ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক:

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক (ইংৰাজী: State Emblem of India) সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীক ভাৰতীয় গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰ, বহু ৰাজ্য চৰকাৰ আৰু অন্যান্য চৰকাৰী সংস্থাসমূহে ব্যৱহাৰ কৰে। এই প্ৰতীকটো মৌৰ্য সাম্ৰাজ্যৰ সময়ত খ্ৰীষ্টপূৰ্ব ২৮০ পৰা আৰম্ভ হোৱা প্ৰাচীন ভাস্কৰ্য সম্ৰাট অশোকৰ পৃষ্ঠপোষকতাত নিৰ্মিত অশোক স্তম্ভৰ পৰা লোৱা হৈছে। এই প্ৰতিমূৰ্তিটো চাৰিটা সিংহৰ ত্ৰিমাত্ৰিক প্ৰতীক। ১৯৪৭ চনৰ ডিচেম্বৰ মাহত ই ভাৰতীয় অধিৰাজ্যৰ প্ৰতীক হিচাপে পৰিগণিত হয় আৰু পিছলৈ ভাৰতীয় গণৰাজ্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ভাৰত চৰকাৰৰ অধিকাৰীক ছীল। ইয়াক চৰকাৰী নথি-পত্ৰ, মুদ্ৰা আৰু পাছপ'ৰ্টত ব্যৱহাৰ কৰা হয়। এই প্ৰতীকটোৰ ওপৰৰ অংশত তিনিটা মুখমেলি থকী সিংহ (চতুৰ্থ সিংহটো সন্মুখৰ ফালৰ পৰা দেখা নাযায়), তাৰ তলত সোঁমাজত ই চক্ৰ (অশোক চক্ৰ); চক্ৰটোৰ সোঁফালে এটা ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে। জন্তু দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা অংশ দেখা যায়।

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক: ইতিহাস, বৰ্ণনা, ব্যৱহাৰ
সামন্ত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক: ইতিহাস, বৰ্ণনা, ব্যৱহাৰ ভাৰত
গৃহীত হয় ২৬ জানুৱাৰী ১৯৫০
কুল চিহ্ন অশোক স্তম্ভ
নীতিবাক্য सत्यमेव जयते (সত্যমেৱ জয়তে):
মুণ্ডক উপনিষদৰ পৰা

ভাৰত গণতন্ত্ৰ হিচাপে পৰিগণিত হোৱাৰ দিনা অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে এই প্ৰতীকটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। গৌতম বুদ্ধই পোনপ্ৰথমে ধৰ্মৰ বাণী প্ৰচাৰ কৰা ঠাই উত্তৰ প্ৰদেশৰ সাৰনাথত সম্ৰাট অশোকে স্থাপন কৰা অশোক স্তম্ভৰ আৰ্হিক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে মান্যতা দিয়া হৈছে। এই প্ৰতীকত চাৰিটা এছিয়ান সিংহ চাৰিওদিশে ইটোৱে সিটোৰ ফালে পিঠি দি থকা অৱস্থাত আছে। এই সিংহ কেইটা ক্ষমতা, সাহস, আত্মবিশ্বাস আৰু বিশ্বাসৰ প্ৰতীক। সিংহকেইটাক বৃত্তাকাৰ বেদী আৰু পদুমৰ ওপৰত স্থাপন কৰা আছে। বেদীৰ সোঁমাজত ধৰ্মচক্ৰ বা অশোক চক্ৰ আছে। এই চকাটোত ২৪টা দণ্ড আছে আৰু ই মানৱ সভ্যতাৰ অগ্ৰগতি আৰু বিৱৰ্তনৰ প্ৰতীক।

প্ৰতীকৰ তলত "সত্যমেৱ জয়তে" ("সত্যই সদায় জয়লাভ কৰে") মূলমন্ত্ৰটো দেৱনাগৰী লিপিত লিখা আছে। প্ৰতীকটোৰ ব্যৱহাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক (অনুচিত ব্যৱহাৰৰ নিষেধাজ্ঞা) আইন, ২০০৫ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীক (ব্যৱহাৰ নিয়ন্ত্ৰণ) নিয়ম, ২০০৭ৰ দ্বাৰা পৰিচালিত হয়।

ভাৰতৰ ৰাজ্যিক প্ৰতীক ভাৰত চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহৰ লগতে ভাৰতৰ সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে ব্যৱহাৰ কৰে। ভাৰতৰ নাগৰিকে ব্যক্তিগত চিঠিপত্ৰ, জাননী, দস্তাৱেজ, বিজনেছ কাৰ্ড আৰু অন্যান্য ব্যক্তিগত ব্যৱহাৰতো ইয়াক ব্যৱহাৰ কৰাত নিষেধ। ভাৰতীয় প্ৰতীক আইনৰ অধীনত এই প্ৰতীক সুৰক্ষিত আৰু উপযুক্ত কৰ্তৃত্ব অবিহনে ইয়াৰ ব্যৱহাৰ আইনৰ অধীনত শাস্তিযোগ্য।

ইতিহাস

১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ অন্ত পৰাৰ পিছত ১৯৪৭ চনৰ ৩০ ডিচেম্বৰত নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতীয় অধিৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰতীক গ্ৰহণ কৰে। ভাৰতীয় সংবিধানৰ মূল পাণ্ডুলিপিখন সৌন্দৰ্য্যবৰ্ধন কৰাৰ কাম ভাৰতীয় জাতীয় কংগ্ৰেছে কলা ভৱন শান্তি নিকেতন বা শান্তি নিকেতনৰ অধ্যক্ষ নন্দলাল বসুক প্ৰদান কৰিছিল। বসুৱে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰম্ভ কৰে। বসুৱে সাৰনাথৰ অশোক স্তম্ভক সংবিধানৰ আৰম্ভণিৰ পৃষ্ঠাত অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী আছিল। সিংহবোৰক বাস্তৱিকভাৱে চিত্ৰিত কৰিবলৈ তেওঁ কলকাতা চিৰিয়াখানাত সিংহৰ আচৰণ অধ্যয়ন কৰা তেওঁৰ ছাত্ৰ দীননাথ ভাৰ্গৱক বাছি লৈছিল।

১৯৫০ চনৰ ২৬ জানুৱাৰীত দেৱনাগেৰী লিপিৰে লিখিত ভাৰতৰ নীতিবাক্য সত্যমেৱ জয়তেৰ ওপৰত অশোকৰ স্তম্ভক প্ৰতিনিধিত্ব কৰা আৰ্হিক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়।

বৰ্ণনা

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক: ইতিহাস, বৰ্ণনা, ব্যৱহাৰ 
মূল অশোক স্তম্ভ, খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকা, সাৰনাথ সংগ্ৰহালয়

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত এছিয়ান চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিছফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে চকুত পৰে। একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীৰ্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছে। এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্ৰতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোঁৰা, এটা ষাঁড় গৰু আৰু এটা সিংহ। চাৰিটা চক্ৰই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। এই চক্ৰৰ নাম অশোক চক্ৰ বা ধৰ্ম চক্ৰ। ২৪ ডাল দণ্ড থকা অশোক চক্ৰই ভাৰতৰ জাতীয় পতাকাতো ঠাই পাইছে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্ৰৰ ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ ২৪টা আদৰ্শক বুজায়।

প্ৰতীকত থকা বলধটোৱে কঠোৰ পৰিশ্ৰম আৰু অটলতাক প্ৰতিনিধিত্ব কৰে, আনহাতে ঘোঁৰাটোৱে আনুগত্য, গতি আৰু শক্তিক প্ৰতিনিধিত্ব কৰে। মূল অশোক স্তম্ভৰ বেদীৰ তলত থকা ঘণ্টা আকৃতিৰ পদুমটো ৰাষ্ট্ৰীয় প্ৰতীকত বাদ দিয়া হৈছে। ৰাষ্ট্ৰীয় প্ৰতীকটোত মূল স্তম্ভৰ তলত থকা পদুমপাহ বাদদি তাৰ ঠাইত মুণ্ডক উপনিষদৰ পৰা লোৱা "সত্যমেৱ জয়তে" (সত্যৰ সদায় জয়) কথাফাঁকি দেৱনাগৰী লিপিত লিখা হৈছে।

ব্যৱহাৰ

এই প্ৰতীকটো ভাৰত চৰকাৰৰ চৰকাৰী চিঠিপত্ৰ, জাননী আৰু চৰকাৰী দস্তাৱেজত ব্যৱহাৰ কৰা হয়। সকলো ভাৰতীয় মুদ্ৰাতো ইয়াক দেখা যায়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে ইয়াক ভাৰতীয় পাছপ’ৰ্টত বিশিষ্টভাৱে দেখা যায়। প্ৰতীকটোৰ ব্যৱহাৰ ভাৰতীয় ৰাজ্যিক প্ৰতীক (অনুচিত ব্যৱহাৰৰ নিষেধাজ্ঞা) আইন, ২০০৫ৰ অধীনত নিয়ন্ত্ৰিত আৰু নিষিদ্ধ কৰা হৈছে। এই আইনৰ অধীনত কোনো ব্যক্তি বা ব্যক্তিগত সংস্থাই চৰকাৰী চিঠিপত্ৰৰ বাবে প্ৰতীকটো ব্যৱহাৰ কৰাৰ অনুমতি নাই। ইয়াত অন্তৰ্ভুক্ত অশোক চক্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ কেন্দ্ৰত দেখা যায়। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু অন্যান্য চৰকাৰী কাৰ্যলয়ে অধিকাৰীক ছিল হিচাপে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিকক ব্যৱহাৰ কৰে।

চৰকাৰী প্ৰতিষ্ঠানৰ প্ৰতীক

চৰকাৰী ভৱনত ব্যৱহাৰ

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীক

ভাৰতৰ অধিকাংশ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে নিজাকৈ ৰাজ্যিক প্ৰতীক বা ছীল গ্ৰহণ কৰিছে। এইবোৰক ৰাজ্য চৰকাৰৰ চৰকাৰী প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে ছখন ৰাজ্য আৰু পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকক নিজ চৰকাৰৰ নামৰ সৈতে চৰকাৰী প্ৰতীক বা ছিল হিচাপে ব্যৱহাৰ কৰে।

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ দ্বাৰা স্থাপিত একাংশ স্বায়ত্তশাসিত জিলা পৰিষদেও চৰকাৰী প্ৰতীক গ্ৰহণ কৰিছে।

ঐতিহাসিক ছীল আৰু প্ৰতীক

ভাৰতত মধ্যযুগীয় যুগ

পাণ্ড্য ৰাজবংশ

বিজয়নগৰ সাম্ৰাজ্য

আহোম ৰাজ্য

প্ৰাক আধুনিক যুগ

মোগল সাম্ৰাজ্য

মাৰাঠা সাম্ৰাজ্য

ঔপনিৱেশিক ভাৰত

ভাৰতত ব্ৰিটিছ শাসন

পৰ্তুগীজ ভাৰত

ফৰাছী ভাৰত

আজাদ হিন্দ

ভাৰত অধিৰাজ্য

তথ্য উৎস

Tags:

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ইতিহাসভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক বৰ্ণনাভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ব্যৱহাৰভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ঐতিহাসিক ছীল আৰু প্ৰতীকভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক তথ্য উৎসভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকঅশোক স্তম্ভইংৰাজী ভাষামৌৰ্য সাম্ৰাজ্য

🔥 Trending searches on Wiki অসমীয়া:

আৱাহন (আলোচনী)শৰৎ ঋতুএইচ টি এম এলশৰৎচন্দ্ৰ চট্টোপাধ্যায়কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবিদ্যুৎৰুক্মিণী হৰণ নাটঅসমৰ মুখা শিল্পসত্যনাথ বৰাহিমবাহচুটিগল্পজিএছটিমানৱ শৰীৰপাৰ্ৱতি প্ৰসাদ বৰুৱাকেঁচুসাৰঅসমীয়া ব্যাকৰণভাৰত ত্যাগ আন্দোলনসৰ্বশিক্ষা অভিযাননাথান ব্ৰাউনৰক্তদলকিতাপ পঢ়াৰ আনন্দঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীএ পি জে আব্দুল কালামনাগালেণ্ডৰ সংস্কৃতিব্ৰিটিছ ৰাজপ্ৰাকৃতিক দুৰ্যোগদ্বিতীয় বিশ্বযুদ্ধঅসমৰ সাধুকথাপালি ভাষাচকৰি ফেঁটী বুৰঞ্জী২৬ এপ্ৰিলগদ্যগৌতম বুদ্ধজিকিৰএ কে গাৰ্নিভেঁকুৰভাস্কো দা গামাৰাতাবাৰী (বিধানসভা সমষ্টি)পূৰবী বৰমুদৈঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিভগ্নাংশ (গণিত)কৃষিৰাভা ভাষাসতীদাহ প্ৰথাশকুন্তলাৰুবুল মাউতঁ (চন্দ্ৰবিন্দু)সৌৰভ কুমাৰ চলিহাকেঁচুজয় দৌলমৃত্যুঞ্জয়অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহজয়মতী কুঁৱৰীমুগা (ৰেচম)জোনাকী (আলোচনী)শুৱালকুছিপদ (ব্যাকৰণ)পূৰ্ণ স্বৰাজডিব্ৰুগড় বিশ্ববিদ্যালয়জৈৱ বৈচিত্ৰ্যতথ্য প্ৰযুক্তিঅসমীয়া উপন্যাসচিপাহী বিদ্ৰোহ ১৮৫৭হিমালয়গীতি-ৰামায়ণমহাভৈৰৱ মন্দিৰচন্দ্ৰলোকসভাৰ অধ্যক্ষব’হাগঅংকীয়া নাটসাহিত্য অকাডেমি বঁটাভাইটি (চলচ্চিত্ৰ)গুৱাহাটীশিক্ষাৰ অধিকাৰপ্ৰাক-ইতিহাসভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা🡆 More