৮ অক্টোবৰ: তাৰিখ

৮ অক্টোবৰ (ইংৰাজী: 8 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮১তম (অধিবৰ্ষত ২৮২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৪টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৮৭১ - বনজুইৰ ফলত আমেৰিকাৰ ৱিছকনচিনৰ পেষ্টিগ' অঞ্চল ধ্বংস হয়, যাৰ ফলত ১,২০০ ৰ পৰা ২,৫০০জন লোকৰ মৃত্যু হয়, এই বনজুই ইতিহাসৰ আটাইতকৈ ভয়ংকৰ দাবানল হিচাপে জনা যায়।
  • ১৯১৮ - প্ৰথম বিশ্বযুদ্ধ: কৰ্পোৰেল এলভিন চি য়ৰ্কে ২৮জন জাৰ্মান সৈনিকক হত্যা কৰে আৰু ১৩২ জনক বন্দী কৰে। সেইবাবে তেওঁক মেডেল অফ অনাৰ প্ৰদান কৰা হয়।
  • ১৯১৯ - মহাত্মা গান্ধীৰ সম্পাদনাত ইয়ং ইণ্ডিয়া পত্ৰিকাৰ প্ৰকাশ আৰম্ভ হয়।
  • ১৯৩২ - ভাৰতীয় বায়ু সেনাক (আইএএফ) আনুষ্ঠানিকভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ সহায়ক বায়ু সেনা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।
  • ১৯৬৭ - গেৰিলা নেতা চে গুৱেভাৰা আৰু তেওঁৰ লোকসকলক বলিভিয়াত বন্দী কৰা হয়।
  • ১৯৯৪ - কুৱেইট সীমান্তত ইৰাকী সেনাৰ অৱস্থান, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ উপসাগৰীয় অঞ্চললৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰে।
  • ২০০৫ - কাশ্মীৰত ৭.৬ ৰিখ্টাৰ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। এই ভূমিকম্পত ৮৬,০০০-৮৭,৩৫১জন লোক নিহত, ৬৯,০০০-৭৫,২৬৬জন আহত আৰু ২.৮ নিযুত গৃহহীন হৈছিল।
  • ২০১৩ - কেন্দ্ৰীয় চৰকাৰ আৰু ডি এইচ ডিৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।

জন্ম

  • ১১৫০ - নৰপতি চিথু,বাৰ্মাৰ ৰজা আছিল। (মৃঃ ১২১১)
  • ১৯০৮ - সীতানাথ ব্ৰহ্মচৌধুৰী, কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সাহিত্যিক।
  • ১৯২২ - জি এন ৰামচন্দ্ৰন, এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু জীৱ বিজ্ঞানী, তেওঁ পেপটাইড গাঁথনি বুজিবলৈ 'ৰামচন্দ্ৰন প্লট' সৃষ্টি কৰিছিল। ক'লাজেনৰ গাঁথনিৰ বাবে তেওঁ প্ৰথম ট্ৰিপল-হেলিকেল মডেলৰ প্ৰস্তাৱ দিছিল। (মৃত্যু: ৭ এপ্ৰিল, ২০০১)
  • ১৯২৬ - ৰাজ কুমাৰ, ভাৰতীয় আৰক্ষী বিষয়া আৰু অভিনেতা। (মৃঃ ১৯৯৬)
  • ১৯৫১ - মাকি কাজি, এজন জাপানী ব্যৱসায়ী, নিকলিৰ (Nikoli) প্ৰাক্তন সভাপতি আৰু পাজল গেইমৰ নিৰ্মাতা। সংখ্যাৰ পাজল খেল জনপ্ৰিয় কৰাত তেওঁৰ ভূমিকাৰ বাবে তেওঁক চুড'কুৰ (Sudoku) পিতৃ বুলি কোৱা হয়।
  • ১৯৭৫ - তাহমিমা আনাম, বাংলাদেশত জন্ম গ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ লেখক, ঔপন্যাসিক আৰু প্ৰাৱন্ধিক।
  • ১৯৮০ - দা মিজ বা মাইকেল গ্ৰেগৰী মিজানিন, এজন আমেৰিকান পেছাদাৰী মল্লযোদ্ধা আৰু অভিনেতা। তেওঁ ডাব্লিউ ডাব্লিউ ইৰ খেলুৱৈ, য'ত তেওঁ দা মিজ নামেৰে প্ৰদৰ্শন কৰে।
  • ১৯৮৫ - ব্ৰুন' মাৰ্ছ (পিটাৰ জিন হাৰ্নান্দেজ), আমেৰিকান গায়ক।

মৃত্যু

  • ১৭৯৩ - জন হেনক'ক, আমেৰিকান ব্যৱসায়ী আৰু ৰাজনীতিবিদ, মেছাচুছেটছৰ প্ৰথম গভৰ্ণৰ। (জঃ ১৭৩৭)
  • ১৮৬৯ - ফ্ৰেংকলিন পিয়েৰ্ছ, আমেৰিকান সেনাপতি, উকীল আৰু ৰাজনীতিবিদ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চতুৰ্দশ ৰাষ্ট্ৰপতি। (জন্ম: ১৮০৪)
  • ১৯০৪ - ক্লেমেনছ আলেকজেণ্ডাৰ ৱিংকলাৰ, এজন জাৰ্মান ৰসায়নবিদ, তেখেতে ১৮৮৬ চনত জাৰ্মানিয়াম (germanium) নামৰ মৌলটো আৱিষ্কাৰ কৰিছিল।
  • ১৯৩৬ - মুন্সী প্ৰেমচন্দ, হিন্দী সাহিত্যৰ প্ৰসিদ্ধ গল্পকাৰ তথা ঔপন্যাসিক।
  • ১৯৬৭ - ক্লেমেণ্ট এটলী (Clement Attlee), ইংৰাজ সৈনিক, উকীল আৰু ৰাজনীতিবিদ, যুক্তৰাজ্যৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। (জন্ম: ১৮৮৩)
  • ১৯৭৯ - জয়প্ৰকাশ নাৰায়ণ, ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা।
  • ১৯৯০ - কমলাপতি ত্ৰিপাঠী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছী নেতা।
  • ২০১২ - বৰ্ষা ভোঁছলে, ভাৰতীয় গায়িকা আৰু সাংবাদিক (জঃ ১৯৫৬)
  • ২০১২ - নৱাল কিশোৰ শৰ্মা, ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাটৰ ৰাজ্যপাল।
  • ২০২০ - ৰাম বিলাস পাছৱান, ভাৰতীয় ৰাজনৈতিক নেতা।

ছুটী আৰু দিৱস

  • বায়ু সেনা দিৱস (ভাৰত)।
  • শিশু দিৱস (ইৰাণ)।
  • নৌ সেনা দিৱস (পেৰু)।
  • বিশ্ব মহাকাশ সপ্তাহৰ পঞ্চম দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)

বাহ্যিক সংযোগ

তথ্য সূত্ৰ

Tags:

৮ অক্টোবৰ ঘটনাৱলী৮ অক্টোবৰ জন্ম৮ অক্টোবৰ মৃত্যু৮ অক্টোবৰ ছুটী আৰু দিৱস৮ অক্টোবৰ বাহ্যিক সংযোগ৮ অক্টোবৰ তথ্য সূত্ৰ৮ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাহিতেশ্বৰ শইকীয়াভাৰতৰ স্বাধীনতা আন্দোলনঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতভাৰতীয় দৰ্শনলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীকমলাবাৰী সত্ৰবিশ্ব বেংকসাম্যবাদপ্লাষ্টিকৱেবছাইটৰামধেনুকলিকতাঅসমীয়া বান্দৰঅসম বিধানসভাগোৱালপাৰা জিলাবিষ্ণুপ্ৰসাদ ৰাভাযোৰহাট জিলাৰম্বাছজামুগুৰিহাটহিতেশ্বৰ বৰবৰুৱাৰাজ্যসভাতগৰহীৰেন ভট্টাচাৰ্যঔষধি উদ্ভিদবংগ বিভাজন (১৯০৫)হিমন্ত বিশ্ব শৰ্মাঅসমীয়া ভাষাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগবাৰেচহৰীয়া ভাওনা মহোৎসৱজুইঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ইয়াত এখন অৰণ্য আছিলব্ৰহ্মপুত্ৰ নদভাৰতীয় নাগৰিকত্ব আইনঅসমীয়া গীতি সাহিত্যহেম বৰুৱাভাৰতীয় ৰেলআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰপুৰন্দৰ সিংহভিটামিনৰোমাণ্টিক কবিতাৰংমিলিৰ হাঁহিৰবীন্দ্ৰনাথ ঠাকুৰফুটবলকাৰ্ল মাৰ্ক্সঅসমৰ জাতীয় গীতঅসমৰ মন্ত্ৰ-সাহিত্যলোকচিকিৎসাঅসমৰ পৰম্পৰাগত খেল-ধেমালিৰংঘৰভাৰতৰ প্ৰধানমন্ত্ৰীসাপভবেন্দ্ৰ নাথ শইকীয়াপাঠ্যক্ৰমভাৰতৰ সংৰক্ষণ ব্যৱস্থাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাঅৰুণোদইইতিহাসহেম সৰস্বতীতেজপুৰঋণাত্মক অখণ্ড সংখ্যাসাধুকথালোকসভাঅসমৰ সাহিত্যিকসকলৰ তালিকাউত্তৰ গুৱাহাটীবিশ্ব বাণিজ্য সংস্থাকাতি বিহুৰূপালীমঋতুজোনবিল মেলানিমাতী কইনাৰামধেনু (আলোচনী)হাবুংমাটি🡆 More