প্ৰাচীৰ পত্ৰিকা

প্ৰাচীৰ পত্ৰিকা হ'ল বিজ্ঞপ্তি ফলকত প্ৰকাশিত এক বিশেষ ধৰণৰ সাময়িকপত্ৰ; বিশেষকৈ কোনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে সমূহীয়া প্ৰচেষ্টাৰে দায়িত্বৰ ভাগ বতৰা কৰি নিজৰ প্ৰবন্ধ, কবিতা, অঙ্কন তথা অন্যান্য ৰচনা প্ৰকাশ কৰে। প্ৰাচীৰ পত্ৰিকাৰ ইংৰাজী প্ৰতিশব্দ wall magazine, ইয়াক দেৱাল পত্ৰিকা বা দেৱালিকা বুলিও কোৱা হয়। প্ৰাচীৰ বা দেৱালত এই পত্ৰিকা ওলোমাই ৰখা হয় বাবে ইয়াক প্ৰাচীৰ পত্ৰিকা বা দেৱাল পত্ৰিকা বুলি কোৱা হয়। অসমত আশীৰ দশকৰ পৰা বিদ্যালয়সমূহত প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা কাম আৰম্ভ কৰা হয়৷ প্ৰাচীৰ পত্ৰিকাসমূহত আৰু হাতেলিখা আলোচনীসমূহত শিক্ষাৰ্থীৰ সাহিত্য প্ৰতিভাৰ অংকুৰণ ঘটে৷ শিক্ষানুষ্ঠানৰ বাহিৰে আন কিছুমান সাহিত্য চৰ্চা কেন্দ্ৰতো প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা হয়৷ তেনেদৰে প্ৰস্তুত কৰা নিখিল বঙ্গ সাহিত্য সন্মিলনৰ হাফলং শাখাৰ প্ৰাচীৰ পত্ৰিকা হ’ল “বনলতা’’৷

প্ৰাচীৰ পত্ৰিকা
কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ২০১৯ বৰ্ষৰ প্ৰাচীৰ পত্ৰিকা।

প্ৰাচীৰ পত্ৰিকাৰ বৈশিষ্ট্য

প্ৰাচীৰ পত্ৰিকাৰ কিছু বিশেষ বৈশিষ্ট্য থকা দেখা যায়৷ (১) এখন বৃহৎ আকাৰৰ কাগজৰ এপিঠিত এই পত্ৰিকাৰ লেখাসমূহ সন্নিৱিষ্ট কৰা হয়৷ (২) লেখাসমূহ হাতৰ আখৰেৰে লিখা হয়৷ (৩) বিভিন্ন ৰং আৰু নক্সাৰ সহায়ত চকুতলগা কৰি সজোৱা হয়৷ (৪) লেখাসমূহ তেনেই চুটি কৰা হয়৷ (৫) প্ৰাচীৰ পত্ৰিকা কোনো শিক্ষানুষ্ঠান বা কাৰ্যালয়ৰ বেৰত ওলোমাই ৰখা হয়৷ শৈক্ষিক বিকাশৰ বাবে শিক্ষাৰ্থীসকলৰ মাজত প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতাও হয়৷ বহু বিদ্যালয়ত বিভিন্ন শ্ৰেণীসমূহৰ মাজত প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতা পতা হয়৷ ইয়ে শিক্ষাৰ্থীৰ মনত সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত নতুন উদ্যম আনে৷

কেইখনমান উল্লেখযোগ্য প্ৰাচীৰ পত্ৰিকা

শিক্ষানুষ্ঠানবোৰেই ঘাইকৈ প্ৰাচীৰ পত্ৰিকা সৃষ্টিৰ মূল ঠাই, কাৰণ শিক্ষানুষ্ঠানতেই সাহিত্য সৃষ্টিৰ আশাৰে নতুন পুৰুষে ন ন চিন্তাৰ প্ৰকাশ ঘটায়৷ অসমৰ বহু লিখক সাহিত্যিকৰ সাহিত্য জীৱনৰ আৰম্ভণি স্কুলীয়া কালতেই হৈছিল আৰু এইবোৰ প্ৰকাশ পাইছিল হাতেলিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকাত৷ মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, আদি লেখকসকলৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল বিদ্যালয়ত থকা কালতেই৷ তথাপি কিছুমান বিশেষ সংস্থা বা অনুষ্ঠানেও তেওঁলোকৰ নীতি-আদৰ্শ প্ৰতিফলিত হোৱাকৈ কিছুমান পত্ৰিকা প্ৰস্তুত কৰে৷ তেনে কিছুমান প্ৰাচীৰ পত্ৰিকা পৰৱৰ্তী সময়ত মুদ্ৰিত আলোচনীৰ ৰূপ গ্ৰহণ কৰে৷ তেনে এখন প্ৰাচীৰ পত্ৰিকা হ’ল, বৰপেটাৰ “যুৱ সাহিত্য চক্ৰ’’ৰ “যাত্ৰীক’’; যিখন পেৱৰ্তীকালত মুদ্ৰিত ৰূপত প্ৰকাশ পাইছিল৷ উঠি অহা প্ৰজন্মৰ মাজত নতুন সাহিত্য সৃষ্টিৰ প্ৰেৰণা স্বৰূপে প্ৰাচীৰ পত্ৰিকাসমূহক মূল্যায়ন কৰিব পাৰি৷ আধুনিক ইলেক্ট্ৰনিক ছপা মাধ্যমৰ বহুল প্ৰসাৰৰ সময়তো হাতেলিখা প্ৰাচীৰ পত্ৰিকাৰ জনপ্ৰিয়তা নকমাটো লক্ষ্য কৰিবলগীয়া৷ কেইখনমান উল্লেখযোগ্য প্ৰাচীৰ পত্ৰিকাৰ নাম তলত দিয়া হ’ল৷ প্ৰাচীৰ পত্ৰিকা, নগাওঁ ( ১৯৮০ চন); জ্যোতি, বাঘমাৰা (১৯৮০ চন); প্ৰাচীৰৰ প্ৰতিধ্বনি, দিশপুৰ (১৯৮০ চন); ৰাজপথৰ কণ্ঠ, গুৱাহাটী, (১৯৮০ চন); লুইত, কনিহা (১৯৮০ চন); ন-সুৰুয, গুৱাহাটী (১৯৮০ চন); প্ৰাচীৰ পত্ৰিকা, যোৰহাট (১৯৮০ চন); সন্ধানী, বাদুলীপাৰ; ৰূপালীম, গুৱাহাটী (১৯৮১ চন); সেতু বন্ধন, নাহৰকটীয়া (১৯৮১ চন); চেমনীয়াৰ চিঞৰ, গুৱাহাটী (১৯৮২ চন) আদি৷

তথ্য সূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ৰাষ্ট্ৰসংঘলং ৱাক টু ফ্ৰীডমবাণীকান্ত কাকতিহিন্দ স্বৰাজঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিজুবিন গাৰ্গপাঠ্যক্ৰমদেৱকান্ত বৰুৱাবধকাব্যইলোৰা গুহাসমূহধাতুব্ৰহ্মপুত্ৰ উপত্যকাঅসহযোগ আন্দোলনঅসম বিধানসভামাজুলীভূতাপীয় শক্তিপৰ্যটননাৰায়ণদেৱঁ (চন্দ্ৰবিন্দু)ভূগোলবেংক অৱ বৰোদাপ্ৰযুক্তিশিক্ষাৰ অধিকাৰগীতাৱলী ৰাজকুমাৰীশব্দ (অভিধান)ভাৰতৰ স্বাধীনতা আন্দোলনভাৰতীয় নাগৰিকত্ব আইনভাৰত ৰত্নমনকৰআহোম ৰাজ্যপ্ৰাৰ্থনা সমাজমৌলানা আব্দুল হামিদ খান ভাসানীছ'ভিয়েট সংঘডিমাছা জনগোষ্ঠীইটাখুলিৰ ৰণখাজুৰাহোনলবাৰী জিলাআত্মসহায়ক গোটবৰপেটা জিলামহাযানপদ্মনাথ গোহাঞি বৰুৱামে ডাম মে ফিপুতলা নাচগৌতম বুদ্ধঅসম বৈভৱ বঁটাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅম্বুবাচীভিটামিনশিৱনাথ বৰ্মনগুপ্ত সাম্ৰাজ্যঅৰুণ শৰ্মাঊষাগুণমালাতিনিচুকীয়া জিলাবিজয় (অভিনেতা)বিহু নৃত্যকাছকৰ'নাভাইৰাছ ৰোগ ২০১৯বৃশ্চিক (ৰাশি)গগনাসেউজ গৃহ প্ৰভাৱচিলাৰায়বাঁহীআৰ্লিং হালেণ্ডঅসম আৰক্ষীডিব্ৰুগড়অসমীয়া উপন্যাসনগেন শইকীয়াউৎসেচকনগাঁও কুইজ ফ'ৰামৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘডিম্বেশ্বৰ নেওগফলৰ তালিকাদেও লাংখুইঅণুবীক্ষণ যন্ত্ৰভাষাজ্ঞানপীঠ বঁটা🡆 More