মান্য চীনা ভাষা

মান্য চীনা ভাষা বা মাণ্ডাৰিন বা পুটংঘুৱা বা গুৱয়ু চীন আৰু টাইৱানৰ একমাত্ৰ আনুষ্ঠানিক ভাষা আৰু চিংগাপুৰৰ চাৰিটা আনুষ্ঠানিক ভাষাৰ অন্যতম। এই ভাষাৰ উচ্চাৰণ চীনা ভাষাৰ বেইজিং উপভাষাৰ ওপৰত আধাৰিত, শব্দাৱলী উত্তৰ চীনৰ বিভিন্ন চীনা উপভাষাৰ পৰা গ্ৰহণ কৰা আৰু ব্যাকৰণ বিংশ শতিকাৰ আধুনিক চীনা সাহিত্যৰ পৰা গ্ৰহণ কৰা, যিয়ে পূৰ্বৰ শাস্ত্ৰীয় চীনা ভাষাৰ স্থান গ্ৰহণ কৰিলে।

Standard Chinese
普通話 / 普通话 Pǔtōnghuà
國語 / 国语 Guóyǔ
華語 / 华语 Huáyǔ
থলুৱা অঞ্চল China, Taiwan, Singapore
স্থানীয় ভাষিক
(has begun acquiring native speakers, cited 1988)
L2 speakers: c. 10% in China (2014)
ভাষা পৰিয়াল
Sino-Tibetan
  • Chinese
পূৰ্বসূৰী
Middle Mandarin
লিখন প্ৰণালী Traditional Chinese
Simplified Chinese
Mainland Chinese Braille
Taiwanese Braille
Two-Cell Chinese Braille
সংকেতিক ৰূপ
Wenfa Shouyu
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
মান্য চীনা ভাষা চীন (as Putonghua)

মান্য চীনা ভাষা টাইৱান (as Guoyu)
মান্য চীনা ভাষা ছিংগাপুৰ (as Huayu)
মান্য চীনা ভাষা ৰাষ্ট্ৰসংঘ
Shanghai Cooperation Organisation

মান্য চীনা ভাষা Wa State, Myanmar
নিয়মাধীন হয়
চীন National Language Regulating Committee
মান্য চীনা ভাষা টাইৱান National Languages Committee
ছিংগাপুৰ Promote Mandarin Council
মালয়েছিয়া Chinese Language Standardisation Council
ভাষা সংকেত
ISO 639-3
ISO 639-6 goyu (Guoyu)
huyu (Huayu)
cosc (Putonghua)
গ্লোটোলগ নাই
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।
মান্য চীনা ভাষা
পৰম্পৰাগত চীনা লিপি 普通話
সৰলীকৃত চীনা লিপি 普通话
আক্ষৰিক অৰ্থ Common speech
Taiwan
পৰম্পৰাগত চীনা লিপি 國語
সৰলীকৃত চীনা লিপি 国语
আক্ষৰিক অৰ্থ National language
Malaysia, Singapore, and Philippines
পৰম্পৰাগত চীনা লিপি 華語
সৰলীকৃত চীনা লিপি 华语
আক্ষৰিক অৰ্থ Chinese language

অন্য চীনা ভাষীয় প্ৰকাৰসমূহৰ দৰেই মান্য চীনা ভাষাও এটা 'সুৰীয়া ভাষা'। দক্ষিণৰ প্ৰকাৰসমূহতকৈ মান্য চীনা ভাষাত কম স্বৰধ্বনি, আৰু অন্তিম ব্যঞ্জনধ্বনি আছে, পিচে অধিক আৰম্ভণিৰ স্বৰধ্বনি আছে। অন্য চীনা ভাষাৰ প্ৰকাৰসমূহৰ দৰেই এই ভাষাও এটি বিষয়-ভিত্তিক ভাষা, ইয়াৰ ক্ৰম বিষয়-ক্ৰিয়া-বস্তু।

এই ভাষা সৰল চীনা লিপি, পৰম্পৰাগত চীনা লিপি আৰু বিশেষ কাৰণত হান্যু পিন্যিন ৰোমানিকৃত লিপিত লিখা হয়।

নাম

চীনা ভাষাত মান্য প্ৰকাৰটোক তলত উল্লেখিত নামেৰে জনা যায়:

ইংৰাজীত এই ভাষাক সূচাবলৈ চীনা আৰু হংকং চৰকাৰে পুটংঘুৱা, পুটংঘুৱা চাইনিজ, আৰু মাণ্ডাৰিন while those of Taiwan, Singapore, ব্যৱহাৰ কৰে। মালেইছিয়া চৰকাৰে এই ভাষাৰ বাবে মাণ্ডাৰিন ব্যৱহাৰ কৰে।

আগতে অনা-হান চীনা শাসকসকলে এই ভাষা বুজাবলৈ গুৱয়ু ব্যৱহাৰ কৰিছিল। পিচে ১৯০৯ চনত চিং ৰাজকীয় শিক্ষা মন্ত্ৰণালয়ে এই ভাষাক বুজাবলৈ আনুষ্ঠানিকভাৱএ গুৱয়ু শব্দ ব্যৱহাৰ কৰিলে আৰু এই ভাষাক নতুন ৰাষ্ট্ৰীয় ভাষা ঘোষণা কৰিলে। পুটংঘুৱা নামৰ ব্যৱহাৰো অনানুষ্ঠানিকভাৱে পুৰণি। ১৯০৬ চনতেই ঝু ৱেংঝিয়ঙে এই নামৰ ব্যহাৰ কৰিছিল, আধুনিক চীনা ভাষাক অন্য চীনা প্ৰকাৰৰ পৰা বেলেগ কৰিবলৈ।

বিংশ শতিকাৰ কোনো কোনো ভাষাবিদৰ বাবে পুটংঘুৱা বা 'সাধাৰণ ভাষা' আছিল গুৱয়ু বা 'ৰাষ্ট্ৰীয় ভাষা'ৰ পৰা পৃথক। আগৰটো ৰাষ্ট্ৰীয় সন্মানীয় প্ৰকাৰ, আৰু পিছৰটো আইনী মান। সেই সময়ৰ সাধাৰণ ধাৰণাৰ মতে দুয়োটা ভাষা আছিল 'বেলেগ'। গুৱয়ুক শাস্ত্ৰীয় চীনা ভাষাৰ ওচৰৰ এটি ভাষা বুলি গণ্য কৰা হৈছিল, আৰয় পুটংঘুৱাক "আধিনিক যুগৰ মানুহৰ সাধাৰণ ভাষা", যাক ৰাইজে ৰাষ্ট্ৰীয় কথিত ভাষাৰ ৰূপত স্বীকাৰ কৰিছিল। পুটংঘুৱা শব্দ বাওঁপন্থী নেতা যেনে চু চিউবাই আৰু লু চুনেও ব্যৱহাৰ কৰিছিল ,সেয়ে ১৯৫৬ নত গণপ্ৰজাতন্ত্ৰী চীনৰ চৰকাৰে এই শব্দক মাণ্ডাৰিন ভাষা বুজাবলৈ স্বীকাৰ কৰিলা। তাৰ পূৰ্বে চৰকাৰে দুয়োটা শব্দ সলনা-সলনি কৰি ব্যৱহাৰ কৰিছিলে।

তথ্য সংগ্ৰহ

Tags:

চিংগাপুৰচীনচীনা ভাষাটাইৱানবেইজিং

🔥 Trending searches on Wiki অসমীয়া:

ভোলানাথ দাসসপ্তকাণ্ড ৰামায়ণঅমিয় কুমাৰ ভূঞামৰাণ জনগোষ্ঠীগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাশ্ৰীমন্ত শংকৰদেৱমানস ৰাষ্ট্ৰীয় উদ্যানভেদাই লতাকাঞ্চন (উপন্যাস)হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)বৈচাগুবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যপাচনফলৰ তালিকাগুৰু আসনঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅসমৰ সত্ৰসমূহৰ তালিকাবিষুৱ ৰেখাবিৰিঞ্চি কুমাৰ বৰুৱাবকুল ফুলৰ দৰে (গ্ৰন্থ)নলিনীবালা দেৱীকাতি বিহুইন্দ্ৰএৰিষ্ট'টলৰাজ্যসভাকামাখ্যা মন্দিৰভূগোলমেঘালয়ৰ মাতৃবংশীয় সমাজসন্ধিযতীন বৰাসুন্দৰীদিয়া সত্ৰসাঁথৰঅসমৰ মন্ত্ৰ-সাহিত্যকাৰেংঘৰশেৱালি ফুললোকবিশ্বাসমূৰাৰা, ৰঙিয়াঅসমীয়া গীতি সাহিত্যঅসমীয়া লোক-সংস্কৃতিচৈয়দ আব্দুল মালিকফকৰা যোজনাৰুক্মিণী হৰণ নাটচিলাৰায়ব্ৰহ্মপুত্ৰ উপত্যকাজৈৱিক কৃষিমোগল সাম্ৰাজ্যহীৰেন গোহাঁইম'হৰ শিঙৰ পেঁপাঅনুৰাধা শৰ্মা পূজাৰীমৃত্যুঞ্জয়আইজাক নিউটনৰূপালীমভাষাবিজ্ঞানভঠেলিপ্ৰদূষণগড়গাঁওজামুগুৰিহাটসংগীতশোণিতপুৰ জিলাঅনিৰুদ্ধদেৱব্ৰিটিছ ৰাজবিশ্ব মেলেৰিয়া দিৱসনাৰীবাদগোলকীয় উষ্ণতা বৃদ্ধিজয়মতী কুঁৱৰীহিন্দু ধৰ্মহৰপ্পাভট্টদেৱৰ গদ্যশৈলীঅংকীয়া নাটঅণুজীৱজীৱনৰ বাটতশিশুৰ খেল-ধেমালিজন গণ মন🡆 More