নেলছন মেণ্ডেলা: দক্ষিণ আফ্ৰিকাৰ ৰাজনীতিবিদ

নেলছন ৰোলিহলাহলা মেণ্ডেলা (ইংৰাজী: Nelson Rolihlahla Mandela, জন্ম: ১৮ জুলাই, ১৯১৮) বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা (Madiba) আৰু টাটা (Tata) নামেৰেও জনাজাত আছিল। তেওঁ ১৯৯৩ চনত ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মেণ্ডেলাই তেওঁৰ জীৱনত ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছিল। তেওঁ দক্ষিণ আফ্ৰিকাৰ নেচনেল কংগ্ৰেছৰ নেতা আছিল।

নেলছন মেণ্ডেলা
নেলছন মেণ্ডেলা: জন্ম আৰু পৰিয়াল, শিক্ষা, আফ্ৰিকাৰ জাতীয় কংগ্ৰেছত নেলছন মেণ্ডেলাৰ ভূমিকা
নেলছন মেণ্ডেলা ২০০৮ চনৰ মে' মাহত জোহানছবাৰ্গত
প্ৰথম দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল
১০ মে' ১৯৯৪ (1994-05-10) – ১৬ জুন ১৯৯৯ (1999-06-16)
সহকাৰী Thabo Mbeki
F. W. de Klerk
পূৰ্বসূৰী F. W. de Klerk (State President)
উত্তৰসূৰী Thabo Mbeki
11th President of the
African National Congress
কাৰ্যকাল
7 July 1991 – 20 December 1997
সহকাৰী Walter Sisulu
Thabo Mbeki
পূৰ্বসূৰী Oliver Tambo
উত্তৰসূৰী Thabo Mbeki
19th Secretary General of the
Non-Aligned Movement
কাৰ্যকাল
2 September 1998 – 16 June 1999
পূৰ্বসূৰী Andrés Pastrana Arango
উত্তৰসূৰী Thabo Mbeki
ব্যক্তিগত তথ্য
জন্ম
Rolihlahla Mandela

১৮ জুলাই, ১৯১৮
Mvezo, Cape Province, South Africa
মৃত্যু ০৫ ডিচেম্বৰ, ২০১৩ (৯৫ বছৰ)
Johannesburg, Gauteng, South Africa
মৃত্যুৰ কাৰণ Respiratory infection
সমাধিস্থল Mandela Graveyard
Qunu, Eastern Cape, South Africa
ৰাজনৈতিক দল African National Congress
আন ৰাজনৈতিক
সম্পৰ্ক
South African Communist Party
দাম্পত্যসঙ্গী
  • Evelyn Ntoko Mase (বি. ১৯৪৪; বিবি. ১৯৫৮)
  • Winnie Madikizela (বি. ১৯৫৮; বিবি. ১৯৯৬)
  • Graça Machel (বি. ১৯৯৮; his death ২০১৩)
সন্তান 6 (including Makgatho, Makaziwe, Zenani and Zindziswa)
পিতৃ-মাতৃ Nosekeni Fanny
Gadla Henry Mphakanyiswa
শিক্ষানুষ্ঠান
  • University of Fort Hare
  • University of London
  • University of South Africa
  • University of the Witwatersrand
পেচা
  • Activist
  • Politician
  • Philanthropist
  • Lawyer
জনা যায় বৰ্ণবৈষম্য নীতি বিৰোধী আন্দোলন
বঁটা
  • Sakharov Prize (1988)
  • ভাৰত ৰত্ন (1990)
  • Nishan-e-Pakistan (1992)
  • Nobel Peace Prize (1993)
  • Order of Lenin
  • Presidential Medal of Freedom
  • (hundreds more ...)
Notable work(s) Long Walk to Freedom
ৱেবছাইট nelsonmandela.org
আন নাম
  • Madiba
  • Dalibunga

জন্ম আৰু পৰিয়াল

নেলছন মেণ্ডেলাৰ জন্ম হয় ১৯১৮ চনৰ ১৮ জুলাইত দক্ষিণ আফ্ৰিকাৰ ওমটাটা জিলাৰ (Umtata) মেভেজু (Mvezo) নামৰ এখন সৰু গাঁৱত। তেওঁৰ পিতাকৰ নাম হেনৰি গিডলা। হেনৰি গিডলা এজন ৰাজনীতিজ্ঞ আছিল। তেওঁ ট্ৰানচকিয়ান ৰাজ্যৰ কাউন্সিলৰ এজন সদস্য আছিল। নেলছন মেণেলাই তিনিবাৰ কৈ বিবাহ পাশত আবদ্ধ হৈছিল, তেওঁৰ মুঠ ৬ টি সন্তানৰ আৰু ২টি নাতি আছিল। তেওঁৰ প্ৰথম গৰাকী পত্নীৰ নাম আছিল এভিলেন নেটকো মাচে, দ্বিতীয় গৰাকী পত্নীৰ নাম আছিল ৱিনি মেডিকিজেলা মেণ্ডেলা আৰু তৃতীয় গৰাকী পত্নীৰ নাম আছিল গ্ৰেকা মাচেল

শিক্ষা

নেলছন মেণ্ডেলা: জন্ম আৰু পৰিয়াল, শিক্ষা, আফ্ৰিকাৰ জাতীয় কংগ্ৰেছত নেলছন মেণ্ডেলাৰ ভূমিকা 
১৯৩৭ চনত নেলছন মেণ্ডেলা

নেলছন মেণ্ডেলাই সৰু কালৰ শিক্ষা মিছনেৰী বিদ্যালয় এখনৰ পৰা লাভ কৰিছিল। তেওঁৰ বিদ্যালয়ৰ পাঠ্যপুথি পঢ়ি মনত লাজ আৰু ধিক্কাৰ পাইছিল। পাঠ্যপুথি বিলাকত কৃষ্ণাংগসকল অশিক্ষিত আৰু বৰ্বৰ বুলি লিখা কথাষাৰে তেওঁৰ মনত দুখ দিছিল। এই কথায়ে তেওঁক সৰুৰে পৰা বিদ্ৰোহী কৰি তুলিছিল। ১৯৪১ চনত তেওঁ গোটেই দক্ষিণ আফ্ৰিকা ঘূৰি ফুৰি মানুহৰ দুখ-দুৰ্দশাবোৰ চাই ফুৰোতে ক'লা মানুহৰ বন্ধু ওৱাল্টাৰ চিচুলুক লগ পায় আৰু তেওঁৰ লগত আত্মীয়তা গঢ়ে। তেওঁৰ সহায়তে নেলছনে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উইট ওৱাটাৰ ষ্টেণ্ড বিশ্ববিদ্যালয়ত আইনো অধ্যয়ন কৰিবলৈ লয়। তেওঁৰ মনত ধৰণা হয় যে, ক'লা মানুহৰ মুক্তিৰ বাবে ৰাজনৈতিক শিক্ষা বা ৰাজনৈতিক বিশ্লেষণৰ প্ৰয়োজন আছে।

আফ্ৰিকাৰ জাতীয় কংগ্ৰেছত নেলছন মেণ্ডেলাৰ ভূমিকা

১৯২১ চনত প্ৰতিষ্ঠা হোৱা আফ্ৰিকান নেচনেল কংগ্ৰেছত নেলছনে যোগদান কৰিলে। ১৯৪৪ চনত এই কংগ্ৰেছৰ পৰিকল্পনাৰ দায়িত্ব গ্ৰহণ কৰে নেলছন মেণ্ডেলাই। সেই সময়ত ভাৰতত স্বাধীনতা সংগ্ৰাম চলিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। নেলছনে আফ্ৰিকান কংগ্ৰেছক গণতান্ত্ৰিক ৰূপ দি-ইয়াৰ সম্পাদক পাতিলে ওৱাল্টাৰ চিচুলুক। তাৰ পাছতেই জনসাধাৰণে প্ৰধানমন্ত্ৰী স্মাট চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে বিদ্যালয়, মহাবিদ্যালয়, হোটেল, হাট-বজাৰ, সকলো ত্যাগ কৰি ৰাজপথলৈ বিদ্ৰোহ কৰিবলৈ ওলায় আহে। চৰকাৰে এই আন্দোলন প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা হাতত ললে। জনসাধাৰণে বিচাৰিলে নিজৰ দেশত নিজৰ স্বাধীনতা। আন্দোলনে তীব্ৰ জন জাগৃতি আনিলে। লগে লগে চৰকাৰে নেলছন মেণ্ডেলা, চিচুলু আৰু টেম্বোক কাৰাগাৰত আৱদ্ধ কৰিলে। তেওঁলোকক ৰাখিলেও ১৯৫৭ চনত stay at home ধৰ্মঘট পালন হল আৰু আন্দোলনে আফ্ৰিকান সংগ্ৰামী জনসাধাৰণে সমৰ্থন পালে। ১৯৬০ চনত আনকি কেইবাখনো ৰাজ্যলৈ স্বাধীনতা আহিল। লগে লগে নেলছন মেণ্ডেলাক কিছুদিনৰ বাবে মুক্তি দি, পুনৰ জেলত ভৰালে। এইবাৰ তেওঁক দক্ষিণ আফ্ৰিকাৰ কলিয়াপানী ৰোবেন দ্বীপত আবদ্ধ কৰি ৰখা হল। কাৰাগাৰত থাকিয়েই তেওঁ তেওঁৰ পুত্ৰ থেম্বিৰ মৃত্যুৰ বাতৰি আৰু ১৯৭৮ চনত জীয়াৰি জিন্দজিৰ কবি খ্যাতিৰ খৱৰ লৈছিল। ১৯৭০ চনত উইনীয়ে তেওঁক ৰোৱেন দ্বীপত দেখা কৰে। ১৯৭৫ চনত মোজাম্বিকে স্বাধীনতা পালে। ১৯৮০ চনৰ ১৩ জুনত ইউনাইটেড চিকিউৰিটি কাউন্সিলে প্ৰধানমন্ত্ৰী বোথো চৰকাৰক মেণ্ডেলাৰ মুক্তিৰ দাবী জনালে। ১৯৮২ চনত মেণ্ডেলাক ৰোবেন দ্বীপৰ পৰা পলাশমোৰ কাৰাগাৰলৈ স্থানান্তৰ কৰিলে। অৱশেষত ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীৰ ৰবিবাৰে মেণ্ডেলাক ডব্লিউ এফ দি ক্লাৰ্ক চৰকাৰে মুক্তি দিলে। কাৰাগাৰৰ পৰা মুকলি হৈয়ে তেওঁ কৃষ্ণাংগ অধ্যুষিত অঞ্চলসমূহৰ পৰা জৰুৰী অৱস্থা প্ৰত্যাহাৰ আৰু সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দি শান্তি শৃঙ্খলা অটুট ৰাখিবলৈ চৰকাৰক দাবী জনায়।

১৯৯০ চনৰ ১৫ অক্টোবৰ তাৰিখে নেলছন মেণ্ডেলা ভাৰত ভ্ৰমণলৈ আহোঁতে ভাৰতে তেওঁৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। তদুপৰি ২৭ বছৰ কাৰাবন্দী জীৱন কটোৱা আফ্ৰিকাৰ এই বাসত্তৰ বছৰীয়া জাতীয়তাবাদী নেতাগৰাকীক ১৯৯০ চনৰ বাবে ভাৰত চৰকাৰে শীৰ্ষতম বঁটা ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰে। ১৯৯৪ চনৰ পৰা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হৈ কাৰ্য্যনিবাহ কৰে।

মেণ্ডেলা দিৱস

দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা বাবে নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্ম দিন ১৮ জুলাই তাৰিখে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

নেলছন মেণ্ডেলা জন্ম আৰু পৰিয়ালনেলছন মেণ্ডেলা শিক্ষানেলছন মেণ্ডেলা আফ্ৰিকাৰ জাতীয় কংগ্ৰেছত ৰ ভূমিকানেলছন মেণ্ডেলা মেণ্ডেলা দিৱসনেলছন মেণ্ডেলা তথ্য সংগ্ৰহনেলছন মেণ্ডেলা বাহ্যিক সংযোগনেলছন মেণ্ডেলাইংৰাজী ভাষাদক্ষিণ আফ্ৰিকান'বেল বঁটাৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

🔥 Trending searches on Wiki অসমীয়া:

জুবিন গাৰ্গসৰ্বপল্লী ৰাধাকৃষ্ণণঅসমৰ কাঁহ শিল্পআহোম ৰাজ্যঅসমৰ জাতীয় গীতকামিনী কাঞ্চনদুৰ্যোগঅসমীয়া ভাষা উন্নতি সাধিনী সভাহিউৱেন-চাংকাউণ্টি কিউলেনভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাচিপাহী বিদ্ৰোহ ১৮৫৭ভাৰতৰ ৰাষ্ট্ৰপতিনিৰ্মলপ্ৰভা বৰদলৈমনোমতীমৌলানা আব্দুল হামিদ খান ভাসানীলোকবিশ্বাসকালিচৰণ ব্ৰহ্মশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাভাৰতৰ সংসদ ভৱনভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানআল্লাহঅসমীয়া সাহিত্যগণৰাজ্য দিৱস (ভাৰত)ৰমন্যাসবাদসৰ্বশিক্ষা অভিযানঅসমৰ সত্ৰসমূহৰ তালিকাশিশুডিব্ৰুগড় (লোকসভা সমষ্টি)শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰশ্ৰীকৃষ্ণকীৰ্তনশেৱালি ফুলসৰ্বেপল্লী ৰাধাকৃষ্ণণসমাৰ্থক শব্দৰাজিয়া চুলতানাভাৰত ত্যাগ আন্দোলনহেমচন্দ্ৰ বৰুৱাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাসমীৰ তাঁতীকলীয়াভোমোৰা সেতুপঞ্চায়তী ৰাজএছিয়াব’হাগনাহৰঅসমৰ সাহিত্যিকসকলৰ তালিকানলবাৰী জিলাহাবুংতেজপুৰ (লোকসভা সমষ্টি)মাঘ বিহুকৃষিইবাঁকু বিচুঅসমীয়া লোকসাহিত্যগোলকীয় উষ্ণতা বৃদ্ধিচৰ্যাপদঅসমৰ গামোচাভাৰতৰ সংবিধানতৎসমকোচ ৰাজবংশীবৃত্তলক্ষ্মীধৰ শৰ্মাপথৰুঘাটৰ ৰণডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰবিশ্বনাথ চাৰিআলিঋতুহয়গ্ৰীৱ মাধৱ মন্দিৰহলীৰাম ডেকাচুতীয়া জনগোষ্ঠীবংগ বিভাজন (১৯০৫)যতি-চিনৰাজ্যসভাশৰাইঘাটৰ যুদ্ধঅসমত দেখা চৰাইবোৰঅসমৰ লোকবাদ্যউত্তৰ গুৱাহাটীভৌগোলিক স্বীকৃতি🡆 More