শিলঘাট: অসমৰ নগাঁও জিলাৰ এখন চহৰ

শিলঘাট (ইংৰাজী: Silghat) হৈছে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত এখন চহৰ। নগাঁও চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৫২ কিলোমিটাৰ। শিলঘাটত থকা অন্যতম আকৰ্ষণীয় ঠাইসমূহ হৈছে হাতীমূৰা মন্দিৰ, কামাখ্যা দেৱালয়, ত্ৰিশূলধাৰী মন্দিৰ, সামন্তগিৰি আদি। শিলঘাটত এটি মৰাপাটৰ কলো আছে।

শিলঘাট
Silghat
—  চহৰ  —
শিলঘাট Silghat is located in Assam
শিলঘাট: শ্ৰীশ্ৰী কামাখ্যা দেৱালয়, অশোকাষ্টমী মেলা, অসম সমবায় মৰাপাট কল
শিলঘাট
Silghat
ভাৰতঅসমত শিলঘাটৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°14′26″N 92°31′17″E / 26.24046°N 92.52136°E / 26.24046; 92.52136 92°31′17″E / 26.24046°N 92.52136°E / 26.24046; 92.52136
Country শিলঘাট: শ্ৰীশ্ৰী কামাখ্যা দেৱালয়, অশোকাষ্টমী মেলা, অসম সমবায় মৰাপাট কল ভাৰত
State অসম
District নগাঁও
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
যানবাহনৰ নম্বৰ AS
শিলঘাট: শ্ৰীশ্ৰী কামাখ্যা দেৱালয়, অশোকাষ্টমী মেলা, অসম সমবায় মৰাপাট কল
শিলঘাটৰ পৰা দৃশ্যমান হোৱা ব্ৰহ্মপুত্ৰ নদী

শ্ৰীশ্ৰী কামাখ্যা দেৱালয়

শিলঘাটত থকা কামাখ্য দেৱালয় হৈছে শিলঘাটৰ এতি পুৰণি মন্দিৰ। মন্দিৰটি ১৭৪৫ খ্ৰীষ্টাব্দত(১৬৬৭ শক)ত স্থাপিত। দেৱালয়টি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত।

শিলঘাট: শ্ৰীশ্ৰী কামাখ্যা দেৱালয়, অশোকাষ্টমী মেলা, অসম সমবায় মৰাপাট কল 
১৭৪৫ খ্ৰীষ্টাব্দত স্থাপিত হোৱা কামাখ্যা দেৱালয়

অশোকাষ্টমী মেলা

প্ৰতি বছৰে শিলঘাটত অশোকাষ্টমী মেলা অনুষ্ঠিত হয় চ'ত মাহৰ শুক্লা অষ্টমী তিথিত এই মেলা শিলঘাটত পালন কৰা হয়। প্ৰবাদ আছে যে। অষ্টমী তিথিতেই গংগা নদীৰ কিছু জলধাৰা আহি ব্ৰহ্মপুত্ৰত পৰেহি। সেইবাবে সেই সময়ত ব্ৰহ্মপুত্ৰ নদীখন গঙ্গাৰ দৰেই পবিত্ৰ হৈ থাকে। বহু লোকে এই দিনটোতে আত্মীয়-কুটুম্বৰ মৃতকৰ অস্থি আদি ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়ে।

অসম সমবায় মৰাপাট কল

অসম সমবায় মৰাপাট কল (The Assam Co-operative Jute Mills Ltd.) হৈছে শিলঘাটত থকা মৰাপাট-উৎপাদনৰ কাৰখানা। সমবায় পদ্ধতিৰে কাৰ্যক্ষম হৈ থকা এইটোৱেই হৈছে ভাৰতৰ একমাত্ৰ কল। ১৯৫৯ চনত এই কলটি "অসম সমবায় সমাজ আইন" (Assam Co-operative Societies Act) পঞ্জীভুক্ত কৰা হৈছিল আৰু অনেক বাধা-সংগ্ৰাম অতিক্ৰম কৰি এই কলটো ১৯৭০ চনত কাৰ্যক্ষম কৰি তোলা হয়। প্ৰাৰম্ভিক পৰ্যায়ত এই কলটোত ১ কোটি ৫০ লাখ টকা বিনিয়োগ কৰা হৈছিল। চৌধ্য বছৰ ধৰি প্ৰতিকূল বতৰৰ মাজত চলি থকাৰ পাছত ১৯৮৪ চনৰ মাৰ্চত কলটো বন্ধ কৰি দিব লগা হৈছিল। বিত্তীয় অচলাৱস্থা আৰু আন কেতবোৰ আন্তঃগাঁঠনিজড়িত সমস্যাও ইয়াৰ মূল কাৰণ আছিল। প্ৰায় দুবছৰ ধৰি এই কলটো বন্ধ হৈ আছিল। ১৯৮৬ চনৰ জানুৱাৰী মাহত কলটো অসম চুক্তিৰ আধাৰত পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ল। এইবাৰ কেন্দ্ৰত থকা চৰকাৰে বিত্তীয় অনুদান আগবঢ়ালে। লগতে ৰাজ্য চৰকাৰেও সহায় কৰিলে। কিন্তু ইয়াৰ পাছতো বিত্তীয় অৱস্থা সন্তোষজনক হৈ নুঠিল আৰু আয় আৰু খৰচৰ মাজত একধৰণৰ অসমতাই গা কৰি উঠিল। অৱশেষত নীৰৱচ্ছিন্ন চেষ্টাৰ ফলত ১৯৯২-৯৩ চনৰ পৰা এই কলটোৰ আৰ্থিক অৱস্থা সুস্থিৰ হ'বলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছৰ পৰা মৰাপাটৰ কলটোৱে ধাৰাবাহিকভাৱে ইতিবাচক আৰ্থিক প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ইয়াৰ বিত্তীয় অৱস্থা সুস্থিৰ।

পৰিবহণ

শিলঘাটৰ নিকতৱৰ্তী বিমানবন্দৰটো তেজপুৰৰ পৰা দহ কিলোমিটাৰ নিলগৰ শালনীত আছে। ৰেল যাতায়াতৰ বাবে শিলঘাট টাউন ৰে'লৱে ষ্টেছনো আছে। আলিপুৰদুৱাৰ - শিলঘাট টাউন ৰাজ্য ৰাণী এক্সপ্ৰেছ, নগাঁও এক্সপ্ৰেছ আৰু গুৱাহাটী - শিলঘাট টাউন ডেমু যাত্ৰীবাহী এইটো ষ্টেছনৰ পৰা চলাচল কৰা ট্ৰেইন। চহৰৰ মাজেৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ গৈছে।

শিলঘাট মাল্টিমোডেল নৌপথ টাৰ্মিনেল

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শিলঘাট মাল্টিমোডেল নৌপথ টাৰ্মিনেলটোক ৰাষ্ট্ৰীয় নৌপথ-২ হিচাপে নামকৰণ কৰা হৈছে। এইটো ভাৰতমালা আৰু সাগৰমাল প্ৰকল্পৰ অংশ।

বাহ্যিক সংযোগ

চিত্ৰমালা

তথ্যসূত্ৰ

Tags:

শিলঘাট শ্ৰীশ্ৰী কামাখ্যা দেৱালয়শিলঘাট অশোকাষ্টমী মেলাশিলঘাট অসম সমবায় মৰাপাট কলশিলঘাট পৰিবহণশিলঘাট মাল্টিমোডেল নৌপথ টাৰ্মিনেলশিলঘাট বাহ্যিক সংযোগশিলঘাট চিত্ৰমালাশিলঘাট তথ্যসূত্ৰশিলঘাটঅসমইংৰাজী ভাষাকামাখ্যানগাঁওব্ৰহ্মপুত্ৰহাতীমূৰা মন্দিৰ

🔥 Trending searches on Wiki অসমীয়া:

ৰাতি বিহুঅসমৰ ইতিহাসজয় দৌলদীৰ্ঘেশ্বৰী দেৱালয়অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকালীলা গগৈশব্দ (অভিধান)মদন কামদেৱ দেৱালয়জুবিন গাৰ্গআহোম ভাষাজোনবিল মেলামাজুলীঅসমৰ পুৰণি স্থাপত্যৰাজহুৱা ক্ষেত্ৰচামেলি মেমচা'বভাৰতৰ প্ৰধানমন্ত্ৰীহৃদযন্ত্ৰশাল গছনীলমণি ফুকন (কনিষ্ঠ)শব্দ প্ৰদূষণমোৱামৰীয়া বিদ্ৰোহ২৭ এপ্ৰিলঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাৰবীন্দ্ৰনাথ ঠাকুৰঅসমীয়া লিপিৰ বুৰঞ্জীমেখেলা চাদৰমানৱ শৰীৰঅৰুণ শৰ্মাকামৰূপী লিপিমানচিত্ৰজোৰোণভূমি প্ৰদূষণসংগীত নাটকশ্ৰী শ্ৰী বটদ্ৰৱা থানত্ৰিপুৰাচৰকাৰমিচিং জনগোষ্ঠীসাম্যবাদমঙ্গলদৈ (লোকসভা সমষ্টি)শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহউপনিষদফুলৰংঘৰমালিনী থানগমধৰ কোঁৱৰপদ (ব্যাকৰণ)ৰাজনৈতিক দলমোৰো এটা সপোন আছেপূৰবী বৰমুদৈঅসমীয়া লোক কবিতাশ্ৰী সূৰ্য পাহাৰকলিকতানাটকশিক্ষক দিৱসঅৰূপা পটংগীয়া কলিতাভাষালাচিত বৰফুকননদীউইলিয়াম শ্বেইকছপীয়েৰলিংগ (জৈৱিক)জামুগুৰিহাটআত্মজীৱনীঅসমৰ লোকগীতমিঠু বৰুৱাস্বামী বিবেকানন্দমাইলছ ব্ৰনছনবিশ্ব বাণিজ্য সংস্থাতেজমুদ্ৰাখেৰাইচাহ🡆 More