চ্যু-পাত-ফা

চাওফা চ্যু-পাত-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜄𑜫 𑜇𑜡, ইংৰাজী: Supatphaa, শাসনকাল: ১৬৮১ - ১৬৯৬), বা গদাধৰ সিংহ অসমৰ ২৯তম চাওফা (স্বৰ্গদেউ) আছিল। তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠা কৰে, আহোম সাম্ৰাজ্যৰ অন্ত পৰালৈকে এই ফৈদে অসমত শাসন কৰি যায়। তেওঁ চুহুংমুংৰ উত্তৰ পুৰুষ গোবৰ ৰজাৰ পুত্ৰ আছিল। গোবৰ ৰজা মাত্ৰ ২০ দিনৰ বাবে ৰাজপাটত উঠিছিল। গোবৰ কোঁৱৰ বিজ্ঞ আৰু সাংসাৰিক কাৰ্য্যত সুনিপুণ আছিল ; সেইবাবেই তেওঁ নিজৰ সন্তানসকলকো সৰুৰে পৰাই নৈতিক বল আৰু বাহুবল দুয়োফালৰ পৰাই বিচক্ষণ কৰি তুলিব পাৰিছিল। আগতে গদাপাণি বুলি জনাজাত, গদাধৰ সিংহই শৰাইঘাটৰ যুদ্ধ জয় কৰাৰ পাছত আহোম সাম্ৰাজ্যৰ অস্থিৰতা দূৰ কৰি এখন সুস্থিৰ ৰাজ্য স্থাপনত সফল হৈছিল। ইয়াৰ আগৰ সময়চোৱা ল’ৰা ৰজা চুলিকফাৰ শাসনকাল দেবেৰা বৰবৰুৱা আৰু লালুক সোলা বৰফুকনৰ অত্যাচাৰী শাসনৰ সময় আছিল এই সময়তে গুৱাহাটীও প্ৰায় হেৰুৱাব লগা হৈছিল, গদাধৰ সিংহ স্বৰ্গদেউ হৈ নিজ ৰণ-কৌশল আৰু ৰাজনৈতিক বলেৰে সকলোকে দমাই চিৰকালৰ বাবে গুৱাহাটীক মোগলৰ পৰা নিজৰ হাতলৈ আনে। পাছত গদাধৰ সিংহৰ বৈষ্ণৱ সত্ৰ সমূহৰ সৈতে কিছু মতবিৰোধ হয় সেইসময়তে তেওঁ শাসনৰ বাঘজৰী পুত্ৰ ৰুদ্ৰ সিংহক দিয়ে, যি সময়ত সাম্ৰাজ্য খ্যাতিৰ শিখৰত প্ৰতিষ্ঠিত হয়। গদাধৰ সিংহৰ শাসনকালত ৰাজ্যৰ ৰাজধানী আছিল বৰকলা। তেওঁ চৈধ্য বছৰ কাল আহোম ৰাজ্যত শাসন কৰি প্ৰায় আঢ়ৈ কুৰি বছৰ বয়সত স্বৰ্গগামী হয়।

চাওফা চ্যু-পাত-ফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜄𑜫 𑜇𑜡
চাওফা
অসমৰ ৰজা
১৬৮১ - ১৬৯৬
পৰবৰ্তী চাওফা চ্যু-খ্ৰং-ফা
কুঁৱৰী জয়মতী (বৰকুঁৱৰী), ৱাটলং আঙয়া (সৰু কুঁৱৰী)
সম্পূৰ্ণ নাম
চাওফা চ্যু-পাত-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম

শাসনকাল

গদাধৰ সিংহ বা গদাপাণি আছিল গোবৰ গোহাঁইৰ পুত্ৰ, ১৬৭৫ চনত গোবৰ গোহাঁইক দেবেৰা বৰবৰুৱাই স্বৰ্গদেউ পাতে। তেওঁ মাত্ৰ ২০ দিনৰ বাবে ৰজা হয়, তাৰ পাছত দেবেৰা বৰবৰুৱা, আতন বুঢ়াগোহাঁইৰ হাতত পৰাস্ত হয় আৰু গোবৰ ৰজাক মৃত্যুদণ্ড দিয়া হয়। ১৬৭৯ চনত আতন বুঢ়াগোহাঁইলালুক সোলা বৰফুকনে হত্যা কৰে আৰু "ল’ৰা ৰজা"ক সিংহাসনত বহুৱাই নিজে আহোম সাম্ৰাজ্যৰ শাসনকৰ্তা হৈ পৰে। এই সময়চোৱাত নিজৰ স্থান সুৰক্ষিত কৰিবৰ বাবে, লালুক সোলা বৰফুকনে ৰজা হ’ব পৰা আহোম কোৱঁৰ সকলৰ অংগক্ষত কৰা আৰম্ভ কৰে। ইয়াৰ পৰা বাচিবলৈ গদাপাণি কোৱঁৰে নগাপাহাৰত আত্মগোপন কৰি থাকে। এতিয়াৰ ম’ন জিলাৰ আশে পাশে গদাপানিয়ে আত্মগোপন কৰিছিল। এই সময়চোৱাতে তেওঁৰ পত্নী জয়মতীক ল’ৰা ৰজা আৰু লালুকসোলা বৰফুকনে অত্যাচাৰ কৰি হত্যা কৰে। ইয়াৰ পাছতে গদাপাণিয়ে ল’ৰা ৰজাক হত্যা কৰি আহোম ৰাজ্য নিজৰ দখললৈ আনে আৰু তেওঁৰ শাসনকালৰ আৰম্ভ হয়।

তথ্য সংগ্ৰহ

উৎস প্ৰসংগ

  1. Konyak, N. Nyejat (2019) (en ভাষাত). Indian Journal of Tai Studies (Vol. XIX). ISSN 0975-5233. 

বাহ্যিক সংযোগ

Tags:

চ্যু-পাত-ফা শাসনকালচ্যু-পাত-ফা তথ্য সংগ্ৰহচ্যু-পাত-ফা উৎস প্ৰসংগচ্যু-পাত-ফা বাহ্যিক সংযোগচ্যু-পাত-ফাঅসমআহোম ভাষাআহোম সাম্ৰাজ্যআহোম ৰাজবংশইংৰাজী ভাষাগুৱাহাটীগোবৰ ৰজাচাওফাচুহুংমুংলালুক সোলা বৰফুকনল’ৰা ৰজাশৰাইঘাটৰ যুদ্ধসত্ৰস্বৰ্গদেউ

🔥 Trending searches on Wiki অসমীয়া:

বহুমূত্ৰ ৰোগকেঁচুবাথৌ পূজাৰাতি বিহুহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)পুৰাণগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাছুনামিচামেলি মেমচা'বকানাই বৰশী বোৱা শিলালিপিপ্ৰথম বিশ্বযুদ্ধচম্পু কাব্যবেংগালুৰুসত্যনাথ বৰানৰেন্দ্ৰ মোদীসাঁচিপাতএকে লিংগৰ বিবাহপথেৰ পাঁচালীগোপীনাথ বৰদলৈতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অসমৰ সাহিত্যিকসকলৰ তালিকাভাৰতীয় জনতা পাৰ্টিমাতৃভাষাপলিনেছিয়াৰ শ্ৰুতিকথাঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকা২৯ মাৰ্চআঙুৰলতা ডেকাদীপলিনা ডেকামৌখিক ইতিহাসৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানউইলিয়াম শ্বেইকছপীয়েৰনিৰুপমা বৰগোহাঞিৰামমোহন ৰায়ৰামধেনুঅসমৰ জিলাসমূহপৰ্যাবৃত্ত তালিকাআনন্দৰাম ঢেকিয়াল ফুকনমানৰ অসম আক্ৰমণশ্ৰীমন্ত শংকৰদেৱ বঁটাহেমকোষকামৰূপ জিলাঅসমৰ মন্ত্ৰ-সাহিত্যসন্ধিসাত বিহুবিঘানীলপৱন বৰুৱাকুলিহেম সৰস্বতীঅসমৰ জনগোষ্ঠীঅণুবীক্ষণ যন্ত্ৰঅসমৰ চাহ জনগোষ্ঠীভূ-বিজ্ঞানঅসমীয়া ভাষা আন্দোলনপ্ৰকৃতিদেৱকান্ত বৰুৱামৰাণ জনগোষ্ঠীফাট বিহুচিপাহী বিদ্ৰোহ ১৮৫৭মৈদামবহনক্ষম উন্নয়নৰ লক্ষ্যসাহিত্যভাস্কো দা গামাজাপিহংকংঅসমৰ ৰাজ্যিক প্ৰতীকসমূহনীতি আয়োগউত্তৰ আমেৰিকাসাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকাআৰ্টিমিচবৰপেটা সত্ৰপিঠাচকলংবিশ্ব খাদ্য কাৰ্যসূচীচেংগিজ খানমণিপুৰ সংঘৰ্ষ ২০২৩🡆 More