চীনা ভাষা

চীনা ভাষা (আক্ষৰিক অৰ্থত হান ভাষা) হৈছে চীন দেশৰ ৰাষ্ট্ৰভাষা তথা চীনা-তিব্বতীয়া ভাষা পৰিয়ালৰ চীনাতিক নামৰ ভাষাৰ ঠালটো। চীনৰ সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু জনগোষ্ঠী সমূহে এই ভাষাটো কয়। বিশ্বৰ প্ৰায় ১.২ বিলিয়ন মানুহে চীনা ভাষা কয় যি সমগ্ৰ বিশ্বৰ ১৬% জনসংখ্যা। স্থানভেদে চীনা ভাষা বহুত প্ৰকাৰৰ বৈচিত্ৰতাৰ বাবে কিছু ভাষাবিদে ইয়াক এটা ভাষা পৰিয়ালৰ সৈতে মিলাব খোজে। চীনা ভাষাৰ বহু বৈচিত্ৰতাৰ বাবে কিছু লোকে ইয়াক ৰোমাঞ্চ ভাষাৰ সৈতে তুলনা কৰে। চীনা ভাষাৰ আটাইতকৈ প্ৰাচীন লেখনি চাঙ বংশ শিলালিপিৰ দিনৰ পৰা পোৱা যায়, যি ১২৫০ খ্ৰীষ্টপূৰ্বত জ্ঞাত হৈছিল। ১৯৩০ চনত মান্য চীনা ভাষাক গ্ৰহণ কৰা হৈছিল যি বৰ্তমান টাইৱান আৰু চীন দেশৰ ৰাষ্ট্ৰীয় ভাষা হয়। বিভাজন

চীনা ভাষা
汉语/漢語 Hànyǔ or 中文 Zhōngwén
চীনা ভাষা
হানয়ু পৰম্পৰাগত চীনা লিপিত (ওপৰত), সৰলীকৃত চীনা (মধ্য)
থলুৱা অঞ্চল চীনদেশ,টাইৱান (চীন প্ৰজাতন্ত্ৰ)
জাতীয়তা চীনা বা হান চীনা জনগোষ্ঠী
স্থানীয় ভাষিক
ভাষা পৰিয়াল
চীনা-তিব্বতীয়
  • চীনাতিক
    • চীনা ভাষা
পূৰ্বসূৰী
প্ৰাচীন চীনা
  • মধ্য চীনা
মান্য ৰূপ
ষ্টেণ্ডাৰ্ড মাণ্ডাৰীয়ান (মান্য চীনা ভাষা)
ষ্টেণ্ডাৰ্ড কেণ্টনিজ
উপভাষা *মাণ্ডাৰীয় চীনা
  • জিন চীনা
  • ৱু চীনা
  • গান চীনা
  • চিয়াং চীনা
  • মীন চীনা
  • হাককা চীনা
  • য়ু চীনা
  • পিং চীনা
  • হুই ঝাও চীনা
লিখন প্ৰণালী সৰলীকৃত চীনা
পৰম্পৰাগত চীনা

Transcriptions:
ঝুয়িন
পিনয়িন (লেটিন)
চিয়াও এৰজিঙ (আৰৱীয়)
ডোঙান চিৰিয়লিক
চীনা ব্ৰালে
ফগ পা লিপি (ঐতিহাসিক)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
Cantonese (de facto):
নিয়মাধীন হয়
ৰাষ্ট্ৰীয় চীনা ভাষা আৰু লিপি বিভাগ (মূলভূমি চীন)
ৰাষ্ট্ৰীয় ভাষা সমিতি টাইৱান
চিভিল চাৰ্ভিছ বোৰেও হংকং
ভাষা সংকেত
ISO 639-1 zh
ISO 639-2 chi (B)
zho (T)
ISO 639-3 zho – inclusive code
Individual codes:
cdo – Min Dong
cjy – Jinyu
cmn – Mandarin
cpx – Pu Xian
czh – Huizhou
czo – Min Zhong
gan – Gan
hak – Hakka
hsn – Xiang
mnp – Min Bei
nan – Min Nan
wuu – Wu
yue – Yue
och – Old Chinese
ltc – Late Middle Chinese
lzh – Classical Chinese
গ্লোটোলগ sini1245
লিংগোৱাস্ফেয়াৰ 79-AAA
চীনা ভাষা
Map of the Sinophone world

Legend:

  দেশ যত চীন ভাষা মূল প্ৰধান আৰু থলুৱা ভাষা
  দেশসমূহ যত ৫,০০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
   দেশসমূহ যত ১,০০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
   দেশসমূহ যত ৫০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
   দেশসমূহ যত ১০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
  মুখ্য চীনা ভাষী এলেকা
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

ভাষাবিদসকলে ইয়াক বিভিন্ন ভাগত ভাগ কৰিব বিচাৰিছে যেনে: তিব্বতীয় ভাষা, চীনা-তিব্বত আৰু বাৰ্মা।

ধ্বনিবিজ্ঞান

কথিত মাণ্ডাৰীয়ান চীন ভাষা

বিভিন্ন অংশত চীনা ভাষাৰ সুৰ বিভিন্ন হয় কিন্তু বিশেষকৈ মধ্য চীনৰ ক্ষেত্ৰত ই অধিক তলৰ স্তৰৰ সুৰ হয়। কিছুমান বিদ্যালয়ৰ চীনা ভাষাৰ অক্ষৰ ১০০০ ত কৈ অধিক পোৱা গৈছিল।

স্বৰ

সকলো দিশৰ পৰা একেই থকা শব্দ কিছুমানু সুৰৰ বাবেই চীনা ভাষাত বেলেগ লয় বহন কৰে। উত্তৰ চীনৰ কিছু ভাষাত তিনিটা স্বৰ থাকে, য'ত নেকি দক্ষিণ চীনত সুৰ ৬ বা ১২ টাও হ'ব পাৰে, সুৰৰ সংখ্যা কোনে কিদৰে গণনা কৰে সেই প্ৰকাৰৰ ওপৰতো নিৰ্ভৰ কৰে।

চীনত সুৰৰ ক্ষেত্ৰত মান্য চীনা ভাষা আটাইতকৈ অধিক প্ৰয়োগ কৰা হয়। তলত দিয়া পাঁচটা চীনা স্বৰৰ দ্বাৰা ইয়াক দেখুৱা হৈছে:

মান্য চীনা ভাষাৰ সুৰৰ উদাহৰণ
আখৰ পিনয়িন উচ্চতা অৰ্থ
/ মা উচ্চ স্তৰ "মাক"
'মা ওপৰলৈ "ভাং"
/ মা অলপ তললৈ আৰু ওপৰলৈ "ঘোঁৰা"
/ মা` ওপৰৰ পৰা তললৈ "গালি"
/ মা নিষ্ক্ৰিয় প্ৰশ্নৰ অংশ
কেণ্টনিজ ভাষাৰ উদাহৰণ
আখৰ জ্যুত পিং উচ্চতা অৰ্থ
/ si1 উচ্চ স্তৰ কবিতা
si2 ওপৰলৈ ইতিহাস
si3 মধ্য হত্যা কৰা
/ si4 নিম্নগামী সময়
si5 নিম্নগামী বজাৰ
si6 নিম্ন স্তৰ হয়
sik1 উচ্চতম স্তৰ ৰঙ
/ sik3 মধ্যতম স্তৰ টিন
sik6 নিম্নতম স্তৰ খোৱা

বিদেশী ভাষাৰূপে চীনা ভাষা

আন্তঃৰাষ্ট্ৰীয় স্তৰত অৰ্থব্যৱস্থাৰ ফালৰ পৰা মানক চীনা ভাষাই বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্দিষ্ট বিদ্যালয় কিছুমানটো বিশেষ স্থান পাইছে, আৰু পাশ্চাত্যত এই ভাষাটো যুৱ চামৰ মাজত বিশেষ আকৰ্ষণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অনুসৰি ১৯৯১ চনত মাত্ৰ ৫,০০০ বিদেশী ছাত্ৰ ছাত্ৰীয়ে চীনা ভাষা পৰীক্ষা দিছিল কিন্তু এই সংখ্যা ২০০৫ ত ১,১৭,৬৬০ লৈ বৃদ্ধি হয়। ২০১০ লৈকে ৭,৫০,০০০ মানুহে এই পৰীক্ষা দিয়ে। ২০১৭ লৈকে এই সংখ্যা ৬.৫ মিলিয়ন পায়গৈ।

আধুনিক ভাষা সংস্থা অনুসৰি ২০১৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ৫৫০খন প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিল যি যোৱা দুটাবছৰত ১০০% বৃদ্ধিৰ প্ৰতিনিধিত্ব কৰে। সেইদৰে মহাবিদ্যালয় স্তৰত চীনা ভাষাৰ কক্ষৰ নামাংকন ৫১% পৰ্যন্ত বৃদ্ধি হৈছিল। আনহাতে ২০১৫ চনত ত্ৰিছৰ পৰা পঞ্চাশ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে চীনা ভাষা আমেৰিকা যুক্তৰাষ্ট্ৰত শিকি আছিল।

২০১৬ চনত আধা মিলিয়নতকৈ অধিক চীনা ছাত্ৰই বিদেশত উচ্চ শিক্ষাৰ বাবে গৈছিল আনহাতে চীনলৈ চাৰি লাখ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ উচ্চ শিক্ষাৰ বাবে আহিছিল। চিংহুৱা বিশ্ববিদ্যালয়ে এবছৰতে ১১৬খন দেশৰ প্ৰায় ৩৫ হেজাৰ ছাত্ৰক গ্ৰহণ কৰে। দ্বিতীয় ভাষা হিচাপে চীনা ভাষাৰ দাবী বাঢ়ি আহিছে চীনা শিক্ষা মন্ত্ৰালয়ৰ মতে বিশ্ব স্তৰত চীনা ভাষা শিকোৱা বাবে ৩৩০টা সংস্থা আছে। চীনৰ শিক্ষা মন্ত্ৰালয়ৰ সৰ্বজনীন সংস্থাই বিভিন্ন বাওঁপন্থী সংস্থাৰ জন্ম দি চীনা ভাষা, সাহিত্যৰ বিকাশ আৰু বিদেশত থকা চীনা সকলৰ শিক্ষাৰ বাবে কাম কৰিছে। ২০১৪ লৈকে এনেকুৱা ৪৮০ তাতকৈ অধিক বাওঁপন্থী সংস্থা আছিল।

তথ্য সংগ্ৰহ

টোকা

বাহ্যিক সংযোগ

Tags:

চীনা ভাষা ধ্বনিবিজ্ঞানচীনা ভাষা স্বৰচীনা ভাষা বিদেশী ভাষাৰূপে চীনা ভাষা তথ্য সংগ্ৰহচীনা ভাষা বাহ্যিক সংযোগচীনা ভাষাচীনটাইৱানমান্য চীনা ভাষা

🔥 Trending searches on Wiki অসমীয়া:

চকলংপদ্মধৰ চলিহাখোলদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাহোমেন বৰগোহাঞিৰজনীগন্ধাসেউজ গৃহ প্ৰভাৱৰংঘৰহাবুংভাৰত-আৰ্য ভাষা পৰিয়ালধতুৰাবিচূৰ্ণীভৱনঅসমীয়া সাহিত্যআকবৰওজাপালিব্ৰিটিছ ৰাজঅপাৰেটিং চিষ্টেমজয় দৌলপ্ৰাকৃতিক দুৰ্যোগঅৰ্থব্যৱস্থাপিম্পৰা গুচোৱাশিক্ষক দিৱসমাঘ বিহুঅসমীয়া লোক-সংস্কৃতিথাই ভাষামামৰে ধৰা তৰোৱালজয়সাগৰ পুখুৰীভাৰতীয় ৰিজাৰ্ভ বেংকৰাজহুৱা ক্ষেত্ৰপঞ্চভুজকোষ (জীৱবিজ্ঞান)তাল (বাদ্যযন্ত্ৰ)ৰমন্যাসবাদবধকাব্যপাচন তন্ত্ৰঅসমীয়া কবিতাতেজমৌ-মাখিইষ্ট ইণ্ডিয়া কোম্পানীনাগালেণ্ডজাতিসংঘমে ডাম মে ফিগড়গাঁওস্বদেশী আন্দোলনবুৰঞ্জীকামৰূপী উপভাষাঅসমৰ পৰম্পৰাগত খেল-ধেমালিকানাই বৰশী বোৱা শিলালিপিমাছ২০২১ৰ অসম বিধানসভা নিৰ্বাচনবিহুৰ খাদ্যঅনুৰাধা শৰ্মা পূজাৰীঅন্নপ্ৰাশনবহনক্ষম উন্নয়নৰ লক্ষ্যবিত্তীয় ব্যৱস্থাশাক-পাচলিবব্ৰুবাহনৰ যুদ্ধদানৱ ৰাজবংশপুৰুষোত্তম দাসঅসমযোৰানামমোৰ জীৱন সোঁৱৰণস্বামী বিবেকানন্দভাৰতৰ সংবিধানবংগ বিভাজন (১৯০৫)জাতি লাউমহামায়া ধামদাঁতসাগৰঅসমৰ মাছ ধৰা সঁজুলিচাচনি মেৰবিলপুৰাণমূৰাৰা, ৰঙিয়ামণিপুৰচিৰ চেনেহী মোৰ ভাষা জননীইলন মাস্ক্অসমৰ পৰম্পৰাগত সাজ- পাৰ🡆 More