ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ

ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ (ইংৰাজী: Digital object identifier) বা DOI হৈছে ইলেক্ট্ৰনিক নথিপত্ৰ বা প্ৰকাশন চিনাক্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচন (International Organization for Standardization, চমুকৈ ISO)ৰ দ্বাৰা প্ৰত্যায়িত কৰা এটা নিৰ্দিষ্ট সংখ্যা। এই নম্বৰৰ সৈতে নথিটোৰ সৈতে জড়িত বিভিন্ন মেটাডাটা সংলগ্ন কৰা হয়। এই মেটাডাটাত নথিটোৰ অৱস্থান, যেনে নথিটো বিচাৰি পোৱা ইউআৰএল (URL) বা ৱেব ঠিকনা ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়। কোনো এটা নথিৰ মেটাডাটা সলনি হ'ব পাৰে যদিও তাৰ doi সংখ্যা অপৰিৱৰ্তনীয়। যিকোনো এটা নথি (যেনে কিতাপ বা লেখা) এটা doi নম্বৰৰ দ্বাৰা চিনাক্ত কৰা বা আঙুলিয়াই দিয়াটো কেৱল এটা ইউআৰএল (URL) লৈ আঙুলিয়াই দিয়াতকৈ বহুত বেছি নিৰ্ভৰযোগ্য। কাৰণ ইউআৰএল সহজে সলনি হ’ব পাৰে, আৰু তাৰ ফলত নথিটো বিচাৰি পোৱাটো কঠিন হৈ পৰে। কিন্তু যদি এটা doi নম্বৰ থাকে, প্ৰকাশকে তেতিয়া কেৱল doi নম্বৰৰ মেটাডাটাৰ পৰা ইউআৰএল আপডেট কৰিব পাৰে।

ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ
ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ
Acronym DOI
Organisation International DOI Foundation
Introduced ২০০০; ২৪ বছৰ  আগতে (2000)
Example 10.1000/182
Website www.doi.org

ইউআৰএল (URL)ৰ দৰে DOI ব্যৱস্থা সকলোৰে বাবে মুকলি নহয়। DOI সংস্থাৰ সৈতে চুক্তিবদ্ধভাৱে জড়িতসকলেহে doi নম্বৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে। আৰু এই সংযোগৰ বাবে সদস্যপদ মাচুল দিব লাগে। এই ব্যৱস্থাটো বিকশিত আৰু নিয়ন্ত্ৰণৰ বাবে কাম কৰা কেইবাটাও সংস্থা আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচনে ৰক্ষণাবেক্ষণ আৰু পথ প্ৰদৰ্শন কৰে। ২০০০ চনৰ শেষৰ ফালৰ পৰা এই ব্যৱস্থাটো প্ৰকাশৰ ক্ষেত্ৰত বিকশিত আৰু সম্প্ৰসাৰণ কৰা হৈছে। ২০১১ চনৰ এপ্ৰিল মাহলৈকে বিশ্বজুৰি প্ৰায় ৪,০০০ সংস্থাই প্ৰায় ৫০ লাখ doi নম্বৰ জাৰি কৰিছে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মৰুভূমিঅসমৰ সাধুকথাকোচ হাজোধ্ৰুৱবাদচৰাইটাই সংস্কৃতিৰ ৰূপৰেখাঅসমীয়া ভাষা আন্দোলনধেমাজি জিলাগৱেষণাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঅভয়াপুৰীৰবীন্দ্ৰনাথ ঠাকুৰবড়ো সাহিত্য সভাঅসমৰ পৰম্পৰাগত সাজ- পাৰদেউৰী জনগোষ্ঠীনগাঁওসোণোৱাল কছাৰীশিক্ষা মনোবিজ্ঞানসন্ধিফুলশিৱসাগৰৰ শিৱদৌলআহোম জনগোষ্ঠীবগীবিল দলংশীতল যুদ্ধঅসম বিধানসভাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানকোকৰাঝাৰ জিলাআনন্দৰাম বৰুৱাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅজামিলপ্ৰতিজৈৱিকঅসমৰ চিত্ৰকলাৰ ইতিহাসঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাখোলঅনুৰাধা শৰ্মা পূজাৰীনিমআজান পীৰৰ দৰগাহবন্দে মাতৰম্‌মাৰিয়া মণ্টেছৰীআমেৰিকা (মহাদেশ)ভূপেন্দ্ৰ সংগীতভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগপীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)ডিমাছা জনগোষ্ঠীলেছবিয়ানত্ৰৈলোক্য নাথ গোস্বামীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীকবিতাজোৰোণহেমাঙ্গ বিশ্বাসগঙ্গা নদীভবেন্দ্ৰ নাথ শইকীয়াদেৱদাসী নৃত্যসত্ৰীয়া নৃত্যবাথৌ পূজাশৰ্মা মন্ত্ৰীসভাপ্ৰাকৃতিক সম্পদঅস্বাভাৱিক মনোবিজ্ঞানঅসমীয়া গালি-গালাজএৰী ৰেচমবিশ্ব পশু চিকিৎসা দিৱসহনুমানৰঘুনাথ চৌধাৰীচিলাৰায়দেৱকান্ত বৰুৱাএইড্‌ছসাঁচিপাতগণতন্ত্ৰশামুককীৰ্তন-ঘোষাকাৰ্বি জনগোষ্ঠীনীলকণ্ঠী ব্ৰজঅসমীয়া বৰ্ণমালা🡆 More