বৰপেটা: অসমৰ এখন নগৰ

বৰপেটা নগৰ বৰপেটা জিলাৰ সদৰ ঠাই। এই নগৰ গুৱাহাটী চহৰৰ পৰা ৯০ কি.মি.

(৫৬ মাইল) উত্তৰ-পশ্চিম দিশে অৱস্থিত। অসম বুৰঞ্জীত বৰপেটাক “সত্ৰভূমি” বুলি জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] বৰপেটা থকা সত্ৰসমূহে শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বৈষ্ণৱধৰ্মী লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ ফাকুৱা উৎসৱ(হোলি) ইয়াৰ প্ৰধান উত্সৱ আৰু ইয়াক ধুমধামেৰে পালন কৰা হয়। হাতীদাঁতৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা হস্তশিল্প অসম বিখ্যাত। ইয়াৰ আতচবাজীৰ কাৰখানাও অসমত জনাজাত।

বৰপেটা
—  নগৰ  —
বৰপেটা: ঐতিহাসিক পটভূমি, ভৌগোলিক অৱস্থিতি, যোগাযোগ
বৰপেটা: ঐতিহাসিক পটভূমি, ভৌগোলিক অৱস্থিতি, যোগাযোগ
বৰপেটা: ঐতিহাসিক পটভূমি, ভৌগোলিক অৱস্থিতি, যোগাযোগ
বৰপেটা
বৰপেটাৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°19′N 91°00′E / 26.32°N 91.0°E / 26.32; 91.0
দেশ বৰপেটা: ঐতিহাসিক পটভূমি, ভৌগোলিক অৱস্থিতি, যোগাযোগ ভাৰত
ৰাজ্য অসম
জিলা বৰপেটা
জনসংখ্যা 41,175 (2001)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা


35 m (115 ft)

ক'ড
  • পিনক'ড • ৭৮১৩০১
    • যান-বাহনৰ নম্বৰ • As-15-X-XXXX
ৱেবছাইট barpeta.nic.in

ঐতিহাসিক পটভূমি

বৰপেটা নগৰখন ২২খন হাটীত বিভক্ত হৈ আছে, য’ত সত্ৰ পৰিচালক আৰু ভক্তসকল সপৰিয়ালে বাস কৰে। এই বিশেষত্ব অসমৰ আন কোনো ঠাইতে দেখা নাযায়। বিভিন্ন সত্ৰ আৰু মঠসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে৷ ইয়াৰে কেইখনমান প্ৰখ্যাত সত্ৰ হ’ল – বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, চূণপোৰা সত্ৰ, গণককুছি সত্ৰ, কনৰা আৰু জনীয়া আদি৷

বৰপেটা বিভিন্ন ভাষা-ভাষীৰ মানুহৰ মিলনভূমি হিচাপে বিশেষ গুৰুত্ব পাই আহিছে। আদিতে ইয়াক তাঁতীকুছি, পোৰাভিঠা, মথুৰা, বৃন্দাবন, চৌখুটীস্থান, নবৰত্ন-সভা, ইচ্ছাকুছি, পুষ্পক বিমান, কামপুৰ আৰু বৰপাটা আদি বিভিন্ন নামেৰে জনা গৈছিল। ইংৰাজ শাসনৰ অধীনলৈ অহাৰ আগেয়ে বৰ্তমানৰ বৰপেটা জিলা কোচ-হাজো আৰু আহোম সাম্ৰাজ্যৰ অবিচ্ছেদ্য অংশ আছিল। আদি কালৰেপৰা বৰপেটাই বৰ্মন (৩৮০-৬৫৪), শালস্তম্ভ বংশ (৬৫৫-৯৮৫), পাল(৯৮৫-১২৬০), কমতা(১২৬০-১৫০৯) আৰু কোঁচসকলৰ (১৫০৯ ৰ পৰা) শাসন প্ৰত্যক্ষ কৰি আহিছে যদিও কমতা আৰু কোচ শাসনৰ সময়তহে ইয়াৰ মুখ্য বুৰঞ্জীমূলক উন্নয়নসমূহ হৈছিল।

কোচৰজা নৰনাৰায়ণে তেওঁৰ ৰাজধানী ১৫৫৫ চনত বৰপেটাৰ সমীপতে বৰনগৰত(বৰ্তমানৰ সৰভোগ) স্থাপন কৰিছিল। যি সময়ত শংকৰদেৱে পাটবাউসীত সত্ৰ পাতি ধৰ্ম প্ৰচাৰৰ কামত লাগি আছিল, সেই সময়ত ৰজা নৰনাৰায়ণৰ ৰাজত্বকাল চলি আছিল। মোগলসকলৰ আগমনৰ পিছত কোচ সাম্ৰাজ্যৰ অন্ত পৰিল। বৰপেটাৰ ওচৰে-পাজৰে আহোমসকলে মোগলৰ সৈতে বহুকেইখন যুদ্ধ কৰিছিল। কেইখনমান পৰিচিত যুঁজৰ ভিতৰত জখলিখানা, ভাতেকুছিআৰু ভৱানীপুৰৰ যুঁজ উল্লেখনীয়। পিছত যুঁজত আহোমসকল পৰাস্ত হৈছিল আৰু মোগলে ক্ষমতা লৈ কামৰূপত প্ৰায় ২০ বছৰ শাসন প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ প্ৰশাসনিক আৰু কৰ সংগ্ৰহৰ দিশটো প্ৰণালীবদ্ধভাৱে সজাই তুলিছিল। কামৰূপক চাৰি ভাগত ভগাই (প্ৰতিটো ভাগক “চৰকাৰ” বোলা হৈছিল) এভাগ “চৰকাৰ’’ক কামৰূপ বোলা হৈছিল আৰু তাত বৰপেটা, ক্ষেত্ৰী, বজালী, বৰনগৰ, বাঁহবাৰী আৰু বিজনী আদি পৰাগনাত ভগাই তাকে আৰু সৰু ভাগ কৰি তাপাত বিভক্ত কৰি এজন গোমস্তাক চলাব দিছিল। প্ৰশাসনিক সুচলতাৰ বাবে প্ৰতিটো পৰগনাতালুক, লট আৰু গাঁওত ভাগ কৰা হৈছিল। পৰগনাসমূহ বৰবৰুৱা আৰু চৌধুৰীসকলৰ তলত ৰখা হৈছিল। প্ৰতিটো তালুক তালুকদাৰৰ তদাৰকত আছিল আৰু তেওঁক সহায় কৰিবলৈ ঠাকুৰীয়া, পাটোৱাৰী, কাকতি, গাঁও বৰিকা ইত্যাদি আছিল যিয়ে কৰ সংগ্ৰহৰ হিচাপ-নিকাচ ৰাখিছিল। পৰগনাৰ বিচাৰকক শিকদাৰ বুলি কোৱা হৈছিল, য’ত আমিন আৰু কনংগ ভূমি সমীক্ষা, কৰ সংগ্ৰহৰ বাবে দায়ৱদ্ধ আছিল।

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত বৰপেটা নগৰ সত্ৰৰে পূৰ্ণ এখন ধৰ্মীয় ঠাইত পৰিণত হৈছে বাবে ইয়াক বৈকুণ্ঠধাম বুলিও কোৱা হয়। আহোম ৰজা শিৱসিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনতে এই সত্ৰসমূহে মাটিৰ আবণ্টন পাইছিল। বাউসীৰ শ্বাহ মদৰৰ, বৰনগৰৰ শ্বাহ-ফকীৰৰ, ক্ষেত্ৰীৰ পাঁচ পীড়ৰ, ভেল্লাৰ চৈয়দ শ্বাহনুৰ দেৱান ফকীৰৰ মুছলিম-দৰঘাছলৈও ভূমি আবণ্টন কৰিছিল। দেৱালয়সমূহলৈও ভূমি আবণ্টিত কৰা হৈছিল আৰু এই আবণ্টনসমূহৰ কথা কপাৰ-ফলিত লিপিৱদ্ধ কৰি ৰাখিছিল, যিবোৰ বুৰঞ্জীৰ সমল হিচাপে স্বীকৃতি পাই আহিছে।

মানৰ আক্ৰমণত বৰপেটা নগৰৰ লগতে বৰপেটা সত্ৰৰো বিস্তৰ ক্ষতি হৈছিল। এই মানসকলক আঁতৰোৱাৰ বাবেই ব্ৰিটিছসকল আহিছিল। ব্ৰিটিছ অহাৰ পিছৰেপৰাই এই অঞ্চলত মৌজাদাৰী পদ্ধতি আৰম্ভ হৈছিল। ১৮৪১ চনত বৰপেটা অসামৰিক মহকুমা হৈছিল আৰু জন বাটলাৰ ইয়াৰ প্ৰশাসক হৈছিল।

স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত বৰপেটা অঞ্চলৰ বহু সংখ্যক লোকে যোগদান কৰি জেল খাটিছিল। মদন চন্দ্ৰ বৰ্মন আৰু ৰাউতা কোচ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ আছিল। উমেশ চন্দ্ৰ ব্ৰহ্মচাৰী, ধনীৰাম তালুকদাৰ, গণেশ লাল চৌধুৰী, দেৱেন্দ্ৰ নাথ উজীৰ, অক্ষয় কুমাৰ দাস, বংশীধৰ চৌধুৰী, নানামোহন মজুমদাৰ, গোলক পাঠক, সোণাৰাম চৌধুৰী, ডাঃ জিনাৰাম দাস, বিশ্বনাথ দাস, প্ৰাণেশ্বৰ দাস, অম্বিকাগিৰি ৰায়চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, মধুসুদন দাস, উপেন্দ্ৰ চন্দ্ৰ দাস, দেৱেন্দ্ৰ শৰ্মা, নৰনাৰায়ণ গোস্বামী, কবিৰাজ ঘনশ্যাম দাস, চন্দ্ৰপ্ৰভা শইসকীয়ানী এই অঞ্চলৰ প্ৰধান মুক্তিযুঁজাৰু। ১৯৩৪ চনত মহাত্মা গান্ধীয়ে আৰু ১৯৩৭ চনত জৱাহৰলাল নেহৰুৱে বৰপেটালৈ আহিছিল।

বৰপেটাৰ কলা-সংস্কৃতিৰ ভেঁটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ জৰিয়তে স্থাপন কৰিছিল। তেওঁৰ পিছত তেওঁৰ শিষ্য মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ-এ কেবাখনো সত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে এই ভেঁটি মজবুত কৰি থৈ গৈছিল।

ভৌগোলিক অৱস্থিতি

২৬.৩২ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯১.০ ডিগ্ৰী পূৱ দ্ৰাঘিমাংশত বৰপেটা নগৰ অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩৫ মিটাৰ (১১৪ ফুট)। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ইয়াৰ দূৰত্ব ৪৪ কিঃমিঃ। ব্ৰহ্মপুত্ৰৰ দুখন মূল উপনৈ চাউলখোৱা আৰু মৰানদী বৰপেটা নগৰৰ মাজেৰে বৈ গৈছে।

যোগাযোগ

বৰপেটালৈ যাবলৈ চাৰিধৰণৰ যাতায়ত ব্যৱস্থা আছে

  1. ৰেলসেৱা: নিকটৱৰ্তী ৰেল ষ্টচন বৰপেটা ৰোড্‌, দূৰত্ব ১৭ কিঃমিঃ
  2. পথেৰে: ৰাজধানী চহৰ গুৱাহাটীৰ পৰা বাছ (ডিলাক্স আৰু ছেমি ডিলাক্স) সেৱাৰ উপৰিও ৱিঙ্গাৰ সেৱাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও বৰপেটা নগৰৰ নিকটৱৰ্তী নগৰসমূহৰ সংযোগকাৰী বাছো প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে আছে
  3. বিমানসেৱা: নিকটৱৰ্তী বিমানকোঠ গুৱাহাটী
  4. জল পৰিবহণ সেৱা: নিকটৱৰ্তী ঘাট ধুবুৰী

বন্যভূমি

মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পলৈ যোৱাৰ বাবে বৰপেটাক প্ৰৱেশদ্বাৰ বুলি কব পাৰি। বৰপেটা নগৰৰ পৰা ইয়াৰ দৃৰত্ব ৪৪ কিঃমিঃ।

জন-গাঁথনি

২০০১ চনৰ লোকপিয়ল মতে বৰপেটাৰ মুঠ জনসংখ্যা ৪১,১৭৫ জন। ইয়াৰে ৫০% পুৰুষ আৰু ৫০% মহিলা। বৰপেটাৰ গড় শিক্ষিতৰ হাৰ ৮০%, যিটো ৰাষ্ট্ৰীয় শিক্ষিতৰ হাৰ ৫৯.৫% তকৈ অধিক। ইয়াৰ ভিতৰত ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মুঠ জনসংখ্যাৰ ১০% ছবছৰতকৈ কম বয়সৰ শিশু।

ঐতিহ্য আৰু সংস্কৃতি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটা নগৰৰ কৃষ্টি-সংস্কৃতিৰ ভেঁটি প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ পিছত মহাপুৰষজনাৰ শিষ্য মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱে এই ভেঁটিক টনকিয়াল কৰি থৈ গৈছিল।

বৰপেটা: ঐতিহাসিক পটভূমি, ভৌগোলিক অৱস্থিতি, যোগাযোগ 
বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ

সত্ৰ:

শংকৰদেৱ আৰু মাধৱদেৱ সহিতে তেওঁৰ শিষ্যসকলে বৰপেটাত কেবাখনো সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰসমূহক আঞ্চলিক সংস্কৃতিৰ প্ৰশিক্ষণস্থলীৰ লগতে মঠ হিচাপেও গণ্য কৰা হয়। অঞ্চলটোৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এই সত্ৰসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। যদিও এই সত্ৰসমূহ মূলতঃ বৈষ্ণৱ চিন্তাধাৰাৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল, সময়ৰ লগে লগে সত্ৰসমূহ শিক্ষা, সংগীত, নৃত্য, নাট্য, কলা, কুটীৰ শিল্প আদি বিষয় সন্নিবিষ্ট একো একোটা মুকলি সাংস্কৃতিক কেন্দ্ৰত পৰিণত হৈছে।

বৰপেটা: ঐতিহাসিক পটভূমি, ভৌগোলিক অৱস্থিতি, যোগাযোগ 
শংকৰদেৱ সত্ৰ, পাটবাউসী
বৰপেটা: ঐতিহাসিক পটভূমি, ভৌগোলিক অৱস্থিতি, যোগাযোগ 
বৰপেটা সত্ৰৰ মূল ভৱন

মইনবড়ী সত্ৰ

এই মইনবড়ী সত্ৰ কলগাছিয়া থানাৰ অন্তৰ্গত মইনবড়ীত অৱস্থিত আছিল। বানপানীত এই সত্ৰ খন ডুবিয়ো আছিল,যাৰ ফলত কালক্ৰমত এই সত্ৰ সৰভোগত স্থানান্তৰ কৰা হয়। এই সত্ৰ বৰ্তমান সৰভোগত অৱস্থিত। ম‍ইনবড়ী সত্ৰ পঞ্চদশ শতিকাৰ শেষ ভাগত শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰিয় মিত্ৰ নাৰায়ণ দাস ঠাকুৰ আতাই স্থাপন কৰিছিল।

পৰ্যটন

শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাবৰেপৰাই বৰপেটা এক ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থান হিচাপে স্বীকৃতি পাই আহিছে। এই মহাপুৰুষজনাৰ আৰু তেখেতেৰ শিষ্যসকলৰ সহযোগতে ইয়াত বহুকেইখন সত্ৰ স্থাপন কৰা হৈছিল। এই সত্ৰসমূহ দৰ্শনৰ উদ্দেশ্যে, বিশেষকৈ উত্সৱ আৰু মহাপুৰুষৰ তিথিৰ সময়ছোৱাত ইয়ালৈ বহুতো ভক্তৰ আগমন হয়। সত্ৰসমূহৰ ভিতৰত বৰপেটা , পাটবাউসী, সুন্দৰীদিয়া, সোনপুৰা, গণককুছি, কনৰা, জনীয়া আৰু মঈানবাৰী সত্ৰ (মঈন উদ্দিনে তালিকাভুক্ত কৰা) বহিৰাগতসকলে সঘনাই ভ্ৰমণ কৰা সত্ৰ। বৰপেটা নগৰী ২২খন হাটীত বিভক্ত হৈ আছে আৰু এই হাটীসমূহত সত্ৰৰ গুৰু আৰু ভক্তসকলে পৰিয়ালসহ বাস কৰে। হাটীসমূহ সত্ৰ প্ৰশাসনে পৰিচালনা কৰে। এই অনন্য বৈশিষ্ট্য অসমৰ আন কতোৱেই দেখা নাযায়। হাতীদাঁতৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা শিল্প অসম বিখ্যাত। আতচবাজী নিৰ্মাণতো বৰপেটা বিখ্যাত। বৰপেটাৰ সমীপৱৰ্তী সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্প পৃথিৱী বিখ্যাত। মটৰগাড়ী আৰু ৰেলেৰে বৰপেটালৈ যাব পাৰি। ২১ কিঃমিঃ দূৰত্বত বৰপেটা ৰোড্‌ ষ্টেচন ইয়াৰ সমীপৱৰ্তী ৰেল ষ্টেচন। বৰপেটা নগৰীৰ উত্তৰে বৰপেটা ৰোড্‌ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দেশৰ অন্যান্য প্ৰান্তৰ লগত সংযুক্ত হৈ আছে। বৰপেটাৰ ১৬ কিঃমিঃ উত্তৰে হাউলীয়ে বৰপেটাক ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰিছে। বৰপেটা আৰু গুৱাহাটীৰ মাজৰ নিয়মীয়া বাছসেৱাও আছে।

শিক্ষা

ছাত্ৰসকলৰ বাবে বৰপেটাত এক সুন্দৰ শৈক্ষিক পৰিৱেশ আছে। অসমৰ বহুকেইজন মহান ব্যক্তি ইয়াতে জন্ম গ্ৰহণ কৰিছিল। অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, বনমালী মিশ্ৰ, ডম্বৰুধৰ পাঠক, পুৰুষোত্তম দাস, বাণীকান্ত কাকতি, গুৰুপ্ৰসাদ দাস আদি সেইসকলৰ একাংশ। বৰপেটাৰ স্থানীয় ভাষা, যাক 'বৰপেটীয়া ভাষা' বুলি কোৱা হয়, তাৰ নিজস্ব কথন শৈলীৰ বাবে জনাজাত। ইয়াত সকলো স্তৰৰ শৈক্ষিক অনুষ্ঠান আছে। মাধৱ চৌধুৰী মহাবিদ্যালয়, বৰপেটা বিদ্যাপীঠ, জুৰোৰাম পাঠক ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,ছায়াৰাম উচ্চ মাধ্যমিক বিদ্যালয় , কেন্দ্ৰীয় বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়,নৱজ্যোতি মহাবিদ্যালয়, কৃষ্ণকান্ত পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়,কলগাছিয়া , বৰপেটা-বঙাইগাওঁ মহাবিদ্যালয়,লাংলা, ৰামপুৰ হাইস্কুল,আব্বাছ আলী চৌধুৰী মেমোৰিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়,বালাগাওঁ জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়,ঘুগুবাৰী বালাগাওঁ হাইস্কুল উত্তৰ-পূৱ শিক্ষা আৰু পৰিচালন একাডেমী আদি তাৰে কেইখনমানৰ উদাহৰণ। অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় 'ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়' বৰপেটা চহৰৰ যতিগাঁও অঞ্চলত অৱস্থিত। ইয়াৰ উপৰিও কলগাছিয়াত ক্ৰীড়া, শাৰিৰীক চৰ্চাৰ ব্ৰায়াম,পশু চিকিৎসালয় আছে।

ৰাজনীতি

বৰপেটা নগৰ বৰপেটা বিধানসভা আৰু বৰপেটা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমদ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আছিল। চৈয়দ আব্দুৰ ৰউফে সাংবিধানিক সমাৱেশত বৰপেটাক প্ৰতিনিধিত্ব কৰিছিল।

তথ্যসূত্ৰ

Tags:

বৰপেটা ঐতিহাসিক পটভূমিবৰপেটা ভৌগোলিক অৱস্থিতিবৰপেটা যোগাযোগবৰপেটা বন্যভূমিবৰপেটা জন-গাঁথনিবৰপেটা ঐতিহ্য আৰু সংস্কৃতিবৰপেটা পৰ্যটনবৰপেটা শিক্ষাবৰপেটা ৰাজনীতিবৰপেটা তথ্যসূত্ৰবৰপেটাঅসম বুৰঞ্জীগুৱাহাটীফাকুৱা উৎসৱবৰপেটা জিলামাধৱদেৱশ্ৰীমন্ত শংকৰদেৱৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

🔥 Trending searches on Wiki অসমীয়া:

অৰুণাচল প্ৰদেশবাণীকান্ত ৰচনাৱলীপাঠ পৰিকল্পনানৰকাসুৰবিত্তীয় ব্যৱস্থানামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পমাম্প্‌ছবৰগীতএইচ টি এম এলভাৰতৰ প্ৰধানমন্ত্ৰীৱেবছাইটজৈৱিক কৃষিজ্যোতি সংগীতঘৰলুৰিন জ্যোতি গগৈহোৱাৎছএপভীমৰাও ৰামজী আম্বেদকাৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাযোৰহাট জিলামৰিগাঁও জিলা২৫ এপ্ৰিলমুগা (ৰেচম)বৰপেটা (লোকসভা সমষ্টি)ভেঁকুৰএকচেটীয়া বজাৰমিজানুৰ ৰহমান আজহাৰীচিপকো আন্দোলনবাণীকান্ত কাকতিকলিতা জনগোষ্ঠীঅৰূপা পটংগীয়া কলিতামানুহনাৰীমামণি ৰয়ছম গোস্বামীআন্তৰ্জাতিক শ্ৰমিক দিৱসৰুক্মিণী হৰণ নাটঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাসূৰ্য (দেৱতা)ৰূপালীমফুলতথ্য প্ৰযুক্তিসৌৰভ কুমাৰ চলিহাওৰাং ৰাষ্ট্ৰীয় উদ্যাননেপালী জনগোষ্ঠীধৰ্মইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসবড়ো ভাষাতেজীমলামল্লিকা ফুলঅসমৰ মাছ ধৰা সঁজুলিখোলঅসমৰ বয়ন শিল্পভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাব্ৰিটিছ ৰাজসাহিত্য অকাডেমি বঁটাটাই সংস্কৃতিৰ ৰূপৰেখাইষ্ট ইণ্ডিয়া কোম্পানীকুলিঅম্বিকাগিৰি ৰায়চৌধুৰীঅসমৰ জনগোষ্ঠীৰীতা চৌধুৰীৰমন্যাসবাদমানৰ অসম আক্ৰমণভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যলোক-নৃত্যঅপৰিমেয় সংখ্যামিৰি জীয়ৰীসোণোৱাল কছাৰীলোকসভাসৰস্বতীমাইলছ ব্ৰনছনপতঞ্জলিবিয়া নামঅসমীয়া প্ৰতিদিনগাৰো জনগোষ্ঠীইয়াত এখন অৰণ্য আছিলপ্লেটো🡆 More