু চুপা বা চুবুৰীবোৰৰ সৃষ্টি হৈছিল।

সৰ্থেবাৰীৰ কাঁহ শিল্প

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

সৰ্থেবাৰী নামৰ উৎপত্তিসৰ্থেবাৰী ৰ কাঁহ শিল্পসৰ্থেবাৰী তথ্য সংগ্ৰহসৰ্থেবাৰী বাহ্যিক সংযোগসৰ্থেবাৰী

🔥 Trending searches on Wiki অসমীয়া:

হাবুংএংকৰ ৱাটঅণুবীক্ষণ যন্ত্ৰজয়মতী (২০০৬ চলচ্চিত্ৰ)সন্ধিহেমকোষদশাৱতাৰঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাতোলনি বিয়াশাল গছকৰম পূজাঅশোক বনধানসাহিত্য অকাডেমি বঁটাজেৰুজালেমঅসমৰ ধান খেতিৰ সঁজুলিসমূহনীলিম কুমাৰদৈনিক অসমপিঠাডিব্ৰুগড়মাধৱদেৱপৰিয়ালবাথৌ পূজাঅসমৰ চাহ জনগোষ্ঠীঅসমৰ মহকুমাসমূহৰ তালিকাবৃত্তপ্ৰদূষণঅসম চুক্তিসুভাষ চন্দ্ৰ বসুছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ৰাষ্ট্ৰসংঘতেজউমানন্দবিশ্ব থিয়েটাৰ দিৱসইউকো বেংকঅসমৰ ৰাজ্যিক প্ৰতীকসমূহভঠেলিভাৰত ত্যাগ আন্দোলনসত্ৰীয়া নৃত্যৱিকিআল্লাহছক্ৰেটিছজয়মতী (১৯৩৫ চলচ্চিত্ৰ)কনকলতা বৰুৱাপবিতৰা অভয়াৰণ্যভাৰতীয় ৰেলনীলমণি ফুকন (কনিষ্ঠ)২৯ মাৰ্চমৌৰ্য সাম্ৰাজ্যঅশোক ফুলসদৌ অসম ছাত্ৰ সন্থাতিনিচুকীয়া জিলাশিৱসাগৰ পুখুৰীআন্তৰ্জাতিক নাৰী দিৱসকাৰ্বি ভাষাপঁচতি উৎসৱঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগভ্ৰাম্যমাণ থিয়েটাৰনাহৰৰমা দাশপঞ্জাবী ভাষাজাতীয়তাবাদআৰতি ছাৰিনশামুকঅসমৰ পৰম্পৰাগত খেল-ধেমালিহীৰেন গোহাঁইশিলঘাটপাল ৰাজবংশভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যলেছবিয়ানৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকৰ'নাভাইৰাছ ৰোগ ২০১৯🡆 More