বিধান চন্দ্ৰ ৰয়

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

বিধান চন্দ্ৰ ৰয় (ইংৰাজী: Bidhan Chandra Roy; ১৮৮২ – ১৯৬২) পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল। এই পদত তেখেত ১৯৪৮ চনৰ পৰা ১৯৬২ চনত মৃত্যু পৰ্যন্ত আছিল। এই সময়ছোৱাত নৱগঠিত পশ্চিমবংগ ৰাজ্যৰ প্ৰভুত উন্নতি হোৱা বাবে তেখেতক পশ্চিমবংগৰ ৰূপকাৰ বুলি অভিহিত কৰা হয়। পেচাত এগৰাকী চিকিৎসক ৰয়ে আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰিছিল। তেখেতক ১৯৬১ চনৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। তেখেতৰ মৃত্যুৰ পাছত সন্মানাৰ্থে কলকাতাৰ উপনগৰী ছল্টলে'কক 'বিধাননগৰ' নাম দিয়া হয়। তেখেতৰ জন্ম আৰু মৃত্যুৰ দিন ১ জুলাইক ভাৰতত চিকিৎসক দিৱস ৰূপে পালন কৰা হয়।

বিধান চন্দ্ৰ ৰয়
বিধান চন্দ্ৰ ৰয়
পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী
কাৰ্যকাল
১৪ জানুৱাৰী ১৯৪৮ – ১ জুলাই ১৯৬২
পূৰ্বসূৰী প্ৰফুল্ল চন্দ্ৰ ঘোচ
উত্তৰসূৰী প্ৰফুল্ল চন্দ্ৰ সেন
ব্যক্তিগত তথ্য
জন্ম ১ জুলাই, ১৮৮২
বঙ্কিপুৰ, পাটনা, বিহাৰ
মৃত্যু ১ জুলাই, ১৯৬২ (৮০ বছৰ)
কলকাতা, পশ্চিমবংগ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
বাসস্থান কলকাতা, পশ্চিমবংগ, ভাৰত
শিক্ষানুষ্ঠান প্ৰেছিডেঞ্চি কলেজ, কলিকতা
পাটনা কলেজ
এম.আৰ.চি.পি.
এফ.আৰ.চি.এচ.
জীৱিকা ভেষজ বিদ, স্বাধীনতা যুঁজাৰু, ৰাজনীতিবিদ

জন্ম আৰু পৰিয়াল

বিধান চন্দ্ৰ ৰয়ৰ জন্ম হয় ১৮৮২ চনৰ ১ জুলাইত, বিহাৰৰ পাটনাত। তেওঁৰ পিতাকৰ নাম আছিল শ্ৰীপ্ৰকাশ চন্দ্ৰ ৰয় আৰু মাতৃ হৈছে অঘোৰ কামিনী দেৱী। বংগ দেশৰ সম্ৰাট মহাৰাজ প্ৰতাপাদিত্যৰ তেওঁলোক বংশধৰ আছিল। সৰুকালছোৱাতে তেখেত আৰ্থিক অনাটনৰ সন্মুখীন হৱ লগা হৈছিল, তদুপৰি তেখেত অধ্যয়নৰ বাবে ছাত্ৰ বৃত্তিৰ ধনৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হৈছিল। তেখেতে সাংসাৰিক জীৱনৰ প্ৰতি আগ্ৰহী নহৈ আজীৱন অবিবাহিত হৈয়ে থাকিল।

শিক্ষা জীৱন

১৯০১ চনত বিধান চন্দ্ৰ ৰয় পাটনাৰ বাঁকীপুৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কলিকতা চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ লৈছিল। মাত্ৰ ২৯ বছৰ বয়সতে তেওঁ চিকিৎসা বিদ্যাত অসাধাৰণ খ্যাতি আৰ্জিবলৈ সক্ষম হৈছিল। তেওঁ চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায়। লণ্ডনৰ বাৰ্থোলোমিঅ হাস্পিতালৰ মুখ্য ডাক্তৰ ডাঃ শ্বোৰে তেওঁক ভৰ্তি কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু ডাঃ শ্বোৰ আৰু চেণ্ট বাৰ্থোলোমিঅৰ শিক্ষাৰ্থী বাছনি কমিটীৰ সভাপতি ডাঃ এডিচনক তেওঁ নিজৰ একাগ্ৰতাৰ কথা এনেকৈ প্ৰকাশ কৰি দেখুৱালে যে শেষত তেওঁলোকে ভৰ্তি কৰিবলৈ বাধ্য হল।

কৰ্ম জীৱন

১৯১১ চনত বিধান চন্দ্ৰ ৰয় কলকাতালৈ ঘূৰি আহি কেম্পবেল মেডিকেল স্কুলত শৰীৰস্থানৰ শিক্ষক হিচাপে যোগদান কৰে। ১৯১৯ চনত এই পদ এৰি তেখেতে কাৰমাইকেল মেডিকেল কলেজত কায়চিকিৎসাৰ অধ্যাপক হিচাপে যোগদান কৰে।

বিধান চন্দ্ৰ ৰয়ৰ কৰ্মজীৱন চিকিৎসক হিচাপে আৰম্ভ হোৱাৰ লগে লগে তেখেত ৰাজনীতিৰ মঞ্চখনলৈও আকৰ্ষিত হয়। ১৯২৩ চনত তেওঁ নিৰ্বাচন খেলি বংগ বিধান সভালৈ নিৰ্বাচিত হৈছিল। ১৯৩১ চনৰ আইন অমান্য আন্দোলনত যোগদান দি কিছুদিনৰ বাবে তেওঁ কাৰাবাস খাটিছিল। তেওঁ বংগৰ উন্নতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। কলিকতা কৰ্পোৰেচনৰ এণ্ডাৰ মেন আৰু মেয়ৰ, কলিকতা বিশ্ববিদ্যালয়ৰ ফেলো, বোৰ্ড অব একাউণ্টছৰ সভাপতি, চিণ্ডিকেটৰ সদস্য আৰু উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৮ চনৰ পৰা তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। মুখ্যমন্ত্ৰী পদত থাকিও তেওঁ সমানেই চিকিৎসা সেৱাও আগবঢ়াই গৈছিল।

মৃত্যু

১৯৬২ চনত ১ জুলাই বিধান চন্দ্ৰ ৰয়ৰ পৰলোকপ্ৰাপ্তি হয়।

বঁটা অৰু সন্মান

  • ভাৰত ৰত্ন বঁটা, (১৯৬১)

তথ্য সংগ্ৰহ

Tags:

বিধান চন্দ্ৰ ৰয় জন্ম আৰু পৰিয়ালবিধান চন্দ্ৰ ৰয় শিক্ষা জীৱনবিধান চন্দ্ৰ ৰয় কৰ্ম জীৱনবিধান চন্দ্ৰ ৰয় মৃত্যুবিধান চন্দ্ৰ ৰয় বঁটা অৰু সন্মানবিধান চন্দ্ৰ ৰয় তথ্য সংগ্ৰহবিধান চন্দ্ৰ ৰয়

🔥 Trending searches on Wiki অসমীয়া:

চৰাইঅসমীয়া ভাষাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমামণি ৰয়ছম গোস্বামীঅসমৰ মন্ত্ৰ-সাহিত্যআহোম ৰাজ্যঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদজীৱনৰ বাটততেজনলিনীবালা দেৱীৰাতি বিহুঅপৰিমেয় সংখ্যাঅসম সাহিত্য সভাচিপাহী বিদ্ৰোহ ১৮৫৭গান্ধীবাদগায়ত্ৰী মহন্তযোৰহাট জিলাৰ ইতিহাসপদিনামঙ্গলদৈ (লোকসভা সমষ্টি)বিশেষ্য পদশ্ৰীনিবাস ৰামানুজনয়দিহানামচ্যু-কা-ফাবৰপেটা সত্ৰদ্বিতীয় বিশ্বযুদ্ধৰাজনীতিআত্মজীৱনীফাকে জনগোষ্ঠীমাঘ বিহুবেটুপাতগুণাভিৰাম বৰুৱামাধৱদেৱবচন (ব্যাকৰণ)তিৱা জনগোষ্ঠীশিৱসাগৰহীৰেন গোহাঁইৰাসোৎসৱচকলংভাৰতৰ ৰাষ্ট্ৰপতিমৃত্যুঞ্জয়ব্যক্তিত্বনেতাই ধুবুনী ঘাটবড়ো জনগোষ্ঠীবংগ বিভাজন (১৯০৫)অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅসমীয়া ভাষা আন্দোলনৰজনীকান্ত বৰদলৈভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাব'হাগ বিহুডিমাছা ভাষাঅনাভেদী যৌনক্ৰিয়াঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমৰ সাহিত্যিকসকলৰ তালিকাশৰ্কৰামনোবিজ্ঞানমাছফুলডিম্বেশ্বৰ নেওগমননৰনাৰায়ণ সেতুঅশোকাষ্টমীশেৱালি ফুলউত্তৰ-পূব ভাৰতনাটককথা কবিতাপিয়লী ফুকন (চলচ্চিত্ৰ)অসমত দেখা পোৱা মাছৰ তালিকাঅসমীয়া জাতিঅসমৰ সমস্যাসপ্তকাণ্ড ৰামায়ণইবাঁকু বিচুচিকিৎসা বিজ্ঞানঅসমৰ বাঁহ-বেতৰ শিল্পজল প্ৰদূষণ🡆 More