মেজি

মেজি হৈছে মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দ'ম। বহু ঠাইত এনে মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়। মাঘ বিহুৰ উৰুকাৰ নিশা মেজি জ্বলাই ভেলাঘৰত ভোজ ভাত খাই আনন্দ কৰে আৰু পিছদিনা বৰ মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰাৰ ৰীতি প্ৰচলিত আছে। ইয়াৰ পৰা বিভিন্ন অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়।

মেজি
খৰিৰ মেজি

মেজি শব্দৰ উৎস

মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ "মিডি-য়ে-জি"ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ, য়ে=জুই, জি=উৰি যোৱা) পৰা সৃষ্টি হৈছিল। আনহাতে "উৰুকা" শব্দটো চুতীয়া ভাষাৰ "উৰুকুবা"ৰ(অৰ্থ=শেষ হোৱা) পৰা অহা বুলি জনা যায় কাৰণ পুহ মাহৰ এই অন্তিম দিনটোতে শস্য চপোৱাই শেষ হয়।

প্ৰচলিত লোকবিশ্বাস আৰু মেজি

ব'হাগ বিহুৰ দৰে মাঘ বিহুতো বিভিন্ন লোকবিশ্বাস জডিত আছে বা সেইবোৰক পৰম্পৰাগত ভাৱে পালন কৰি অহা হৈছে।

ফাগুন মাহত বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি চহা সমাজত বিশ্বাস আছে। বৰদৈচিলা মাকৰ ঘৰলৈ যাওঁতে বাৰীৰ গছ-বিৰিখৰ গুটিবোৰ যাতে লৈ নাযায়, তাৰ প্ৰতিৰোধৰ বাবে পুহ মাহতে অথাৎ মাঘ বিহুৰ উৰুকাৰ দিনা বাৰীৰ, বিশেষকৈ গুটি লগা গছ-বিৰিখবোৰ ধানখেৰ বা নৰাৰে বান্ধি থয। (চহা সমাজে মাঘ মাহক ‘মতামাহ’ বুলি বিশ্বাস কৰে। সেয়ে মাঘ মাহত ভঁৰা্লঘৰ নুচুৱে, পপুহতে ধান মাৰি উলিয়াই থয়; ঘৰ নাসাজে, অত্যন্ত নোৱাৰি ঘৰ সাজিলেও মূধচ নোচোৱাকৈ থৈ দিয়ে, ফাগুণতহে মূধচ চায়। বিয়া বাৰুৰ দিন ঠিক নকৰে; মাঘত ঢেঁকী চুব নাপায়, সেয়ে পুহতে ধান ঢেঁকীত বানি মাঘ মাহটোৰ কাৰণে চাউল উলিয়াই থয়, পূৰঠ যেন লগা কলঠোকা পুহতে কাটি থয়; পাণ ছিঙি কলগছৰ বুকুত ভৰাই থয়। একেটা কাৰণতে মাঘমাহত গছ নাবান্ধি পুহতে বান্ধি থয়। )

বিহুৰ দিনা পুৱা জ্বলোৱা মেজিত দিবৰ বাবে নিয়া মাহকৰাই মেজিত উৎসগা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ আনে আৰু সেইবোৰ আম-কঁঠাল, কলকল-নাৰিকল, তামোল-লাও আদি গুটি লগা গছত গুটি বেছিকৈ লাগিবলৈ ছটিয়াই দিয়ে। ভঁৰালৰ ধান সুৰক্ষিত অৱস্থাত থাকিবৰ বাবে আৰু যাতে কোনেও বাণ মাৰিব বা অপায়-অমংগল ঘটাব নোৱাৰে, তাৰ বাবেও ভঁৰাল আৰু ঘৰত সেইবোৰ ছটিওৱাৰ লগতে সমৃদ্ধিৰ কথাও ভৱা হয়। একে বিশ্বাসতে মেজিৰ আধাপুৰা খৰি আনি বাৰীৰ চাৰি চুকত পোতা হয়।

মাঘ বিহুত আলু নাখালে পাছৰ জন্মত গাহৰি হৈ আলু খান্দি খাই ফুৰিব লাগে বুলি বিশ্বাস আছে। সেয়ে মেজি পুৱাঁবৰ দিনা মেজিৰ জুইতে মিৰি আলু, গৰীয়া আলু, মোৱাচীনা আলু পুৰি খোৱাৰ নিয়ম কোনো কোনো অঞ্চলত বতি আছে।

পুৱা মেজি জ্বলোৱা হয় ৰাতি চুৰ কৰি আনি থোৱা জেওৰা খৰিৰে। লোকবিশ্বাসৰ মতে, এনেদৰে মেজি জ্বলালেহে ঠাণ্ডা আঁতৰে। সেয়ে ৰাতি ভেলাঘৰত থাকি মেজি ৰখি থকা ডেকাসকলে গৃহস্থৰ কোনোধৰণৰ অনিষ্ট নোহোৱাকৈ জেওৰা বা তেনেধৰণৰ শুকান বাঁহ চুৰ কৰি আনি তাৰে পুৱা মেজি জ্বলায়। জেওৰা বা শুকান বাহঁ কেৱল এঘৰ মানুহৰ পৰা নানে, কম কমকৈ কেইবাঘৰৰ পৰা আনে। যিকেইঘৰৰপৰা জেওৰা চুৰ কৰা হয়, তেওঁলোকে তাক ৰাইজৰ আশীবাদ বুলি ভাবে। কিন্তু হাহঁ-কুকুৰা বা বাৰীৰ শাক-পাচলি চুৰ কৰা নিয়ম কোনো কালেই নাছিল।

মেজি সজাৰ পৰম্পৰা

মাঘ বিহু ইংৰাজী বছৰৰ লেখেৰে বছৰৰ প্ৰথম আৰু অসমীয়া মাহৰ লেখেৰে বছৰৰ শেষ বিহু। চহা কৃষকৰ গভীৰ আশা আৰু প্ৰত্যয়ৰ লগতে প্ৰয়োজনৰ ভাতমুঠি যেতিয়া পথাৰৰ পৰা ভঁৰাললৈ আহে, তেতিয়াই তেওঁলোকৰ মনত সীমাহীন আনন্দই বিৰাজ কৰে। আশা কৰা বস্তুটো হাতলৈ অহাৰ আনন্দৰ পৰিণতিৰ ফলস্বৰূপেই এই বিহুৰ আয়োজন। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰা এই বিহুৰ আন এটা নাম- ভোগালী বিহু। সম্ভৱত: আকালৰ অৱসান ঘটাই আৰু ভোগৰ দিনত অহাৰ বাবেই পৰৱতী সময়ত এই উৎসৱক ‘ভোগালী বিহু’ নামেৰে নামকৰণ কৰা হৈছিল। মুলত: চহা কৃষকে আশা কৰা মতে ধান মুঠি নিজৰ হাতলৈ অহাৰ আনন্দ আৰু শীতক বিদায় দিয়াৰ উদেশ্যই এই বিহু পালন কৰা হয়। পোৱাৰ আনন্দ আৰু শীতক বিদায় দিয়াৰ বাবে পালন কৰা এই উৎসৱটোৰ উৎস সৰ্ম্পকে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত যদিও ইয়াত অনাৰ্যৰ অৱদান সকলোতকৈ বেছি। চীনৰ তিব্বতীয়-বৰ্মীয় লোক সকলে লচাৰ নামৰ এটা উৎসৱ পালন কৰে য'ত মেজি জ্বলোৱা হয়। বৌদ্ধ ধৰ্মৰ তাই লোক সকলে মকৰ সংক্ৰান্তিৰ দিনা বুদ্ধৰ নামত মেজি সাজি জ্বলাই। লোক বিশ্বাসৰ মতে এই দিনটোতে বুদ্ধদেৱে নিজৰ মৃত্যুৰ আগজাননী দিছিল। সেইবাবে মাঘ বিহুৰ পাছৰ পুৰ্ণিমাত মেজি সাজি, ভোজভাত খাই এই উৎসৱ পালন কৰিছিল বুলি জনা যায়।

মাঘ বিহুত মেজি সজাৰ নিয়ম আৰু পৰম্পৰা ঠাইবিশেষে বেলেগ বেলেগ। উজনি অসমত আৰু মধ্য অসমৰ কোনো কোনো ঠাইত বাঁহ আৰু কাঠ খৰিৰে মেজি সজা হয় যদিও গুৱাহাটীকে ধৰি নামনি অসম আৰু মধ্য অসমৰ কিছু অঞ্চলত শুকান কলপাত আৰু খেৰ-নৰা বা বিৰিণা আদিৰে মেজি সাজি জ্বলোৱা নিয়ম আছে।

খৰিৰে মেজি সজাৰ পদ্ধতি দীঘলীয়া। বিহুৰ পোন্ধৰ-বিছ দিন আগৰ পৰাই খৰি গোটোৱাৰ কাম আৰম্ভ হয়। শিৱসাগৰ জিলাত চাৰিজোপা বা এজোপা কলগছেৰে সজোৱা মেজিটো প্ৰস্তুত কৰি উলিওৱাৰ বাবে চুবুৰিটোৰ)একেটা নামঘৰতে খোৱা)প্ৰতিঘৰৰপৰা এডোখৰকৈ খৰি আনি নামঘৰৰ কাষৰ পথাৰত গোটোৱা হয়। মেজিৰ বাবে প্ৰথমে খৰিডাল নামঘৰীয়া, সাধু বা সাতোলাৰ ঘৰত কটা হয়। নামঘৰৰ মুৰব্বীজনে গাৱঁৰ আন বয়োজেষ্ঠ্যৰ সহযোগত আশীৰ্বাদ দি গছজোপাত এঘাপ মাৰি দিয়ে। তাৰ পাছত ডেকাসকলে বাকী কাম সমাধা কৰে। ঘৰে ঘৰে গৈ খৰি কাটি আনি গোটোৱাৰ পাছত সেইবোৰ ফালি শুকাবলৈ দিয়া হয় আৰু বিহুৰ উৰুকাৰ দিনা আবেলিলৈ মেজি সাজে। সাধাৰণতে এজোপা বা চাৰিজোপা মধ্যমীয়া কলগছেৰে সজা মেজিটো প্ৰথমে যোগ চিনৰ আহিত প্ৰায় এফুট বহল আৰু চাৰি-পাঁচ ইঞ্চিমান দকৈ খান্দি লোৰৰ চাৰি চুকত চাৰিজোপা কলগছ পুতে। কলগছজোপাৰ পূব আৰু পশ্চিম দিশত, কলগছৰ বাহিৰত, দুডাল কাঠৰ গড দি গছজোপাৰ ভিতৰৰ ফালে যোগ চিনৰ আহিতে খৰিবোৰ জপা হয়। জুইৰ তাপত কলগছজোপা যাতে বাহিৰৰ ফালে আঁতৰি বা হাউলি নাযায়, তাৰ বাবে প্ৰতি তিনি-চাৰি জাপ খৰিৰ অন্তৰে অন্তৰে কুমলীয়া বাহঁৰ টঙালেৰে চাৰিওজোপা কলগছ সাঙুৰি পেটাবান্ধ দিয়া হয়। মেজি জ্বলি থকা অৱস্থাতে ফুটি ডাঙৰ শব্দ হ’বৰ বাবে খৰিবোৰৰ মাজে মাজে কুমলীয়া গোটা বাহোঁ ভৰাই দিয়া হয়।

মেজি 
গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম খেলপথাৰত ভোগালী বিহুৰ মেজি।

কোনো কোনো ঠাইত পানীহিলৈৰ ব্যৱস্থা কৰে। মাত্ৰ কলগছ দি সজাৰ মেজিৰ ক্ষেত্ৰত কলগছজোপাৰ মাজতে পুতি, মেজিত জপা খৰিবোৰ ধৰি ৰাখিবৰ বাবে চাৰিওফালে চাৰিটা গোটা বাহঁ বা তামোল গছ কাটি আনি পুতি দিয়া দেখা যায়। খৰিৰ মেজি সজাৰ উল্লিখিত বিৱৰণটোৰ কিছু ইফাল সিফাল কৰি যোৰহাট, গোলাঘাট, দেৰগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি আদিটো খৰিৰ মেজি সজা দেখা যায়। গোলাঘাটৰ মহুৰামুখ আদি ঠাইত কলগছেৰে মেজি সজাৰ পৰিৱতে গোলাঘাট টাউন আৰু ইয়াৰ আশে আশে চাৰিটা গোটা বাহঁ বা তামোল পুতি ওপৰত উল্লেখ কৰাৰ দৰে খৰি জাপি মেজি সাজে।

মেৰাপানীত মেজিটোৰ ওপৰত, এডাল সৰু বাহঁত ধেনু-কাডঁক ভীষ্মৰ প্ৰতীক হিচাপে লোৱা হয়। ডিব্ৰুগড় জিলাৰ মানকটা আদি ঠাইত কেৱল ৱাঁহেৰে মেজি সজা দেখা যায়। জিলাখনৰ কোনো ঠাইত কলগছ পুতি খৰিৰ মেজি সাজে। যোৰহাটতো চাৰিটা বাহঁৰ খুটা বা তামোলৰ খুটাঁ পুতি খৰিৰ মেজি সাজে বুলি জনা গৈছে। আগৰ দিনত খৰিৰ অভাৱ নাছিল বাবে মেজিবোৰ বহু ওখকৈ(দহ পোন্ধৰ ফুট) সজা হৈছিল। মেজি কোনে কিমান ওখকৈ সাজিব পাৰে, তাৰো অঘোষিত(আনন্দৰ) প্ৰতিযোগিতা চলিছিল। মেজিবোৰ ওপৰলৈ ক্ৰমান্বয়ে সৰুকৈ সজা হৈছিল। উজনিৰ খৰিৰ মেজিৰ পৰিৱতে নগাৱঁৰ কোনো কোনো ঠাইত মৰিগাঁও, গুৱাহাটী আৰু কামৰূপ, নলবাৰী, বৰপেটা, শোণিতপুৰ আদিত শুকান কলপাত, খেৰ, নৰা বা বিৰিণাৰে মেজি সজাৰ নিয়ম আছে। এই মেজি সাজিবৰ বাবে কলপাত, বিৰণা, খেৰ বা নৰাৰ উপৰিও গোটা বাহঁ আৰু বা কামী প্ৰয়োজন হয়। নলবাৰী জিলাত প্ৰথমে মূল বাহঁটো থিয়কৈ পুতি সেইটোক কেন্দ্ৰ কৰি, তাৰ পৰা চাৰি-পাচঁ ফুট আতঁৰত, সমান দূৰত্বত, বৰ্গক্ষেত্ৰাকাৰে হাঁদ-ছটা বাহঁ অলহ হেলনীয়াকৈ(যাতে বাহঁকেইটাৰ আগলৈ মূল বাহঁটোৰ আগত লাগে। )পুতি ওপৰফালে মূল বাহঁটোৰ আগত বন্ধা হয়। ইয়াৰ প্ৰতিটো বাহঁৰ আগত ডাল-পাত থাকে। চাৰিওফালে পোতা বাহঁকেইটাৰ মোজত, মূল বাহঁটোৰ চাৰিওফালে অৱশিষ্ট দীঘল-চুটি আন বাঁহ বা আগ, জেং আৰু ডাল-পাত অথবা আন সৰু-সুৰা খৰিৰ লগতে শুকান কলপাতেৰে প্ৰথমে মেজিটোৰ ভিতৰৰ অংশ পূৰোৱা হয়। তাৰ পাছত সেইবাৰৰ ওপৰত নৰা বা খেৰ জাপি দি দৌলৰ দৰে সুন্দৰকৈ সজাই তোলা হয়।

কোনো কোনো অঞ্চলত কেৱল শুকান কলপাতেৰে অথবা নৰাৰে মেজি প্ৰস্তুত কৰে। নগাঁও, মৰিগাওঁ আদিত আকৌ প্ৰথমে গোটা বাঁহ পুতি লৈ তাক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে বাহঁৰ কামিৰে, দৌল আকৃতিৰ এটা জঁকা তৈয়াৰ কৰি, তাত নৰা বা বিৰিণা বান্ধি দি মেজি সাজাৰ নিয়ম আছে। কোনো কোনো ঠাইত মেজিটো ধুনীয়া দেখাবলৈ মূৰত বিৰিণাৰে এপাহ ফুল সাজি লগাই দিয়ে। এই খেৰৰ মেজিবোৰ দহৰ পৰা বিছফুট পৰ্যন্ত ওখকৈ সজা হয়।

নামনি অসমৰ খেৰৰ মেজিৰ চৰে শিৱসাগৰ, ডিব্ৰুগড় আদিৰ কোনো কোনো ঠাইত মূল কাঠৰ মেজিটোৰ কাষতে এটা দীঘল বাহঁত নৰা বা শুকান কলপাত বান্ধি এটা মেজি সজা হৈছিল। ইয়াক মেজিৰ ককায়েক বোলা হৈছিল। উৰুকাৰ সন্ধিয়া প্ৰীতিভোজ খোৱাৰ পাছত এই মেজি জ্বলাই সকলোৱে জুই পুৱায়।

আনহাতে ৰাতি মেজি ৰাখিবলৈ কাষতে এটা ভেলাঘৰো সজা হৈছিল। এই ভেলাঘৰতে ডেকাসকলে গোটেই ৰাতি জুই পুঁৱাই মেজি ৰখে। কাহিলীপুৱাতে ভেলাঘৰ জ্বলাই, সেই জুইৰে গা গৰম কৰি গা ধুবলৈ যায় আৰু তিতাই-তিয়নিয়ে আহি ৰাতি চুৰ কৰি আনি, মোটাকৈ বান্ধি থোৱা শুকান জেওৰা খৰিৰে মেজি জ্বলায়।

সামাজিকস্তৰত বা লোকাচাৰৰ দিশৰ পৰা অনুসন্ধান কৰিলে বুজা যায়, খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়। হাতী-মহে আহি জনপদ সমূহত অত্যাচাৰ কৰে আৰু পকা ধান আৰু শস্য বিনষ্ট কৰে। যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটায় ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে। পিছলৈ ইয়ে বিৱৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায়।

তথ্য সংগ্ৰহ

Tags:

মেজি শব্দৰ উৎসমেজি প্ৰচলিত লোকবিশ্বাস আৰু মেজি সজাৰ পৰম্পৰামেজি তথ্য সংগ্ৰহমেজিমাঘ বিহু

🔥 Trending searches on Wiki অসমীয়া:

পীতাম্বৰ কবিএকচেটীয়া বজাৰশাল গছভাৰতত বাল্য বিবাহগুণমালাভিটামিনঅখণ্ড সংখ্যাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯অভিধানজ্যোতিপ্ৰসাদ আগৰৱালাচ্যু-খ্ৰং-ফামাটিৰ হিচাপবৌদ্ধ দৰ্শনডিম্বেশ্বৰ নেওগচিৰ চেনেহী মোৰ ভাষা জননীধানঅসমৰ জিলাসমূহপৰিৱেশ অধ্যয়নৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগজোনবিৰি (অলংকাৰ)বধকাব্যসম্ৰাট অশোকবুলু ফিল্মমাঘ বিহুসেউজ গৃহ প্ৰভাৱভাৰতৰ জাতীয় পতাকাযোগাসনঅসমৰ মন্ত্ৰ-সাহিত্যবীজগণিতপবিতৰা অভয়াৰণ্যঅসমীয়া যুক্তাক্ষৰশ্ৰীমদ্ভগৱতগীতাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানপাঠ পৰিকল্পনাঅসমলৈ মুছলমান সকলৰ প্ৰবজনৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছবজ্ৰাংগী আইআৰ. এম. এছ. টাইটানিকৱাশ্বিংটন ডি.চি.জতুৱা ঠাঁচব্যাকৰণজাতীয়তাবাদবিৰিঞ্চি কুমাৰ বৰুৱাপিঠাবাটৰ নাটঅগ্নিগড়বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যচাহেবপুৰাৰ বৰষুণৱিকিপিডিয়াসৰ্থেবাৰীশোভা ব্ৰহ্মসনজীদা খাতুনঅসমীয়া উপন্যাসনিৰ্ম্মল ভকতযোৰানামবাংলাদেশৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘসাঁচিগছহিচাপবিদ্যাশব্দ প্ৰদূষণচীনা সাম্যবাদী বিপ্লৱগোপীনাথ বৰদলৈসংগীতঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবৰপেটাপঞ্জাবী ভাষাকৰম পূজাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালযতি-চিনলিংগভটিমাৰমজান🡆 More