টাইৱান

টাইৱান (ইংৰাজী: Taiwan), চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of China (ROC)), পূব এছিয়াৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান ইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু ফিলিপাইনৰ দক্ষিণত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দ্বীপপুঞ্জসমূহ চীন প্ৰজাতন্ত্ৰৰ অধীন হয়। সাধাৰণতে চীন প্ৰজাতন্ত্ৰৰ শাসিত অঞ্চলক বুজাবলৈ টাইৱান ব্যৱহৃত হয়। চীন প্ৰজাতন্ত্ৰ প্ৰশান্ত মহাসাগৰৰ টাইৱান দ্বীপ, অৰ্কিড আইলেণ্ড, গ্ৰীণ আইলেণ্ড শাসন কৰে। তদুপৰি পেছকাডৰেছ (পৰ্তুগীজ ভাষা: Pescadores অৰ্থাৎ মৎস্যজীৱী বা মাছমৰিয়া), কিনমেন, ফুচিয়েন তিৰৱৰ্তী মাৎসু আইলেণ্ড প্ৰভৃতি দ্বীপো শাসন কৰে। টাইৱান আৰু ফেংহু দ্বীপপুঞ্জ সমূহ (টাইপেই আৰু কাওছিউং পৌৰসভা বাদ দি) চীন প্ৰজাতন্ত্ৰৰ টাইৱান প্ৰদেশ হিচাপে প্ৰশাসিত হয়।

টাইৱান
চীন প্ৰজাতন্ত্ৰ
中華民國
Zhōnghuá Mínguó
A red flag, with a small blue rectangle in the top left hand corner on which sits a white sun composed of a circle surrounded by 12 rays. A blue circular emblem on which sits a white sun composed of a circle surrounded by 12 rays.
ৰাষ্ট্ৰীয় সঙ্গীত

《中華民國國歌》
চীন প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় সংগীত
《中華民國國旗歌》
ৰাষ্ট্ৰীয় পতাকা সংগীত

টাইৱান-ৰ অৱস্থান
টাইৱান-ৰ অৱস্থান
চীন প্ৰজাতন্ত্ৰ আৰু বৰ্তমান তাৰ নিয়ন্ত্ৰণাধীন অঞ্চলৰ(ৰঙা) অৱস্থান
ৰাজধানীটাইপেই
25°02′N 121°38′E / 25.033°N 121.633°E / 25.033; 121.633
বৃহত্তম নগৰ নিউ টাইপেই চিটি
ৰাষ্ট্ৰভাষা (সমূহ) পাৰম্পৰিক চীনা,

হক্কেইন, তাইৱানীচ হাক্কা, ফৰমছান ভাষা, তাইৱান ছাইন ভাষা,

মাৎসু
জনগোষ্ঠীসমূহ 
  • ৯৮% হান , তাৰে ভিতৰত
     • ৭০% হক্কেইন
     • ১৪% হাক্কা
    সাঁচ:Raise
  • ২% অবৰিগিনেছ
জাতীয়তাসূচক বিশেষণ টাইৱানীছ
চৰকাৰ একক অৰ্ধ ৰাষ্ট্ৰপতিশাসিত সাংবিধানিক গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি ছাই ইং ৱেন
 -  উপ ৰাষ্ট্ৰপতি লাই ছিং তে
 -  প্ৰিমীয়াৰ ছু চেং চাং
 -  উপ প্ৰিমীয়াৰ ছেন চি মাই
স্থাপিত জিনহাই বিপ্লৱ 
 -  গণতন্ত্ৰ স্থাপন ১ জানুৱাৰী১৯১২ 
 -  তাইৱানৰ স্থানান্তৰ ২৫ অক্টোবৰ১৯৪৫ 
 -  সংবিধান গ্ৰহণ ২৫ ডিচেম্বৰ ১৯৪৭ 
 -  টাইপেইলৈ চৰকাৰৰ স্থানান্তৰ ৭ডিচেম্বৰ ১৯৪৯ 
 -  আইনৰ জৰিয়তে স্বীকৃতি 16 জুলাই ১৯৯২ 
মাটিকালি
 -  মুঠ ৩৬,১৯৩'"`UNIQ--ref-০০০০০০০৪-QINU`"' বৰ্গ কিমি (১৩৬ তম)
১৩,৯৭৪ বৰ্গ মাইল 
 -  জলভাগ (%) ১০.৩৪
জনসংখ্যা
 -  ২০১৩ আনুমানিক ২,৩৩,৪০,১৩৬
পুৰুষ : ১,১৬,৭৮,১৫১
মহিলা :১,১৬,৬১,৯৮৫'"`UNIQ--ref-০০০০০০০৫-QINU`"' (৫০তম)
জিডিপি (পিপিপি) ২০১৩ আনুমানিক
 -  মুঠ $৯২৬.৪৪১ বিলিয়ন (২০তম)
 -  জনমুৰি $৩৯,৫৮০ (১৭ তম)
জিডিপি (নামমাত্ৰ) ২০১৩ আনুমানিক
 -  মুঠ $৪৮৪.৬৮২ বিলিয়ন (২৫ তম)
 -  জনমুৰি $২০,৭০৬ (৩৯তম)
জিনি সহগ? (২০১০) ৩৪.২ 
মানৱ উন্নয়ন সূচক (২০১২) ০.৮৯০ (২৩ তম)
মুদ্ৰা নিউ টাইৱান ডলাৰ (NT$) (TWD)
সময় অঞ্চল ৰাষ্ট্ৰীয় মান সময় (ইউটিচি+৮)
তাৰিখ বিন্যাস
  • yyyy-mm-dd
  • yyyy年m月d日
    (চীনা কেলেণ্ডাৰ; CE+২৬৯৭ )
  • 民國yy年m月d日
গাড়ী চলোৱা হয় সোঁফালে
ইণ্টাৰনেট টিএলডি
  • .tw
  • .台灣
  • .台湾
কলিং ক'ড +৮৮৬

টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা (পৰ্তুগীজ ভাষা: Ilha Formosa]] অৰ্থাৎসুন্দৰী দ্বীপ) নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰু জাপানৰ মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবত প্ৰশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ চীন সাগৰ আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবে পূব চীন সাগৰ অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।

টাইৱানৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৩০ লাখ। তাৰে ভিতৰত হক্কেইন সম্প্ৰদায়ৰ লোক সৰ্বাধিক। আন আন অধিবাসী সমূহ হ'ল হাক্কা, প্ৰাচীন টাইৱানবাসী, চীনা টাইৱানবাসী,প্ৰবাসী টাইৱানবাসী ইত্যাদি। প্ৰধান ভাষা হ'ল মেণ্ডেৰীন আৰু টাইৱানী (মিননান উপভাষা), হাক্কা উপভাষা ইত্যাদি প্ৰধান উপভাষা। উচ্চপ্ৰযুক্তি, উষ্ণমণ্ডলীয় কৃষিজাতপণ্য প্ৰভৃতি ৰপ্তানি কৰি টাইৱানে অজস্ৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। নেন'প্ৰযুক্তি, আলোক ইলেক্ট্ৰনিক্স, পৰ্যটন ইত্যাদি শিল্প টাইৱানৰ উন্নয়নত সহায়ক।

ইতিহাস

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চীন দেশে জাপানী সকলক প্ৰতিৰোধ কৰিবলৈ যুদ্ধকালত চীনৰ কুওমিনতাং পাৰ্টি আৰু কমিউনিষ্ট পাৰ্টিৰ লগত লগ লাগি জাপানৰ আগ্ৰাসন বিৰোধী জাতীয় যুক্তফ্ৰণ্ট গঢ়ি তুলিছিল। জাপান-বিৰোধী প্ৰতিৰোধ যুদ্ধ জয়যুক্ত হোৱাৰ পিছত চিয়াং কাইশেকৰ নেতৃত্বাধীন কুওমিনতাং গোষ্ঠী যুক্তৰাষ্ট্ৰৰ সমৰ্থিত হয়। ইয়াৰ ফলত গোটেই দেশ জুৰি গৃহযুদ্ধৰ সূচনা হয়। চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত চীনা জনগণে তিনি বছৰতকৈ বেছি সময় মুক্তিযুদ্ধ চলায়। তেতিয়া কুওমিনতাং গোষ্ঠীৰ অনুসৃত গণবিৰোধী নীতিৰ গোটেই দেশৰ বিভিন্ন জাতিৰ জনগণ এই গোষ্ঠী ঘৃণা কৰে। ফলত কুওমিনতাং পাৰ্টিৰ “চীন প্ৰজাতন্ত্ৰ” (বা ৰিপাবলিক অব চায়না) চৰকাৰৰ উত্থান হয়। ১৯৪৯ চনৰ পহিলা অক্টোবৰত চীন গণ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হয় আৰু ই চীনৰ একমাত্ৰ বৈধ চৰকাৰ হিচাপে থিয় দিয়ে। কুওমিনতাং গোষ্ঠীৰ কিছু সৈন্য বাহিনী আৰু চৰকাৰী কৰ্মকৰ্তা গৈ টাইৱানক আগুৰি ধৰে। তেওঁলোকে তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনত টাইৱান প্ৰণালীৰ দুয়ো পাৰৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰে।

টোকা

তথ্য উৎস

বহিঃসংযোগ

সংক্ষিপ্ত বিৱৰণ আৰু তথ্য

চৰকাৰী সংস্থা

Tags:

টাইৱান ইতিহাসটাইৱান টোকাটাইৱান তথ্য উৎসটাইৱান বহিঃসংযোগটাইৱানইংৰাজী ভাষাইউৰেছিয়াএছিয়াপ্ৰশান্ত মহাসাগৰফিলিপাইন

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় ৰেলঅনাভেদী যৌনক্ৰিয়াবৌদ্ধ ধৰ্মঅসমৰ জাতীয় গীতজাতি লাউলুৰিন জ্যোতি গগৈভাৰতত মহিলা শিক্ষাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাগোলকীকৰণনাহৰসংঘাতদঁতাল হাতীৰ উঁয়ে খোৱা হাওদা১৩ এপ্ৰিলনাৰীব্ৰহ্মপুত্ৰ উপত্যকাঅপৰিমেয় সংখ্যানাগৰিকত্বচুদিংফাদিহানামহজ্জঅগ্নিগড়মামণি ৰয়ছম গোস্বামীশোণিতপুৰ জিলাভাৰততৰণ দুৱাৰাবাঁহ পূজাঅসীমত যাৰ হেৰাল সীমাব্ৰিটিছ ৰাজসত্যনাথ বৰাশব্দ (অভিধান)জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)জয়ন্ত হাজৰিকাঅন্ধ্ৰপ্ৰদেশবেটুপাতঅণুবীক্ষণ যন্ত্ৰমাজুলীফাগুনব’হাগতগৰমূলা গাভৰুইণ্টাৰনেটবাল্য বিবাহ২০২৪আনন্দৰাম বৰুৱাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাজয়মতী কুঁৱৰীহেমচন্দ্ৰ গোস্বামীশ্ৰীমদ্ভগৱতগীতাঅগ্নিস্নানভবেন্দ্ৰ নাথ শইকীয়ায়ামিন হাজৰিকাঅসমৰ পৰম্পৰাগত খেল-ধেমালিবেলি ফুলভাৰতৰ সংবিধানসাতশাকীজোনাকী (আলোচনী)ৰমন মেগছেছে বঁটা বিজয়ীসকলৰ তালিকাজনসংখ্যা অনুসৰি দেশসমূহৰ তালিকাচকলংগৰুনাটকশ্ৰীকৃষ্ণকীৰ্তনঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকামুহাম্মাদজম্মু আৰু কাশ্মীৰগোপীনাথ বৰদলৈনেতাই ধুবুনী ঘাটৰাতি বিহুকথা কবিতাবৰপেটা সত্ৰঅসমীয়া লোক-সংস্কৃতিশিৱহেমকোষব্ৰহ্মপুত্ৰ নদ🡆 More