মিচিং নৃত্য আৰু গীত মাত

এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।

ভাব প্ৰকাশৰ বাবে কথাৰে তথা দেহৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে এজনে আন এজনৰ লগত মত বিনিময় কৰাটোৱেই কালক্ৰমত নৃত্য বা নাচৰ ৰূপ ললে বুলি সচৰাচৰ জনা যায় । মানুহৰ মনৰ আবেগজনিত বিভিন্ন কাৰকক অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে প্ৰকাশ কৰা ভঙ্গীমাকে নৃত্য বুলিব পাৰি যি সমাজ আৰু সংস্কৃতিৰ লগতে সময়ৰ সৈতে পৰিৱৰ্তনৰ খোজ মিলাই নিজৰ স্বকীয় ভঙ্গীমা বিলাক পৰিৱৰ্তন ঘটাই পৰিচয় লাভ কৰে সংগীত কলাৰ এটা প্ৰধান উপাদান স্বৰূপে । মিচিং নৃত্যও ইয়াৰ পৰা পৃথক নহয় ।

মিচিং ভাষাত নৃত্যক “পাকচং” বা “মাকচং” বোলে । কিন্তু সৰ্বসাধাৰণতে মিচিং লোকসকলে কৰা মিচিং বিহুক “চ’মান” মানেৰেহে জনা যায় । নৃত্য, প্ৰত্যয়, ধেমালি, আনন্দ আদিৰ মাজতে আবদ্ধ থাকে চ’মান বা আমি জনা মিচিং বিহু । পৰিবেশন ৰীতি আৰু পৰিবেশৰ ওপৰত ভিত্তি কৰি মিচিং বিহুক মুলত তিনিটা ভাগত ভগাব পাৰি আৰু সেয়া হ’ল ধৰ্মীয়, বিশ্ৰামমূলক আৰু কৃষি উংসৱমূলক ।

ধৰ্মীয় নৃত্য

মিচিং সমাজত ধৰ্মীয় লোকবিশ্বাস বা পূজা-পাতলক কেন্দ্ৰ কৰি কৰা নৃত্যবোৰেই হ’ল ধৰ্মীয় নৃত্য । মিচিং সকলৰ ধৰ্মীয় কামকাজ সম্পাদন কৰা পুৰোহিত জনক “মিবু” নামেৰে সম্বোধন কৰা হয় । তেওঁ জীৱকুল, তৰু-তৃণ তথা জন্ম-জন্মান্তৰৰ কথা প্ৰকাশ কৰিবলৈ যি নৃত্য কৰে তাকে “মিবু দাগনাম” নামেৰে জনা যায় । আনহাতে, মিচিংসকলৰ ধৰ্মীয় উংসৱ “পঃৰাগ”ত মিবুৱে ৰাইজৰ সামগ্ৰিক মঙ্গলৰ কাৰণে ধৰ্মীয় মঙ্গল আদি চাই তিনিকালৰ কথা কৈ ডেকা-গাভৰুক লগত লৈ নচা নৃত্যও ধৰ্মমূলক নৃত্যৰ ভিতৰতে পৰে যাক “মিবু চুমনাম” বুলি কোৱা হয়।

বিশ্ৰামমূলক

নোৰঞ্জনৰ বাবে আজৰিপৰত মিচিংসকলে কৰা নৃত্যই হ’ল বিশ্ৰামমূলক নৃত্য । মিচিংসকলে পৰম্পৰাগত উৎসৱৰ ওপৰিও ফুৰা-চকা কৰিবলৈ ক’ৰবালৈ গ’লে ডেকা-গাভৰুৱে একেলগে নাচে । এই নাচবোৰ সচৰাচৰ ডেকা-গাভৰুৰ আমোদ-প্ৰমোদৰ নাচ আৰু ইয়াত ধৰ্মীয় নৃত্যৰ দৰে কোনো নীতি নিয়ম পালিত নহয় । তথাপি তিনিটা বিষয়ৰ ওপৰত একাদিক্ৰমে এই নৃত্য কৰা হয় । সেয়া হৈছে প্ৰথমতে “ঐনিতম” গাই নচা, দ্বিতীয়তে কৃষ্টিমূলক আৰু তৃতীয়তে অসমীয়া ভাওনাৰ ভংগীমাৰে নচা “বাউনাং নাচ । অসমীয়া ভাওনাৰ পদচালন মুদ্ৰা আৰু অংগী-ভঙ্গীৰ আৰ্হিত নচাৰ বাবে সম্ভৱত ইয়াৰ নাম বাউনাং ।

অসমত অঞ্চল বিশেষে বসবাস কৰা মিচিং সকলৰ বিশ্ৰামমূলক বা আমোদ-প্ৰমোদৰ নৃত্যৰ ধৰণ সুকীয়া । কিছূ অঞ্চলত মিচিং গাভৰুৰ “আৰাম চ’মান” (কাঁহী নৃত্য) বেশেষভাবে চাবলগীয়া । ৬ ৰ পৰা ৮ গৰাকী নাচনীয়ে একেলগে আৰাম চ’মানৰ বাবে বজোৱা বিভিন্ন ঢোল-তাল তথা বাদ্যৰ চেৱে চেৱে ছন্দ মিলাই পৰিবেশন কৰা কাঁহী নাচ উল্লেখযোগ্য । ধেমাজি জিলাৰ জোনাই, বিজয়পুৰ আদি অঞ্চলত কেইবা প্ৰকাৰৰো বিশ্ৰামমূলক নাচ দেখা যায় যিবোৰ অন্যান্য মিচিং বসতিপ্ৰধান অঞ্চলত দেখা নাযায় । বৈশিষ্ট্যপূৰ্ণ এই নৃত্য বা নাচ বিলাকৰ ভিতৰত উল্লেখ কৰিব পৰা নৃত্যটো হ’ল “আজুক তাপুং নাচ” । “তাপুং”ৰ অৰ্থ হ’ল বাঁহী । আজুক তাপুং মিচিং সকলৰ এটা পুৰণি লোকবাদ্য । লাওৰে নিৰ্মিত এই আজুক তাপুংৰ কেইবাটাও প্ৰকাৰ আছে। যেনে- দাৰিকি তাপুং, তুম্ব তাপুং ইত্যাদি । আজুক তাপুং নৃত্যত বেলেগ কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয় কেৱল আজুক তাপুং বজায়েই নৃত্য কৰা হয় যাৰ হৃদয় বিদাৰক সুৰে নৃত্যটিক দিয়ে এক সুকীয়া মাত্ৰা ।

কৃষি উংসৱমূলক

প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিংসকলে পালন কৰা “আলি আয়ে লৃগাং” হ’ল মিচিং সমাজৰ প্ৰধান কৃষিভিত্তিক উংসৱ । শস্য বা বীজ ৰোপনৰ পিছত সেইদিনা আবেলি ডেকা-গাভৰুৱে মিলি গাঁৱৰ মুখিয়ালজনৰ (যাক “গাম” বুলি জনা যায়) ঘৰত প্ৰথমে নাচ আৰম্ভ কৰি একে ৰাতিৰ ভিতৰতে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ নাচ-গান কৰি পুৱাৰ ভাগত শেষ কৰে । আজি কালিৰ মিচিং গাওঁবোৰত জনবসতি ঘন হোৱাৰ হেতু সপ্তাহজুৰি সেই লৃগাং নৃত্য কৰে যাৰ আন এটা নাম হ’ল “গুমৰাগ চ’মান” বা গুমৰাগ নৃত্য । এই নৃত্যত বাদ্যযন্ত্ৰ হিচাপে ঢোল , তাল, লানং (বৰকাঁহ) আৰু মাৰবাং নামৰ বাদ্য ব্যৱহাৰ কৰা দেখা যায় । লৃগাং নৃত্য সচৰাচৰ হুঁচৰিৰ দৰেই বুলিব পাৰি । ঢুলীয়া, তালিয়া তথা অন্যান্য বাদ্যযন্ত্ৰ বজোৱা লোকসকলৰ গীত মাতৰ লগতে নাচনীয়ে হুঁচৰিৰ দৰে মিচিং ভাষাৰে "ললে" গীত পদ গাই নৃত্য আৰম্ভ কৰে যাৰ বিষয়বস্তু হ’ল জীৱন ধাৰণৰ আনন্দ তথা ৰং ৰহইচ । গুমৰাগ নৃত্যৰ প্ৰাৰম্ভিক ঢোলৰ চেওৰ এক ব্যতিক্ৰমী বৈশিষ্ট হ’ল যে ই নাচৰ চেও বা চাপৰৰ লগত নিমিলে । ধেমেলীয়া কথাবতৰাৰে মিচিং লোকসকলে কৰা নৃত্যটো হ’ল “চেলল’য়া নৃত্য। এই নৃত্যটো ডেকা-গাভৰুৱে একেলগে বিশেষ গীত গাই গাই নৃত্য কৰে । চেলল’য়া নৃত্যত শেষৰফালে মাটিত হাত চপৰিয়াই তাল ৰাখি নচা দেখা যায় ।

সমাজ গঠনৰ পৰিৱৰ্তনশীল প্ৰক্ৰিয়াটোৰ মাজত মিচিংসকলৰ পৰম্পৰাগত নাচৰ আমুল পৰিবৰ্তন ঘটিছে । গুমৰাগ নৃত্যত আজিকালি জীৱন ধাৰণৰ বাবে কৰা বিভিন্ন কাৰ্য্য যেনে কোৰ মৰা, ধানৰ বীজ সিচা, ধান কটা, কান্ধত ডাঙৰি কঢ়িওৱা, ধানমৰা, ধান খুন্দা, চালনিৰে চাউল চলা ইত্যাদিৰ লগতে গা ধোৱা, চুলিত তেল সনা আদিবোৰ ভঙ্গীমাৰে প্ৰকাশ কৰা দেখা যায় ।পুৰণি গুমৰাগ নাচক আধাৰ হিচাপে লৈ সৃষ্টিমূলক সংযোজনসমুহে ইয়াক যথেষ্ট পৰিমানে আমোদজনক কৰি তোলে । মিচিং নাচ সমুহৰ প্ৰত্যেকৰে সুকীয়া বৈশিষ্ট্য আছে যদিও ইয়াৰ এটা দীশ মন কৰিবলগীয়া যে এই নৃত্যসমূহত নাচনীয়ে নাচৰ মাজত কোনো গীত বা বচন নাগায় তথা চকু আৰু ডিঙিৰ অঙ্গী-ভঙ্গীৰে গীতৰ কথাৰ অৰ্থ প্ৰকাশ নকৰে আৰু এই দুটা অংগ প্ৰায় শিথিল হৈ থকায়েই দেখা যায় ।

মিচিং নৃত্যত দেখা কৃষি আৰু জীৱনৰ কৰ্মৰাজিৰ নিখুত উপস্থাপন যথেষ্ট বৈশিষ্ট্যপূৰ্ণ।

তথ্য সংগ্ৰহ

আৰু চাওক

বাহ্যিক সংযোগ

Tags:

মিচিং নৃত্য আৰু গীত মাত ধৰ্মীয় নৃত্যমিচিং নৃত্য আৰু গীত মাত বিশ্ৰামমূলকমিচিং নৃত্য আৰু গীত মাত কৃষি উংসৱমূলকমিচিং নৃত্য আৰু গীত মাত তথ্য সংগ্ৰহমিচিং নৃত্য আৰু গীত মাত আৰু চাওকমিচিং নৃত্য আৰু গীত মাত বাহ্যিক সংযোগমিচিং নৃত্য আৰু গীত মাত

🔥 Trending searches on Wiki অসমীয়া:

ভট্টদেৱৰ গদ্যশৈলীপ্ৰকৃতিধ্বনিবিজ্ঞানজেৰুজালেমঅসম সাহিত্য সভাইছলামভবেন্দ্ৰ নাথ শইকীয়াকাৰেংঘৰনীতি আয়োগৰুক্মিণী হৰণ নাটভাৰতৰ ৰাষ্ট্ৰপতিবাল্য বিবাহ নিষেধ আইন, ২০০৬জুবিন গাৰ্গঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাব্যাকৰণলভিতাশিৱসাগৰ জিলাকাৰ্বি জনগোষ্ঠীচিলাৰায়আধুনিকতাবাদবৌদ্ধ ধৰ্মআনন্দৰাম বৰুৱাধুবুৰী জিলাহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যসাঁচিপাতৰ পুথি (উপন্যাস)কনকলতা বৰুৱাৰঘুনাথ দাস মহন্তবৰদলৈ ট্ৰফীৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘপুতলা নাচগোলকীয় উষ্ণতা বৃদ্ধিআৰ্যভট্টবিশ্ব বাণিজ্য সংস্থাৰম্বাছহিন্দু ধৰ্ম৯ জুনভাৰতীয় শিল্পকলাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাযোগাসনবৈচাগুনেপালী জনগোষ্ঠীশিৱসাগৰনগেন শইকীয়াআউনীআটী সত্ৰঅসমত দেখা চৰাইবোৰকোচ ৰাজবংশযোৰানামসনজীদা খাতুনলোকগীতনীলমণি ফুকন (জ্যেষ্ঠ)নিৰুপমা বৰগোহাঞিনগাঁও কুইজ ফ'ৰামগোলাঘাট জিলাৰাম গগৈবৰাইল পৰ্বতজালিয়ানৱালাবাগৰ হত্যাকাণ্ডকমতা ৰাজ্যসত্য প্ৰসাদ বৰুৱামহা মৃত্যুঞ্জয় মন্দিৰলোকসভাৰ অধ্যক্ষধাতুশিৱসাগৰ পুখুৰীশৰাইঘাট দলংসমাজনামঘোষাশ্ৰীমদ্ভগৱতগীতাৰমন্যাসবাদবিষ্ণুপ্ৰসাদ ৰাভাসাঁচিগছএশিঙীয়া গঁড়পাল ৰাজবংশগোলকীকৰণঅসমীয়া সাহিত্যভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য🡆 More