এম জি ৰামচন্দ্ৰন: ভাৰতীয় অভিনেতা

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

এম. জি. ৰামচন্দ্ৰন (ইংৰাজী: M. G. Ramachandran; ১৯০৪-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ। তেওঁ জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰবক্ত আছিল আৰু সেৱাগ্ৰামত হিন্দুস্তান তামিল সংঘৰ যুটীয়া সম্পাদকৰ দায়িত্বত আছিল। হৰিজন সেৱক সংঘৰ মাদ্ৰাজ আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক আছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল।

এম. জি. ৰামচন্দ্ৰন
এম জি ৰামচন্দ্ৰন: জন্ম আৰু পৰিয়াল, শিক্ষা জীৱন, কৰ্মজীৱন
জন্ম মাৰুধুৰ গোপালান ৰামচন্দ্ৰন
১৭ জানুৱাৰী, ১৯১৭
পেৰুমথান্নিত, ত্ৰিবান্দ্ৰম, কেৰালা
মৃত্যু ২৪ ডিচেম্বৰ, ১৯৮৭ (৭০ বছৰ)
চেন্নাই, তামিলনাডু
অন্য নাম M. G. R., Puratchi Thalaivar, Makkal Thilagam
পেচা অভিনেতা, ৰাজনীতিবিদ, চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৩৫-১৯৮৪ (অভিনেতা)
১৯৫৩-১৯৮৭ (ৰাজনীতিবিদ)
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী Thangamani (deceased)
Sathanandavathi (deceased)
V. N. Janaki (died in 1996)
আত্মীয়-স্বজন M.G.Chakrapani (Brother)
বঁটা, সন্মান, পুৰস্কাৰ আদি ভাৰত ৰত্ন (১৯৮৮)

জন্ম আৰু পৰিয়াল

এম. জি. ৰামচন্দ্ৰনৰ জন্ম হয় ১৯০৪ চনৰ ৮ অক্টোৱৰ তাৰিখে, কেৰালাৰ ত্ৰিবান্দ্ৰমৰ পেৰুমথান্নিত। তেওঁৰ পিতাকৰ নাম আছিল কে. গোবিন্দ পিল্লাই আৰু মাকৰ নাম আছিল মাধৱী থানকাচি।

শিক্ষা জীৱন

এম. জি. ৰামচন্দ্ৰনয়ে বিশ্ব ভাৰতী শান্তি নিকেতনৰ পৰা উচ্চ শিক্ষা লাভ কৰি, দেশ সেৱাত ব্ৰতী হয়। তেওঁ স্বামী বিবেকান্দ, মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা ৰাজনৈতিক-সামাজিক জ্ঞানৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ এটা বছৰ সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ লগত কটাইছিল। সবৰমতীত থকা পিছৰ পৰাই তেওঁৰ সামাজিক জীৱন-যাত্ৰা আৰম্ভ হোৱা হয়।

কৰ্মজীৱন

এম. জি. ৰামচন্দ্ৰন জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ত কিছুদিন প্ৰবক্তা হৈ থকাৰ পাছত সেৱাগ্ৰামত হিন্দুস্তান তামিল সংঘৰ যুটীয়া সম্পাদক নিযুক্ত হয়। কেইবাবছৰৰ কাৰণে তেওঁ সৰ্বভাৰতীয় স্পিনাৰ্চ এচোছিয়েশ্যনৰ লগতো জড়িত হৈ আছিল। তেওঁ খাদী আন্দোলনৰো এগৰাকী গুৰি ধৰোঁতা আছিল। মহাত্মাই সংগঠন কৰা হৰিজন সেৱক সংঘৰ মাদ্ৰাজ আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক নিযুক্ত হৈছিল। জাতি ভেদ আৰু অস্পৃশ্যতা বৰ্জনৰ বাবে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। কিছুদিন তেওঁ সৰ্বভাৰতীয় গ্ৰাম্য শিল্পকৰণ এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক আছিল আৰু তেওঁ এগৰাকী গান্ধী স্মাৰক-নিধিৰ নিষ্ঠাবান কৰ্মী আছিল। তদুপৰি তেওঁ আন আন সংগঠনৰ লগতো জড়িত হৈ দেশ সেৱা আগবঢ়াইছিল। ১৯৬২ চনত তেওঁ বিশ্ব শান্তি সন্মিলনত অংশ গ্ৰহণ কৰিছিল। ১৯২১ চন, ১৯৩০ চন, ১৯৪২ চনকে ধৰি ভাৰত স্বাধীনতা সংগ্ৰামৰ প্ৰতিটো আন্দোলনতে তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। এনেকৈ আন্দোলনত অংশ লোৱা বাবে তেওঁ কেইবাবাৰো জেল জীৱন কটাবলগীয়া হৈছিল। জেলৰ পৰা ওলাই ১৯৪৪-৪৫ চনত তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক নিযুক্ত হৈছিল। ১৯৪৭ চনত তেওঁ ত্ৰিবান্দ্ৰম বিধান সভা সমষ্টিৰ পৰা সদস্য নিৰ্বাচিত হয়। ১৯৬৪ চনত তেওঁ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়।

বঁটা

মৃত্যু

এম. জি. ৰামচন্দ্ৰনৰ ১৯৮৭ চনত পৰলোকপ্ৰাপ্তি ঘটে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

এম জি ৰামচন্দ্ৰন জন্ম আৰু পৰিয়ালএম জি ৰামচন্দ্ৰন শিক্ষা জীৱনএম জি ৰামচন্দ্ৰন কৰ্মজীৱনএম জি ৰামচন্দ্ৰন বঁটাএম জি ৰামচন্দ্ৰন মৃত্যুএম জি ৰামচন্দ্ৰন তথ্য সংগ্ৰহএম জি ৰামচন্দ্ৰন বাহ্যিক সংযোগএম জি ৰামচন্দ্ৰন

🔥 Trending searches on Wiki অসমীয়া:

কৃষ্ণচন্দ্ৰ নেপালী পোখৰেলব্যৱস্থাপনাভটিমাআৰ্যভট্টআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডগৰুসাধুকথাচৰ্যাপদব্ৰহ্মগুপ্তউইলিয়াম শ্বেইকছপীয়েৰঅনাভেদী যৌনক্ৰিয়ামোৱামৰীয়া বিদ্ৰোহদধীচিসদৌ অসম ছাত্ৰ সন্থাৰাতাবাৰী (বিধানসভা সমষ্টি)ভঠেলিভ্ৰাম্যমাণ থিয়েটাৰলক্ষ্মীধৰ শৰ্মাকম্পিউটাৰ হাৰ্ডৱেৰহিমন্ত বিশ্ব শৰ্মাবিৰিঞ্চি কুমাৰ বৰুৱাগুৱাহাটী (লোকসভা সমষ্টি)শিৱসাগৰপৰিৱেশ অধ্যয়নমালিনী থানসৌৰভ কুমাৰ চলিহাকৃষ্ণপলাশীৰ যুদ্ধবিশ্ব মেলেৰিয়া দিৱসনৰকাসুৰভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাৰামকপৌ ফুলযুগ্ম সংখ্যাগৌতম বুদ্ধচকলংজাতনামৰুবুল মাউতবাংলাদেশফুৰালুং ধৰ্মলুই পেষ্ট'ৰলোকসভাৰামায়ণলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানহেমচন্দ্ৰ বৰুৱাপুথিভঁৰালভূগোলপদাৰ্থ বিজ্ঞানদিনআহোম-মোগলৰ সংঘৰ্ষশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাকলাভূমিকম্পপ্ৰাচীন ভাৰতীয় সভ্যতাঅসমীয়া সাহিত্যউমাচল শিলালিপিঅসমৰ জনগোষ্ঠীঅসমৰ বনৌষধিজুবিন গাৰ্গফুলগুৰি ধেৱাৰাজ্যসভামৌলিক সংখ্যামানৱ শৰীৰশব্দবাঁহীআহোম ৰাজ্যমহাদেশনিৰ্ম্মল ভকতএইচ টি এম এলজৱাহৰলাল নেহৰুবিশেষ শিক্ষাচিপাহী বিদ্ৰোহ ১৮৫৭এককোষী জীৱভাষাবিজ্ঞানকামাখ্যা মন্দিৰ🡆 More