মহাভৈৰৱ মন্দিৰ

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মান কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া।

মহাভৈৰৱ মন্দিৰ
মহাভৈৰৱ মন্দিৰ
মহাভৈৰৱ মন্দিৰ, তেজপুৰ
মহাভৈৰৱ মন্দিৰ is located in Assam
মহাভৈৰৱ মন্দিৰ
মহাভৈৰৱ মন্দিৰ
অসমত স্থান
ভূ-স্থানাংক 26°38′N 92°47′E / 26.63°N 92.79°E / 26.63; 92.79
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা শোণিতপুৰ
এলেকা তেজপুৰ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
প্ৰধান উৎসৱ শিৱপূজা
স্থাপত্য শৈলী অসমীয়া
মহাভৈৰৱ মন্দিৰ
মহাভৈৰৱ মন্দিৰৰ শিৱলিংগ

বৰ্ণনা

পৌৰাণিক আখ্যান অনুসৰি বাণ ৰজাই ইষ্ট দেৱতা শিৱৰ পূজা-অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল।

পৰুৱা-মহাভৈৰৱ পথৰ দাঁতিত সৰু টিলা এটিৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। ইয়াৰ ভৌগোলিক অৱস্থান হৈছে উত্তৰে ২৬°অক্ষাংশ আৰু পূৱে ৯২° দ্ৰাঘিমাংশ।

আদিতে এই মন্দিৰ ভাগ শৈল নিৰ্মিত আছিল পিছত আহোম ৰাজত্ব কালত পুণৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাগি চুৰ-মাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয় বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয়।

ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰৰ নিৰ্মান কৰোৱা হয়। মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিওঁ নিয়োগ কৰিছিল, বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা মন্দিৰৰ কাম-কাজ পৰিচালিত হৈ আছে।

কথিত আছে যে এই মন্দিৰত বাণ ৰজাৰ কন্যা ঊষাই দৈনিক পূজা অৰ্চনা কৰিছিল। মন্দিৰৰ মূল নিঙ্গ ভাগৰ দৈঘ্য ৩.৩০ মিটাৰ আৰু ব্যাস ২.৩০ মিটাৰ। মন্দিৰৰত দৈনিক পূজা-অৰ্চনাৰ লগতে বিবাহ, অন্ন-প্ৰসন্ন আদিওঁ সম্পন্ন হয়। প্ৰতি বছৰে মহাশিৱৰাত্ৰী ধুম-ধামৰে অনুষ্ঠিত হৈ আহিছে। ভক্ত প্ৰাণ ৰাইজে মন্দিৰত, ছাগলী,গৰু, পাৰ আদি দান দি মুকলি কৰি দিয়ে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ৰঘুনাথ চৌধাৰীএডৱাৰ্ড জেনাৰপাচন তন্ত্ৰশুৱালকুছিমহেশ্বৰ নেওগখামটি ভাষাজোনাকী (আলোচনী)সংশয় ব্যৱস্থাপনানগাঁও জিলাবাঁহী (আলোচনী)ইষ্ট ইণ্ডিয়া কোম্পানীযোৰহাটঅসমৰ সাহিত্যিকসকলৰ তালিকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীবিশেষ্য পদতথ্য প্ৰযুক্তিপূৰবী বৰমুদৈঅসমীয়া যুক্তাক্ষৰনীলমণি ফুকন (জ্যেষ্ঠ)নৱগ্ৰহ মন্দিৰ, গুৱাহাটীতগৰবাথৌ পূজামাধৱদেৱৰামকাৰেংঘৰজলবিদ্যুৎমিচিং জনগোষ্ঠীভক্তি ৰত্নাৱলীব্ৰহ্মপুত্ৰ উপত্যকাঅৰুণাচল প্ৰদেশভূপেন হাজৰিকাৰ সাহিত্যআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পআলাবৈৰ ৰণমৰুদ্যানমে ডাম মে ফিমিয়া খলিফাভাওনাশকুন্তলা (চলচ্চিত্ৰ)কমলাকান্ত ভট্টাচাৰ্য্যপথৰুঘাটৰ ৰণআনন্দ চন্দ্ৰ আগৰৱালাবৰপেটা (লোকসভা সমষ্টি)বিত্তীয় ব্যৱস্থাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)যতীন গোস্বামীশিৱসাগৰফকৰা যোজনামাতৃভাষাৰাম বিজয়ভগ্নাংশ (গণিত)অসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)ঈয়াৰুইঙ্গমপাইথেগাৰাছজামুগুৰিহাটপদ (ব্যাকৰণ)মহমৰুভূমিঅসমৰ পোক - পৰুৱাগোৱালপৰীয়া লোকগীতঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগউমাচল শিলালিপিমহামায়া ধামভাৰতীয় নাগৰিকত্ব আইনবৰাক উপত্যকাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাচিৰ চেনেহী মোৰ ভাষা জননীকোচ ৰাজবংশীশিৱসাগৰ জিলাবিল গেট্‌ছশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাগুৱাহাটী (লোকসভা সমষ্টি)🡆 More