ভট্টদেৱ

ভট্টদেৱ (ইংৰাজী: Bhattadeva, ১৫৫৮ – ১৬৩৮) অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম। ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল। সেয়ে এওঁকেই প্ৰকৃতাৰ্থত অসমীয়া গদ্য সাহিত্যৰ জনকৰূপে আখ্যায়িত কৰিব পাৰি ।

ভট্টদেৱ
জন্ম বৈকুণ্ঠনাথ
১৫৫৮ খ্ৰীষ্টাব্দ
কামৰূপৰ বিজনকুছি (বৰ্তমানৰ বিচানকুছি)
মৃত্যু ১৬৩৮ খ্ৰীষ্টাব্দ
পাটবাউসী, ব্যাসকুছি সত্ৰ
পেচা কবি, অনুবাদক
ভাষা অসমীয়া

ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য। খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত কামৰূপৰ (বৰ্তমান বৰপেটা জিলাৰ বিচানকুছি) অন্তৰ্গত বিজনকুছিত জন্ম হয়। এওঁৰ পিতৃৰ নাম চন্দ্ৰ ভাৰতী। সেই কালৰ মানুহে তেওঁক ব্যাসৰ অৱতাৰ হেন জ্ঞান কৰিছিল। তেওঁ পাটবাউসী সত্ৰ আৰুব্যাসকুছি সত্ৰ স্থাপন কৰে। ইয়াতেই ১৫৬০ শক ইং ১৬৩৮ খ্ৰীষ্টাব্দত ভট্টদেৱে ইহলীলা সম্বৰণ কৰে।

সাহিত্যিক অৱদান

দামোদৰদেৱে পৰীক্ষিতনাৰায়ণৰ ৰাজৰোষত পৰি কামৰূপ ৰাজ্য এৰি কোচবিহাৰলৈ যোৱাৰ সময়ত ভট্টদেৱেক আন আন উপদেশৰ লগতে কথা ৰূপে এখন ভাগৱত ৰচনা কৰিবলৈ কয়। সেইমতেই ভট্টদেৱে টীকাভাষ্য অনুসৰণ কৰি প্ৰথম স্কন্ধ ৰচনা কৰি দামোদৰদেৱক দেখুওৱাত দামোদৰদেৱে বিশদ আৰু ব্যাপক আলোচনাৰে নিলিখি চমু আৰু সৰল কথাৰূপে দিবলৈ কয়। এই মৰ্মে ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম 'কথা-ভাগৱত' ৰচনা কৰে। ইয়াৰ পিছত ভট্টদেৱে 'কথা গীতা', 'কথা-ৰত্নাৱলী' আদি গ্ৰন্থ ৰচনা কৰে।

বিভিন্ন গ্ৰন্থসমূহ

  • কথা গীতা
  • কথা-ভাগৱত
  • কথা ৰত্নাৱলী
  • শৰণমালিকা
  • গুৰুবংশাৱলী
  • প্ৰসঙ্গমালা
  • ভক্তিসাৰ (সংস্কৃত ভাষাত ৰচিত)
  • ভক্তিবিবেক (সংস্কৃত ভাষাত ৰচিত)

উপাধি, সন্মান

ভট্টদেৱক ভাগৱতত ব্যুত্পত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিতসমাজে তেওঁক কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য এই দুটা উপাধিৰে বিভূষিত কৰিছিল।

ভট্টদেৱৰ গদ্যৰীতি

তিনিখন (কথা-ভাগৱত, কথা গীতা, কথা-ৰত্নাৱলী) অতি প্ৰসিদ্ধ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰিলেও ভট্টদেৱে দৈনন্দিন কথ্যভাষাক গ্ৰহণ কৰা নাছিল। কথ্যভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গ্ৰহণ কৰিছিল। কিন্তু কথা ভাগৱতৰ ঠায়ে ঠায়ে তেওঁৰ ৰীতি ছন্দবন্ধী হৈ পৰিছে। বাক্যবোৰ অন্ত্যনুপ্ৰাসযুক্ত আৰু শব্দাবিন্যাস ৰীতি সমযুক্ত হৈছে। ভট্টদেৱৰ বাক্যত শব্দবিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগত বিশুদ্ধ। বাক্যবোৰ চুটি চুটি আৰু সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত। তত্সম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে।

অসমীয়া গদ্যক গধুৰ ভাৱ-প্ৰকাশৰ বাহক ৰূপে ব্যৱহাৰ কৰাৰ বাবে অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভট্টদেৱৰ বিশেষ স্থান আছে।

তথ্য সংগ্ৰহ

Tags:

ভট্টদেৱ সাহিত্যিক অৱদানভট্টদেৱ বিভিন্ন গ্ৰন্থসমূহভট্টদেৱ উপাধি, সন্মানভট্টদেৱ ৰ গদ্যৰীতিভট্টদেৱ তথ্য সংগ্ৰহভট্টদেৱঅসমঅসমীয়াইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

হাড়মাৰাঠা সাম্ৰাজ্যব্যষ্টিবাদী অৰ্থনীতিজাহানাৰা শ্বাহনৱাজগেইম্‌ল'ফ্টশিৱসাগৰসূৰ্য (দেৱতা)ঢেঁকীইণ্টাৰনেটসূৰ্যমানৱ মস্তিষ্কমাদাৰ টেৰেছাঅসম সাহিত্য সভাসাহিত্য অকাডেমি বঁটাগুৱাহাটীঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাবৰগীতচৰাইমহাদেশঅসীমত যাৰ হেৰাল সীমাৰমন্যাসবাদহৰেকৃষ্ণ ডেকামাটিপৰিৱেশ অধ্যয়নভূপেন্দ্ৰ সংগীতভাৰতৰ উপৰাষ্ট্ৰপতিবুৰঞ্জীমিচিং ভাষাবসন্ত ৰোগঅসমৰ গামোচাগৌতম বুদ্ধগড়গাঁওকমলাকান্ত ভট্টাচাৰ্য্যমাধৱ কন্দলিমানচিত্ৰজীৱনৰ বাটতডিমা হাছাও জিলাকলমদন কামদেৱ দেৱালয়ড়ঈয়াৰুইঙ্গমঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকানৱকান্ত বৰুৱালোক-নৃত্যমহো-হো উৎসৱমায়ংপদুমকদমপৰম্পৰামুদ্ৰাসাহিত্যস্বাধীনতা দিৱস (ভাৰত)নন্-বাইনেৰীসংগীতবাৰেমতৰামহাভাৰতনিৰ্বাচনী চিয়াঁহীকুলধৰ শইকীয়াঅসমৰ সাধুকথাহস্তমৈথুনঅসমঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাডিম্পু বৰুৱানিমাতী কইনাযোৰানামমানৱ উন্নয়ন সূচকশিক্ষা মনোবিজ্ঞানচুটিগল্পঅনুৰাধা শৰ্মা পূজাৰীতিৱা জনগোষ্ঠীডুবাইআত্মজীৱনী🡆 More