গোবিন্দ বল্লভ পণ্ট

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

গোবিন্দ বল্লভ পণ্ট (ইংৰাজী: Govind Ballabh Pant; ১৮৮৭-১৯৬১) ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল। তেওঁৰ বিৰল প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৭ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল।

গোবিন্দ বল্লভ পণ্ট
গোবিন্দ বল্লভ পণ্ট
জন্ম ১০ চেপ্তেম্বৰ, ১৮৮৭ চন
খুঁটগাঁও, আলমোড়া, উত্তৰ প্ৰদেশ
মৃত্যু ১৯৬১
পেচা ওকালতি
ভাষা হিন্দী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব গোবিন্দ বল্লভ পণ্ট ভাৰত
শিক্ষা স্নাতক, আইনৰ স্নাতক
উল্লেখযোগ্য বঁটা ভাৰত ৰত্ন বঁটা (১৯৫৭)

জন্ম আৰু শিক্ষা

গোবিন্দ বল্লভ পণ্ট 
ভাৰতৰ সংসদ ভৱনৰ ওচৰত স্থাপন কৰা গোবিন্দ বল্লভ পণ্টৰ প্ৰতিমূৰ্তি
গোবিন্দ বল্লভ পণ্ট 
নাইনিতালৰ মল ৰ'ডত স্থাপন কৰা গোবিন্দ বল্লভ পণ্টৰ প্ৰতিমূৰ্তি

গোবিন্দ বল্লভ পণ্টৰ জন্ম হয় ১৮৮৭ চনৰ ১০ ছেপ্তেম্বৰ তাৰিখে, উত্তৰ প্ৰদেশৰ আলমোড়া জিলাৰ খুঁট নামৰ গাঁৱত। তেওঁৰ পিতৃ আছিল মনোৰথ পণ্ট। সৰুকালৰ শিক্ষা তেওঁ মোমায়েকৰ ঘৰতে থাকি লাভ কৰিছিল। ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ এলাহাবাদ ম্যোৰ চেণ্ট্ৰেল কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। সৰুতে তেওঁক গোখলেৰ মৰ্মস্পৰ্শী ভাষণে মুগ্ধ কৰে আৰু তেতিয়াৰে পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মন ঢাল খায়। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ কেতিয়াও ব্ৰিটিছৰ তলত চাকৰি নকৰে। ইয়াৰ পিছত তেওঁ আইনৰ পৰীক্ষা দি ১৯০৯ চনত উত্তীৰ্ণ হয়। আইন পৰীক্ষা পাছ কৰি পোনতে তেওঁ আলমোড়াত আইন ব্যৱসায় কৰিছিল আৰু তাৰ পিছত ৰাণীখত, পিছলৈ কাশীপুৰলৈ যায়। নাইনিতালত ওকালতি কৰাৰ পিছত তেওঁৰ যশস্যা কেউফালে বিয়পি পৰে।

ৰাজনৈতিক জীৱন

লক্ষ্ণৌ কংগ্ৰেছ অধিবেশনত গোবিন্দ বল্লভ পণ্টে কুমায়ুণৰ কংগ্ৰেছ প্ৰতিনিধি হিচাপে যোগদান কৰাৰ পিছৰে পৰা তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯২৩ চনত মতিলাল নেহেৰুৱে তেওঁক উত্তৰ প্ৰদেশ বিধান পৰিষদৰ স্বৰাজ পাৰ্টিৰ নেতৃত্বৰ দায়িত্ব দিয়ে। ১৯২৭ চনত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। ১৯২৮ চনত তেওঁ নেহেৰুৰ সৈতে চাইমন কমিচনৰ বিৰুদ্ধে বিক্ষোভ কৰি, লাঠীৰ কোব খাই চিৰদিনলৈ এখন হাত ঘুণীয়া কৰিছিল। ১৯৩০ চনত লোণ সত্যাগ্ৰহত ভাগ লৈ ছয় মাহ কাৰাবৰণ খাটিছিল। ১৯৩২ চনতো কাৰাবৰণ খাটিছিল। ১৯৩৪ চনত তেওঁ কেন্দ্ৰেীয় বিধান পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল। ১৯৩৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ বিধান পৰিষদৰ নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য গ্ৰহণ কৰিছিল। ১৯৩৯ চনত তেওঁ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নিৰ্দেশমতে পদত্যাগ কৰিছিল। ১৯৪০-৪২ চনৰ আন্দোলনত যোগদান কৰি তেওঁ পুনৰ কাৰাবৰণ কৰিছিল। ১৯৪৬ চনত পুনৰ তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ১৯৫৪ চনত তেওঁ কেন্দ্ৰীয় কেবিনেটত যোগদান কৰি, ১৯৫৫ চনত তেওঁ গৃহমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তেওঁ গৃহমন্ত্ৰী হৈ থকা কালত--কাশ্মীৰ প্ৰশ্ন, নগা বিদ্ৰোহ, ৰাজ্য পুনগঠনৰ সমস্যা, ভাষা কমিচনৰ সমস্যা, ৰাজস্থানৰ সমস্যা অদিয়ে দেখা দিছিল। তেওঁ জমিদাৰী প্ৰথাৰ বিৰোধী আছিল আৰু ১৯৫০ চনৰ পৰা ভৰতবৰ্ষত থকা জমিদাৰী প্ৰথা লোপ কৰিছিল। তেওঁ সদায় খেতিয়ক, বনুৱা আৰু হৰিজন সকলৰ মঙ্গলৰ কথা বিবেচনা সহকাৰে চিন্তা কৰিছিল। তেওঁ পাহাৰীয়া অনুন্নত অঞ্চলৰ কমাও সম্প্ৰদায়ৰ কাৰণেযথেষ্ট ত্যাগ স্বীকাৰ কৰি গৈছিল। তেওঁৰ চিন্তাই আছিল জনসাধাৰণৰ মঙ্গল সাধন কৰা আৰু এই চিন্তাৰ প্ৰতিফলন ঘটিছে ৰাজনীতি, অৰ্থনীতি, সমাজিক আৰু বৌদ্ধিক মহলৰ মাজত।

পুৰস্কাৰ প্ৰাপ্ত বঁটা

  • ভাৰত-ৰত্ন বঁটা (১৯৫৭ চন)

মৃত্যু

এই ৰাজনীতিজ্ঞ পণ্ডিত গোবিন্দ বল্লভ পণ্টৰ দেহাৱসান ঘটে ১৯৬১ চনত।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

গোবিন্দ বল্লভ পণ্ট জন্ম আৰু শিক্ষাগোবিন্দ বল্লভ পণ্ট ৰাজনৈতিক জীৱনগোবিন্দ বল্লভ পণ্ট পুৰস্কাৰ প্ৰাপ্ত বঁটাগোবিন্দ বল্লভ পণ্ট মৃত্যুগোবিন্দ বল্লভ পণ্ট তথ্য সংগ্ৰহগোবিন্দ বল্লভ পণ্ট বাহ্যিক সংযোগগোবিন্দ বল্লভ পণ্ট

🔥 Trending searches on Wiki অসমীয়া:

ৰাজ্যসভাভূপেন হাজৰিকাঅপাৰেটিং চিষ্টেমচি++মণিপুৰৱিকিপিডিয়াকালিদাসকালিয়দমন নাটশিৱসাগৰফাট বিহুপ্লাষ্টিকমই আৰু নেফাম'হৰ শিঙৰ পেঁপাৰুদ্ৰেশ্বৰ দেৱালয়হাতীধুবুৰী (লোকসভা সমষ্টি)এচিদ বৰষুণহুঁচৰিঅসমৰ গামোচাবৰপেটানক্ষত্ৰঅসমৰ মহকুমাসমূহৰ তালিকামৌখিক ইতিহাসঅসমৰ কুঁহিলা শিল্পযৌন প্ৰৱেশক্ৰিয়াফৰাচী বিপ্লৱধেমাজি জিলাৰবীন্দ্ৰনাথ ঠাকুৰউপন্যাসঅণুবীক্ষণ যন্ত্ৰনুৰ জাহান (মোগল সম্ৰাজ্ঞী)শোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনকথা কবিতাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবহুভাষাবাদমহেন্দ্ৰ বৰাগুৱাহাটীখ্ৰীষ্টান ধৰ্মমেলেৰিয়ানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯বানপানীঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫পুথিভঁৰালকমলা মিৰিহৰপ্পাসৌৰজগতএডল্ফ হিটলাৰচ্যু-লিক-ফাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅৰ্জুন ভঞ্জনসংগীতকুলিঅসমৰ পৰম্পৰাগত সাজ- পাৰইউক্লিডভাৰতৰ স্বাধীনতা আন্দোলনকিতাপগোৱালপাৰীয়া উপভাষাহস্তীবিদ্যাৰ্ণৱসংখ্যাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনমঙ্গলদৈ (লোকসভা সমষ্টি)লক্ষ্মীনন্দন বৰালক্ষ্মীনাথ বেজবৰুৱাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাভাৰতৰ ইতিহাসকাৰ্বি ভাষাহাতীপটিসমাজবাদপ্ৰাক-ইতিহাসৱিকিমিডিয়া ফাউণ্ডেশ্যনসম্পাদনাদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰজ্যামিতিইয়াত এখন অৰণ্য আছিল🡆 More