৯ অক্টোবৰ: তাৰিখ

৯ অক্টোবৰ (ইংৰাজী: 9 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮২তম (অধিবৰ্ষত ২৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৩টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৪৪৬ - হেংগুল বৰ্ণমালা কোৰিয়াত প্ৰথম প্ৰকাশিত হয়।
  • ১৬০৪ - হাতীপটিৰ ভিতৰত পৰ্যবেক্ষণ কৰা আটাইতকৈ শেহতীয়া চুপাৰনোভা 'কেপলাৰৰ চুপাৰনোভা' দেখা পোৱা গৈছিল।
  • ১৮৭৪ - বাৰ্ণ চুক্তিৰ দ্বাৰা ইউনিভাৰ্ছেল ডাক সংঘ সৃষ্টি কৰা হয়।
  • ১৯৪১ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে এক পাৰমাণৱিক কাৰ্যসূচীৰ অনুমোদন জনাই যিটো পিছত মেনহাটান প্ৰকল্পত পৰিণত হৈ পৰে।
  • ১৯৪৬ - ভাৰত চৰকাৰে বিদেশত ভাৰতৰ কূটনৈতিক, কনচুলাৰ আৰু বাণিজ্যিক প্ৰতিনিধিত্বৰ বাবে ভাৰতীয় বৈদেশিক সেৱা স্থাপন কৰে।
  • ১৯৪৯ - ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল চি ৰাজাগোপালাচাৰীয়ে আধুনিক ক্ষেত্ৰীয় সেনা উদ্বোধন কৰে।
  • ১৯৬৭ - বন্দী হোৱাৰ এদিন পিছত বলিভিয়াত বিপ্লৱ কৰিবলৈ চেষ্টা কৰা বাবে আৰ্নেষ্টো "চে" গুৱেভাৰাক মৃত্যুদণ্ড দিয়া হয়।
  • ২০০৬ - উত্তৰ কোৰিয়াই প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰে।
  • ২০০৮ - মাফিয়াৰ পৰা তেল সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন বিশেষজ্ঞৰ সমিতি গঠন কৰিছিল।
  • ২০১২ - পাকিস্তানী তালিবানে স্পষ্টবাদী স্কুলীয়া ছাত্ৰী মালালা ইউছুফজাইক হত্যাৰ চেষ্টা কৰে।
  • ২০২১ - অসমৰ যোৰহাটৰ ৭ বছৰীয়া ফ্ল'ৰিনা গগৈয়ে ছ'নী টিভিৰ চুপাৰ ডেঞ্চাৰ অধ্যায় ৪ৰ চূড়ান্ত বিজয়ী হয়।

জন্ম

  • ১৭৫৭ - চাৰ্লছ এক্স, ফ্ৰান্সৰ ৰজা (১৮২৪-৩০)। (মৃঃ ১৮৩৬)
  • ১৮২৬ - ৰাজা লক্ষ্মণ সিং, হিন্দী সাহিত্য এগৰাকী প্ৰসিদ্ধ সাহিত্যক৷
  • ১৮৫২ - হেৰমন ইমিল ফিচাৰ, নোবেল বিজয়ী জাৰ্মান ৰসায়নবিদ। হেৰমানে ১৯০২ চনত ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।
  • ১৮৯৭ - মিঞ্জুৰ ভক্তৱতছালাম, স্বাধীনতা সংগ্ৰামী আৰু মাদ্ৰাজ ৰাজ্যৰ মুখ্যমন্ত্ৰী।
  • ১৯২৯ - সুধীন দাশগুপ্ত, বঙালী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী।
  • ১৯৪০ - জন লেনন, আমেৰিকান সংগীতজ্ঞ আৰু শান্তি কৰ্মী।
  • ১৯৪৫ - ওস্তাদ আমজাদ আলি খান, বিখ্যাত ভাৰতীয় সৰোদ বাদক।
  • ১৯৬৬ - ডেভিদ কেমেৰুন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী, ইংলেণ্ডৰ লণ্ডনত জন্ম হৈছিল।
  • ১৯৭৯ - মেনকা পি পি বৰা (মেনকা প্ৰফুল্ল প্ৰসাদ বৰা), ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।
  • ১৯৮৫ - ছায়ানী গুপ্তা, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

  • ১৯৪৩ - পিটাৰ জিমান, এজন ডাচ্চ পদাৰ্থবিজ্ঞানী যিয়ে জিমান প্ৰভাৱৰ আৱিষ্কাৰৰ বাবে হেন্দ্ৰিক লৰেণ্টজৰ সৈতে ১৯০২ চনৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা পাইছিল।
  • ১৯৬৭ - চে গুৱেভাৰা, এজন আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱী, চিকিৎসক, লেখক, গেৰিলা নেতা, কূটনীতিবিদ আৰু সামৰিক তাত্ত্বিক। কিউবান বিপ্লৱৰ এক মুখ্য ব্যক্তিত্ব।
  • ১৯৮৭ - গুৰু গোপীনাথ, অভিনেতা আৰু কথাকলি কিংবদন্তী।
  • ১৯৯৫ - এলেক ড'গলাছ-হোম, ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
  • ২০০৬ - কাঞ্চী ৰাম, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ, সমাজকৰ্মী আৰু বহুজন নায়ক।
  • ২০১৫ - ৰবীন্দ্ৰ জৈন, ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী।

ছুটী আৰু দিৱস

  • বিশ্ব মহাকাশ সপ্তাহৰ ষষ্ঠ দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
  • বিশ্ব ডাক দিৱস।
  • আঞ্চলিক বা ক্ষেত্ৰীয় সেনা দিৱস। (ভাৰতৰ)
  • ভাৰতীয় বৈদেশিক সেৱা দিৱস।

বাহ্যিক সংযোগ

তথ্য সূত্ৰ

Tags:

৯ অক্টোবৰ ঘটনাৱলী৯ অক্টোবৰ জন্ম৯ অক্টোবৰ মৃত্যু৯ অক্টোবৰ ছুটী আৰু দিৱস৯ অক্টোবৰ বাহ্যিক সংযোগ৯ অক্টোবৰ তথ্য সূত্ৰ৯ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

গণতন্ত্ৰবিত্তীয় ব্যৱস্থাকুলিঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰআওৰামৌৰ্য সাম্ৰাজ্যগান্ধাৰীৰঘুনাথ চৌধাৰীতেজপুৰবড়ো ভাষামুগা (ৰেচম)গগনাআইজাক নিউটনকৃষিআৱাহন (আলোচনী)ফাট বিহুহীৰেন গোহাঁইকিতাপঅৰুণোদইপ্লেটোডুবি তাম্ৰলিপি আৰু ছীলবাগ্‌ধ্বনিঅসম গণ পৰিষদসমাজতত্ত্ববুঢ়ী আইৰ সাধুঘৰ শালিকামাছনলবাৰীজোনবিল মেলামোগল সাম্ৰাজ্যবেলিমাৰ (নাটক)অসমীয়া ভাষা উন্নতি সাধিনী সভাব্যৱস্থাপনামিচিং জনগোষ্ঠীৰ সাজপাৰম’বাইল ফোননুৰ জাহান (মোগল সম্ৰাজ্ঞী)এ পি জে আব্দুল কালামছক্ৰেটিছগুৱাহাটী (লোকসভা সমষ্টি)ৰূপালীমবাংলাদেশগোলকীকৰণশদিয়াইংৰাজী ভাষাবৰপেটা (লোকসভা সমষ্টি)ৱিকিপিডিয়াইয়াণ্ডাবু সন্ধিৰাইমনা ৰাষ্ট্ৰীয় উদ্যানজ্যোতিপ্ৰসাদ আগৰৱালাবৈচাগুকেশৱ মহন্তমৌ-মাখিবাৰেচহৰীয়া ভাওনা মহোৎসৱপ্ৰাকৃতিক দুৰ্যোগশিৱসাগৰৰ শিৱদৌলশৰাইঘাট দলংশেলাইমানৱ ভূগোলবকুল ফুলৰ দৰে (গ্ৰন্থ)লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানমহাদেশসূৰ্যবৃত্তকাতি বিহুকৃত্ৰিম বুদ্ধিমত্তাশিক্ষককলবৰ্মণ ৰাজবংশপৰ্যটনতলাতল ঘৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাৰাজ্যসভাঅসমৰ পৰম্পৰাগত খেল-ধেমালি🡆 More