দলিত

দলিত শব্দৰ দ্বাৰা ভাৰতৰ এনে কিছু জাতিগত গোষ্ঠীক বু্ুজোৱা হয় যিসকল সচৰাচৰ নিপীড়িত আৰু পিছপৰা জাতিৰূপে চিহ্নিত। সংস্কৃত আৰু হিন্দী ভাষাত দলিত শব্দৰ অৰ্থ হৈছে ভগ্ন বা ছেদেলিভেদেলি। দলিতসকলক হিন্দু ধৰ্মৰ চাৰি বৰ্ণ ব্যৱস্থাৰ পৰা নিলগাই ৰখা হৈছে আৰু পঞ্চম বৰ্ণ হিচাপে দেখা গৈছে, যি পঞ্চমা নামেৰেও পৰিচিত। দলিতসকলে বৰ্তমান হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, শিখ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আৰু বিভিন্ন লোকধৰ্ম সহ বিভিন্ন ধৰ্মীয় বিশ্বাসক বিশ্বাস কৰে। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি দলিতসকলৰ সংখ্যা ২০ কোটি যি ভাৰতৰ জনসংখ্যাৰ ১৬%।

দলিত শব্দটো ১৯৩৫ চনৰ পূৰ্বৰ ব্ৰিটিছ ৰাজৰ লোকপিয়লৰ শ্ৰেণীবিভাজনৰ সময়ৰ শোকগ্ৰস্ত শ্ৰেণী (Depressed Class)-ৰ অনূদিত ৰূপ। অৰ্থনীতিবিদ আৰু সংস্কাৰক বি আৰ আম্বেদকাৰে (১৮৯১-১৯৫৬) দলিত শব্দটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। তেখেতে জাতি-বৰ্ণ নিৰ্বিশেষে সকলো শোকগ্ৰস্ত লোককে দলিত সংজ্ঞাৰ অন্তৰ্ভুক্ত কৰে। তেখেতে গঠন কৰা "লেবাৰ পাৰ্টি"-ত সমাজৰ শোকগ্ৰস্ত শ্ৰেণীৰ সকলো লোককে অন্তৰ্ভুক্ত কৰিছিল যিসকলৰ ভিতৰত মহিলা, ক্ষুদ্ৰ কৃষক তথা পিছপৰা শ্ৰেণীৰ লোকসকলো আছিল। আম্বেদকৰ নিজেই এজন নিঃকুলীয়া মহৰ সম্প্ৰদায়ৰ লোক আছিল। ১৯৭০ দশকত "দলিত" শব্দৰ ব্যৱহাৰ পুনৰ জনপ্ৰিয়তা লাভ কৰিছিল যেতিয়া 'দলিত পেন্থাৰ' সমাজকৰ্মী গোটে ইয়াৰ ব্যৱহাৰ কৰিছিল। লাহে লাহে ৰাজনৈতিক দলসমূহেও নিজৰ লাভালাভৰ বাবে এই শব্দৰ ব্যৱহাৰ আৰম্ভ কৰে। কানহাইয়া কুমাৰৰ দৰে নতুন নেতাৰ অনুসৰি "দলিত" শব্দৰ সংজ্ঞা অধিক ব্যাপক, এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ কৃষক যি অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিছে তেৱোঁ "দলিত" শ্ৰেণীত পৰে।

ভাৰতৰ অনুসূচীত জাতিৰ ৰাষ্ট্ৰীয় আয়োগে দলিত শব্দৰ চৰকাৰী ব্যৱহাৰক "অসাংবিধানিক" আখ্যা দিয়ে আৰু 'অনুসূচীত জাতি' শব্দৰ ব্যৱহাৰক প্ৰধান্য দিয়ে। পিছে কিছু সূত্ৰৰ অনুসৰি দলিত শব্দই এনে কিছু জনগোষ্ঠীকো সাঙুৰি লৈছে যিসকলক সাংবিধানিক ভাবে অনুসূচীত জাতিৰ স্বীকৃত দিয়া হোৱা নাই আৰু সাধাৰণতে ই ভাৰতৰ নিপীড়িত লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়। নেপালতো এনে একেই পৰিস্থিতি বিৰাজ কৰিছে।

মহাত্মা গান্ধীয়ে ১৯৩৩ চনত সমাজত অস্পৃশ্য বুলি বিবেচনা কৰা লোকসকলক হৰিজন নামেৰে নামকৰণ কৰিছিল। হৰিজনৰ অৰ্থ হৈছে হৰি বা ভগৱানৰ লোক। হৰিজন শব্দটো পাছলৈ মৰ্যাদাহানিকৰ (derogatory) আৰু অনুপালক (patronising) বুলি বিবেচনা কৰা হৈছিল। সেয়ে এই শব্দটো বৰ্তমানে ব্যৱহাৰ কৰা নহয়। দলিত শব্দ ব্যৱহাৰো কেৰালা ৰাজ্যত নিষিদ্ধ কৰা হৈছে।

তথ্য সংগ্ৰহ

Tags:

খ্ৰীষ্টান ধৰ্মবৌদ্ধ ধৰ্মভাৰতশিখ ধৰ্মসংস্কৃতহিন্দী ভাষাহিন্দু ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

সাপযোৰহাট (লোকসভা সমষ্টি)প্ৰাগজ্যোতিষপুৰনাৰী সবলীকৰণগোলকীয় উষ্ণতা বৃদ্ধিজোৰোণমামণি ৰয়ছম গোস্বামীহাইকুখগেন গগৈভাৰতশিশু সাহিত্যইন্দিৰা মিৰিসাত বিহুএ পি জে আব্দুল কালামদেশমৌৰ্য সাম্ৰাজ্যহাড়আনন্দৰাম ঢেকিয়াল ফুকনসতী সাধনীহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)বাণিজ্যনগাঁওমুগা (ৰেচম)ঔ টেঙানামঘোষামালিতাপানীজাতীয়তাবাদঅসমৰ জিলাসমূহআমাৰ প্ৰতিনিধিএহাত ডাবাশব্দসংখ্যাউদ্ভিদকলাআলুচেৰা-বিহুভাৰত-আৰ্য ভাষা পৰিয়ালশালস্তম্ভ ৰাজবংশবিশ্ব পৰিৱেশ দিৱসআত্মসহায়ক গোটশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাইয়াণ্ডাবু সন্ধিবিহুৰ সাজ-পোচাক আৰু অলংকাৰকম্পিউটাৰহেম সৰস্বতীপূৰবী বৰমুদৈমোৱামৰীয়া বিদ্ৰোহৰাজনীতিঅসমৰ চিত্ৰকলাৰ ইতিহাসঢোঁৰা সাপকলদল-হৰিণাৰুদ্ৰৰাম বড়দলৈশিৱসাগৰচেঙেলী মাছনৰেন্দ্ৰ মোদীপাণিনিবংগ বিভাজন (১৯০৫)সদৌ অসম ছাত্ৰ সন্থাপ্ৰেমঅসমীয়া যুক্তাক্ষৰচফনীৰ্জল একাদশীপৃথিৱীযুক্তৰাজ্যলোকভাষাগৌৰৱ গগৈমৰাণ (নগৰ)অসমীয়া ভাষাদাঁত১৬ এপ্ৰিলঅসমীয়া খাদ্যাভ্যাসডাকৰ বচনহিন্দু ধৰ্ম🡆 More