গুমৰাগ

গুমৰাগ (ইংৰাজী: Gumrag) অসমত বাস কৰা মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য৷ মিছিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাংত এই নাচ নচা হয়৷ আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ৷ প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়৷ মিচিং ভাষাত ‘আলি’ৰ অৰ্থ হৈছে ‘বীজ’, ‘আঃয়ে’ মানে হৈছে ‘ফল’ আৰু ‘লৃগাং’ মানে হৈছে ‘সিঁচা’। এই সময়তে, আহুধানৰ বীজ সিঁচাৰ শুভাৰম্ভণিৰ আলি আই লৃগাঙত গুমৰাগ নচা হয়৷ এই নাচক মিছিংসকলে “গুমৰাগ পাক্চ চঃনাম’’ বুলি কয়৷ নৰাছিগা বিহু বা পঃৰাগ উৎসৱতো গুমৰাগ নাচ পৰিৱেশন কৰা হয়৷ এই উৎসৱত মিছিংসকলে শস্য সিঁচাৰ আৰম্ভণিৰ উলাহতে সকলোৱে মিলিজুলি সমূহীয়াকৈ ভোজ-ভাত খাই নৃত্য-গীত পৰিৱেশন কৰে৷ ঘৰৰ গৃহস্থই আগবেলা পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰে আৰু ডেকাসকলে সন্ধিয়া ঘৰে ঘৰে গৈ ৰঙালী বিহুৰ হুঁচৰিৰ দৰে পদূলিয়ে পদূলিয়ে গুমৰাগ চঃমেন নৃত্য-গীত পৰিৱেশন কৰে টকা-সিকা বা খাদ্যসম্ভাৰ লৈ গৃহস্থই সেৱা কৰে৷ গুমৰাগ নাচৰ দলে গৃহস্থক বছৰটোলৈ আশীৰ্বাদ দিয়ে৷

গীত-বাদ্য

গুমৰাগ নাচ ঐনিতমৰ সুৰৰ তালে তালে নচা হয়৷ গুমৰাগ নাচৰ ঐনিতমৰ উপৰি “লালে গীত’’ নামৰ এবিধ বৈশিষ্ট্যপূৰ্ণ ধৰ্মীয় গীতৰ প্ৰচলন আছিল৷ নতুন চামৰ মাজত এই গীতৰ প্ৰচলন কমি গৈছে৷ ইয়াৰ লগত সংগত কৰা বাদ্যসমূহ হ’ল, ঢোল, পেঁপা, গগণা, বৰকাঁহ, তাল আদি৷ জনবিশ্বাস প্ৰচলিত আছে যে, আলি আই লৃগাঙত গুমৰাগ নানাচিলে আৰু বৰকাঁহ নবজালে বৰষুণ নহয় আৰু শস্যৰ বীজ নগজে৷ সেয়ে, মিছিং ডেকা-গাভৰুৱে পথাৰত জাবৰ পুৰি, দলি-চপৰা ভাঙি, কোৰেৰে মাটি চহাই ঐনিতম গাই যায় আৰু গুমৰাগ নাচি আহুধানৰ বাবে ধৰালৈ বৰষুণ নমাই আনে৷ এই নৃত্যত পুৰণিকলীয়া লীনং আৰু মাৰাবাং নামৰ বাদ্যও সংগত কৰা হয়৷ গুমৰাগ নাচৰ ঢোলৰ চেওঁ হ’ল “গুমৰাগ গুমৰাগ, কাদু কাদু গুমৰাগ৷ আলি আই গুমৰাগ, কাদু কাদু গুমৰাগ’’৷

সাজ-পাৰ

নাচত ডেকা-গাভৰু উভয়ে অংশগ্ৰহণ কৰাৰ উপৰি সকলো বয়সৰ লোকে নৃত্যস্থলীত সমবেত হয়৷ গুমৰাগ নাচত মিছিং ডেকাসকলে পুৰুষৰ জাতীয় সাজ মিবু গালোগ্ আৰু গনৰ, উগন দুমেৰ নামৰ জাতীয় সাজ পিন্ধে আৰু গাভৰুসকলে মহিলাৰ মিছিং জাতীয় সাজ ৰিঃবি গাচেং, গাপা গাঃৰে আদি পৰিধান কৰে৷

নৃত্য ভংগী

গুমৰাগ নাচ যিহেতু ঘাইকৈ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙত পৰিৱেশন কৰা হয়, সেয়ে এই নৃত্যৰ ভংগীমায়ো কৃষিৰ বিভিন্ন কৰ্মক প্ৰকট কৰে৷ নাচৰ ভংগীত মাটি চহ কৰা, কঠিয়া তোলা, ভূঁই ৰোৱা, তাঁত বোৱা, ধান কটা, শস্য পথাৰত হালি-জালি থকা, কুলাৰে ধান জৰা আদি কথা বৰ্ণিত হয়৷ এনে ধৰণৰ মুদ্ৰাক মিছিং ভাষাত “দাকেঃ-কেঃনাক’’ বুলি কোৱা হয়৷ গাঁৱৰ কোনো মুখীয়াল মানুহ এঘৰত গুমৰাগ নাচৰ আৰম্ভণি কৰা হয় আৰু তাৰ পাছত ঘৰে ঘৰে পৰিৱেশন কৰে৷ এই নৃত্যত গীততকৈ নাচৰ প্ৰাধান্য বেছি৷ ডেকা-গাভৰু আটায়ে শাৰী শাৰীকৈ বৃত্তাকাৰে থিয় দি নাচে৷ কোৱা হয় যে, লৃগাঙত নচা নৃত্য গীতৰ সৈতে সংগত কৰা গীত আৰু ঢোলৰ চেওঁ তেওঁলোকে আন উৎসৱ পাৰ্বনত ব্যৱহাৰ নকৰে৷ গুমৰাগ নাচ উৰ্বৰতা বৃদ্ধি আৰু ঐন্দ্ৰজালিক ক্ৰিয়াৰে সমৃদ্ধ৷

তথ্য সূত্ৰ

Tags:

গুমৰাগ গীত-বাদ্যগুমৰাগ সাজ-পাৰগুমৰাগ নৃত্য ভংগীগুমৰাগ তথ্য সূত্ৰগুমৰাগইংৰাজী ভাষামিছিং

🔥 Trending searches on Wiki অসমীয়া:

তাল (বাদ্যযন্ত্ৰ)ৰঘুনাথ চৌধাৰীচৰক সংহিতাভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰাতি বিহুঅসম বিধানসভাসাপভটিমাদেওপাহাৰপৰিৱেশ বিজ্ঞানগান্ধীবাদখাদ্য সুৰক্ষাপুঁজিবাদসম্পাদনাপঞ্চায়তী ৰাজযোৰহাট জিলাৰ ইতিহাসপথেৰ পাঁচালীমদন কামদেৱ দেৱালয়নাৰীবাদপৰ্যাবৃত্ত তালিকানিমাতী কইনাঅন্নপ্ৰাশনবুৰঞ্জী সাহিত্যএলবাৰ্ট আইনষ্টাইনঅপৰিমেয় সংখ্যাআহোম ৰাজবংশপৰিয়ালকবিতাবেদউইলিয়াম শ্বেইকছপীয়েৰসোৱণশিৰি নদীঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাচৈয়দ আব্দুল মালিকআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাদুৰ্যোগউৎপাদন (অৰ্থনীতি)প্ৰাক-ইতিহাসভাস্কৰ (প্ৰথম)এচিদ বৰষুণঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাকালিদাসহুঁচৰিইয়াত এখন অৰণ্য আছিলভাৰতৰ জাতীয় পতাকাৰামআন্তৰ্জাতিক মানৱ অধিকাৰ আইনঅসমৰ জাতীয় গীতজয়মতী কুঁৱৰীঅসমবাণিজ্যঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলশিক্ষা মনোবিজ্ঞানভঠেলিৰাষ্ট্ৰসংঘহিন্দী ভাষানলবাৰী জিলাতিৱা জনগোষ্ঠীএহাত ডাবাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাআহোম ৰাজ্যচৰাইপাৰিজাত হৰণ নাটমৌখিক ইতিহাসতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অসমৰ বাঁহ-বেতৰ শিল্পহিমাংশু প্ৰসাদ দাসসাম্যবাদবাল্য বিবাহৰাজনীতিঅসমৰ ইতিহাস🡆 More