ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি (১৯৩৮) Head of State, Prime Minister, Minister of War and Foreign Affairs of Provisional Government of Free India based in the Japanese-occupied Andaman and Nicobar Islands (১৯৪৩–১৯৪৫)
ৰাজনৈতিক দল
ভাৰতীয় জাতীয় কংগ্ৰেছ ১৯২১-১৯৪০, ফৰৱাৰ্ড ব্লক (ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্তৰ্গত), ১৯৩৯-১৯৪০
১৯২৮ চনৰ ২৯ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত কংগ্ৰেছৰ সভাপতি মতিলাল নেহৰুৰ সৈতে সুভাষ বসু, GOC (General Officer Commanding), Congress Volunteer Corps (সামৰিক পোছাকত)
১৯২৯ চনত কংগ্ৰেছ স্বেচ্ছাসেৱকৰ সৈতে বসু
তেওঁ স্বৰাজ নামেৰে এখন বাতৰি কাকত আৰম্ভ কৰে আৰু বংগ প্ৰদেশ কংগ্ৰেছ সমিতিৰ (Bengal Provincial Congress Committee) প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰে। বংগৰ উগ্ৰ জাতীয়বাদৰ মুখপাত্ৰ চিত্তৰঞ্জন দাস তেওঁৰ পথ প্ৰদৰ্শক আছিল। ১৯২৩ চনত বসু নিখিল ভাৰত যুৱ কংগ্ৰেছৰ (All India Youth Congress) সভাপতি আৰু বংগ প্ৰদেশ কংগ্ৰেছৰ (Bengal State Congress) সচিবৰূপে নিৰ্বাচিত হয়। চিত্তৰঞ্জন দাসে আৰম্ভ কৰা "ফৰৱাৰ্ড" নামৰ বাতৰি কাকতখনৰো তেওঁ সম্পাদক আছিল। ১৯২৪ চনত যেতিয়া দাস কলিকতাৰ মেয়ৰ নিৰ্বাচিত হয় তেতিয়া বসুৱে কলিকতা পৌৰ নিগমৰ CEO হিচাপে কাম কৰে। ১৯২৫ চনত জাতীয়তাবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত বসু গ্ৰেপ্তাৰ হৈ মান্দালয়ৰ কাৰাগাৰত থাকিবলগা হয় আৰু ইয়াতে তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হয়।
১৯২৭ চনত কাৰাগাৰৰপৰা ওলোৱাৰ পাছত বসু কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হয় আৰু জৱাহৰলাল নেহৰুৰ সৈতে স্বাধীনতা সংগ্ৰামত মনোনিৱেশ কৰে। ১৯২৮ চনৰ ডিচেম্বৰ মাহত বসুৱে কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন আহ্বান কৰে। তেওঁৰ সবাতোকৈ উল্লেখযোগ্য অৰিহণা আছিল Congress Volunteer Corpsৰ General Officer Commanding (GOC) হিচাপে। লেখক নিৰদ চৌধুৰীয়ে অধিৱেশনখনিৰ বিষয়ে এনেকৈ লিখিছে:
Bose organized a volunteer corps in uniform, its officers being even provided with steel-cut epaulettes ... his uniform was made by a firm of British tailors in Calcutta, Harman's. A telegram addressed to him as GOC was delivered to the British General in Fort William and was the subject of a good deal of malicious gossip in the (British Indian) press. Mahatma Gandhi being a sincere pacifist vowed to non-violence, did not like the strutting, clicking of boots, and saluting, and he afterwards described the Calcutta session of the Congress as a Bertram Mills circus, which caused a great deal of indignation among the Bengalis.
কিছুদিন পাছতেই বসু পুনৰ আইন অমান্যৰ কাৰণে গ্ৰেপ্তাৰ হয় আৰু কাৰাগাৰলৈ যায়। এইবাৰ কাৰাগাৰৰপৰা ওলোৱাৰ পাছত তেওঁ ১৯৩০ চনত কলিকতাৰ মেয়ৰ নিৰ্বাচিত হয়। ১৯৩০ দশকৰ মধ্যভাগত বসুৱে ইউৰোপ ভ্ৰমণ কৰি বহু ভাৰতীয় ছাত্ৰ আৰু বেনিটো মুছোলিনিকে আদি কৰি বহুকেইজন ইউৰোপীয় ৰাজনীতিকক লগ কৰে। এই সময়তে তেওঁ গৱেষণা কৰি "দ্য ইণ্ডিয়ান ষ্ট্ৰাগ্ল" নামৰ গ্ৰন্থখনৰ প্ৰথম খণ্ড লিখি উলিয়ায়। এই খণ্ডত তেওঁ ১৯২০-১৯৩৪ চনৰ সময়ছোৱাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে লিখে। কিতাপখন লণ্ডনত ১৯৩৫ চনত প্ৰকাশ হৈ ওলায় যদিও ব্ৰিটিছ প্ৰশাসনে অৰাজক অৱস্থা সৃষ্টি হোৱাৰ ভয়ত নিজৰ উপনিৱেশত এই গ্ৰন্থখন নিষিদ্ধ ঘোষণা কৰে। ১৯৩৮ চনলৈ বসু এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতালৈ পৰিগণিত হয় আৰু তেওঁ কংগ্ৰেছৰ সভাপতি পদৰ মনোনয়ন স্বীকাৰ কৰিবলৈ সন্মত হয়। .
This article uses material from the Wikipedia অসমীয়া article সুভাষ চন্দ্ৰ বসু, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses. ®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.