ঘৰ শালিকা (ইংৰাজী: Common Myna, বৈজ্ঞানিক নাম-Acridotheres tristis) 'Sturnidae' পৰিয়ালৰ অন্তৰ্গত এছিয়াৰ এবিধ থলুৱা চৰাই। এই সৰ্বভক্ষী চৰাইৰ প্ৰজাতিটোৱে জনবসতি পূৰ্ণ অঞ্চলত নিজকে অভিযোজন কৰাত পাকৈত বুলি জনা যায়। ই ভাৰতীয় সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সংস্কৃতি আৰু প্ৰাকৃত দুয়োবিধ ভাষাৰ সাহিত্যত ঘৰ শালিকাৰ উল্লেখ পোৱা যায়।
ঘৰশালিকা (Common Myna) | |
---|---|
In Kolkata, West Bengal, India. | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Sturnidae |
গণ: | Acridotheres |
প্ৰজাতি: | A. tristis |
বৈজ্ঞানিক নাম | |
Acridotheres tristis (Linnaeus, 1766) | |
Subspecies | |
Acridotheres tristis melanosternus | |
Distribution of the Common Myna. Native distribution in blue, introduced in red. |
ঘৰ শালিকাৰ বিস্তৃতি ক্ৰমান্বয়ে এনে উচ্চ হাৰত বৃদ্ধি পাইছে যে ২০০০ চনত আই.ইউ.চি. এনে ইয়াক বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত সংস্থাপিত হোৱা (World's most invasive species) চৰাইৰ প্ৰজাতি সমূহৰ এটা আৰু জৈৱ-বৈচিত্ৰতা, কৃষি আৰু জনজীৱনত প্ৰভাৱ পেলাব পৰা চৰাইসমূহৰো অন্যতম বুলি স্বীকৃতি দিছে।
ঘৰ শালিকাৰ সহজে চিনিব পৰা গঠনগত বৈশিষ্ট্যবোৰ হৈছে মটিয়া দেহ, মূৰৰ উপৰভাগত ক'লা অংশ আৰু চকুৰ তলত থকা নোমবিহীন হালধীয়া ৰঙ। ইয়াৰ ঠোঁট আৰু ঠেং উজ্জ্বল হলধীয়া হয়। ডেউকাৰ একেবাৰে বাহিৰৰ পাখি দুখন (Outer primaries)ত বগা আঁচ আছে। ঘৰ শালিকাৰ মতা আৰু মাইকী দেখিবলৈ একে হয়।
উত্তৰ ভাৰতৰ ঘৰা শালিকাৰ দেহৰ ৰং দক্ষিণ ভাৰতৰ চৰাইসমূহতকৈ শেঁতা।
'Ali & Ripley (2001)' অনুসৰি ঘৰ শালিকাৰ দেহৰ বিভিন্ন অংশৰ দৈৰ্ঘ্য এনেধৰণৰ
Parameter/লিংগ | মতা | মাইকী |
---|---|---|
গড় ওজন (গ্ৰাম) | ||
ডেউকা (মিঃমিঃ) | ||
ঠোঁট (মিঃমিঃ) | ||
ঠেং (মিঃমিঃ) | ||
নেজ (মিঃমিঃ) |
ঘৰ শালিকা এছিয়া মহাদেশৰ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক ইৰাণৰ পৰা এৰম্ভ কৰি সমগ্ৰ দক্ষিণ এছিয়াৰ পাকিস্তান, ভাৰত, নেপাল, ভূটান, বাংলাদেশ আৰু শ্ৰীলংকা, আফাগানিস্তান, কাজাখাস্তান,উজবেকিস্তান, ম্যানমাৰৰ পৰা মালয়েছিয়া, ছিংগাপুৰ, থাইলেণ্ড আৰু চীন পৰ্যন্ত দেখা পোৱা যায়।
বিশ্বৰ বিভিন্ন দেশত ঘৰ-শালিকাক সংস্থাপন (introduce) কৰা হৈছে। উদাহৰণস্বৰূপে কানাডা, অষ্ট্ৰেলিয়া, ইজৰাইল, নিউজিলেণ্ড, হাৱাই, দক্ষিণ আফ্ৰিকা আৰু ভাৰত মহাসাগৰৰ বিভিন্ন দ্বীপসমূহ যেনে- ম'ৰিটাছ (Mauritius), মালদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ আদিত ইয়াক শেহতীয়াকৈ সংস্থাপন কৰা হৈছে। শৰ শালিকাৰ বিস্তৃতি শেহতীয়াকৈ এনে হাৰত বৃদ্ধি পাইছে যে ২০০০ চনত আই ইউ চি এনে ইয়াক আটাইতকৈ ক্ষতিকৰ সংস্থাপিত চৰাইৰ প্ৰজাতি (worst invasive species) বুলি অভিহিত কৰিছে।
ঘৰ শালিকাৰ প্ৰধানকৈ দুটা উপ-প্ৰজাতি দেখা যায়-
উপ-প্ৰজাতি melanosternusৰ বৰণ আনটোতকৈ গাঢ় হয় আৰু ইয়াৰ আধা বগা-আধা ক'লা পাখি আৰু মুখত হালধীয়া দাগ থাকে।
ঘৰ শালিকাৰ মাত বিভিন্ন ধৰণৰ হ'ব পাৰে। যেনে- croaks, squawks, chirps, clicks, whistles আৰু 'growls'। গান গাঁৱতে ই প্ৰায়ে পাখি আৰু মূৰ জোকাৰে। কোনো ভক্ষক প্ৰাণী (predator) কাষ চপা দেখিলে ই আন চৰাওবোৰক ডাঙৰকৈ মাতি সতৰ্ক কৰি দিয়ে। ইয়াৰ মাতৰ বাবে বহুতো ঠাইত ঘৰ শালিকাক সঁজাত ৰাখি মানুহে পোহে। জাক পাতি জিৰণি লোৱাৰ সময়ত নিশা শুৱাৰ আগে আগে ইহঁতে সকলোৱে মিলি গান জুৰে।
ঘৰ শালিকাই সাধাৰণতে সমগ্ৰ জীৱন জুৰি যোৰা পাতি থাকে। ই বছৰৰ বাৰ মাহেই প্ৰজনন কৰে আৰু গছৰ খোৰোং বা বেৰৰ সুৰুঙাত বাহ সাজে।
এবাৰত সাধাৰণতে ৪-৬ টাকৈ কণী পাৰে। ১৭-১৮ দিন উমনি দিয়ে আৰু ২২-২৪ দিনৰ ভিতৰত পোৱালিৰ পাখি ওলায়। কুলিচৰায়ে কেতিয়াবা ইয়াৰ বাহত কণী পাৰে বুলি জনা যায়। বাহ সাজিবলৈ ঘৰ শালিকাই গছৰ ডালি, শিপা, জাবৰ আদি ব্যৱহাৰ কৰে।
ঘৰ শালিকা সৰ্বভক্ষী (omnivorous)। ই বিভিন্ন পোক-পৰুৱা, ফৰিং, কেকোঁৰা, সৰীসৃপ, সৰু স্তন্যপায়ী জন্তু, গছৰ গুটি, ফল-মূল আদি খাই জীয়াই থাকে। ই Salmalia আৰু Erythrina আদি উদ্ভিদৰ পৰাগৰেণু বিস্তাৰতো সহায় কৰে।
ঘৰ শালিকা প্ৰধানকৈ মুকলি কাঠনি (open woodland), খেতি-পথাৰ আৰু মানুহৰ বাসস্থানৰ আশে পাশে দেখা পোৱা যায়। ইয়াক সাধাৰণতে অভিযোজনত পাকৈত চৰাই বুলি গণ্য কৰা হয় যদিও চিংগাপুৰ, মালয়েছিয়া আদিত ইয়াৰ জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে।
আই.ইউ. চি. এনে ঘৰ শালিকাক বিশ্বৰ সকলোতকৈ বেয়াকৈ সংস্থাপন কৰিব পৰা চৰাইসমূহৰ তালিকাত প্ৰথম চিনিটা চৰাইৰ বিতৰত স্থান দিছে। ইয়াক দক্ষিণ-পূব এছিয়া, দক্ষিণ আফ্ৰিকা, ইজৰাইল, উত্তৰ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি বহুতো অঞ্চলত সংস্থাপন কৰা হৈছে।
ঘৰ শালিকাই আফ্ৰিকা, উত্তৰ আমেৰিকা, অষ্ট্ৰালিয়া তথা নিউজিলেণ্ড আদি ঠাইত বহুতো সমস্যাৰ সৃষ্টি কৰিছৈ আৰু সেয়ে ইয়াক এই অঞ্চল সমূহত pest বুলি গণ্য কৰা হয়।
অষ্ট্ৰেলিয়াত ঘৰ শালিকা এবিধ বাহিৰৰ পৰা আহি সংস্থাপিত হোৱা চৰাইৰ প্ৰজাতি। বৰ্তমান ই অন্য থলুৱা চৰাইৰ প্ৰজাতিতকৈ অধিক বিষ্তৃতি লাভ কৰিছে।
পোন-প্ৰথমে ইয়াক ১৮৬৩-১৮৭২চনৰ ভিতৰত মেলবৰ্ণৰ বজাৰত কীট-পতংগ কমোৱাৰ অৰ্থে ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্ত্তী কালত ই ফৰিং আৰু অন্য কীট-পতংগৰ খাদক বা ভক্ষক (predator) হিচাপে সেইবোৰ কমোৱাৰ বাবে কুইনছলেণ্ডত সংস্থাপিত হয়। বৰ্তমান ঘৰ শালিকা অষ্ট্ৰলিয়াৰ চিডনি আৰু তাৰ আশে পাশে বহুলভাৱে বিস্তৃত হৈ আছে। ২০০৯ চনত বিভিন্ন অঞ্চলৰ মিউনিচিপাল কাউন্সিলে ঘৰ শালিকাৰ দ্ৰুত বংশবৃদ্ধি কমোৱাৰ অৰ্থে ইয়াক ধৰাৰ ব্যৱস্থা কৰিছিল।
১৯০২ চনত ঘৰ শালিকাৰ ঘটনাক্ৰমে দক্ষিণ আফ্ৰিকাৰ বনাঞ্চল সমূহত প্ৰৱেশ ঘটিছিল। পৰৱৰ্ত্তী কালত ই সকলো ঠাইতে দ্ৰুতগতিত বিয়পি পৰে। ঘৰ শালিকাক দক্ষিণ আফ্ৰিকাত স্বাভাৱিক পৰিস্থিতি তন্ত্ৰ বিনষ্ট কৰাৰ বাবে প্ৰায়ে pest বুলি গণ্য কৰা হয় আৰু নগৰীয়া অঞ্চলত কৃষক সকলে ইয়াক প্ৰায়ে গুলীয়াই মাৰে। দক্ষিণ আফ্ৰিকাত আইনগত ভাৱে সংৰক্ষিত জীৱ-জন্তুৰ মাজতো ঘৰ-শালিকাক স্থান দিয়া নহয়। [উদ্ধৃতিৰ প্ৰয়োজন]
ঘৰ শালিকাই সাধাৰণতে গছৰ খোৰোং বা অন্য সুৰুঙাত বাহ সাজে। ই খুবেই আগ্ৰাসী (extremely aggressive) স্বভাৱৰ হোৱা বাবে ঘৰ শালিকাৰ মতা চৰাইটোৱে ০.৮৩ হেক্টৰ পৰ্যন্ত এলেকাত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি লয় আৰু অন্য কোনো স্থানীয় চৰাইৰ প্ৰজাতিক এনে এলেকাৰ ভিতৰত বাহ সাজিবলৈ নিদিয়ে। ফলত স্থানীয় চৰাইৰ প্ৰয়োজন পুৰাৱ পৰাকৈ বাহ সজা ঠাইৰ অভাৱ হয়। তদুপৰি এই মনোভাৱৰ হোৱা বাবে ঘৰ শালিকাই কেতিয়াবা স্থানীয় চৰাইৰ পুৰণি বাহ সজা স্থানো অধিকাৰ কৰি লয়।
ঘৰ শালিকাই প্ৰধানকৈ পোক-পৰুৱা, ফল-মূল আৰু মানুহৰ পেলনিয়া বস্তু আদি খাই জীয়াই থাকে। ফলত ইয়াৱ সংখ্যা বৃদ্ধি হোৱাৱ লগে লগে খাদ্য বস্তুও অধিক বিনষ্ট হ'বলৈ ধৰে।
বৈদিক যুগত ভাৰতত সংস্কৃত আৰু প্ৰকৃত দুয়োটা ভাষাৰ সাহিত্যতে "সাৰিকা ('saarika') নামেৰে ঘৰ শালিকাৰ উল্লেখ পোৱা যায়। সংস্কৃত সাহিত্যত শালিকাক বহুতো নামেৰে অভিহিত কৰা দেখা যায় যেনে, কলহপ্ৰিয় ('kalahapriya') অৰ্থৎ যি কাজিয়া কৰি ভাল পায়, চিত্ৰনেত্ৰ (chitranetra) অৰ্থাৎ সুন্দৰ চকু, 'পীতনেত্ৰ (peetanetra) অৰ্থাৎ হালধীয়া চকু আৰু 'পীতপাদ' ('peetapaad') অৰ্থাৎ যাৰ ঠেং হালধীয়া ইত্যাদি।
ঘৰ শালিকা প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
চিত্ৰ আৰু মিডিয়া কমন্সত | |
জীৱপ্ৰজাতি নিৰ্দেশিকা Acridotheres tristis ৱিকিপ্ৰজাতিত |
This article uses material from the Wikipedia অসমীয়া article ঘৰ শালিকা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.