লতা মংগেশকাৰ: ভাৰতীয় গায়িকা

লতা মংগেশকাৰ বা লতাজী (মাৰাঠী: लता मंगेशकर); ২৮ ছেপ্টেম্বৰ ১৯২৯ — ৬ ফেব্ৰুৱাৰী ২০২২) ভাৰতবৰ্ষৰ এগৰাকী নেপথ্য গায়িকা আছিল। সংগীত জীৱনত লতাজীয়ে ছত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষা আৰু কেইটামান বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰিছিল; লগতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছিল।

ভাৰত ৰত্ন
লতা মংগেশকাৰ
লতা মংগেশকাৰ: প্ৰাৰম্ভিক জীৱন, নাটক, সংগীত
২০১১ চনত মংগেশকাৰ
জন্ম হেমা মংগেশকাৰ
২৮ ছেপ্টেম্বৰ, ১৯২৯
ইন্দোৰ, ব্ৰিটিছ সাম্ৰাজ্য
(বৰ্তমানৰ মধ্যপ্ৰদেশ, ভাৰত)
মৃত্যু ৬ ফেব্ৰুৱাৰী, ২০২২ (৯২ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
অন্য নাম সুৰ সম্ৰাজ্ঞী
ভাৰতৰ নাইটিংগেল
পেচা
  • নেপথ্য গায়িকা
  • সংগীত শিল্পী
  • প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৩৫–২০২২
আত্মীয়-স্বজন হৃদয়নাথ মংগেশকাৰ
মীনা খাদিকাৰ
ঊষা মংগেশকাৰ
আশা ভোঁচলে
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • বেংগল ফিল্ম জাৰ্নালিষ্ট এছ'চিয়েচন বঁটা
  • ফিল্ম ফেয়াৰ বঁটা
  • ফিল্ম ফেয়াৰ বিশেষ বঁটা
  • ফিল্ম ফেয়াৰ জীৱনজোৰা সাধনা বঁটা
লতা মংগেশকাৰ
ৰাজ্য সভা
কাৰ্যকাল
২২ নৱেম্বৰ ১৯৯৯ – ২১ নৱেম্বৰ ২০০৫
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল নিৰ্দলীয়
লতা মংগেশকাৰ
সংগীতৰ প্ৰকাৰ
  • চলচ্চিত্ৰ
  • ভাৰতীয় শাস্ত্ৰীয় সংগীত
  • গজল
  • ভজন
  • ফ'ক সংগীত
  • বঙালী সংগীত
বাদ্যযন্ত্ৰ কণ্ঠশিল্পী
স্বাক্ষৰ
লতা মংগেশকাৰ: প্ৰাৰম্ভিক জীৱন, নাটক, সংগীত

ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাপে লতাই সক্ৰিয়ভাৱে কাম কৰিছিল। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক 'ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী' আখ্যা দিছিল। তেওঁক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়।

লতাজীয়ে তেওঁৰ কৰ্মজীৱনত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে। ২০০১ চনত, ৰাষ্ট্ৰলৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আৰু এই সন্মান লাভ কৰা এম এছ চুব্বালক্ষ্মীৰ পিছত তেওঁ দ্বিতীয়গৰাকী মহিলা কণ্ঠশিল্পী আছিল। ফ্ৰান্সে ২০০৭ চনত তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা নেচনেল অৰ্ডাৰ অফ দ্য লিজিয়ন অফ অনাৰৰ বিষয়া প্ৰদান কৰিছিল।

তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৫টাকৈ বেংগল ফিল্ম জাৰ্নালিষ্ট এছ’চিয়েচন এৱাৰ্ড, চাৰিটাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা প্লেবেক বঁটা, দুটাকৈ ফিল্মফেয়াৰ বিশেষ বঁটা, ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰ লগতে আৰু বহুতো বঁটা লাভ কৰিছিল। ১৯৭৪ চনত তেওঁ লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত সংগীত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় নেপথ্য গায়িকাসকলৰ ভিতৰত এগৰাকী আছিল।

প্ৰাৰম্ভিক জীৱন

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ জ্যেষ্ঠ কন্যা লতাজীয়ে জন্মগ্ৰহণ কৰিছিল। দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। ৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন-পালন মহাৰাষ্ট্ৰত কৰা হয়।

লতাজীৰ মাক শ্বেৱন্তী (পিছলৈ শুদ্ধমতী নামলৈ সলনি কৰে), বোম্বাই প্ৰেচিডেঞ্চীৰ থালনাৰৰ (বৰ্তমান উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰত) এগৰাকী গুজৰাটী মহিলা আছিল, যি দীননাথৰ দ্বিতীয়গৰাকী পত্নী আছিল; তেওঁৰ প্ৰথম পত্নী নৰ্মদাৰ মৃত্যুৰ পিছত তেওঁ নৰ্মদাৰ সৰু ভনী শ্বেৱন্তীক বিয়া কৰায়।

দীননাথে তেওঁৰ পৰিয়ালক তেওঁৰ জন্মস্থান গোৱাৰ মংগেশীৰ সৈতে চিনাক্ত কৰিবলৈ মংগেশকাৰ উপাধি গ্ৰহণ কৰিছিল। লতাৰ জন্মৰ সময়ত নাম আছিল “হেমা”। লতাজীৰ দেউতাক ভাব বন্ধন (भाव बंधन) নামৰ নাটক এখনত কাম কৰিছিল আৰু সেই নাটকখনৰ এটা মহিলা চৰিত্ৰৰ নাম আছিল লতিকা, পিছলৈ লতাজীৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম হেমাৰ পৰা লতালৈ সলনি কৰি দিয়ে।

লতাজী দীননাথৰ পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁৰ ভাই-ভনীসকল ক্ৰমে— মীনা, আশা, ঊষা আৰু হৃদয়নাথ সকলোৱে দক্ষ গায়ক আৰু সংগীতজ্ঞ।

লতাজীয়ে তেওঁৰ দেউতাকৰ পৰা সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। পাঁচ বছৰ বয়সত তেওঁ তেওঁৰ দেউতাকৰ সংগীত নাটকত (মাৰাঠীত সংগীত নাটক) শিশু অভিনেত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। বিদ্যালয়ৰ প্ৰথমটো দিনতে তেওঁ বিদ্যালয়ৰ এৰি গুচি গৈছিল কাৰণ বিদ্যালয়লৈ তেওঁৰ ভনী আশাক তেওঁৰ লগত আনিবলৈ দিয়া নাছিল।

নাটক

দেউতাকৰ মৃত্যুৰ পাছত আৰ্থিক অনাটনত পৰি লতাই কেইখনমান হিন্দী আৰু মাৰাঠী ছবিত অভিনয় কৰিছিল। অভিনেত্ৰীৰূপে তেওঁৰ প্ৰথম কথাছবি আছিল- পাহিলী মংগলাগৌৰ (১৯৪২); পিছলৈ লতাজীয়ে চিমুকলা সংসাৰ (১৯৪৩), গজভাউ (১৯৪৪), বড়ী মা (১৯৪৫), জীৱন যাত্ৰা (১৯৪৬), ছত্ৰপতি শিবাজী (১৯৫২) আদি বিভিন্ন ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।

সংগীত

১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে। গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হ'ল। ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ স্থিতি সুদৃঢ় কৰিলে। ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালা শীৰ্ষক গীতটোৱে লতাজীক বহু চৰ্চিত কৰিলে। ইয়াৰ পিছত লতাজীয়ে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল।

পুৰস্কাৰ

  • ফিল্ম ফেয়াৰ বঁটা (১৯৫৮,১৯৬২,১৯৬৫,১৯৬৯,১৯৯৩ আৰু ১৯৯৪)
  • ৰাষ্ট্ৰীয় পুৰস্কাৰ (১৯৭২,১৯৭৫ আৰু ১৯৯০)
  • মহাৰাষ্ট্ৰ চৰকাৰ পুৰস্কাৰ (১৯৬৬ আৰু ১৯৬৭)
  • পদ্মভূষণ- ১৯৬৯
  • সৰ্বাধিক সংখ্যক গীত গোৱাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড- ১৯৭৪
  • দাদাচাহেব ফাল্কে বঁটা- ১৯৮৯
  • ফিল্ম ফেয়াৰৰ লাইফটাইম এচিভমেণ্ট বঁটা- ১৯৯৩
  • স্ক্ৰীনৰ লাইফটাইম এচিভমেণ্ট বঁটা- ১৯৯৬
  • ৰাজীৱ গান্ধী পুৰস্কাৰ- ১৯৯৭
  • এন.টি.আৰ. পুৰস্কাৰ- ১৯৯৯
  • পদ্মবিভূষণ বঁটা- ১৯৯৯
  • জী চিনে লাইফটাইম এচিভমেণ্ট বঁটা- ১৯৯৯
  • আই.আই.এ.এফ লাইফটাইম এচিভমেণ্ট বঁটা- ২০০০
  • ষ্টাৰডাষ্ট লাইফটাইম এচিভমেণ্ট বঁটা- ২০০১
  • ভাৰতৰত্ন - ২০০১
  • নুৰজাহান বঁটা- ২০০১
  • মহাৰাষ্ট্ৰ ভূষণ- ২০০১

মৃত্যু

২০২২ চনৰ ৮ জানুৱাৰী তাৰিখে লতা মংগেশকাৰক ক'ভিড-১৯ ৰোগৰ পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে আৰু চিকিৎসাৰ বাবে মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়৷

২০২২ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কণ্ঠশিল্পীগৰাকীৰ ৯২ বছৰ বয়সত একাধিক অংগ অচল হোৱাৰ ফলত দেহাৱসান ঘটে। তেওঁক ক’ভিডৰ উত্তৰকালীন সমস্যা আৰু নিউমোনিয়াৰ বাবে ২৮ দিন নিৰন্তৰ চিকিৎসা কৰা হৈছিল।

২০২২ চনৰ ১০ ফেব্ৰুৱাৰীত, মংগেশকাৰৰ চিতাভস্ম তেওঁৰ ভগ্নী আশা ভোঁচলে আৰু ভতিজা আদিনাথ মংগেশকাৰে নাছিকৰ ৰামকুণ্ডৰ গোদাৱৰী নদীত বিসৰ্জন দিয়ে।

তথ্য সংগ্ৰহ

অধিক তথ্য

  • Bhimani, Harish (1995). In search of Lata Mangeshkar. Indus. ISBN 978-8172231705. 
  • Bharatan, Raju (1995). Lata Mangeshkar: A Biography. UBS Publishers Distributors. ISBN 978-8174760234. 
  • Kabir, Nasreen Munni (2009). Lata Mangeshkar: In Her Own Voice. Niyogi Books. ISBN 978-8189738419. 
  • Lata, Mangeshkar (1995). Madhuvanti Sapre and Dinkar Gangal. ed (Punjabi ভাষাত). In search of Lata Mangeshkar. Harper Collins/Indus. ISBN 978-8172231705. . A collection of articles written by Lata Mangeshkar since 1952.
  • Nerurkar, Vishwas (Marathi ভাষাত). Lata Mangeshkar Gandhar Swaryatra (1945-1989). প্ৰকাশক Mumbai: Vasanti P. Nerukar. .
  • Bichhu, Mandar V. (1996) (Hindi ভাষাত). Gaaye Lata, Gaaye Lata. প্ৰকাশক Sharjah: Pallavi Prakashan. ISBN 978-8172231705. . A collection of articles written by Lata Mangeshkar since 1952.

বাহ্যিক সংযোগ

Tags:

লতা মংগেশকাৰ প্ৰাৰম্ভিক জীৱনলতা মংগেশকাৰ নাটকলতা মংগেশকাৰ সংগীতলতা মংগেশকাৰ পুৰস্কাৰলতা মংগেশকাৰ মৃত্যুলতা মংগেশকাৰ তথ্য সংগ্ৰহলতা মংগেশকাৰ অধিক তথ্যলতা মংগেশকাৰ বাহ্যিক সংযোগলতা মংগেশকাৰভাৰতমাৰাঠী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

নিৰ্মলপ্ৰভা বৰদলৈগোলকীয় উষ্ণতা বৃদ্ধিশীতল যুদ্ধঅসমীয়া কবিতামুছলমানঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাআত্মজীৱনীলক্ষ্মীনাথ বেজবৰুৱাঅসমীয়া লোক-সংস্কৃতিবিহু নৃত্যঅসমৰ জনগোষ্ঠীবৰপেটালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানহাজং জনগোষ্ঠীসত্ৰীয়া নৃত্যঅসমৰ সত্ৰসমূহৰ তালিকাকোচ ৰাজবংশজয়মতী কুঁৱৰীবৰগীতশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাহিমবাহহাবুংলতাকটা ৰণলোক-সংগীতকম্পিউটাৰযতীন্দ্ৰ নাথ দুৱৰাস্বামী বিবেকানন্দসময়ঘৰ শালিকাঅসমীয়া প্ৰতিদিনধানৰংঘৰবহল ব্যাকৰণকলাখাৰশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰপ্ৰহ্লাদবিৰিঞ্চি কুমাৰ বৰুৱাবংশপুথিভঁৰালজেং বিহুকবিতামই আৰু নেফাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহভাষাবিজ্ঞানবনঘোষাফলৰ তালিকামায়ংকোষ (জীৱবিজ্ঞান)ভাৰতৰ শিক্ষানাটকপূৰ্ণ স্বৰাজআহোম ভাষাহয়গ্ৰীৱ মাধৱ মন্দিৰউত্তৰ গুৱাহাটীনিমাতী কইনাউদ্ভিদঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাজাতনামকোচ ৰাজবংশীসাধুকথাঅসমবিহুৰ খাদ্যতথ্য প্ৰযুক্তিৰাষ্ট্ৰসংঘমিচিং নৃত্য আৰু গীত মাতঋতুমৃণাল ঠাকুৰপ্ৰাকৃতিক দুৰ্যোগসমোচ্চাৰিত শব্দমুদ্ৰা🡆 More