পুৰুষোত্তম দাস টেণ্ডন

পুৰুষোত্তম দাস টেণ্ডন (হিন্দী: पुरुषोत्तम दास टंडन ; ইংৰাজী: Purushottam Das Tandon, জন্ম:১৮৮২- মৃত্যু:১৯৬২) এগৰাকী ভাৰতীয় স্বাধীনতা যুঁজাৰু আছিল। ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। মহাত্মা গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল। গোৰখপুৰ সাধু সমাজৰ পৰা ৰাজৰ্ষি উপাধিৰে সন্মানিত হৈছিল তেওঁ। প্ৰয়াগ বিদ্যাপীঠ তেওঁৰ জীৱনৰ অমূল্য অৱদান আছিল, এইখনেই পাছলৈ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় মৰ্য্যদাৰ শিক্ষানুষ্ঠান হিন্দী সাহিত্য সন্মিলন বা হিন্দী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পাইছিল।

পুৰুষোত্তম দাস টেণ্ডন
পুৰুষোত্তম দাস টেণ্ডন
পুৰুষোত্তম দাস টেণ্ডনৰ স্মৃতিত ভাৰত চৰকাৰে প্ৰবৰ্তন কৰা ডাক টিকট
জন্ম ১ আগষ্ট, ১৮৮২
প্ৰয়াগ
মৃত্যু ১ জুলাই, ১৯৬২ (৭৯ বছৰ)
পেচা উকীল, মন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ,
সম্পাদক, পঞ্জাব নেশ্যনেল বেংক
ভাষা তামিল
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব পুৰুষোত্তম দাস টেণ্ডন ভাৰত
শিক্ষা স্নাতকোত্তৰ, স্নাতক আইন
উল্লেখযোগ্য বঁটা ভাৰত ৰত্ন (১৯৬১)
ৰাজৰ্ষি উপাধি
সেৱাৰ প্ৰতিমূৰ্ত্তি সন্মান
ডক্টৰেট উপাধি

জন্ম আৰু শিক্ষা

পুৰুষোত্তম দাস টেণ্ডনৰ জন্ম হয় ১৮৮২ চনৰ এক আগষ্টত, প্ৰয়াগ নামে ঠাইত। তেওঁৰ পিতাকৰ নাম শালিকৰাৰ্ম টেণ্ডন তেওঁ প্ৰাথমিক শিক্ষা ঘৰতে মৌলবী এজনৰ তলত লাভ কৰিছিল। ১৮৯৭ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯০২ চনত তেওঁ স্নাতক আৰু ১৯০৬ চনত স্নাতক আইন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেদৰে ১৯০৭ চনত তেওঁ স্নাতকোত্তৰ সন্মান লাভ কৰিছিল। মহাবিদ্যালয়ত পঢ়া কালছোৱাত, তেওঁৰ খেলা-ধুলাৰ প্ৰতি অত্যন্ত ৰাপ আছিল। তেওঁৰ ডবা খেলাতো খুব নিচা আছিল। এই খেলৰ নিচাৰ বাবে তেওঁ এবাৰ পৰীক্ষাতো বিফল হবলগীয়া হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ সত্যবাদী, কৰ্ম নিপুণ আৰু আত্মসন্মান বোধেৰে উজ্বল ব্যক্তি আছিল।

কৰ্ম-জীৱন

পুৰুষোত্তম দাস টেণ্ডনে তেওঁৰ কৰ্ম জীৱনৰ পাতনি মেলে এলাহাবাদ উচ্চ ন্যায়লয়ত ওকালতি কৰি। তেওঁৰ ওকালতি জীৱনত মিছা আৰু জাল মোকৰ্দমাক প্ৰশ্ৰয় দিয়া নাছিল। তেওঁ এলাহাবাদৰ পৌৰসভাৰ চেয়াৰমেন আছিল, সেই সময়ত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল লক্ষ্ণৌৰ পৰা এলাহাবাদলৈ আহিছিল, এলাহাবাদলৈ গৱৰ্ণৰ আহিলে গৱৰ্ণমেণ্ট হাউছৰ মাজত থকা পুখুৰীটো গৱৰ্ণয়ে গা-ধোৱাৰ সুবিধাৰ কাৰণে পানীৰে পৰিপূৰ্ণ কৰি দিয়াৰ নিয়ম আছিল। কিন্তু সেইসময়ত চহৰত পানীৰ বৰ হাহাকাৰ আছিল, জনসাধাৰণে এটুপী পানীৰ বাবে আতুৰ হৈ আছিল, সেয়ে পুৰুষোত্তম দাস টেণ্ডনে গৱৰ্ণৰৰ চেক্ৰেটাৰীক জনালে যে বৰ্তমানৰ জনসাধাৰণৰ পানীৰ নাটনিৰ সময়ত তেওঁ গৱৰ্ণৰে গা-ধোৱাৰ নামত এটুপি পানীও মঞ্জুৰ কৰিব নোৱাৰে। তেওঁ সদায় জনসাধাৰণৰ স্বাৰ্থক আগস্থান দিছিল, যাৰ এনে ত্যাগৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৬১ চনত ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিছিল। তেওঁ মদন মোহন মালৱীয়ৰ কাৰণে কিছুদিন পঞ্জাবৰ নাভা নামৰ দেশীয় ৰাজ্যৰ আইন মন্ত্ৰী হিচাপে কাম কৰিব লগিয়া হৈছিল। কিন্তু ১৯১৯ চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিভীষিকা ৰূপ দেখি, তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰে। ১৯২১, ১৯৩২, ১৯৪১ আৰু ১৯৪২ চনৰ আন্দোলনত সক্ৰিয় হৈ পৰাৰ বাবে তেওঁ কেইবা বছৰো কাৰাবৰণ খাতিব লগীয়া হৈছিল। ১৮৯৯ চনত তেওঁ কংগ্ৰেছত যোগদান কৰি, ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। তেওঁ উত্তৰ প্ৰদেশৰ বিধানসভালৈ ১৯৩৭ চনত আৰু ১৯৪৬ চনত দুবাৰ সদস্য নিৰ্বাচিত হৈছিল আৰু পাছলৈ তেওঁ বিধানসভাৰ অধ্যক্ষ হৈছিল। বিধানসভাত তেওঁ মাতৃ-ভাষাৰ মাধ্যমেৰে কাম কৰাত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ হিন্দী ভাষাক ৰাষ্ট্ৰৰ একতা স্থাপনৰ বাবে ৰাষ্ট্ৰভাষা কৰাত গুৰি ধৰিছিল। তেওঁক কাশী আৰু এলাহাবাদ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰিছিল। গোৰখপুৰ সাধু সমাজে সন্মান যাঁচিছিল ৰাজৰ্ষি উপাধিৰে আৰু মহাত্মা গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল।

পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান

  • ভাৰত ৰত্ন বঁটা (১৯৬১)
  • ৰাজৰ্ষি উপাধি
  • সেৱাৰ প্ৰতিমূৰ্ত্তি
  • ডক্টৰেট সন্মান

মৃত্যু

পুৰুষোত্তম দাস টেণ্ডনৰ ১৯৬২ চনৰ জুলাই মাহত নিজা বাসভৱনত পৰলোক প্ৰাপ্তি হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

পুৰুষোত্তম দাস টেণ্ডন জন্ম আৰু শিক্ষাপুৰুষোত্তম দাস টেণ্ডন কৰ্ম-জীৱনপুৰুষোত্তম দাস টেণ্ডন পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মানপুৰুষোত্তম দাস টেণ্ডন মৃত্যুপুৰুষোত্তম দাস টেণ্ডন তথ্য সংগ্ৰহপুৰুষোত্তম দাস টেণ্ডন বাহ্যিক সংযোগপুৰুষোত্তম দাস টেণ্ডনইংৰাজী ভাষামহাত্মা গান্ধীহিন্দী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

পৰিৱেশ তন্ত্ৰদোৰোণভাৰতয়েছে দৰজে ঠংচিচৰিত পুথিনীলপৱন বৰুৱাসমাজবাদঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহভাৰতৰ সংৰক্ষণ ব্যৱস্থাবংগ বিভাজন (১৯০৫)অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅনাভেদী যৌনক্ৰিয়াযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীঅসম আন্দোলনউত্তৰ-পূব ভাৰতকোষ (জীৱবিজ্ঞান)জুবিন গাৰ্গদ্বি জাতি তত্ত্বফাট বিহুকলক্ৰিষ্টোফাৰ কলম্বাছমূলা গাভৰুপিম্পৰা গুচোৱাঅসমত দেখা পোৱা মাছৰ তালিকাচিলাৰায়ভাৰতৰ স্বাধীনতা আন্দোলনবিষুৱ ৰেখাজ্বৰচীনা-তিব্বতীয় ভাষাঅসমৰ মহকুমাসমূহৰ তালিকাবনফুলহিতেশ্বৰ শইকীয়াজনপ্ৰব্ৰজনভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকানেপোলিয়ন বোনাপাৰ্টমেঘালয়দেউলঢ়কুলিৰীতা চৌধুৰীগৱেষণাঢোলকছাৰী ৰাজ্যমালিনী থাননাৰীবাদজৈন ধৰ্মজলসিঞ্চনফাকুৱাকৰ্কট ক্ৰান্তিপীযুষ হাজৰিকাৰাভা জনগোষ্ঠীখোলআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰপদাৰ্থৰ অৱস্থাকালিদাসসন্ধিঅসমৰ কেইগৰাকীমান মহান ব্যক্তিসালোক সংশ্লেষণভাৰতৰ জাতীয় পতাকাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লজীৱনৰ বাটতৰুবুল মাউতপৰিমেয় সংখ্যাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাআত্মজীৱনীবিশ্বনাথ চাৰিআলিভাৰতীয় জনতা পাৰ্টিকমলাবাৰী সত্ৰআউনীআটী সত্ৰসাঁথৰনিৰোদ চৌধুৰীমৌ-মাখিঅযোধ্যা (পৌৰাণিক নগৰ)কোচ ৰাজবংশসৰস্বতী পূজাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা🡆 More