উত্তৰ-পূব সীমান্ত ৰেলৱে

উত্তৰ-পূব সীমান্ত ৰেলৱে (ইংৰাজী: Northeast frontier Railway) হ'ল ৰেলৱে ভাৰতীয় ৰেলৰ ষোলটা ৰেল মণ্ডলৰ (zone) আটাইতকৈ সৰু ৰেল মণ্ডল; অথচ ই আটাইতকৈ বেছি ৰাজ্যক সামৰি লৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মানচিত্ৰই সামৰি লোৱা ৰাজ্যকেইখন হ'ল- অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰ। এই জ'নটোৱে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন (ছিক্কিমকে ধৰি) ৰাজ্যৰ বাসিন্দালৈ সেৱা আগবঢ়োৱাৰ উপৰিও উত্তৰ বংগ আৰু পূব বিহাৰলৈয়ো সেৱা আগবঢ়াইছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সদৰ গুৱাহাটীৰ অন্তৰ্গত মালিগাঁৱত।

উত্তৰ-পূব সীমান্ত ৰেলৱে
Logo
System map
3 নম্বৰ অংশই উত্তৰ-পূব সীমান্ত ৰেলৱেক বুজাইছে
অঞ্চল অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড,পশ্চিমবংগ আৰু বিহাৰ
কাৰ্যকাল ১৯৫৮–বৰ্তমানলৈ
পূৰ্বসূৰি উত্তৰ পূব ৰেলৱে
মুখ্য কাৰ্যালয় মালিগাঁও, গুৱাহাটী
ৱেবছাইট উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৱেবছাইট

ইতিহাস

১৮৮২ চনত অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথম অসমত ৰেলপথ স্থাপন কৰিছিল। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ পৰা দিনজানলৈ নিৰ্মাণ কৰা ১৫ কিঃ মিঃ দৈৰ্ঘ্যৰ ৰেলপথচোৱা মূলতঃ চাহপাত আৰু কয়লা কঢ়িয়াবলৈ ১৯৮৪ চনত মাৰ্ঘেৰিটালৈ সম্প্ৰসাৰণ কৰা হৈছিল। এই কোম্পানীটোৱে ডিব্ৰু-শদিয়া ৰেলৱে নামেৰে অসমত প্ৰথম যাত্ৰীবাহী ৰেলৰ প্ৰচলন কৰিছিল। আনহাতে ইষ্টাৰ্ণ বেংগল ৰেলৱেই হালদিবাৰী-শিলিগুৰি, বাৰসোই-কিসানগঞ্জ, মণিহাৰি-কাটিহাৰ-কাসবা ৰেলপথকেইটা ১৯০০ চনৰ কিছু আগতে নিৰ্মাণ কৰি উলিয়াইছিল। ১৯০০- ১৯১১ চনৰ ভিতৰত হাচিমাৰা-আলিপুৰ দুৱাৰ, গীতালদহ- বামনহাট, গোলোকগঞ্জ-ধুবৰী-আমিনগাঁও, ৰঙিয়া-ৰঙাপাৰা ৰেলপথকেইটা নিৰ্মাণ কৰা হৈছিল। অসমৰ বৰাক উপত্যাকাৰ ৰেলপথ সম্প্ৰসাৰণৰ কাম কৰিছিল আসাম বেংগল ৰেলৱেই। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উল্লিখিত তিনিওটা কোম্পানী একগোট হৈ বেংগল আসাম ৰেলৱে প্ৰতিষ্ঠা কৰে। তদুপৰি অসম আৰু বংগত আৰু কেইটামান কোম্পানীয়ে ৰেলসেৱা আগবঢ়াই আছিল। তাৰে কেইটামান হ'ল- বেংগল-দুৱাৰ ৰেলৱে, যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে, চাপৰমুখ-শিলঘাট ৰেলৱে, কাটাখাল-লালাবজাৰ ৰেলৱে আদি। এই কোম্পানীবোৰো পৰ্যায়ক্ৰমে বেংগল আসাম ৰেলৱেত অন্তৰ্ভুক্ত হৈ পৰিল।

১৯৪৭ চনত ভাৰত বিভাজনৰ লগে-লগে বেংগল আসাম ৰেলৱেৰো বিভাজন হ'ল। এই ৰেলৱেৰ এটা বৃহত্তৰ অংশ পৰিল পূৱ পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশত। এটা অংশ সংযুক্ত কৰা হ'ল পূব ৰেলৱেৰ সৈতে। বাকী অংশটোক আসাম ৰেলৱে নামকৰণ কৰি পাণ্ডুত মুখ্য কাৰ্যালয় স্থাপন কৰা হয়। ১৯৪৮ চনত দাৰ্জিলিং হিমালয়ান ৰেলৱেক ভাৰত চৰকাৰে নিজৰ হাতলৈ আনে আৰু আসাম ৰেলৱেত চামিল কৰে। ভাৰত বিভাজনৰ আগলৈকে অসমৰ সৈতে ভাৰতৰ অন্যান্য প্ৰান্তৰ সৈতে বৰ্তমানৰ বাংলাদেশৰ মাজেদি ৰেল সংযোগ আছিল। বিভাজনৰ ফলত ভাৰতৰ মুখ্যভূমিৰ সৈতে অসমৰ ৰেল যোগোযোগ বাধাগ্ৰস্থ হ'ল। ফলস্বৰূপে ভাৰত চৰকাৰে অসম ৰেল সংযোগ প্ৰকল্পৰ অধীনত বিহাৰৰ কিষাণগঞ্জ আৰু অসমৰ ফকিৰাগ্ৰাম সংযোগী ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। ১৪২ মাইল দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণৰ কাম ১৯৪৮ চনৰ ২৬ জানুৱাৰীত আৰম্ভ কৰি যুদ্ধকালীন ক্ষিপ্ৰতাৰে ১৯৪৯ চনৰ ডিচেম্বৰ মাহত শেষ কৰিলে। এই নৱনিৰ্মিত পথচোৱাৰে ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা প্ৰথম যাত্ৰীবাহী ৰেল চলিবলৈ ধৰে। ১৯৫৩ চনত পৰিচালনাৰ সুবিধাৰ্থে ভাৰতীয় ৰেলক কিছুমান জ'নত বিভক্ত কৰা হয়। অসম ৰেলৱেক উত্তৰ পূব ৰেলৱেৰ অন্তৰ্ভুক্ত কৰা হয়। উত্তৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হ'ল উত্তৰ প্ৰদেশৰ গোৰখপুৰত। পুনৰ উত্তৰ পূব ৰেলৱেৰ বিভাজন ঘটাই ১৯৫৮ চনৰ ১৫ জানুৱাৰীত গঠন কৰা হয় উত্তৰ পূব সীমান্ত ৰেলৱে। ১০ কোটি ৬৫ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰি উলিওৱা শৰাইঘাট দলং ১৯৬২ চনত মুকলি কৰা হয়। ইয়াৰ লগে লগে অসমৰ পথ আৰু ৰেল যোগাযোগৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন হ'ল। শৰাইঘাট দলং নিৰ্মাণৰ পাছত গুৱাহাটী, ডিব্ৰুগড় আদি ঠাইৰ পৰা ভাৰতৰ মূল ভূখণ্ডলৈ পোনপতীয়া ৰেল-সংযোগ সম্ভৱ হ'ল আৰু এসময়ত গিজগিজাই থকা আমিনগাঁও আৰু পাণ্ডু ৰেল ষ্টেচন এৰা-পৰলীয়া হ'ল।

প্ৰশাসনীয় অঞ্চল

পৰিচালনাৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেক ৫টা সংমণ্ডলত ভাগ কৰা হৈছে। তলত সংমণ্ডল আৰু ইয়াৰ অধীনস্থ ৰেলপথসমূহৰ বিৱৰণ দিয়া হ'ল।

  1. কাটিহাৰ সংমণ্ডল: মালদা টাউন- শিলিগুৰি জং- ৰাণীনগৰ জলপাইগুৰি/ কুমেদপুৰ জং- কাটিহাৰ জং/ সিংহবাদ- অ'ল্ড মালদহ/ নিউ জলপাইগুৰি জং- হালদিবাৰী/ একলাখী- বেলুৰঘাট/ বাৰসোই জং- ৰাধিকাপুৰ/ কাটিহাৰ জং- শিলিগুৰি জং/ কাটিহাৰ জং- তেজনাৰায়ণপুৰ/ কাটিহাৰ জং- যোগবাণী/ নিউ জলপাইগুৰি- দাৰ্জিলিং।
  2. আলিপুৰ দুৱাৰ সংমণ্ডল: ৰাণীনগৰ জলপাইগুৰি (বহিৰ্ভূত)- নিউ বঙাইগাঁও (বহিৰ্ভূত)/ শিলিগুৰি জং (বহিৰ্ভূত)- আলিপুৰ জং- শামুকতলা ৰোড/ নিউ মাল জং- সাংগ্ৰাবন্ধা/ আলিপুৰ দুৱাৰ-বামনহাট/ ফকিৰাগ্ৰাম-ধুবৰী।
  3. ৰঙিয়া সংমণ্ডল: নিউ বঙাইগাঁও- আজ্ঞাঠুৰী (বহিৰ্ভূত)/ ৰঙিয়া- ৰাঙাপৰা উত্তৰ- তেজপুৰ/ ৰাঙাপৰা উত্তৰ- মুৰ্কংচেলেক/ বালিপাৰা- ভালুকপুং/ কামাখ্যা (বহিৰ্ভূত)- গোৱালপাৰা- নিউবঙাইগাঁও।
  4. লামডিং সংমণ্ডল: আজ্ঞাঠুৰী- ফৰকাটিং (বহিৰ্ভূত)/ চাপৰমুখ- শেনচোৱা জংচন- শিলঘাট/ শেনচোৱা জংচন- হয়বৰগাঁও- মৈৰাবাৰী/ লামডিং- বদৰপুৰ- আগৰতলা/ বদৰপুৰ জংচন- শিলচৰ/ কৰিমগঞ্জ- মহিষাসন/ শিলচৰ- জিৰিবাম/ কাটাখাল জংচন-ভৈৰৱী/ কৰিমগঞ্জ জংচন- দুৰ্লভচেৰা।
  5. তিনিচুকীয়া সংমণ্ডল: ফৰকাটিং- ডিব্ৰুগড় টাউন/ তিনিচুকীয়া জংচন- লিডু/ মাকুম জংচন- ডাঙৰি/ আমগুৰি- তুলি/ ফৰকাটিং- যোৰহাট- মৰিয়নি/ শিমলুগুৰি জংচন- মৰাণহাট- ডিব্ৰুগড়।
  6. শিলচৰ সংমণ্ডল: {প্ৰস্তাৱিত}

দাৰ্জিলিং হিমালয়ান ৰেলৱে

দাৰ্জিলিং ষ্টীম ট্ৰামৱে কোম্পানীয়ে হিলকাৰ্ট পথৰ দাঁতিয়েদি দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ নিৰ্মাণ-কাৰ্য আৰম্ভ কৰে ১৮৭৯ চনত। যাত্ৰী পৰিবহণৰ উপৰিও মূলতঃ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াবলৈ আৰু দাৰ্জিলিঙৰ চাহ উদ্যোগৰ প্ৰতি দৃষ্টি ৰাখিয়ে শিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈ নেৰ'-গজৰ এই ৰেলপথ নিৰ্মাণ কৰা হৈছিল। ১৯৬২ চনত ৰেলপথ নিউ জলপাইগুৰিলৈ সম্প্ৰসাৰণ কৰা হয়। ১৯৪৮ চনত ভাৰত চৰকাৰে দাৰ্জিলিং হিমালয়ান ৰেলৱে কিনি লয় আৰু আসাম ৰেলৱেৰ অন্তৰ্ভুক্ত কৰা হয়। ১৯৫৩ চনত সমগ্ৰ ভাৰতীয় ৰেল পৰিবহণ ব্যৱস্থাক কিছুমান মণ্ডলত বিভক্ত কৰাত ই প্ৰথমে উত্তৰ পূব ৰেলৱেৰ আৰু ১৯৫৮ চনত উঃ পূঃ সীঃ ৰেলৱে গঠন হোৱাত উঃ পূঃ সীঃ ৰেলৱেৰ অধীনলৈ অনা হয়। উন্নততৰ মটৰ পৰিবহণ ব্যৱস্থাৰ বাবে দাৰ্জিলিং হিমালয়ান ৰেলৱে লোকচানৰ সন্মুখীন হোৱাত ১৯৯৩ চনত সামগ্ৰী পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। আনহাতে ১৯৯৯ চনত ইউনেস্কোৱে (UNESCO) ইয়াক বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি দিয়ে। পুতলা ৰেল নামেৰে জনাজাত এই ৰেলৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ।

বাটাছিয়া লুপ, দাৰ্জিলিং, উত্তৰ-পূৱ সীমান্ত ৰেলৱে

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

উত্তৰ-পূব সীমান্ত ৰেলৱে ইতিহাসউত্তৰ-পূব সীমান্ত ৰেলৱে প্ৰশাসনীয় অঞ্চলউত্তৰ-পূব সীমান্ত ৰেলৱে দাৰ্জিলিং হিমালয়ান ৰেলৱেউত্তৰ-পূব সীমান্ত ৰেলৱে তথ্যসূত্ৰউত্তৰ-পূব সীমান্ত ৰেলৱে বাহ্যিক সংযোগউত্তৰ-পূব সীমান্ত ৰেলৱেঅসমঅৰুণাচল প্ৰদেশইংৰাজী ভাষাগুৱাহাটীছিক্কিমত্ৰিপুৰানাগালেণ্ডপশ্চিমবংগবিহাৰভাৰতীয় ৰেলমণিপুৰমালিগাঁওমিজোৰামমেঘালয়

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত-আৰ্য ভাষা পৰিয়ালঐনিতমৰাভা জনগোষ্ঠীইছলামব্ৰহ্মপুত্ৰ নদডাকৰ বচনঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাঅসমৰ লোকবাদ্যদেওধনী নৃত্যলক্ষ্মীনন্দন বৰাশ্ৰী শ্ৰী বটদ্ৰৱা থানমায়ংঅসমৰ কুঁহিলা শিল্পঅসহযোগ আন্দোলনগুৱাহাটী উচ্চ ন্যায়ালয়ৰুক্মিণী হৰণ নাটনাৰীবাদমানৱ শৰীৰৰাজিয়া চুলতানাপোহৰসিন্ধু সভ্যতাপুথিভঁৰালবৰাইল পৰ্বতকছাৰী ৰাজ্যধ্বনিবিজ্ঞানজালিয়ানৱালাবাগৰ হত্যাকাণ্ডখোলমামণি ৰয়ছম গোস্বামীৰ উপন্যাসসেউজ গৃহ প্ৰভাৱলাচিত বৰফুকনশৰাইঘাট দলংনতুন দিল্লীবাহৰেইনৰ নাৰীঅসমীয়া সাহিত্যবৃশ্চিক (ৰাশি)হাজং জনগোষ্ঠীম'লকপৌ ফুলঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাশিৱসাগৰনাৰীঅসমৰ ধান খেতিৰ সঁজুলিসমূহবিজয় (অভিনেতা)ৰোমান সাম্ৰাজ্যনিৰ্মলপ্ৰভা বৰদলৈঅৰ্পণা কোঁৱৰমাৰ্ক্সবাদমোৰ জীৱন সোঁৱৰণহেঙুল আৰু হাইতালচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়ামুদ্ৰাস্ফীতিস্বৰাজঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিমাৰিয়া মণ্টেছৰীমহাকাব্যইতিহাসশকুন্তলাদক্ষিণপাট সত্ৰৰাণী গাইডিনলিউবাঁহপৰ্যটনপৰিৱেশ অধ্যয়নপৰিৱেশবাদঅভিধানইউকো বেংকএকচেটীয়া বজাৰঅতুল চন্দ্ৰ হাজৰিকাভৌতিক সংস্কৃতিহেমচন্দ্ৰ গোস্বামীনাহৰঅণুবীক্ষণ যন্ত্ৰওজাপালিউৰ্দু ভাষাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল২৯ মাৰ্চদাণ্ডী যাত্ৰানৱ-বৈষ্ণৱ ধৰ্মবজ্ৰাংগী আই🡆 More