নেপাল: এখন দক্ষিণ এছিয়াৰ দেশ

নেপালৰ (ইংৰাজী: Nepal নেপালী: नेपाल), চৰকাৰী নাম হৈছে সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল। দক্ষিণ এছিয়াত অৱস্থিত নেপাল এখন সাৰ্বভৌমত্ব ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ১৪৭,১৮১ বৰ্গ কিঃমিঃ (৫৬,৮২৭ বৰ্গ মাইল) আৰু জনসংখ্যা প্ৰায় ২.৭ কোটি। নেপালৰ উত্তৰ দিশত চীন দেশ, দক্ষিণ, পূৱ আৰু পশ্চিম দিশত ভাৰতবৰ্ষ অৱস্থিত।

Federal Democratic Republic of Nepal
सङ्घीय लोकतान्त्रिक गणतन्त्र नेपाल
সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল
নেপাল: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক অঞ্চলসমূহ
নীতিবাক্য
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी (দেৱনাগিৰি)
"Mother and Motherland are Greater than Heaven"
ৰাষ্ট্ৰীয় সঙ্গীত
Sayaun Thunga Phool Ka
ইংৰাজী: We are Hundreds of Flowers
Nepal-ৰ অৱস্থান
Nepal-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
কাঠমাণ্ডু
(নেপালী: काठमाडौं)
27°42′N 85°19′E / 27.7°N 85.317°E / 27.7; 85.317
ৰাষ্ট্ৰভাষা (সমূহ) নেপালী
স্বীকৃত আঞ্চলিক ভাষাসমূহ নেপালী ভাষা, মৈথিলী, ভোজপুৰী, থাৰু, গুৰুং, তামাং, মগৰ, অৱধী, শ্বেৰ্পা, কিৰান্তি, লিম্বু আৰু ইয়াৰোপৰি সৰ্বমুঠ ১০৩ বিধ বিভিন্ন কথিত ভাষা যাৰ সৰহ ভাগেই কমকৈ প্ৰচলিত ভাষা।

ধৰ্ম(২০১১)

হিন্দু ৮১.০৩% বুদ্ধ  ৯% ইছলাম ৪.৪% 
অন্যান্য ৫.৩%
জাতীয়তাসূচক বিশেষণ নেপালী
চৰকাৰ যুক্তৰাষ্ট্ৰীয় গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভান্দাৰী
 -  প্ৰধান মন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা
Unification
 -  সাম্ৰাজ্য ঘোষণা 21 December 1768 
 -  State declared 15 January 2007 
 -  গণতন্ত্ৰ ঘোষণা 28 May 2008 
মাটিকালি
 -  মুঠ ১,৪৭,১৮১ বৰ্গ কিমি (95th)
৫৬,৮২৭ বৰ্গ মাইল 
 -  জলভাগ (%) ২.৮ (৪,১২১ বৰ্গ কিমি)
জনসংখ্যা
 -  2010 আনুমানিক ২,৯৩,৩১,০০০'"`UNIQ--ref-০০০০০০০৩-QINU`"' (৪০th)
 -  ২০১১ লোকপিয়ল ২,৬৬,২০,৮০৯'"`UNIQ--ref-০০০০০০০৪-QINU`"' 
জিডিপি (পিপিপি) 2011 আনুমানিক
 -  মুঠ $37.795 billion 
 -  জনমুৰি 1,328 ডলাৰ 
জিডিপি (নামমাত্ৰ) 2011 আনুমানিক
 -  মুঠ 18.580 বিলিয়ন ডলাৰ 
 -  জনমুৰি 653 ডলাৰ 
জিনি সহগ? (2003–04) 47.2 (high) 
মানৱ উন্নয়ন সূচক (2011) বৃদ্ধি 0.458 (Low) (157th)
মুদ্ৰা নেপালী ৰূপী (NPR)
সময় অঞ্চল NPT (ইউটিচি+5:45)
 -  গ্ৰীষ্মকালীন (ডিএছটি) not observed (ইউটিচি+5:45)
গাড়ী চলোৱা হয় বাঁওহাতে
ইণ্টাৰনেট টিএলডি .np
কলিং ক'ড ++977

নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু আৰু ৰাষ্ট্ৰখনৰ বৃহত্তম মহানগৰ। কাঠমাণ্ডুৰ মুঠ জনসংখ্যা প্ৰায় ৫০ লাখ।

নেপালৰ উত্তৰ দিশত পৃথিৱীৰ দহটা সৰ্ব্বোচ্চ পৰ্বতৰ ভিতৰত আঠোটাই ইয়াত অৱস্থিত। পৃথিৱীৰ উচ্চতম স্থান মাউণ্ট এভাৰেষ্ট (নেপালীত সাগৰমাথা বোলা হয়) ইয়াতেই অৱস্থিত। ইয়াত ২০,০০০ ফুট (৬,০৯৬ মিটাৰ)ৰো অধিক উচ্চতাৰ ২৪০ তাৰো অধিক শৃংগ আছে। নেপালৰ দক্ষিণ অঞ্চলটো সাৰুৱা আৰু আৰ্দ্ৰ হোৱা হেতু ইয়াৰ জনবসতি বেছি।

নেপালৰ মুঠ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠই হৈছে হিন্দু ধৰ্মাৱলম্বী লোক। ইয়াৰ ৮১% নেপালী লোকেই হিন্দুবৌদ্ধ ধৰ্ম লোকৰ সংখ্যা কম যদিও এই ধৰ্মৰ ইতিহাসৰ লগত নেপাল ওতপ্ৰোতভাৱে জড়িত আছে।

নামৰ উৎপত্তি

"নেপাল" নামৰ উৎপত্তি কিদৰে হ'ল সঠিক ভাৱে জনা নাযায়। তথাপি প্ৰায়বিলাকৰ মতে "নে" অৰ্থাৎ "পৱিত্ৰ" আৰু "পাল" অৰ্থাৎ "গুহা" - এই দুটা শব্দৰ পৰা গঠিত হৈছে। অৰ্থাৎ নেপাল মানে "পৱিত্ৰ গুহা"।

ভূগোল

নেপাল: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক অঞ্চলসমূহ 
নেপালৰ ভৌগোলিক মানচিত্ৰ

নেপালৰ ভূ-প্ৰকৃতি অত্যন্ত বৈচিত্ৰপূৰ্ণ। নেপালৰ আকৃতি এটা চতুৰ্ভুজৰ নিচিনা, প্ৰায় ৮০০ কিঃমিঃ (৫০০মাইল) দৈৰ্ঘ্য আৰু ২০০ কিঃমিঃ (১২৫ মাইল) প্ৰস্থ। নেপালৰ মুঠ মাটিকালি প্ৰায় ১৪৭,১৮১ বৰ্গকিঃমিঃ (৫৬,৮২৭ বৰ্গমাইল)। ভূ-প্ৰকৃতিৰ বৈচিত্ৰ্যঅনুসৰি নেপালক তিনিটা ভাগত ভাগ কৰা হৈছে - পৰ্বত, পাহাৰ আৰু তৰাই।

প্ৰধান ভৌগোলিক অঞ্চল:

  • হিমালয় অঞ্চল
  • পাহাৰ অঞ্চল
  • তৰাই অঞ্চল

প্ৰশাসনিক অঞ্চলসমূহ

নেপাল: নামৰ উৎপত্তি, ভূগোল, প্ৰশাসনিক অঞ্চলসমূহ 
মানচিত্ৰত নেপালৰ প্ৰশাসনিক অঞ্চলসমূহ

নেপালক মূলতঃ ৫টা উন্নয়ন মণ্ডলত ভাগ কৰা হৈছে। এই উন্নয়ন মণ্ডল সমূহক পুনৰ ১৪টা প্ৰশাসনিক অঞ্চল (নেপালী: अञ्चल) আৰু ৭৫খন জিলাত (নেপালী: जिल्ला) ভাগ কৰা হৈছে।

  • পূৰ্বাঞ্চল
    • মেচী অঞ্চল
    • কোশী অঞ্চল
    • সগৰমাথা অঞ্চল
  • মধ্যাঞ্চল
    • জনকপুৰ অঞ্চল
    • বাগমতী অঞ্চল
    • নাৰায়ণী অঞ্চল
  • পশ্চিমাঞ্চল
    • গণ্ডকী অঞ্চল
    • লুম্বিনী অঞ্চল
    • ধৱলাগিৰী অঞ্চল
  • মধ্যপশ্চিমাঞ্চল
    • ৰাপ্তী অঞ্চল
    • কৰ্ণালী অঞ্চল
    • ভেৰী অঞ্চল
  • সুদূৰ পশ্চিমাঞ্চল
    • সেতী অঞ্চল
    • মহাকালী অঞ্চল

শিক্ষা

নেপালৰ কেইখনমান উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে:

  • ত্ৰিভুৱন বিশ্ববিদ্যালয়
  • কাঠমাণ্ডু বিশ্ববিদ্যালয়
  • পোখৰা বিশ্ববিদ্যালয়
  • নেপাল কৃষি আৰু বন বিশ্ববিদ্যালয়
  • পূৰ্বাঞ্চল বিশ্ববিদ্যালয়
  • খুল্লা বিশ্ববিদ্যালয়
  • মহেন্দ্ৰ সংস্কৃত বিশ্ববিদ্যালয়

নেপালৰ প্ৰায় দুই-তৃতীয়াংশ মহিলা আৰু এক-তৃতীয়াংশ পুৰুষেই হৈছে অশিক্ষিত।

তথ্য সংযোগ

বাহ্যিক সংযোগ

Tags:

নেপাল নামৰ উৎপত্তিনেপাল ভূগোলনেপাল প্ৰশাসনিক অঞ্চলসমূহনেপাল শিক্ষানেপাল তথ্য সংযোগনেপাল বাহ্যিক সংযোগনেপালইংৰাজী ভাষাএছিয়াচীননেপালী ভাষাভাৰতবৰ্ষ

🔥 Trending searches on Wiki অসমীয়া:

নিৰুপমা বৰগোহাঞিউৎপাদন (অৰ্থনীতি)ব্যক্তিত্বগুৱাহাটী (লোকসভা সমষ্টি)বাগ্‌ধ্বনিবিহুৰ বাদ্যযন্ত্ৰৰাছিয়াসাম্যবাদী সমাজন'বেল বঁটাচ'তপৰ্যটনআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিদক্ষিণ কোৰিয়াগান্ধীবাদশকুন্তলা (চলচ্চিত্ৰ)ওজাপালিএলবাৰ্ট আইনষ্টাইনমৌখিক পৰম্পৰাশিৱঅসমৰ ধান খেতিৰ সঁজুলিসমূহগৰু বিহুভট্টদেৱৰ গদ্যশৈলীৰামায়ণযোগেশ দাসকোষ (জীৱবিজ্ঞান)মহাভৈৰৱ মন্দিৰভাৰতৰ ইতিহাসপৰিবহণমামণি ৰয়ছম গোস্বামীৰ উপন্যাসগোৱালপৰীয়া লোকগীতজুনা গীতসমাৰ্থক শব্দশকুন্তলানাৰীবাদমাটিপায়ু সংগমব’হাগচি এছ এছভাওনাডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰজাপিভাৰতৰ সংবিধানঅনিৰুদ্ধহয়গ্ৰীৱ মাধৱ মন্দিৰমানৱ ভূগোলসমাসউপন্যাসকেক্‌টাছঅসমৰ বনৌষধিভট্টদেৱমহা মৃত্যুঞ্জয় মন্দিৰআন্তৰ্জাতিক শ্ৰমিক দিৱসঅসমীয়া ব্যাকৰণধুবুৰী জিলাআছ-ছাফাতপূৰ্ণিমা দেৱী বৰ্মনপৰিমেয় সংখ্যাঅসমৰ ৱেবছাইটসমূহৰ তালিকামেজিসত্ৰসংবাদ প্ৰহৰীআনন্দ চন্দ্ৰ আগৰৱালাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামেঘালয়আউনীআটী সত্ৰঋকবেদগোলকীকৰণমণিৰাম দেৱানঢোলপিতা-পুত্ৰ (গ্ৰন্থ)আহোম জনগোষ্ঠীজৱাহৰলাল নেহৰুব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ🡆 More