গোলকীয় উষ্ণতা বৃদ্ধি

গোলকীয় উষ্ণতা বৃদ্ধি হ'ল পৰিৱেশৰ প্ৰতি এটা ভয়ানক প্ৰত্যাহ্বান। পৃথিৱীৰ জলবায়ু তন্ত্ৰৰ গড় উষ্ণতা দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ১৯৭১ চনৰ পৰা, বৰ্ধিত শক্তিৰ ৯০% সাগৰ-মহাসাগৰত জমা হৈছে, মুখ্যতঃ ০ ৰ পৰা ৭০০ মি.

অঞ্চলত। মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজ গৃহ গেছসমূহৰ বাবে যোৱা শতিকাটোত হোৱা পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধিয়েই হ'ল গোলকীয় উষ্ণতা বৃদ্ধি। বিংশ শতাব্দীৰ প্ৰথম ভাগৰ পৰা, গোলকীয় বায়ু আৰু সাগৰ পৃষ্ঠৰ উষ্ণতা প্ৰায় ০.৮° ছেলছিয়াছ (১.৪° ফাৰেনহাইট) বৃদ্ধি পাইছে, ১৯৮০ চনৰ পৰাই প্ৰায় দুই-তৃতীয়াংশ বৃদ্ধি পাইছে। ১৯৫০ চনৰ পৰা যিকোনো পূৰ্বৱৰ্তী দশকতকৈ যোৱা তিনিটা দশকত পৃথিৱী পৃষ্ঠ সৰ্বাধিক উত্তপ্ত হোৱা পৰিলক্ষিত হৈছে।

refer to caption
১৮৮০ৰ পৰা ২০১৩ চনলৈ ভূ-সাগৰীয় উষ্ণতা পৰিৱৰ্তনৰ গোলকীয় সমলেখ, ১৯৫১–১৯৮০ৰ তুলনাত। কলা আঁচ ডাল বাৰ্ষিক সমলেখ আৰু ৰঙা ডাল ৫-বছৰৰ ধাৰাবাহিক সমলেখ। সেউজীয়া বাৰডালে আনুমানিক অনিশ্চয়তা দৰ্শাইছে। উৎস: NASA GISS
Map of temperature changes across the worldxsrunar er sexyrth Observatory
refer to caption
IPCCৰ পাঁচটা "SRES" নিৰ্গমন দৃশ্য লেখৰ তুলনাত জীৱাশ্ম ইন্ধনৰ লগত সম্পৰ্কিত কাৰ্বন ডাই অক্সাইডৰ (CO2) নিৰ্গমন। ঢালবোৰ গোলকীয় মন্দাৱস্থাৰ লগত সম্পৰ্কিত। ফটো উৎস: Skeptical Science

উষ্ণতা বৃদ্ধিৰ প্ৰাথমিক কাৰকসমূহ

বাহ্যিক হেঁচাৰ প্ৰতি জলবায়ু তন্ত্ৰই সঁহাৰি প্ৰদান কৰে। বাহ্যিক হেঁচাই জলবায়ুক হিমাৱস্থা বা উষ্ণতা বৃদ্ধিৰ দিশে "ঠেলি দিব" পাৰে। এনে বাহ্যিক কাৰকৰ উদাহৰণ হ’ল বায়ুমণ্ডলীয় সংযুতিৰ পৰিৱৰ্তন (যেনে - সেউজ গৃহ গেছৰ ঘনত্বৰ বৃদ্ধি), সৌৰ দীপ্তি, আগ্নেয় উদ্গীৰণ আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথৰ পৰিৱৰ্তন আদি।

সেউজ গৃহ গেছসমূহ

সেউজ গৃহ প্ৰভাৱ হ'ল কোনো গ্ৰহৰ বায়ুমণ্ডলৰ গেছৰ দ্বাৰা অৱলোহিত ৰশ্মিৰ শোষণ আৰু বিকিৰণ প্ৰক্ৰিয়া যিয়ে ইয়াত তলৰ আৰু পৃষ্ঠভাগ গৰম কৰি ৰাখে। এই তত্ত্বটো প্ৰথমে যোছেফ ফুৰিয়াৰে ১৮২৪ চনত আগবঢ়াইছিল, জন টাইণডালে ১৮৬০ চনত আৱিষ্কাৰ কৰিছিল, প্ৰথম অনুসন্ধান কৰিছিল স্ভেণ্টে আৰ্হেনিয়াছে ১৮৯৬ চনত আৰু ১৯৩০ ৰ পৰা ১৯৬০ চনত গে ষ্টেৱাৰ্ট কেলেণ্ডাৰে বিকশিত কৰিছিল। পৃথিৱীত, প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা সেউজ গৃহ গেছসমূহৰ উষ্ণতা বৃদ্ধিৰ ক্ষমতা প্ৰায় ৩৩°C (৫৯°F)। পৃথিৱীৰ বায়ুমণ্ডলৰ অবিহনে, পৃথিৱী পৃষ্ঠৰ উষ্ণতা হিমাৱস্থাতকৈও তলত থাকিলহেঁতেন। প্ৰধান সেউজ গৃহ গেছসমূহ হ'ল জলীয় বাষ্প, যি সেউজ গৃহ প্ৰভাৱৰ প্ৰায় ২৬–৭০% কাৰক; কাৰ্বন ডাই অক্সাইড (CO2), যি ৯–২৬% কাৰক; মিথেন (CH4), যি ৪–৯% কাৰক; আৰু অ'জন (০৩), যি ৩–৭% কাৰক; সেউজ গৃহ গেছৰ দৰেই ডাৱৰেও ডাৱৰৰ মাজেৰে হোৱা বিকিৰণত প্ৰভাৱ পেলাই। উদ্যোগিক নৱজাগৰণৰ পৰাই মানুহৰ কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হ’বলৈ ধৰিলে, প্ৰধানকৈ কাৰ্বন ডাই অক্সাইড, মিথেন, অ'জন, ক্ল'ৰ-ফ্ল'ৰ কাৰ্বন (CFC) আৰু নাইট্ৰাছ অক্সাইডৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পালে। ২০০৭ চনত প্ৰকাশ হোৱা মতে, ১৭৫০ চনৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ ঘনত্ব ক্ৰমে ৩৬% আৰু ১৪৮% বৃদ্ধি পাইছে। বৃদ্ধিৰ এই স্তৰ যোৱা ৮,০০,০০০ বছৰৰ যিকোনো সময়তকৈ বেছি। যোৱা ২০ বছৰত মানুহৰ কাৰ্যকলাপৰ ফলত বৃদ্ধি হোৱা কাৰ্বন ডাই অক্সাইডৰ তিনি চতুৰ্থাংশ কেৱল জীৱাশ্ম ইন্ধন দহনৰ ফলতেই উৎপন্ন হৈছে, বাকী অংশ বনাঞ্চল ধংশৰ দৰে কাৰ্যৰ ফলত উৎপন্ন হৈছে। ২০১১ চনত চিমেণ্ট উৎপাদন আৰু গেছ প্ৰজ্বলনকে ধৰি জীৱাশ্ম ইন্ধন দহনৰ ফলত হোৱা আনুমানিক কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন আছিল ৩৪.৮ বিলিয়ন টন (৯.৫ ± ০.৫ PgC),যিটো ১৯৯০ চনতকৈ ৫৪% বেছি। মুঠ কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ বাবে কয়লা দহন ৪৩%, তেল ৩৪%, গেছ ১৮%, চিমেণ্ট ৪.৯% আৰু গেছ প্ৰজ্বলন ০.৭% জগৰীয়া।

প্ৰদূষক কণিকা আৰু ধোঁৱা

গোলকীয় নিষ্প্ৰভতা, পৃথিৱী পৃষ্ঠত প্ৰত্যক্ষ গোলকীয় বিকিৰণ ক্ৰমাগতভাৱে হ্ৰাস পোৱা, ১৯৯০ চনত প্ৰথম দৃষ্টিগোচৰ হৈছিল। এই হ্ৰাস ভৱনৰ প্ৰধান কাৰণ হ'ল আগ্নেয়গিৰিৰ পৰা উৎপন্ন হোৱা কণিকা আৰু মানুহে সৃষ্টি কৰা প্ৰদূষকবোৰ। এইবোৰে সূৰ্যৰ পোহৰৰ প্ৰতিফলন বৃদ্ধি কৰে, ফলত শীতলী ভৱন প্ৰক্ৰিয়াটো প্ৰভাৱিত হয়। জীৱাশ্ম ইন্ধন দহনৰ উৎপাদ সমূহৰ প্ৰভাৱ – CO2 আৰু বায়বীয় ডাৱৰসমূহ– শেহতীয়া দশকবোৰত প্ৰায় সমান্তৰালভাৱে বৃদ্ধি পাইছে, গতিকে মিথেনৰ দৰে গেছৰ বৃদ্ধিৰ ফলত সামগ্ৰিক উষ্ণতা বৃদ্ধি পাইছে। কণিকাসমূহৰ ফলত উদ্ভৱ হোৱা এই তেজষ্ক্ৰিয় হেঁচাৰ প্ৰভাৱ সীমিত কিয়নো এই কণাবোৰৰ অৱক্ষেপন ঘটে বাবে ইহঁতৰ বায়ুমণ্ডলীয় জীৱন কাল প্ৰায় এসপ্তাহ মানহে। কাৰ্বন ডাই অক্সাইডবোৰ শতিকা ধৰি বায়ুমণ্ডলত থাকে, গতিকে এই কণাবোৰৰ ঘনত্বতকৈ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ কাৰ্বন ডাই অক্সাইডহে। গোলকীয় উষ্ণতা বৃদ্ধিত কাৰ্বন ডাই অক্সাইডৰ পাছতেই অৰিহনা যোগোৱা কণাবোৰ হ'ল ক'লা কাৰ্বন (ছাই)। সৌৰ বিকিৰণৰ বিচ্ছুৰণ আৰু শোষণৰ ফলত হোৱা প্ৰত্যক্ষ প্ৰভাৱৰ উপৰিও এই কণাবোৰ পৃথিৱীৰ বিকিৰণৰ ওপৰতো পৰোক্ষ প্ৰভাৱ পেলায়। ছালফেটবোৰ অত্যধিক আৰু ক্ষুদ্ৰ টোপালৰ ডাৱৰলৈ ঘনীভূত হয়। কম আৰু ডাঙৰ টোপাল যুক্ত ডাৱৰকৈ এনে ডাৱৰে বেছিকৈ সৌৰ বিকিৰণ প্ৰতিফলিত কৰে, ইয়াক টৌমি প্ৰভাৱ (Twomey effect) বোলে। এই প্ৰভাৱে টোপালবোৰৰ আকাৰ আৰু অধিক সুষম কৰি তোলে, যাৰ ফলত বৰষুণৰ টোপাল গঠনত বাধা প্ৰাপ্ত হয় আৰু ডাৱৰবোৰে অধিক হাৰত সূৰ্যৰ পোহৰ প্ৰতিফলন কৰে, যাক এলব্ৰেক প্ৰভাৱ (Albrecht effect) বুলি কোৱা হয়। সাগৰীয় স্তৰীভূত ডাৱৰত (stratiform cloud) পৰোক্ষ প্ৰভাৱ বেছিকৈ পৰিলক্ষিত হয় আৰু সংবহনী ডাৱৰত (Convective cloud) অতি কম তেজষ্ক্ৰিয় প্ৰভাৱ থাকে। কণিকাসমূহৰ এই পৰোক্ষ প্ৰভাৱক এটা বৃহৎ তেজষ্ক্ৰিয় হেঁচাৰ সূচক হিচাপে গণ্য কৰা হয়।

বায়বীয় নে অৱক্ষেপিত তাৰ ওপৰত নিৰ্ভৰ কৰি ধোঁৱাই পৃষ্ঠখন গৰম বা ঠাণ্ডা কৰি তুলিব পাৰে। বায়ুমণ্ডলীয় ধোঁৱাই সৌৰ বিকিৰণ প্ৰত্যক্ষভাৱে শোষণ কৰে, ফলত বায়ুমণ্ডল তপত হয় আৰু পৃষ্ঠ শীতল হয়। ভাৰতৰ দৰে কিছুমান অঞ্চলত, য’ত মাত্ৰাধিক ধোঁৱা উৎপন্ন হয়, সেউজ গৃহ গেছৰ ফলত হোৱা পৃষ্ঠ উষ্মীভৱনৰ প্ৰায় ৫০% বায়ুমণ্ডলীয় ধূসৰ ডাৱৰে ঢাকি ৰাখে। যেতিয়া অৱক্ষেপন ঘটে, বিশেষকৈ গ্লেচিয়েৰ বা মেৰু অঞ্চলৰ বৰফসমূহত অৱক্ষেপন ঘটিলে, পৃষ্ঠভাগ তপত হৈ পৰে।

সৌৰ ক্ৰিয়া

১৯৭৮ চনৰ পৰা, সূৰ্যৰ বিকিৰণবোৰ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছে। এনে জোখ-মাখে দেখুৱাইছে যে, ১৯৭৮ চনৰে পৰা সূৰ্যৰ বিকিৰণৰ হাৰ বৃদ্ধি হোৱা নাই, গতিকে ক’ব পাৰি যে, যোৱা তিনিটা দশকৰ উষ্ণতা বৃদ্ধিৰ কাৰক পৃথিৱীত আপতিত হোৱা সূৰ্যৰ শক্তি কেতিযাও নহয়।

শেহতীয়া জলৱায়ু পৰিৱৰ্তনত সূৰ্যৰ ভূমিকা পৰীক্ষা কৰিবলৈ জলবায়ু আৰ্হি ব্যৱহাৰ কৰা হয়। এই আৰ্হিসমূহে কেৱল সূৰ্যৰ বিকিৰণৰ ভিন্নতা আৰু আগ্নেয় ক্ৰিয়াসমূহৰ খতিয়ান হে ৰাখে, যোৱা দশকবোৰত বৃদ্ধি পোৱা উষ্ণতাৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰে। মানুহ তথা প্ৰাকৃতিক প্ৰভাৱকে ধৰি সকলো গুৰুত্বপূৰ্ণ বাহ্যিক কাৰকৰ প্ৰভাৱত বিংশ শতিকাত নিৰীক্ষণ কৰা উষ্ণতাৰ তাৰতম্য এই আৰ্হিসমূহে প্ৰদৰ্শন কৰিব পাৰে।

সূৰ্যৰ প্ৰভাৱত পৃথিৱীৰ বায়ুমণ্ডলৰ বিভিন্ন স্তৰত হোৱা উষ্ণতাৰ তাৰতম্যৰ পৰা শেহতীয়া জলৱায়ু পৰিৱৰ্তনৰ এটা কাৰক হিচাপে সূৰ্যক গণ্য কৰিব পাৰি। বিভিন্ন আৰ্হি আৰু নিৰিক্ষণসমূহে দেখুৱাইছে যে, সেউজ গৃহ গেছসমূহে বায়ুমণ্ডলৰ নিম্ন স্তৰৰ (টপ'স্ফিয়াৰ) উষ্ণতা বৃদ্ধি কৰে কিন্তু বায়ুমণ্ডলৰ উচ্চ স্তৰ (ষ্ট্ৰেট'স্ফিয়াৰ) শীতল কৰি ৰাখে। ৰাসায়নিক শীতলী কাৰকসমূহৰ দ্বাৰা হোৱা অ'জন স্তৰৰ অৱক্ষয়ৰ বাবেও ষ্ট্ৰেট'স্ফিয়াৰত এটা শক্তিশালী শীতলীকৰণ ক্ৰিয়া সংঘটিত হয়। উষ্ণতা বৃদ্ধিৰ বাবে সূৰ্য দায়ী হোৱা হ'লে, টপ'স্ফিয়াৰ আৰু ষ্ট্ৰেট'স্ফিয়াৰ সকলোতে ইয়াৰ প্ৰভাৱ পৰিলেহেঁতেন।

উদ্দেশ্য

Tags:

গোলকীয় উষ্ণতা বৃদ্ধি উষ্ণতা বৃদ্ধিৰ প্ৰাথমিক কাৰকসমূহগোলকীয় উষ্ণতা বৃদ্ধি উদ্দেশ্যগোলকীয় উষ্ণতা বৃদ্ধিপৃথিৱীসেউজ গৃহ প্ৰভাৱ

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ চিত্ৰকলাৰ ইতিহাসওজাপালিসূৰ্যবিহুৰ খাদ্যপাঠ পৰিকল্পনাএশিঙীয়া গঁড়সমাৰ্থক শব্দহেমকোষভাৰতৰ উচ্চতম ন্যায়ালয়ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাবুধ গ্ৰহগায়ত্ৰী মহন্তকাৰেংঘৰঅনুৰাধাৰ দেশভাৰত ত্যাগ আন্দোলনবকুল ফুলৰ দৰে (গ্ৰন্থ)পোহৰজ্যামিতিপৰিমেয় সংখ্যাছট পূজাপীযুষ হাজৰিকাদীপলিনা ডেকাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহপুষ্টিকাৰকপুৰন্দৰ সিংহপাইথেগাৰাছজিকিৰকোষ (জীৱবিজ্ঞান)জেতুকাঅসমীয়া ভাষাৰ শব্দসম্ভাৰসৰস্বতী পূজাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকামৌলিক সংখ্যাকালিয়দমন নাটপ্ৰাকৃতিক সম্পদঅসমৰ পৰম্পৰাগত সাজ-পাৰপৰিৱেশ বিজ্ঞানসৰ্বানন্দ সোণোৱালনিৰ্ম্মল ভকতলক্ষ্মীনাথ বেজবৰুৱাকুলিবায়ু প্ৰদূষণশিক্ষা মনোবিজ্ঞানএ পি জে আব্দুল কালামছনেটভূপেন্দ্ৰ সংগীতজাতনামভাৰতীয় জনতা পাৰ্টিঅসমৰ বাঁহ-বেতৰ শিল্পৰাভা ভাষাম'হৰ শিঙৰ পেঁপাঅসমৰ সত্ৰসমূহৰ তালিকালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানপৰিৱেশ তন্ত্ৰভূপেন হাজৰিকাবহুভাষাবাদমানৱ ভূগোলনাটকনবীনচন্দ্ৰ বৰদলৈবতাহউৎসৱগোলকীকৰণঅসমৰ সাধুকথাযাদৱ পায়েংসাহিত্য অকাডেমি বঁটাজেং বিহুপৃথিৱীৰ বায়ুমণ্ডলউদ্ভিদভাস্কো দা গামাপতঞ্জলিৰ যোগসূত্ৰজোৰোণপঞ্চতন্ত্ৰজলসিঞ্চনকৃষ্ণ ভূঞা🡆 More