পৰ্বত

পৰ্বত হৈছে এক বৃহৎ ভূমিৰূপ যি এক সীমিত স্থানত চাৰিওফালৰ ভূমিৰ পৰা শৃংগৰ ৰূপত ওপৰলৈ উঠে। এটা পৰ্বতক সাধাৰণতে পাহাৰতকৈ ওপৰৰ বুলি গণ্য কৰা হয়। পৰ্বতবোৰ টকেণ্টিক শক্তি বা ভূমিকম্পৰ ফলত সৃষ্টি হয়। এই শক্তিবোৰে স্থানীয়ভাৱে পৃথিৱীৰ পৃষ্ঠ বৃদ্ধি কৰিব পাৰে। নদী, জলবায়ু, আৰু গ্লেছিয়াৰৰ প্ৰভাৱত পৰ্বতবোৰ লাহে লাহে ক্ষয় হয়। কিছুমান পৰ্বত পৃথকে অকলশৰীয়াকৈ থাকে যদিও বেছিভাগেই বিশাল পৰ্বতমালাৰ গঠন কৰে।

পৰ্বত
আৰ্মেনিয়াৰ পৰা দেখা পোৱা মাউণ্ট আৰাৰাত

পৰ্বতৰ ওপৰত উচ্চ উচ্চতাৰ জলবায়ু সমুদ্ৰ স্তৰৰ জলবায়ুতকৈ শীতল। এই শীতল জলবায়ুৱে পৰ্বতৰ পৰিৱেশ শক্তিশালীভাৱে প্ৰভাৱিত কৰে: বিভিন্ন উচ্চতাত বিভিন্ন উদ্ভিদ আৰু প্ৰাণী থাকে। জলবায়ু আৰু দূৰ্গম স্থানৰ পৰিপেক্ষিতত পৰ্বত কৃষিৰ বাবে কম আৰু সম্পদ নিষ্কাশন তথা পৰ্বতাৰোহন, স্কীয়িং আদিৰ বাবে অধিক ব্যৱহাৰ কৰা হয়।

পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ হৈছে এছিয়াৰ হিমালয়ৰ মাউণ্ট এভাৰেষ্ট। ইয়াৰ উচ্চতা হৈছে সাগৰীয় পৃষ্ঠৰ পৰা ৮,৮৫০ মিটাৰ (২৯,০৩৫ ফুট)। সৌৰজগতৰ সতলো গ্ৰহৰ ভিতৰত জ্ঞাত সৰ্বোচ্চ পৰ্বত হৈছে মঙ্গল গ্ৰহত অৱস্থিত “অলিম্পাছ মন্‌ছ” নামৰ এটা পৰ্বত, ইয়াৰ উচ্চতা ২১,১৭১ মি (৬৯,৪৫৯ ফুট)।

সংজ্ঞা

পৰ্বতৰ কোনো সাৰ্বজনীনভাৱে গ্ৰহণ কৰা সংজ্ঞা নাই। উচ্চতা, আয়তন, সকাহ, অত্যাৱধান, ব্যৱধান আৰু ধাৰাবাহিকতা আদিবোৰক পৰ্বত এটা নিৰ্ধাৰণ কৰাৰ চৰ্ত হিচাপে ব্যৱহাৰ কৰা হৈছে। অক্সফৰ্ড ইংৰাজী অভিধানৰ মতে "চাৰিওফালৰ স্তৰৰ পৰা হঠাতে বা কম সময়ত ওপৰলৈ উঠি তুলনামূলকভাৱে তাৰ চাৰিওফালৰ ভূমিতকৈ অধিক উচ্চতা প্ৰাপ্ত কৰা, আকৰ্ষণীয় বা উল্লেখযোগ্য ভূমিৰূপ" বুলি সংজ্ঞাবদ্ধ কৰা হৈছে।

যিকোনো উচ্চ ভূমিৰূপকেই পৰ্বত বুলি কোৱা হয় নে নহয় সেইটো স্থানীয় ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাউণ্ট স্কোট নামৰ পৰ্বতৰ আধাৰৰ পৰা সৰ্বোচ্চ বিন্দুলৈ উচ্চতা মাত্ৰ ২৫১ মি (৮২৩ ফুট)। Whittow'ৰ Dictionary of Physical Geography (ভৌতিক ভূগোল শব্দকোষ)ৰ মতে "কিছুমান কৰ্তৃপক্ষই ৬০০ মিটাৰতকৈ (২,০০০ ফুট) ওখ ভূমিৰূপক পৰ্বত বোলে, তাতকৈ চাপৰবোৰক পাহাৰ বুলি কোৱা হয়।”

যুক্তৰাজ্য আৰু আয়াৰলেণ্ড গণৰাজ্যত, এটা পৰ্বতক সাধাৰণতে কমেও ২,০০০ ফুট (৬১০ মিটাৰ) উচ্চ যিকোনো শিখৰ হিচাপে সংজ্ঞায়িত কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আনুষ্ঠানিক সংজ্ঞা মতেও পৰ্বত হৈছে ২,০০০ ফুট (৬১০ মিটাৰ) বা তাতকৈ অধিক উচ্চতাৰ শিখৰ।

তথ্য সংগ্ৰহ

  • "What is a "Mountain"? Mynydd Graig Goch and all that...". Metric Views. Archived from the original on 30 March 2013. https://web.archive.org/web/20130330062754/https://metricviews.org.uk/2008/09/what-is-a-mountain-mynydd-graig-goch-and-all-that/। আহৰণ কৰা হৈছে: 3 February 2013. 
  • Tags:

    জলবায়ুনদীপৃথিৱীভূমিকম্প

    🔥 Trending searches on Wiki অসমীয়া:

    বৰদৈচিলাবুৰঞ্জীনেঘেৰিটিং শিৱদৌলদেউৰী জনগোষ্ঠীনৰসিংহ (উদ্ভিদ)ৰাভা জনগোষ্ঠীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসম চিকিৎসা মহাবিদ্যালয়মামণি ৰয়ছম গোস্বামীসাত বিহুসমাজবাগ্‌ধ্বনিকীৰ্তন-ঘোষাআলি আঃয়ে লৃগাংগণেশ গগৈপাচন তন্ত্ৰজয়সাগৰ পুখুৰীশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘঅসমৰ ৰাজ্যপালসকলৰ তালিকাধূমকেতুচামেলি মেমচা'বৰঘুনাথ চৌধাৰীদিনলিপিনলবাৰী জিলাস্বৰাজবায়ু প্ৰদূষণগণিতঢোপ খেলশোণিতপুৰ জিলাঅৰুণাচল প্ৰদেশৰামায়ণব্ৰাজিলৰ শ্ৰুতিকথাফৰাচী বিপ্লৱকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবুৰঞ্জী সাহিত্যপতঞ্জলিৰ যোগসূত্ৰমুহাম্মাদবৃক্ককলিমাঅনুবাদগ্ৰীক শ্ৰুতিকথাপিয়েৰ দি ফাৰ্মাজল প্ৰদূষণস্তনঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅসমীয়া কবিতাতাজমহলখো-খোকোষ (জীৱবিজ্ঞান)মহা মৃত্যুঞ্জয় মন্দিৰঅংগনবাদীগৌৰৱ গগৈকৃষ্ণচূড়াভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যআনিছ উজ্ জামানএ পি জে আব্দুল কালামমানৱ শৰীৰবাসুদেৱ থানপুঁজিবাদকমলাকান্ত ভট্টাচাৰ্য্যগৱেষণাচৈয়দ আব্দুল মালিকগৰু বিহুজুৱা খেলবিষ্ণুপ্ৰসাদ ৰাভাইউৰোপিয়ান ইউনিয়নআমলখিগুণাৰাম খনিকৰজৈৱ বৈচিত্ৰ্যসংস্কৃত ভাষামল্লিকা ফুলৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাঅৰ্ণৱ, আস্থা আৰু JECলখিমী সবাহতোলনি বিয়া🡆 More