খান আব্দুল গফ্ফৰ খান

খান আব্দুল গফুৰ খান(ইংৰাজী: Khan Abdul Ghaffar Khan, পেছত':خان عبدالغفار خان সান আব্দুল-গ়াফ়্ফ়াৰ সান) (১৮৯০-১৯৮৮) আছিল এজন পাছতুন ৰাজনীতিবিদ আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অহিংসা আন্দোলনত ভাগ লোৱা এজন ধৰ্মীয় নেতা। তেখেতে ১৯৪২ চনৰ আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল। তেখেতে আজীৱন অহিংসাৰ পথত চলা ধাৰ্মিক মুছলমান আছিল আৰু মহাত্মা গান্ধীৰ নিকট বন্ধু আছিল। তেখেতক ফকৰ-এ-আফগান (আফগানৰ গৌৰৱ), বাদশ্বাহ খান (ৰজা খান) আৰু ছৰহদী গান্ধী (সীমান্তৰ গান্ধী) উপাধিৰেও জনা গৈছিল। ১৯৮৭ চনত ভাৰতৰ নাগৰিকত্ব নথকাকৈয়ে তেখেতক সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত-ৰত্নৰে বিভূষিত কৰা হয়।

খান আব্দুল গফুৰ খান
খান আব্দুল গফ্ফৰ খান
১৯৪০ চনত তোলা খানৰ ছবি
জন্ম ১৮৯০
হাশ্ব্তনগৰ, উতমানজায়, চাৰ্চাদ্দা, উত্তৰ-পশ্চিম সীমান্তৰ প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তান)
মৃত্যু ১৯৮৮ (বয়স ৯৭–৯৮)
পেছোৱাৰ, সেবাৰ-পুসতুনসোৱা
সমাধিস্থল জালালাবাদ, আফগানিস্থান
অন্য নাম বাদছাহ খান, বাছা খান, স্বৰ্হাদি গান্ধী, ফক্কৰ-ই-আফগান
সংস্থা সুদাই সিদ্মত্গাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাষ্ট্ৰীয় আৱামী পাৰ্টি
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন
ধৰ্ম ইছলাম

জন্ম আৰু পৰিয়াল

গফুৰ খানৰ জন্ম হয় ১৮৯০ চনত পেছোৱাৰৰ পৰা ত্ৰিশ মাইল দূৰত থকা উতমানজায় গাঁৱত। তেওঁৰ আব্বাজানৰ নাম আছিল খান বাহাৰাম খান। বাহাৰাম খান এজন প্ৰতিপত্তিশালী জমিদাৰ আছিল।

শিক্ষা জীৱন

গফুৰ খানক মাত্ৰ পাঁচ বছৰ বয়সতে মোক্তাব বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। কম দিনৰ ভিতৰতে তেওঁ কোৰান শ্বৰীফ কণ্ঠস্থ কৰি হাফিজ হোৱাৰ দক্ষতা দেখুৱাইছিল। মোক্তাৱ পাছ কৰাৰ পিছত, তেওঁক এখন ‌ইংৰাজী বিদ্যালয়ত নাম লগাই দিয়া হৈছিল। সৰুতে গফুৰ খান বাদচাহ খান নামেও জনাজাত আছিল। তেওঁ পেছোৱাৰ স্কুলৰ পৰা পিছত কেমবেলপুৰলৈ হাইস্কুলত পঢ়িবলৈ গৈছিল। ইয়াৰ পিছত উচ্চ শিক্ষা লবলৈ আলগড়লৈ যায়। কিন্তু মাক-পিতাকৰ অনুমতি নোলোৱাকৈ তেওঁ পঢ়া-শুনা বাদ দি সেনা বাহিনীত যোগদান কৰে। কিন্তু এই কামতো তেওঁ শান্তি নাপালে। এদিন তেওঁ চাকৰি বাদ দি ওলাই আহিল।

কৰ্ম জীৱন

খান আব্দুল গফুৰ খানৰ পঢ়া-শুনাত আধৰুৱা কৰি এদিন পৰিয়ালৰ অজ্ঞাতেই সামৰিক বাহিনীত যোগদান কৰিছিল। কিছুদিনৰ পিছত সেই চাকৰিও বাদ দি ওলাই আহিছিল। তাৰ পিছত তেওঁ নিজ গাঁৱতেই সমাজৰ পৰা নিৰক্ষৰতা দূৰ কৰাৰ অভিযান চলালে। কেইজনমান বন্ধু-বান্ধৱৰ সহযোগত তেওঁ দাৰুল-ইলিম নামে এটা শিক্ষা সংগঠনৰ জন্ম দিলে আৰু ১৯১০ চনত তেওঁ উতমানজেয়ত এখন বিদ্যালয় স্থাপন কৰিলে। সেইসময়ত ব্ৰিটিছ চৰকাৰে জনসাধাৰণক কৰা অন্যায়-অত্যাচাৰ, অত্পীড়ন আৰু কঠোৰ শাসনত তেওঁৰ মন বিদ্ৰোহী হৈ পৰিল। ১৯১৯ চনত ৰাওলাট এক্ট প্ৰৱৰ্তন কৰাত, এই ৰাওলাট এক্টৰ বিৰুদ্ধে গফুৰ খানে জনসাধাৰণক উত্তেজিত কৰি তুলিছিল। চৰকাৰে সেইবাবে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ১৯২০ চনত হোৱা অসহযোগ আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাত তেওঁক চৰকাৰে পুনৰ গ্ৰেপ্তাৰ কৰি তিনিবছৰ সশ্ৰম কাৰাদণ্ড বিহিছিল। ১৯২৪ চনত তেওঁ কাৰাগাৰৰ পৰা মুকলি হোৱাত, জনসাধাৰণে তেওঁক ফখৰে আফগান অৰ্থাত্ পাঠান জাতিৰ গৌৰৱ আখ্যা দিছিল। ১৯২৬ চনত তেওঁ আৰৱ(বৰ্তমান চৌদি আৰৱ) দেশৰ মক্কালৈ হজ কৰিবলৈ যায়, তেতিয়াই তেওঁ চুৱেজ বন্দৰ হৈ জেৰুজালেম, পেলেষ্টাইন, লেবানন, চিৰিয়া , ইৰাক আদি প্ৰসিদ্ধ ঠাইসমূহো ভ্ৰমণ কৰিছিল। ১৯২৮ চনত তেওঁ পাখতুন নামেৰে এখন বাতৰি কাকত উলিয়াই সীমান্ত প্ৰদেশৰ মানুহক জাতীয়তাবাদী ভাবধাৰাৰে বান্ধ খুৱাবলৈ সমৰ্থ হয় আৰু কাকতখনে ৰাইজৰ যথেষ্ট সমাদৰ পায়। গফুৰ খানৰ এনেকাৰ্যৰ শংকিত হৈ চাৰকাৰে পুনৰ তেওঁক ১৯২৯ চনত গ্ৰেপ্তাৰ কৰে। এইবাৰ তেওঁ জেলত থাকোঁতেই বিভিন্ন সময়ত লালা লাজপত ৰায়, মাণিকলাল খান, আগা চফধৰ, ডাক্তৰ পানচাৰী, জাফৰ আলী খান, মুফতি কেফায়াতুল্লা, আলী গুলমান, পণ্ডিত জগতৰামক লগ পায়। ১৯৩৪ চনত মহাত্মা গান্ধীয়ে বিদেশী বস্ত্ৰ বৰ্জনৰ বাবে দিয়া আন্দোলনতো তেওঁ সক্ৰিয় হোৱাৰ বাবে চৰকাৰে পুনৰ কাৰাবৰণ দিছিল। পিছত তেওঁ গান্ধীজীৰ আমন্ত্ৰণ ক্ৰমে ৱাৰ্দ্ধালৈ যায় আৰু মহাত্মাৰ লগতে থাকিবলৈ লয়। ১৯৩৪ চনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ অধিবেশন বহে আৰু এই অধিবেশনৰ বাবে সভাপতি নিৰ্বাচন কৰে সীমান্ত কেশৰী গফুৰ খানক। ইয়াৰ পিছত তেওঁ বংগদেশ, বোম্বাই আদিকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ গৈ স্বাধীনতা আন্দোলনৰ ব্যাখ্যা দাঙি ধৰে। বিয়াল্লিছৰ আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনত তেওঁ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গফুৰ খানে নেতৃত্ব দিছিল বাবে পুলিচ ইন্সপেষ্টৰ খুৰছিদে তেওঁক লাঠিৰে কোৱাই দুডাল কামি হাড় ভাঙি দিছিল আৰু জেলত ভৰাই ৰাখিছিল। ১৯৪৫ চনত জেলৰ পৰা পুনৰ মুক্তি লাভিছিল। ১৯৪৬ চনত অবিভক্ত ভাৰতৰ প্ৰাদেশিক বিধান সভাৰ নিৰ্বাচনত বিদ্ৰোহী পাঠান আব্দুল গফুৰ খানে প্ৰতিনিধিত্ব কৰি কংগ্ৰেছক জয়যুক্ত কৰে। ১৯৪৬ চনৰ ২৬ আগষ্টত মুছলিম লীগে পৃথক গৃহ-ভূমি আৰ্থাত্ পাকিস্তানৰ দাবী জনায়। ১৯৪৭ চনৰ ৩ জুনত গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্ট বেটেনে ভাৰতক দ্বি-খণ্ডিত কৰাৰ মত বিচাৰি আহ্বান জনায়। কিন্তু এই ভাৰতক দ্বি-খণ্ডিত কৰাৰ প্ৰস্তাৱক মহাত্মা গান্ধী আৰু আব্দুল গফুৰ খানে তীব্ৰ প্ৰতিবাদ জনাই। তেওঁলোকৰ প্ৰতিবাদকো নেওচি পাকিস্তানৰ জন্ম হল।

মৃত্যু

খান আব্দুল গফুৰ খানৰ ১৯৮৮ চনত পৰলোক প্ৰাপ্তি ঘটে।

পুৰস্কাৰ প্ৰাপ্ত বঁটা

  1. ভাৰত ৰত্ন, (১৯৮৭)
  2. নেহৰু বঁটা, (ইংৰাজী: Jawaharlal Nehru Award for International Understanding) (১৯৬৯)

উপাধি

  1. ফকৰ-ই- আফগান,
  2. ফখৰে পাঠান,
  3. গান্ধী -এ-চৰহাদ,
  4. সীমান্ত গান্ধী,
  5. সীমান্ত কেশৰী,
  6. বাদশ্বাহ খান।

তথ্য সংগ্ৰহ

গ্ৰন্থ সংযোগ


বাহ্যিক সংযোগ

Tags:

খান আব্দুল গফ্ফৰ খান জন্ম আৰু পৰিয়ালখান আব্দুল গফ্ফৰ খান শিক্ষা জীৱনখান আব্দুল গফ্ফৰ খান কৰ্ম জীৱনখান আব্দুল গফ্ফৰ খান মৃত্যুখান আব্দুল গফ্ফৰ খান পুৰস্কাৰ প্ৰাপ্ত বঁটাখান আব্দুল গফ্ফৰ খান উপাধিখান আব্দুল গফ্ফৰ খান তথ্য সংগ্ৰহখান আব্দুল গফ্ফৰ খান গ্ৰন্থ সংযোগখান আব্দুল গফ্ফৰ খান বাহ্যিক সংযোগখান আব্দুল গফ্ফৰ খানইংৰাজী ভাষাভাৰতভাৰত ত্যাগ আন্দোলনভাৰত-ৰত্নমহাত্মা গান্ধীমুছলমান

🔥 Trending searches on Wiki অসমীয়া:

আলেকজেণ্ডাৰ গ্ৰাহাম বে'লকদমৰূপালীমভাওনাভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবিহুৰ বাদ্যযন্ত্ৰদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাযতি-চিনকথা-ভাগৱতজোনাকী (আলোচনী)ভূপেন হাজৰিকাগাঁও পঞ্চায়তবিত্তীয় ব্যৱস্থামাছমোগল সাম্ৰাজ্যভাৰতৰ প্ৰধানমন্ত্ৰীকাগজ ফুলভৌগোলিক তথ্য ব্যৱস্থাপ্ৰাচীন গ্ৰীচঋকবেদভাৰতীয় জাতীয় কংগ্ৰেছনীতি আয়োগজিকিৰভাৰতীয় ভাষাব’হাগআউনীআটী সত্ৰজলসিঞ্চনবিহুৰ সাজ-পোচাক আৰু অলংকাৰদশাৱতাৰলিংগ স্তম্ভনতথ্য প্ৰযুক্তিঅসমৰ ৰাজ্যিক প্ৰতীকসমূহম'হৰ শিঙৰ পেঁপাঅসমীয়া গীতি সাহিত্যনৰেন্দ্ৰ মোদীপোহৰআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰৰংঘৰকৃষ্ণচূড়াসৰ্বশিক্ষা অভিযানদৰং জিলাবগেজাৰী গীতবড়ো ভাষাঅসমৰ মহকুমাসমূহৰ তালিকাশ্ৰীমন্ত শংকৰদেৱভাৰতৰ উচ্চতম ন্যায়ালয়লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঋণাত্মক অখণ্ড সংখ্যামালিনী থানগুণাভিৰাম বৰুৱাকলঅসমীয়া প্ৰতিদিনব্ৰিটিছ ৰাজসত্যেন্দ্ৰনাথ শৰ্মাকমলাকান্ত ভট্টাচাৰ্য্যঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকানীলপৱন বৰুৱাজাপিঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাআজান পীৰঅতুল চন্দ্ৰ হাজৰিকাপিম্পৰা গুচোৱাফেইচবুকবনফুলশৰ্কৰাআহোম ৰাজবংশসতী সাধনীব্যক্তিত্বনামঘৰপুৰন্দৰ সিংহডিমা হাছাও জিলাগঙ্গা নদীইয়াত এখন অৰণ্য আছিলঅসমৰ সাহিত্যিকসকলৰ তালিকাঅংগৰাগ মহন্ত🡆 More