কোমলদেহী প্ৰাণী

কোমলদেহী প্ৰাণী (ইংৰাজী: Mollusca) হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব। এই পৰ্বৰ অধিকাংশ সামুদ্ৰিক প্ৰজাতি। ইয়াৰে অধিকাংশ অগভীৰ জলত বাস কৰে। এই পৰ্ব সকলোতকৈ বৃহত্তম সামুদ্ৰিক অমেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি। এই পৰ্বত প্ৰায় ৮৫,০০০ প্ৰজাতি আছে।

কোমলদেহী
জীৱাশ্ম কাল: Ediacaran or Cambrian - Recent
কোমলদেহী প্ৰাণী
Caribbean reef squid, Sepioteuthis sepioidea
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Mollusca
Linnaeus, 1758
কোমলদেহী প্ৰাণী
চাইপ্ৰিয়া, কউৰী। কোমলদেহী বোৰৰ ভিতৰত প্ৰায় ৮০% প্ৰজাতি হৈছে গেষ্ট্ৰ'পদৰ অন্তৰ্গত।

নামকৰণ

কোমলদেহীৰ ইংৰাজী mollusc আৰু mollusk দুয়োটা শব্দ ফৰাচী mollusque শব্দৰ পৰা আহৰণ কৰা হৈছে, ফৰাচী শব্দটোৰ মূল হৈছে লেটিন শব্দ molluscus, ইয়াৰ অৰ্থ mollis, কোমল। Molluscus শব্দটো এৰিষ্টটলτὰ μαλάκια ta malákia (কোমল; < μαλακός malakós "কোমল") শব্দৰ পৰা লোৱা হৈছে, ইয়াৰ দ্বাৰা তেঁও inter alia কাটলফিছক বুজাইছিল। কোমলদেহী সম্পৰ্কে কৰা বৈজ্ঞানিক অধ্যয়নক মালাক'লজি (malacology) বুলি কোৱা হয়।

আদিতে মলাছক'ইড (Molluscoida) শব্দটো ব্ৰাংকিঅ'পদ, ব্ৰাঅ'জৱা আৰু টিউনিকেট নামৰ কোমলদেহীৰ সৈতে কিছু পৰিমানে মিল থকা তিনিটা গোট অন্তৰ্ভূক্ত প্ৰাণী জগতৰ এটা বিভাগৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান সময়ত, এই গোট সমূহৰ সৈতে কোমলদেহীৰ কোনো সম্পৰ্ক নাই, আৰু এটাৰ সৈতে আনটোৰ অতি কম সম্পৰ্ক আছে, সেইবাবে বৰ্তমান মলাছক'ইড শব্দটো ব্যৱহাৰ কৰা নহয়।

বৈশিষ্ট্য

ইহঁতৰ দেহ কোমল। কোমল দেহটো কঠিন খোলাৰ দ্বাৰা আবৃত। পেশীবহুল নিম্নাংশৰ সহায়ত ইহঁতে চলাচল কৰে। বহিঃত্বক, হাঁওফাঁও বা ফুলৰ সহায়ত শ্বাসকাৰ্য সমাপন কৰে। ইহঁত বৈচিত্ৰপূৰ্ণ প্ৰাণী। ইহঁতৰ অধিকাংশই সামুদ্ৰিক। ছেলোমেট,অধিকাংশ দ্বিপাশ্বীয় প্ৰতিসম। ৰক্তত হিম'চায়ানিন (haemocyanin) আৰু এমিব'চাইট (amoebocyte) কণিকা থাকে। দেহত মেণ্টেল নামৰ পাতল আৱৰণ থাকে।

বিচিত্ৰতা

কোমলদেহী প্ৰাণীৰ অন্তৰ্গত আনুমানিক প্ৰায় ৫০,০০০ ৰ পৰা ১২০,০০০ জীৱিত প্ৰজাতি আছে। ১৯৬৯ চনত ডেভিদ নিকলে প্ৰায় ১০৭,০০০ জীৱিত প্ৰজাতি আছে বুলি অনুমান কৰিছিল। ইয়াৰ ভিতৰত প্ৰায় ১২,০০০ প্ৰজাতি আছিল স্বচ্ছ পানীৰ গেষ্ট্ৰ'পদ আৰু ৩৫,০০০ প্ৰজাতি আছিল মাটিত বাস কৰা কোমলদেহী। তুলনামূলক ভাবে প্ৰায় ১৪% কোমলদেহী বাইভালভিয়া শ্ৰেণীৰ অন্তৰ্গত আৰু বাকী পাঁচটো শ্ৰেণীৰ জীৱিত কোমলদেহী প্ৰায় ২%তকৈও কম। ২০০৯ চনত চাপমেনৰ তথ্য মতে জীৱিত কোমলদেহীৰ সংখ্যা প্ৰায় ৮৫,০০০। ২০০১ চনলৈকে প্ৰায় ৯৩,০০০ প্ৰজাতিৰ নামকৰণ কৰা হৈছিল, ইয়াৰ ভিতৰত নামকৰণ কৰা সকলো সাগৰীয় জীৱৰ ২৩% অন্তৰ্ভূক্ত আছিল। জীৱিত প্ৰাণীৰ ভিতৰত কোমলদেহী হৈছে সন্ধিপদী প্ৰাণীৰ পিছতেই দ্বিতীয় বৃহৎ জৈৱ গোট।

শ্ৰেণীবিভাজন

কোমলদেহীৰ অন্তৰ্গত শ্ৰেণী সম্পৰ্কে বিভিন্ন মত পোষণ কৰা দেখা যায়; উদাহৰণ স্বৰূপে, তলৰ তালিকাত সাতটা জীৱিত শ্ৰেণী, আৰু দুটা বিলুপ্ত শ্ৰেণী প্ৰদৰ্শন কৰা হৈছে। তথাপি সিহঁতক এটা ক্লেড বুলি কব পৰা নাযায়, কিছুমান পুৰণি পদ্ধতিত কাউড'ফভিটা আৰু ছলেন'গেছটাৰ নামৰ শ্ৰেণী দুটাক একেলগে এপলেক'ফৰা নামৰ শ্ৰেণীত ৰখা হৈছিল। সাধাৰণতে চিনাক্ত কৰা দুটা "শ্ৰেণী" জীৱাশ্মৰ পৰাহে জনা গৈছে।

শ্ৰেণী প্ৰধান জীৱ জীৱিত প্ৰজাতি বিতৰণ
গেষ্ট্ৰ'পডা সকলো শামুক আৰু কুমজেলেকুৱা, যেনে abalone, limpet, conch, nudibranchs, sea hare, sea butterfly আদি ৭০,০০০ সাগৰীয়, স্বচ্ছ পানী, মাটি
বাইভালভিয়া clams, oysters, scallops, geoducks, mussels ২০,০০০ সাগৰীয়, স্বচ্ছ পানী
পলিপ্লেকফ'ৰা কাইটন ১,০০০ শিলাময় জোৱাৰ−ভাটা অঞ্চল আৰু সাগৰ পৃষ্ঠ
চেফাল'পডা squid, octopus, cuttlefish, nautilus, spirula ৯০০ সাগৰীয়
স্কেফ'পডা টাষ্ক (tusk) খোলা ৫০০ সাগৰীয় ৬ − ৭০০০ গভীৰতাত
এপ্লেকফ'ৰা কৃমি-সদৃশ প্ৰাণী ৩২০ সাগৰপৃষ্ঠৰ ২০০ − ৩০০০ মিটাৰ গভীৰতাত
মন'প্লেকফ'ৰা টুপী−সদৃশ খোলা যুক্ত কোমলদেহীৰ সৈতে পুৰণি সম্বন্ধীয় ৩১ সাগৰপৃষ্ঠৰ ১৮০০ − ৭০০০ মিটাৰ গভীৰতাত; এটা প্ৰজাতি ২০০ মিটাৰ (৬৬০ ফুট)
ৰষ্ট'কনকিয়া † জীৱাশ্ম; সম্ভৱতঃ বাইভালভৰ পূৰ্ৱসূৰী বিলুপ্ত সাগৰীয়
হেলচিনেল'ইডা † জীৱাশ্ম; শামুক-সদৃশ প্ৰাণী, যেনে Latouchella বিলুপ্ত সাগৰীয়

এই গোট সমূহৰ উচ্চ পৰ্যায়ৰ শ্ৰেণীবিভাজন এতিয়াও সমস্যাজৰ্জৰ। শেহতীয়া অধ্যয়ন মতে মনফাইলেটিক এপ্লেক'ফৰাই পলিপ্লেক'ফৰাৰ সৈতে এটা ক্লেড সৃষ্টি কৰে। ইয়াৰোপৰি, বাইভালভিয়া আৰু গেষ্ট্ৰপডাৰ এটা ভগ্নী গোট সম্পৰ্ক আছে বুলি অধ্যয়নে কব বিচাৰে। টেম্টাকুলিয়েটাও কোমলদেহীৰ অন্তৰ্ভূক্ত বুলি কব পাৰি।

তথ্য সংগ্ৰহ

Tags:

কোমলদেহী প্ৰাণী নামকৰণকোমলদেহী প্ৰাণী বৈশিষ্ট্যকোমলদেহী প্ৰাণী বিচিত্ৰতাকোমলদেহী প্ৰাণী শ্ৰেণীবিভাজনকোমলদেহী প্ৰাণী তথ্য সংগ্ৰহকোমলদেহী প্ৰাণীOceanঅমেৰুদণ্ডী প্ৰাণীইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ময়ূৰ বৰাশৰৎচন্দ্ৰ চট্টোপাধ্যায়কেঁচুগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাসংযুক্ত মুক্তি বাহিনী, অসমকলিমাবচন (ব্যাকৰণ)প্ৰকৃতিভাৰতৰ জাতীয় পতাকাসৰ্বশিক্ষা অভিযানশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰঘিলাধাৰী ঘাটৰ সন্ধিঢোলকোচ ৰাজবংশীঅগ্নিগড়বসন্ত ৰোগতথ্য জনাৰ অধিকাৰ আইন, ২০০৫যতি-চিনমুদ্ৰাপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনচুটিগল্পবিশ্ব বেংকঅসমীয়া লিপিৰ বুৰঞ্জীচম্পু কাব্যইয়াত এখন অৰণ্য আছিলজাপানঅসম আৰক্ষীঅসমৰ ৰাজ্যিক প্ৰতীকসমূহতামোলমনোমতীচিলনীউষ্ণতাছক্ৰেটিছসন্ধ্যাৰাগ (চলচ্চিত্ৰ)মোৰো এটা সপোন আছেবেদবতাহসোণোৱাল কছাৰীডিম্পু বৰুৱাগৱেষণাকিলোগ্ৰামপৃথিৱীৰ বায়ুমণ্ডলকলসদৌ অসম ছাত্ৰ সন্থাবেণুধৰ শৰ্মাঅৰুণোদইকীৰ্তন-ঘোষাসেউজ গৃহ প্ৰভাৱকামৰূপ জিলাআহোম ৰাজবংশমৌখিক পৰম্পৰাভবেন্দ্ৰ নাথ শইকীয়াপলাশীৰ যুদ্ধনৱ-বৈষ্ণৱ ধৰ্মমাছবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যনৱবিধা ভক্তিকৃত্ৰিম বুদ্ধিমত্তাঅসম বৈভৱকম্পিউটাৰশ্ৰী সূৰ্য পাহাৰলিঅ'নাৰ্ড' দা ভিন্সিচ'তগ্ৰেইজ এনাটমীসাত বিহুচ্যু-পাত-ফানাৰীবাদশ্বেৰণ শ্ৱেলজবাৰ্গঅণুবীক্ষণ যন্ত্ৰচাণক্যআত্মজীৱনীঅসম সাহিত্য সভানগা জনগোষ্ঠীহোলোঙাপাৰ গিবন অভয়াৰণ্যমদন কামদেৱ দেৱালয়🡆 More