সেউজ গৃহ প্ৰভাৱ: বায়ুমণ্ডলীয় পৰিঘটনা

সেউজ গৃহ প্ৰভাৱ (ইংৰাজী: Green house effect) বিভিন্ন উৎসৰ পৰা ওলোৱা ধূলি, ধোৱা বাষ্প আদিয়ে বায়ুমণ্ডলক আচ্ছাদিত কৰি কুঁৱলীৰ সৃষ্টি কৰে। এই কুঁৱলীৰ ফলত বায়ুমণ্ডলৰ অস্পষ্টতা বাঢ়ে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গ’লে সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি কুঁৱলী আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপ ভেদ কৰি ওলাই যাব নোৱাৰে। ফলত পৰিবেশৰ উষ্ণতা বাঢ়ে। ইয়াক সেউজ গৃহ প্ৰভাৱ বুুলি কয়। মুখ্য সেউজ গৃহ গেছবোৰ হ’ল কাৰ্বন-ডাই-অক্সাইড, অ'জন, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ’ফ্লৰ’কাৰ্বন (CFCs) আৰু জলীয় বাষ্প।

সেউজ গৃহ প্ৰভাৱ: সেউজ গৃহ গেছসমূহ, সেউজ গৃহ প্ৰভাৱৰ পৰিণাম, সেউজ গৃহ পৰিঘটনা ৰোধৰ উপায়
A representation of the exchanges of energy between the source (the Sun), the Earth's surface, the Earth's atmosphere, and the ultimate sink outer space. The ability of the atmosphere to capture and recycle energy emitted by the Earth surface is the defining characteristic of the greenhouse effect.
সেউজ গৃহ প্ৰভাৱ: সেউজ গৃহ গেছসমূহ, সেউজ গৃহ প্ৰভাৱৰ পৰিণাম, সেউজ গৃহ পৰিঘটনা ৰোধৰ উপায়
Another diagram of the greenhouse effect

বায়ুমণ্ডলত এই গেছবোৰৰ শতকৰা পৰিমাণ হ’ল –

  1. কাৰ্বন-ডাই-অক্সাইড – ৫০%
  2. মিথেন – ১০%
  3. চি.এফ.চি – ১৭%
  4. অ’জন – ৮%
  5. নাইট্ৰাছ অক্সাইড – ৪%
  6. জলীয় বাষ্প – ২%

সেউজ গৃহ গেছসমূহ

সূৰ্যৰ পোহৰ সেউজ গৃহ আৱৰণেদি পাৰ হৈ আহি ভূ-পৃষ্ঠৰ ওপৰত পৰে আৰু ভূ-পৃষ্ঠই ইয়াক পুনৰ প্ৰতিফলিত কৰি পঠাই দিয়ে। কিন্তু সেউজ গৃহ আৱৰণে আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপে এই তাপখিনিক সম্পূৰ্ণৰূপে পুনৰ ঘূৰি যোৱাত বাধা প্ৰদান কৰে। ফলত এই তাপে পৃথিৱী পৃষ্ঠৰ উষ্ণতা ক্ৰমাৎ বঢ়াই দিয়ে। বায়ুমণ্ডলৰ ট্ৰপ’স্ফিয়াৰত থকা এই সেউজ গৃহ গেছসমূহ –

    কাৰ্বন-ডাই-অক্সাইড (CO2)

গোলকীয় উত্তাপ বৃদ্ধিত ৫০ শতাংশ অৰিহণা যোগায় বায়ুমণ্ডলত থকা কাৰ্বন-ডাই-অক্সাইড গেছে॥এই গেছৰ প্ৰধান উৎসসমূহ হ’ল – জীৱাষ্ম ইন্ধনৰ দহন (৬৭%) আৰু বনাঞ্চল ধ্বংস, বিভিন্ন কাৰণত ভূমি পৰিষ্কাৰ আৰু দহন (৩৩%), যিকোনো কাৰ্বনযুক্ত পদাৰ্থৰ দহন ইত্যাদি। কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডলত প্ৰায় ৫৫০ বছৰলৈ থাকে। বায়ুমণ্ডলত ইয়াৰ গাঢ়তা ১৯৯০ চনত ৩৫৫ ppm আছিল কিন্তু তাৰ পিছত প্ৰতি বছৰে এই গাঢ়তা ১.৫ শতাংশ হাৰত বাঢ়ি আছে।

    ক্লৰ’ফ্লৰ' কাৰ্বন (CFC)

গোলকীয় উত্তাপ বৃদ্ধিত ক্লৰ’ফ্লৰ'কাৰ্বনে ২৪ শতাংশ অৰিহণা যোগায়। তদুপৰি এই ক্লৰ’ফ্লৰ'কাৰ্বন বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰত থকা অ’জন স্তৰো বিভংগনৰ মূল কাৰণ। ইয়াক কেইবাটাও ৰূপত পোৱা যায়। তাৰে ভিতৰত চি.এফ.চি ১১ আৰু চি.এফ.চি ১২ প্ৰধান। ক্লৰ’ফ্লৰ'কাৰ্বনৰ মূল উৎসসমূহ হ’ল – শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, ফ্ৰীজ, সুগন্ধি স্প্ৰে, উদ্যোগিক আৱৰ্জনা, প্লাষ্টিক ফ’ম (foam) উৎপাদন, এৰ’ছল (aerosole), প্ৰ’পেলেণ্ট (propellants) ইত্যাদি। চি.এফ.চি.ৰ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰ স্তৰ ঢুকি পাবলৈ ১০-১৫ বছৰ লাগে। কিন্তু ইয়াৰ এটা অণুই কাৰ্বন-ডাই-অক্সাইডতকৈ ১৫০০-৭০০০ গুণ বেছি তাপ শোষিত কৰি লব পাৰে। বায়ুমণ্ডলত ক্লৰ’ফ্লৰ'কাৰ্বনৰ গাঢ়তা ০.০০২২৫ ppm যদিও বাৰ্ষিক ০.৫ শতাংশ হাৰত এই গাঢ়তা বৃদ্ধি হৈ আছে।

    মিথেন (CH4)

গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছে ১৮ শতাংশ অৰিহনা যোগায়। ইয়াৰ মুখ্য উৎস হ’ল পিতনি, ধাননি, প্ৰকৃতিৰ আৰ্দ্ৰ অঞ্চল, গৰু, ম’হ, ভেড়া আৰু উঁই পৰুৱাৰ পাচন নলী ইত্যাদি। এই উল্লিখিত স্থানসমূহত বেক্টেৰিয়াই মৃত জৈৱ পদাৰ্থ সমূহক সৰল অৱস্থালৈ অনা প্ৰক্ৰিয়াত মিথেন গেছৰ সৃষ্টি হয়। তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন আৰু ব্যৱহাৰ তথা জৈৱ পদাৰ্থৰ অসম্পূৰ্ণ দহন ইত্যাদিয়েও মিথেন গেছ প্ৰস্তুত হোৱাত সহায় কৰে। মিথেন গেছ বায়ুমণ্ডলত ৭-১০ বছৰলৈ থাকে। গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছ কাৰ্বন-ডাই-অক্সাইডতকৈ ২৫ গুণ বেছি শক্তিশালী। বায়ুমণ্ডলত মিথেনৰ গাঢ়তা ১.৬৭৫ ppm যদিও বাৰ্ষিক ১ শতাংশ হিচাপত ইয়াৰ গাঢ়তা বৃদ্ধি হৈ আছে।

    নাইট্ৰাছ অক্সাইড (N2O)

নাইট্ৰাছ অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধিলৈ ৬ শতাংশৰ বৰঙনি যোগায়। নাইট্ৰাছ অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধি কৰাৰ উপৰিও অ’জন স্তৰৰো বিভংগন ঘটায়। ইয়াৰ মূল উৎস হৈছে জৈৱভৰ দহন, কয়লাৰৰ দহন, ৰাসায়নিক সাৰ, মাটি নিকাকৰণ, নাইট্ৰেড যুক্ত ভূ-গৰ্ভৰ পানী ইত্যাদি। ট্ৰপ’স্ফিয়াৰত ইয়াৰ আয়ুস ১৪০-১৯০বছৰ। ইয়াৰ তাপ শোষণ কৰিব পৰা ক্ষমতা কাৰ্বন-ডাই-অক্সাইডতকৈ ২৩০ গুণ বেছি। বায়ুমণ্ডলত নাইট্ৰাছ অক্সাইডৰ গাঢ়তা ০.৩ ppm কিন্তু বাৰ্ষিক ০.২ শতাংশ হাৰত বৃদ্ধি হৈ আছে। ইয়াৰ উপৰিও অ’জন, কাৰ্বন-মনক্সাইড আদি গেছে গোলকীয় উষ্ণতা বৃদ্ধিত প্ৰায় ১২ শতাংশ বৰঙনি আগবঢ়ায়।

সেউজ গৃহ প্ৰভাৱৰ পৰিণাম

সেউজ গৃহ প্ৰভাৱৰ ফলস্বৰূপে কেৱল গোলকীয় উষ্ণতা বৃদ্ধি হোৱাই নহয়, ই জলবায়ু আৰু প্ৰাকৃতিক পদ্ধতি সমূহৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়।

    গোলকীয় উষ্ণতা বৃদ্ধি

সেউজ গৃহ প্ৰভাৱৰ বাবে বিগত ৩০ বছৰৰ ভিতৰত গোলকীয় উষ্ণতা ০.৫°C বৃদ্ধি পাইছে। যদি এই সেউজ গৃহ প্ৰভাৱৰ বাবে জগৰীয়া গেছসমূহ বৰ্তমানৰ হাৰতে বৃদ্ধি পাই থাকে তেনেহ’লে ২০৫০ চনত গোলকীয় উষ্ণতা ১.৫° ছে.ৰ পৰা ৫.৬° ছে. পৰ্য্যন্ত বৃদ্ধি পাব পাৰে।

    সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি

গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে সাগৰ পৃষ্ঠৰো উচ্চতা বৃদ্ধি পায়। কাৰণ ভূ-পৃষ্ঠৰ উষ্ণতা বঢ়াৰ ফলত মেৰু অঞ্চল আৰু পৰ্বত, পাহাৰৰ বৰফ গলি সাগৰ পৃষ্ঠৰ উচ্চতা বঢ়াই দিয়ে।

    মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ

গোলকীয় উষ্ণতা বৃদ্ধিয়ে বৃষ্টিপাতৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। অতিপাত বৃষ্টিৰ ফলত বানপানী, মহামাৰী আদি সমস্যাই দেখা দিয়ে।

    কৃষিৰ ওপৰত প্ৰভাৱ

বিশ্বৰ বিভিন্ন অঞ্চলত বিভিন্ন কৃষিকাৰ্য্যৰ ওপৰত উষ্ণতা বৃদ্ধিয়ে প্ৰতিকূল আৰু অনুকূল দুয়োটা প্ৰভাৱ পেলোৱা দেখা যায়। মাটিৰ আৰ্দ্ৰতা কমি যায় আৰু উদ্ভিদৰ বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে। তদুপৰি বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে বিভিন্ন শস্যৰ অনিষ্টকাৰী কীটৰ বংশবৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰিও সেউজ গৃহ প্ৰভাৱৰ ফলস্বৰূপে মৰুভূমিৰ আকাৰ বৃদ্ধি, জলাশয়ৰ পানীৰ বাষ্পীভৱন, গৰম বতাহ, বানপানী, খৰাং বতৰ, জৈৱ বৈচিত্ৰ্য হ্ৰাস আদি সমস্যাই দেখা দিয়ে।

সেউজ গৃহ পৰিঘটনা ৰোধৰ উপায়

  1. CFC আৰু জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ কমাব লাগে।
  2. শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত কাৰ্য্যদক্ষতা বৃদ্ধি কৰা নৱীকৰণযোগ্য শক্তি সম্পদ ব্যৱহাৰ কৰিব লাগে।
  3. বিদ্যুত উৎপাদনৰ বাবে পাৰমাণবিক বিদ্যুত প্ৰকল্প স্থাপন কৰিব লাগে।
  4. কয়লা ব্যৱহাৰতকৈ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিব লাগে।
  5. বহনক্ষম কৃষিকৰ্মৰ প্ৰতি মনযোগ দিব লাগে।
  6. জনসংখ্যা বৃদ্ধি ৰোধ কৰিব লাগে।
  7. বেছি সংখ্যক গছ-গছনি ৰোপণ কৰিব লাগে।
  8. জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে।
  9. সেউজ গৃহ গেছ সমূহৰ উৎপাদন হ্ৰাস কৰিব লাগে।

তথ্য সংগ্ৰহ

Tags:

সেউজ গৃহ প্ৰভাৱ সেউজ গৃহ গেছসমূহসেউজ গৃহ প্ৰভাৱ ৰ পৰিণামসেউজ গৃহ প্ৰভাৱ সেউজ গৃহ পৰিঘটনা ৰোধৰ উপায়সেউজ গৃহ প্ৰভাৱ তথ্য সংগ্ৰহসেউজ গৃহ প্ৰভাৱইংৰাজী ভাষাসূৰ্য

🔥 Trending searches on Wiki অসমীয়া:

ক্ৰিকেটঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাগণেশআত্মজীৱনীনীলমণি ফুকন (জ্যেষ্ঠ)কমলাবাৰী সত্ৰঅসমৰ ইতিহাসজোনাকী (আলোচনী)মাধৱদেৱতেজপুৰবাথৌ পূজাবিচূৰ্ণীভৱনঅনাভেদী যৌনক্ৰিয়াবাল্য বিবাহনৱগ্ৰহ মন্দিৰ, গুৱাহাটীশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহমিচিং নৃত্য আৰু গীত মাতআনন্দৰাম ঢেকিয়াল ফুকনত্ৰিপুৰাপুৰাণস্বাভাৱিক সংখ্যাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বিল গেট্‌ছশীতল যুদ্ধভাৰতৰ ইতিহাসকমলাকান্ত ভট্টাচাৰ্য্যঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ৱিকিমিডিয়া ফাউণ্ডেশ্যনভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাপ্ৰাচীন গ্ৰীচবাগ্‌ধ্বনিঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকামহিম বৰাপৰ্যাবৃত্ত তালিকাভাৰতচাহতাল (বাদ্যযন্ত্ৰ)কাকৈজানা সংৰক্ষিত বনাঞ্চলকাৰ্ল মাৰ্ক্সমৃত্যুঞ্জয়মহামায়া ধামঅংগনবাদীহৃদযন্ত্ৰএৰিষ্ট'টলবিত্তীয় ব্যৱস্থাবেক্টেৰিয়াচীনা-তিব্বতীয় ভাষাকৃষ্ণকান্ত সন্দিকৈমাটিৰ হিচাপডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনব্ৰিটিছ ৰাজপূৰবী বৰমুদৈহাড়জলবিদ্যুৎযৌন নিৰ্যাতনঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাপৰিমেয় সংখ্যাহেমচন্দ্ৰ গোস্বামীসংবিধান দিৱস (ভাৰত)ৰুদ্ৰেশ্বৰ দেৱালয়ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাহীৰেন ভট্টাচাৰ্যলোকসভাহৰপ্পাস্বাধীনতা দিৱস (ভাৰত)যতীন্দ্ৰ নাথ দুৱৰাদৰ্শনবুঢ়া চাপৰি অভয়াৰণ্যঅসমীয়া খাদ্যাভ্যাসসমাজবাদইতিহাস🡆 More